সমললৈ যাওক

পূব ছিয়াং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(East Siang districtৰ পৰা পুনঃনিৰ্দেশিত)
পূব ছিয়াং জিলা
অৰুণাচল প্ৰদেশত পূব ছিয়াংৰ অৱস্থান
অৰুণাচল প্ৰদেশত পূব ছিয়াংৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ পাছিঘাট
চৰকাৰ
 • লোকসভা সমষ্টি অৰুণাচল পূব
 • বিধানসভা সমষ্টি ৫ খন (পাংগিং, নাৰি-কয়ো, পশ্চিম পাছিঘাট, পূব পাছিঘাট, মেব’)
কালি
 • মুঠ
৪,০০৫ বৰ্গকিমি (১,৫৪৬ বৰ্গমাইল)
জনসংখ্যা
 (2011)[1]
 • মুঠ
৯৯,০১৯
 • ঘনত্ব ২৫/km (৬৪/sq mi)

পূব ছিয়াং জিলা উত্তৰ-পূব ভাৰতঅৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই পাছিঘাট৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷

১৯৯৯ চনত পশ্চিম ছিয়াং জিলাৰ একাংশ লৈ পূব ছিয়াং জিলা গঠন কৰা হৈছিল৷[2] ১৯৯৯ চনত এই জিলাক পুনৰ বিভক্ত কৰি উজনি ছিয়াং জিলা গঠন কৰা হয়৷[2] এই জিলাত ঐতিহাসিকভাৱে চুতীয়া ৰাজতন্ত্ৰৰ শাসন আছিল৷

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

পূব ছিয়াং জিলাৰ সদৰঠাই পাছিঘাট৷ এই জিলাৰ মাটিকালি ৪০০৫ বৰ্গ কিলোমিটাৰ৷[3]

প্ৰশাসনিক বিভাগ

[সম্পাদনা কৰক]

এই জিলাত অৰুণাচল বিধানসভাৰ পাঁচাটা সমষ্টি আছে: পাংগিং (Panging), নাৰি-কয়ো (Nari-Koyu), পশ্চিম পাছিঘাট (Pasighat West), পূব পাছিঘাট (Pasighat East), আৰু মেব’ (Mebo)৷ এই সকলোবোৰ অঞ্চল [অৰুণাচল পূব (লোকসভা সমষ্টি)|পূব অৰুণাচল লোকসভা সমষ্টিৰ]] অন্তৰ্ভুক্ত৷[4]

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি পূব ছিয়াং জিলাৰ মুঠ জনসংখ্যা ৯৯,০১৯ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৫।[5] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৭ জন।[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৩.৩%৷[5] পূব ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬২ গৰাকী[5] আৰু সাক্ষৰতাৰ হাৰ ৭৩.৫৪%।[5]

পূব ছিয়াং জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷

এই জিলাত ব্যৱহৃত মূল ভাষাসমূহ হৈছে চীন-তিব্বতীয় মূলৰ আদি, মিচিং[6] আৰু গাল' ভাষা৷[7]

জৈৱবৈচিত্ৰ্য

[সম্পাদনা কৰক]

১৯৭৮ চনত এই জিলাৰ ১৯০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি ডেৰিং মেম'ৰিয়েল বন্যপ্ৰাণী অভয়াৰণ্য (D’Ering Memorial (Lali) Wildlife Sanctuary) গঠন কৰা হয়৷[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. 2.0 2.1 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  4. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. M. Paul Lewis, ed. (2009). "Adi: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  7. M. Paul Lewis, ed. (2009). "Galo: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  8. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]