পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ)
পাপ আৰু প্ৰায়শ্চিত্ত Paap aru Praischitta | |
---|---|
পৰিচালক | আনোৱাৰ হুছেইন |
প্ৰযোজক | আনোৱাৰ হুছেইন |
অভিনয়ত | পবিত্ৰ বৰকটকী তচদ্দুক ইউছুফ |
সংগীত পৰিচালক | জীতেন বৰুৱা |
মুক্তি |
১৯৭৭ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
পাপ আৰু প্ৰায়শ্চিত্ত (ইংৰাজী: Paap aru Praischitta) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন।[1] সংগীত জীতেন বৰুৱাৰ[2]। ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।[3] অবিভক্ত গোৱালপাৰা জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাই শীতল মস্তিষ্কৰে তেওঁৰ পত্নী আৰু তিনিজনী গাভৰু জীয়েকক হত্যা কৰি গাঁত খান্দি পুতি থৈছিল। পিছত তেওঁ আৰক্ষীৰ হাতত ধৰা পৰে আৰু আদালতত বিচাৰ চলে। বিচাৰত তেওঁৰ ফাঁচীৰ হুকুম হয়।[4]
ছবিখনত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী, তচদ্দুক ইউছুফ, নিবেদিতা শৰ্মা আদিয়ে।
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]এজন বিচাৰক; যিয়ে জীৱনত কোনোদিনে কাকো ফাঁচী নালাগে, কঠোৰ শাস্তিয়ে আদেশ দি নাপালে। অথচ নিয়তিৰ পাকচক্ৰত নিজে ফাঁচী কাঠত ওলমিব লগা হ’ল। পত্নী আৰু তিনিজনী জীয়ৰীৰ সৈতে বিচাৰকজনৰ এখন সুখৰ সংসাৰ। নিয়তিৰ দৈৱ-দূৰ্বিপাকত এদিন তেওঁ গম পালে যে তেওঁৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই। তেন্তে তিনিজনীকৈ জীয়ৰীৰ জন্ম হ’ল কেনেকৈ? পত্নীৰ দুশ্চৰিত্ৰৰ কথা তেওঁৰ চকুত এটা এটাকৈ উন্মোচিত হৈ পৰিল। সহজ-সৰল মানুহজন জীঘাংসু হৈ পৰিল। তেওঁ এক কঠোৰ সিদ্ধান্ত লৈ পেলালে। তেওঁ সংগোপনে হত্যা কৰিলে পত্নী আৰু আটাইকেইজনী জীয়েকক। কিন্তু পাপ লুকাই নাথাকে। তেওঁ ধৰা পৰিল আৰক্ষীৰ হাতত। বিচাৰ চলিল আৰু অৱশেষত শুনোৱা হ’ল ফাঁচীৰ হুকুম।
গীত
[সম্পাদনা কৰক]সংগীত পৰিচালনা জীতেন বৰুৱাৰ। কণ্ঠদান কৰিছে- ভাস্কৰ দাস, কুল বৰুৱা আৰু মৃদুলা দেৱান দাসে।[2]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "ৰঙা লুইতৰ বিশাল বুকুত কৰে নাও টুলুবুলু" | জীতেন বৰুৱা | ভাস্কৰ দাস | |||||||
2. | "তোমাৰ সুৰে সুৰে গীতৰ ভাষাৰে কিনো গীত গাই যাম কোৱা" | শৈল দাস | কুল বৰুৱা, মৃদুলা দেৱান দাস | |||||||
3. | "মোৰ হৃদয়ৰ নিবিড় মৰম আলফুলে থৈ গলো" | নিৰ্মলপ্ৰভা বৰদলৈ | ভাস্কৰ দাস, মৃদুলা দেৱান দাস |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "অসমীয়া চিনেমাৰ তথ্যকোষ". cinekatha. Archived from the original on 2 December 2022. https://web.archive.org/web/20221202122548/https://cinekatha.com/cinema-database/5/। আহৰণ কৰা হৈছে: 4 December 2022.
- ↑ 2.0 2.1 Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 273.
- ↑ "A plot with a past for judicial building". telegraphindia.com. 5-5-2015. https://www.telegraphindia.com/north-east/a-plot-with-a-past-for-judicial-building/cid/1530194। আহৰণ কৰা হৈছে: 2 December 2022.
- ↑ "The State Of Assam vs Upendra Nath Rajkhowa on 6 August, 1974". indiankanoon.org. https://indiankanoon.org/doc/1422299/। আহৰণ কৰা হৈছে: 2 December 2022.
লগতে চাওক
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- পাপ আৰু প্ৰায়শ্চিত্ত সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|