সমললৈ যাওক

লালবাহাদুৰ শাস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লাল বাহাদুৰ শাস্ত্ৰীৰ পৰা পুনঃনিৰ্দেশিত)
লালবাহাদুৰ শাস্ত্ৰী
দ্বিতীয় ভাৰতৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
9 June 1964 – 11 January 1966
ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণ
পূৰ্বসূৰী জৱাহৰলাল নেহৰু
উত্তৰসূৰী গুলজাৰিলাল নন্দা (ভাৰপ্ৰাপ্ত)
Minister of External Affairs
কাৰ্যকাল
9 June 1964 – 18 July 1964
পূৰ্বসূৰী Gulzarilal Nanda
উত্তৰসূৰী Sardar Swaran Singh
Minister of Home Affairs
কাৰ্যকাল
4 April 1961 – 29 August 1963
প্ৰধানমন্ত্ৰী Jawaharlal Nehru
পূৰ্বসূৰী Govind Ballabh Pant
উত্তৰসূৰী Gulzarilal Nanda
ব্যক্তিগত তথ্য
জন্ম ২ অক্টোবৰ, ১৯০৪
Mughalsarai, Banaras, United Province, British India now Mughalsarai, Chandali, Uttar Pradesh, India
মৃত্যু ১১ জানুৱাৰী, ১৯৬৬ (৬১ বছৰ)
Tashkent, Uzbek SSR, Soviet Union
ৰাজনৈতিক দল Indian National Congress
দাম্পত্যসঙ্গী Lalita Devi
বাসস্থান 10 Janpath, New Delhi[1][2]
জীৱিকা Academic
Activist

লালবাহাদুৰ শাস্ত্ৰী (ইংৰাজী: Lal Bahadur Shastri) (১৯০৪-১৯৬৬) কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা এইজন ব্যক্তিয়েই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ মৃত্যৰ পিছত খালী আসন পূৰাবলৈ লালবাহাদুৰ শাস্ত্ৰীৰ নামেই ৰাইজৰ জল্পনা-কল্পনাৰ যতি পেলাব পাৰিছিল। তেওঁৰ মহান দেশভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁক ১৯৬৬ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। কথাতকৈ হাতে কামে আগবাঢ়ি য়োৱাটোহে মহান- এনে আদৰ্শৰে লালবাহাদুৰ অনুপ্ৰাণিত আছিল বাবেই তেওঁৰ বাসভৱনৰ সন্মুখৰ মাটিডৰাত ফুলনিৰ সলনি ৰূপান্তৰিত কৰিছিল ঘেঁহু পথাৰলৈ। তেওঁ স্বাধীনতা যুঁজাৰু আছিল।[3]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম ১৯০৪ চনৰ ২ অক্টোবৰ তাৰিখে, উত্তৰ প্ৰদেশবাৰাণাসী জিলাৰ মোগলচৰাই গাঁৱত। তেওঁৰ পিতাকৰ নাম শাৰদা প্ৰসাদ শ্ৰীবাস্তৱ আৰু মাকৰ নাম হৈছে ৰাম দুলাৰী দেৱী। সৰুতে ঘৰত মাতিছিল লাল, কোনোৱে লালাজী বুলি। মাত্ৰ ডেৰবছৰ বয়সতে লালবাহাদুৰৰ পিতাক ঢুকায়। স্বামী বিয়োগত ৰামদুলাৰী অথাই সাগৰত পৰে। ৰাম দুলাৰীৰ তেতিয়া তিনিটা সন্তান। শেষত তেওঁলোকৰ পৰিয়ালটো মোমায়েকৰ ঘৰলৈকে যাবলৈ বাধ্য হয়। মোমায়েকৰ পৰিয়াটোৰো অৱস্থা শোচনীয় আছিল। তাতেই নানা-দুখ-কষ্টৰ মাজেৰে তেওঁ ডাঙৰ দীঘল হয়। লালবাহাদুৰ শাস্ত্ৰীয়ে ১৯২৭ চনত বিয়া কৰাইছিল ললিতা দেৱীক। বৈবাহিক জীৱনৰ চিন হিচাপে তেওঁলোকৰ চাৰিজন ল'ৰা আৰু দুজনী ছোৱালী সন্তান প্ৰাপ্তি হয়।[3]

বাল্যকাল

[সম্পাদনা কৰক]

মাত্ৰ ডেৰ বছৰ বয়সত মাকৰ সৈতে গঙ্গাত স্নান কৰিবলৈ অহা বিৰাট সমদল এটাত যোগ দিছিল। সমদলৰ হেঁচা-ঠেলাত শিশু লালবাহাদুৰ মাকৰ হাতৰ পৰা ওলাই পৰিছিল আৰু মাকে তেওঁক কোনোপধ্যে বিচাৰি উলিয়াব নোৱাৰিলে। শিশুটি বিচাৰি ৰাম দুলাৰীয়ে গঙ্গাৰ পাৰ চলাথ কৰিলে, কান্দোনেৰে গগন কপালে, কিন্তু কোনো অনুসন্ধান নোলাল, পুলিচক খৱৰ দিয়া হ'ল। পিছত পুলিচৰ সহায়ত এদিন এজন ফল বেপাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয়।[3]

শিক্ষা জীৱন

[সম্পাদনা কৰক]

মোগলচৰাইৰ পৰা প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ বাৰাণসীৰ হৰিশচন্দ্ৰ বিদ্যালয়ত ভৰ্তি হয়। পঢ়া-শুনাত তেওঁৰ অত্যন্ত ধাউতি আছিল, ইংৰাজী বিষয় তেওঁৰ অতি প্ৰিয় আছিল আৰু সেই অনুপাতে ফলাফলো ভাল হৈছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত হাইস্কুলীয়া ছাত্ৰ লালবাহাদুৰ শাস্ত্ৰী স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিল। ব্ৰিটিছ কাৰাগাৰত আবদ্ধ হৈ থাকিল আঢ়ৈ বছৰ কাল। জেলৰ পৰা ওলাই তেওঁ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান কাশী বিদ্যাপীঠত ভৰ্তি হ’ল। ইয়াতে তেওঁ শিক্ষক হিচাপে পাইছিল- দাৰ্শনিক ভগৱান দাস, আচাৰ্য জে.বি. কৃপালানী, পণ্ডিত সম্পূৰ্ণানন্দ আৰু শ্ৰীপ্ৰকাশক। এই কাশী বিদ্যাপীঠৰ পৰাই তেওঁ শাস্ত্ৰী উপাধি লাভ কৰে। বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ দৰেই কাশী বিদ্যাপীঠৰ শাস্ত্ৰী ডিগ্ৰীও আছিল সমপৰ্যায়ৰ।[3]

সংগ্ৰামী জীৱন

[সম্পাদনা কৰক]

১৯৩২ চন, এলাহাবাদ কংগ্ৰেছ কৰ্মীয়ে থিৰাং কৰিলে যে, চহৰৰ ব্লক টাৱাৰত তেওঁলোকে জাতীয় পতাকা উত্তোলন কৰিব। কিন্তু সেইসময়তে ক'ৰবাৰ পৰা অহা গৰুগাড়ী এখন ব্লক টাৱাৰৰ ফালে আগবাঢ়িল। গাড়ীখনৰ ভিতৰত মুখৰ পৰা ভৰিলৈ বোৰ্খা পৰিধান কৰা এগৰাকী সম্ভ্ৰান্ত মুছলমান মহিলা আছিল, মহিলা বাবে পুলিচে তেওঁক বাধা আৰোপ নকৰিলে। ব্লক টাৱাৰৰ ওপৰলৈ উঠি গৈ তেওঁ বোৰ্খা খুলিলে আৰু নিজৰ কাম হাচিল কৰি চিঞৰি উঠিল বন্দে মাতৰম বুলি। পুলিচে তেতিয়াহে লক্ষ্য কৰিলে বোৰ্খাৰ তলত যোৱা গৰাকী মহিলা নাছিল, লালবাহাদুৰহে আছিল। লগে লগে পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিলে। এনেকৈ লালবাহাদুৰে এলাহাবাদ অঞ্চলত নিজৰ সংগঠন প্ৰতিভাৰে জনসাধাৰণৰ মাজত সোমাই পৰিল আৰু নিৰ্বাচিত হ’ল এলাহাবাদ পৌৰসভাৰ সদস্যৰূপে। সাত বছৰ ধৰি কাম কৰাৰ পিছত এইবাৰ তেওঁ এলাহাবাদ নগৰ উন্নয়ন সমিতিৰো সদস্য নিৰ্বাচিত হয়। ১৯৩০ চনৰ পৰা জিলা কংগ্ৰেছৰ সম্পাদক আৰু পিছত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। ১৯৩৭ চনত তেওঁ উত্তৰ প্ৰদেশ বিধান সভাৰ সদস্য নিৰ্বাচিত হয়। ১৯৪৭ চনতো পুনৰ সদস্য নিৰ্বাচিত হৈ ১৯৪৭ চনৰ পৰা পণ্ডিত গোবিন্দ বল্লভ পণ্টৰ নেতৃত্বত প্ৰথমে পাৰ্লিয়ামেণ্টৰী চেক্ৰেটাৰী আৰু পাছলৈ গৃহ-পৰিবহণ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। তাৰ পিছত কংগ্ৰেছৰ নাছিক অধিবেশনৰ সভাপতি জৱাহৰলাল নেহেৰু আৰু সাধাৰণ সম্পাদনক গুৰু দায়িত্বভাৰ দিলে লালবাহাদুৰ শাস্ত্ৰীক। ১৯৫২ চনত তেওঁ নিৰ্বাচিত হ’ল ৰাজ্যসভালৈ। তেওঁ ৰেল আৰু পৰিবহণ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হ’ল। তেওঁ জনতা গাড়ী প্ৰচলন কৰিছিল আৰু শেষত অৰিয়ালুৰ এক ভীষণ ৰেল দুৰ্ঘটনাৰ বাবে তেওঁ লজ্জিত হৈ মন্ত্ৰিত্বৰ পদত্যাগ কৰিছিল। ১৯৫৭ চনত পুনৰ তেওঁ যোগাযোগ আৰু পৰিবহণ মন্ত্ৰী নিযুক্ত হৈছিল। ১৯৬১ চনত নিযুক্ত হৈছিল গৃহমন্ত্ৰী হিচাপে। ১৯৬৪ চনৰ ২৬ জানুৱাৰীৰ পৰা দপ্তৰ বিহীন মন্ত্ৰী ৰূপেও কাৰ্যনিবাহ কৰিছিল। কিন্তু ১৯৬৪ চনৰ ২৭ মে'ত নেহেৰুৰ মৃত্যুত তেওঁকে ভাৰত ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ দিছিল। তেওঁৰ কাৰ্যকাল আছিল মাত্ৰ ১৮ মহীয়া। ১৯৬৫ চনৰ ছেপ্টেম্বৰত পাকিস্থানে কাশ্মীৰ আক্ৰমণ কৰিলে, ভাৰতেও প্ৰত্যুত্তৰ দিলে আৰু ভাৰত বিজয়ী হ’ল।[3]


ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯৪৬ চনত উত্তৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী গোবিন্দ মাটাৰক তেওঁৰ বিধানসভা সম্পাদক হিচাপে নিযুক্তি দিয়া হয় আৰু ১৯৪৭ চনত তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়। গোবিন্দত তেওঁক আৰক্ষী আৰু পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। তেওঁৰ মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষ শোক প্ৰকাশ কৰিছিল। তেওঁক মৰণোত্তৰভাৱে ১৯৬৬ চনত ভাৰতৰত্ন বঁটা প্ৰদান কৰা হয়।

বিদেশ ভ্ৰমণ

[সম্পাদনা কৰক]

প্ৰধানমন্ত্ৰী হৈ থকা কালছোৱাত তেওঁ কয়ৰোত অনুষ্ঠিত গৌষ্ঠী নিৰপেক্ষে ৰাষ্ট্ৰ সন্মিলন, লণ্ডনত আয়োজিত কমনওৱেলথ প্ৰধানমন্ত্ৰী সন্মিলনৰ উপৰিও ৰাছিয়া, যুগোশ্লাভিয়া, কানাডা আদি ৰাষ্ট্ৰবোৰলৈ গৈ সেইবোৰ দেশৰ লগত ভাৰতৰ বন্ধুত্ব গঢ়াত আগভাগ লৈছিল। তদুপৰি ভাৰতৰ সংবিধানে ৰাষ্ট্ৰভাষা ইংৰাজীৰ সলনি হিন্দী আৰু প্ৰত্যেক ৰাজ্যতে সংখ্যা গৰিষ্ঠ মাতৃভাষাক মৰ্যাদা দিলে। কিন্তু অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছুমানে বিধিপথালি দিলে, কিন্তু গৃহমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়েই এই অসম সমস্যাৰ সমাধান কৰিলে। যাক শাস্ত্ৰী ফৰ্মূলা নামেৰে জনাজাত।[3]

পুৰস্কাৰ, বঁটা আদি

[সম্পাদনা কৰক]
  • ভাৰত-ৰত্ন বঁটা (১৯৬৬ চন)

লালবাহাদুৰ শাস্ত্ৰীৰ ১৯৬৬ চনৰ ১০ জানুৱাৰীত নিশা শুই থকা অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Lest we FORGET...". The Hindu. 2 October 2004. http://www.hindu.com/mp/2004/10/02/stories/2004100200850200.htm. 
  2. "Shastri memorial losing out to Sonia security". The Indian Express. 17 January 2011. http://www.indianexpress.com/news/shastri-memorial-losing-out-to-sonia-security/738420/0. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৫০,৫১,৫২,৫৩,৫৪,৫৫,৫৬. 

গ্ৰন্থ সংযোগ

[সম্পাদনা কৰক]
  • John Noyce. Lal Bahadur Shastri: an English-language bibliography. Lulu.com, 2002.
  • Lal Bahadur Shastri, 'Reflections on Indian politics', Indian Journal of Political Science, vol.23, 1962, pp1–7
  • L.P. Singh, Portrait of Lal Bahadur Shastri (Delhi: Ravi Dayal Publishers, 1996) ISBN 81-7530-006-X
  • (Sir) C.P. Srivastava, Lal Bahadur Shastri: a life of truth in politics (New Delhi: Oxford University Press, 1995) ISBN 0-19-563499-3
  • (Sir) C.P. Srivastava, Corruption: India's enemy within (New Delhi: Macmillan India, 2001) chapter 3 ISBN 0-333-93531-4
  • India Unbound From Independence to Global Information Age by Shri Gurucharan Das chapter 11

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]