মৰম নদীৰ গাভৰু ঘাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰম নদীৰ গাভৰু ঘাট

ছবিখনৰ এটা দৃশ্যত বিক্ৰম হাজৰিকা আৰু বৰ্ণালী পূজাৰী
পৰিচালক পুলক গগৈ
প্ৰযোজক পুলক গগৈ
অভিনয়ত বিক্ৰম হাজৰিকা
বৰ্ণালী পূজাৰী
নিলয় গুপ্তা‌
চিত্ৰগ্ৰহণকাৰী জন্‌ছ মহলীয়া
সংগীত পৰিচালক অতুল মেধি
মুক্তি
ফেব্ৰুৱাৰী ১৯৯৯
দৈৰ্ঘ্য
১৬৭ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

মৰম নদীৰ গাভৰু ঘাট (ইংৰাজী: Morom Nodir Gabhoru Ghat) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত, বিক্ৰম হাজৰিকা, বৰ্ণালী পূজাৰী আৰু নিলয় গুপ্তা অভিনীত এখন অসমীয়া সংগীত-ৰোমাঞ্চ চলচ্চিত্ৰ। ছবিখন পুলক গগৈয়ে পৰিচালনা আৰু প্ৰযোজনা কৰিছে।[1]

অভিনয়ত[সম্পাদনা কৰক]

  • বিক্ৰম হাজৰিকা – ৰাজীৱ চৌধুৰী (মীত)
  • বৰ্ণালী পূজাৰী – মালা বৰুৱা
  • নিলয় গুপ্তা‌ – ৰাজীৱ চৌধুৰী
  • গুণ মহন্ত – সিদ্ধাৰ্থ বৰুৱা
  • ৰাজেশ ভূঞা – ৰবীন
  • অতুল পাচনি – আটো

সংগীত[সম্পাদনা কৰক]

মৰম নদীৰ গাভৰু ঘাট
অতুল মেধিৰ
সংগীত এলবাম
মুক্তি জানুৱাৰী ১৯৯৯
বাণীবন্ধন ১৯৯৮-৯৯
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া


মৰম নদীৰ গাভৰু ঘাটৰ চাউণ্ডট্ৰেক অতুল মেধিয়ে ৰচনা কৰিছে। সংগীত পৰিচালক হিচাপে এইখন তেওঁৰ প্ৰথম ছবি। কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰে। চাউণ্ডট্ৰেক এলবামটোত ৭টা ট্ৰেক আছে। ইয়াৰে কি কৰো কি কৰো নেজানোৰ দুটা সংস্কৰণ আছে – এটা পুৰুষ কণ্ঠত আৰু আনটো মহিলা কণ্ঠত। লগতে আছে এটা বাদ্যযন্ত্ৰৰ ট্ৰেক। বলীউডৰ গায়ক চনু নিগম আৰু সাগৰিকা মুখাৰ্জীয়ে (শানৰ ভগ্নী) নেপথ্য কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰা এইখন তেওঁলোকৰ প্ৰথম খন অসমীয়া চলচ্চিত্ৰ।

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "কওঁ কওঁ কওঁ বুলি কলা"  জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ ৩:৩০
2. "কি কৰোঁ কি কৰোঁ নেজানো" (পুৰুষ সংস্কৰণ)জুবিন গাৰ্গ ৪:০০
3. "বুকুৰে ভাষা মোৰ"  জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ ৫:১০
4. "মনে মনে মনে মোৰ"  মহালক্ষ্মী আয়াৰ  
5. "তোমাৰ গাওঁ খনি ধুনীয়া"  চনু নিগম, সাগৰিকা মুখাৰ্জী  
6. "কি কৰোঁ কি কৰোঁ নেজানো" (মহিলা সংস্কৰণ)সাগৰিকা মুখাৰ্জী ৪:০০
7. "বাদ্যযন্ত্ৰৰ ট্ৰেক"     

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Released Assamese Feature Films". enajori.com. 23 September 2016. Archived from the original on 16 September 2016. https://web.archive.org/web/20160916232427/http://www.enajori.com/?page_id=589। আহৰণ কৰা হৈছে: 24 October 2021. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]