ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্তেম্বৰ-২০১২
অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোন
ছেপ্তেম্বৰ, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:

- ভাল প্ৰবন্ধ

- নিৰ্বাচিত চিত্ৰ
| অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
|---|
|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.46.0-wmf.19 (b0f5a6a)। |
| মুঠ প্ৰবন্ধ সংখ্যা ২২,৬৭৬ টা। |
| মুঠ পৃষ্ঠা আছে ১,২১,৯০১ টা। |
| মুঠ সম্পাদনা কৰা হৈছে ৫,৮৮,৭৫৭ বাৰ। |
| মুঠ ২,৪০৪ টা ফাইল আপল'ড কৰা হৈছে। |
|
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৪৮,৫৯৮ জন, সক্ৰিয় সদস্য ১৩১ জন আৰু ৬ জন প্ৰশাসক আছে। |
| বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
|
এই তথ্যসমূহ ১৪৩৩ ভাস্কৰাব্দৰ পূৱা ১১:৩৮ বজালৈ প্ৰযোজ্য। |
- অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
- অসমীয়া ৱিকিউৎসত সপ্তকাণ্ড ৰামায়ণৰ ১০০ টা অধ্যায় সাৰদা শ্ৰেষ্ঠই ইউনিকোডত লিখি উলিয়াইছে।
- পাৰিজাত হৰণ আৰু কালিয় দমন নাটৰ ইউনিকোড লিপি সমাপন, মুদ্ৰালিখক: নিতুল বৰা
- ইউনিকোডত বুঢ়ী আইৰ সাধু গ্ৰন্থখনৰ সমূহ সাধু , অনামিকা বৰুৱা আৰু আন দুজনমান সদস্যৰ সামুহিক প্ৰচেষ্টাৰে মুদ্ৰালিখন কৰা হ’ল।
- উল্লেখনীয় ৱিকিপিডিয়া বঁটা
- বাবুল বৈশ্য লৈ :: ৰেলৱে পদক
- ডঃচাদিকুল হুছেইন লৈ :: বিশেষ পদক
- নয়নজ্যোতি শৰ্মালৈ :: অক্লান্ত কৰ্মী পদক
- চন্দন চিৰিং ফুকনলৈ :: বিশেষ বঁটা
- সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাটো শেহতীয়াভাৱে ১২, অক্টোবৰ, ২০১২ ’ত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়াত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো নিৰীক্ষণ কৰিব পাৰে।
- অলপ সাহিত্য চৰ্চা
ৱিকিপিডিয়া শীৰ্ষক এটা কবিতা
সূৰ্য্যোজ্বল ৱিকিপিডিয়াৰ বাটত
- লিখক: চন্দন চিৰিং ফুকন
আঙুলিৰ দলঙেৰে নামি আহে
- অযুত আখৰৰ সমদল
প্ৰতিডোখৰ অস্থিৰ মজ্জাগত বৰ্ণমালা
ধীৰে ধীৰে বাঢ়ে অসমীয়াৰ আয়ুসৰেখা
- এখন এখনকৈ খুলি দিওঁ
- বুঢ়া লুইতে নিজহাতে টুকি ৰখা
ইতিহাসৰ সাঁচিপতীয়া পৃষ্ঠাৰ দুৱাৰ
মোকলাই দিওঁ প্ৰতিজন জিজ্ঞাসুৰ বাবে
নগা পাহাৰৰ বুকুৰ সাঁচতীয়া কথাৰ ভঁৰাল
তাজমহলৰ পৰা মহাচীনৰ শৈল প্ৰাচীৰলৈকে
অৰণ্যগৰ্ভা আফ্ৰিকাৰ পৰা আৰৱীয় ঐতিহ্যলৈকে
- সামৰি আনো তলুৱাত
- গঙ্গা টেমছ নীলনদীৰ পাৰৰ পৰা
- বুটলি বুটলি সাজোঁ তথ্যৰ মৌকোঁহ
অসমীয়া ৱিকিপিডিয়াৰ পাতত চিঞাহী বুলাই
- ভুমুকিয়াই চাওঁ সংস্কৃতিৰ খোটালি
নিলগাই দিওঁ গোলকীয় সভ্যতাৰ আঁৰকাপোৰ
- আৰু পৃথিৱীৰ প্ৰতিটো কোণৰ পৰা গাওঁ
অসমীয়া ভাষাৰ সূৰুযমুখী গীত।
--- § § § ---
| |||||||||||||||||||||||||||||