সমললৈ যাওক

জাম্বৱন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জাম্ববনৰ পৰা পুনঃনিৰ্দেশিত)
জাম্বৱন্ত
জাম্বৱন বা জাম্বৱন্ত
জাম্বৱন্তৰ এখন চিত্ৰ
সম্পৰ্ক ঐশ্বৰিক ভালুক
সন্তান জাম্বৱতী (কন্যা)
হিন্দু পাঠ্য ৰামায়ণ, ভাগৱত পূৰণ

জাম্বৱন বা জাম্বৱন্ত হৈছে মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ, সেই অনুসৰি তেওঁ ভালুকৰ ঐশ্বৰিক ৰজা, যাক ব্ৰহ্মা দেৱতাই লংকাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে তেওঁৰ হোৱা সংগ্ৰামত ৰামক সহায় কৰিবলৈ সৃষ্টি কৰিছিল।[1] জাম্বৱন্ত ভাৰতীয় মহাকাব্য পৰম্পৰাত এবিধ এছিয়ান ক'লা ভালুক বা শ্লথ ভালুক, অৱশ্যে আন কিছু শাস্ত্ৰত তেওঁক বান্দৰ বুলিও বৰ্ণনা কৰা হৈছে।[1]

জাম্বৱন; পৰশুৰাম আৰু হনুমানৰ সৈতে, বিষ্ণুৰাম আৰু কৃষ্ণ উভয় অৱতাৰৰ সময়তে উপস্থিত থকা কেইজনমানৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। তেওঁৰ জীয়ৰী জাম্বৱতী কৃষ্ণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ সমুদ্ৰ মন্থনৰ সময়ত উপস্থিত আছিল বাবে কূৰ্ম অৱতাৰৰ সাক্ষী আছিল বুলি কোৱা হয়। বামন অৱতাৰৰ সৈতেও তেওঁৰ সম্পৰ্ক থকা বাবে জাম্বৱনক চিৰঞ্জীৱীৰ আটাইতকৈ দীঘলীয়া জীৱন লাভ কৰা বুলি কোৱা হয়, সেই অনুসাৰে তেওঁ বিষ্ণুৰ নটা অৱতাৰৰ সাক্ষী আছিল বুলি অনুমান কৰা হয়।[2]

কিংবদন্তি

[সম্পাদনা কৰক]

আৰম্ভণিতে যেতিয়া ব্ৰহ্মাৰ জন্ম বিষ্ণুৰ নাভিৰ পৰা হৈ ধ্যানত মগ্ন হৈছিল, ইয়াৰ মাজতে ব্ৰহ্মাৰ বিজৃম্ভণৰ ফলত এটা সৰু প্ৰাণীৰ জন্ম হৈছিল আৰু ইয়ে পিছলৈ জাম্বৱন হৈ পৰিছিল। কোৱা হয় যে তেওঁক জাম্বৱন বুলি কোৱা হৈছিল কাৰণ তেওঁ জাম্বু দ্বীপত জন্মগ্ৰহণ কৰিছিল বা তেওঁ বিজৃম্ভণৰ সময়ত জন্ম হৈছিল। সংস্কৃত শব্দ জৃম্ভণৰ পৰাই তেওঁৰ নাম জাম্বৱন্ত হৈছে। বিষ্ণুৰ মধু আৰু কৈটভ ৰাক্ষসৰ সৈতে হোৱা যুঁজৰ সময়তো জাম্বৱন্ত উপস্থিত আছিল আৰু হাততালি দি যুদ্ধ উপভোগ কৰিছিল। যিহেতু তেওঁৰ জন্মৰ সময়ত সময়ৰ তেনে কোনো একক নাছিল সেয়ে তেওঁৰ বয়স জনা নাযায়। ৰামায়ণৰ সময়ত তেওঁৰ বয়স আছিল ৬ মানৱন্তৰ।

ৰামক কৰা সহায়

[সম্পাদনা কৰক]

ৰামায়ণ মহাকাব্যত, জাম্বৱন্তই ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ অপহৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। তেওঁ হনুমানক তেওঁৰ অপৰিসীম সামৰ্থ্যক উপলব্ধি কৰায় আৰু লংকাত সীতাৰ সন্ধানৰ বাবে সাগৰ পাৰ হৈ উৰা মাৰিবলৈ উৎসাহিত কৰে।[3]

শ্যামন্তক মণি (ৰত্ন)

[সম্পাদনা কৰক]

মহাভাৰত উল্লেখ থকা অনুসৰি, জাম্বৱন্তই এটা সিংহক হত্যা কৰিছিল, যিয়ে প্ৰসেনজিৎৰ পৰা শ্যামন্তক নামৰ এটা ৰত্ন অধিগ্ৰহণ কৰিছিল। বিপৰীতে প্ৰসেনক ৰত্নটোৰ বাবে কৃষ্ণই হত্যা কৰা বুলি সন্দেহ কৰা হৈছিল, সেয়েহে তেওঁ প্ৰসেনৰ খোজ অনুসৰণ কৰি গম পাইছিল যে আচলতে প্ৰসেনক এটা সিংহই হত্যা কৰিছিল আৰু সেই সিংহক এটা ভালুকে হত্যা কৰে। ভালুকৰ খোজ অনুসৰণ কৰি গৈ কৃষ্ণ গুহাৰ সমুখত উপস্থিত হয় আৰু ভালুকটোৰ সৈতে যুদ্ধত লিপ্ত হয়। কৃষ্ণ আৰু জাম্বৱনৰ মাজত এই যুঁজ ২৭/২৮ দিন (ভাগৱত পুৰাণ অনুসৰি) আৰু ২১ দিন (বিষ্ণু পুৰাণ অনুসৰি) চলিছিল। যুঁজত বলে নোৱাৰি জাম্বৱন্ত ভাগৰুৱা হৈ পৰে কৃষ্ণ প্ৰকৃততে কোন সেই কথা অনুভৱ কৰি নিজকে কৃষ্ণৰ সমুখত সমৰ্পন কৰে। তেওঁ কৃষ্ণক ৰত্নটো ঘূৰাই দিয়াৰ উপৰিও নিজ কন্যা জাম্বাৱতীকো উপহাৰ হিচাপে দিয়ে, আৰু কৃষ্ণই তেওঁক তেওঁৰ এগৰাকী পত্নী হিচাপে গ্ৰহণ কৰে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]