ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৭

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জানুৱাৰী, ২০১৭

উল্লেখনীয় কাম

ডিচেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ৪৩৮৪টালৈ বৃদ্ধি পালে

ডিচেম্বৰ মাহৰ অন্তত ৱিকিউৎসত লেখাৰ সংখ্যা ১২৩১টালৈ বৃদ্ধি পালে

ভাৰতীয় গণৰাজ্য দিৱস

গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।

ভাৰতৰ সংবিধানখন Constituent Assembly of Indiaই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।

স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন। আৰু পঢ়ক.......

মাঘ বিহু

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। এই বিহুক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বোলে৷ এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়৷

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে। আৰু পঢ়ক.......

যোৱা মাহত সৃষ্ট প্ৰবন্ধ (অসমীয়া ৱিকিপিডিয়া)

যোৱা মাহত সৃষ্ট প্ৰবন্ধ/লেখ (অসমীয়া ৱিকিউৎস)

ৱিকিপিডিয়া দিৱস

১৫ জানুৱাৰী দিনটো ৱিকিপিডিয়ানসকলৰ মাজত ৱিকিপিডিয়া দিৱস হিচাপে পৰিচিত। ২০০১ চনৰ এই দিনটোতেই, নিউপিডিয়াত পাঁচ দিন কটোৱাৰ পাছত, ৱিকি-ভিত্তিক ৱিকিপিডিয়া প্ৰকল্পসমূহ সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। কিছু বছৰ আগৰ পৰা অনলাইন আৰু অফলাইন উভয় মাধ্যমেৰে ৱিকিপিডিয়া দিৱস পালন কৰি অহা হৈছে। ২০১১ চনত দশম ৱিকিপিডিয়া দিৱস (ৱিকিপিডিয়া ১০) গোটেই বিশ্বত ডাঙৰকৈ উদযাপন কৰা হৈছিল আৰু এই পৰম্পৰা বিভিন্ন স্থানীয় সন্মিলন তথা ৱিকি-ইভেন্টৰ সৈতে ৱিকিপিডিয়া দিৱস উপলক্ষে ২০১২ চনৰ ১৫ জানুৱাৰী, ৰবিবাৰ পৰ্যন্ত অব্যাহত আছিল। আৰু পঢ়ক.......

অন্যান্য

S
+ আপোনাৰ মতামত লিখকএই সম্পৰ্কে আলোচনা কৰক
বৰ্তমানলৈকে কোনো মন্তব্য নাই। আপুনি প্ৰথম মন্তব্যদাতা হ'ব পাৰে!