বিজু ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজু ফুকন

বিজু ফুকন
জন্ম বিজয় ফুকন
১৮ ফেব্ৰুৱাৰী, ১৯৪৭
ডিব্ৰুগড়
মৃত্যু ২২ নৱেম্বৰ, ২০১৭ (৭০ বছৰ)
এপল' হস্পিটেল, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়
পেচা অভিনেতা, চলচ্চিত্ৰ পৰিচালক
জনা যায় অসমীয়া চলচ্চিত্ৰ জগতৰ তাৰকা অভিনেতা
উল্লেখযোগ্য কৰ্ম বোৱাৰী
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী ৰাজশ্ৰী ফুকন
সন্তান সংঘমিত্ৰা ফুকন, অংশুমান ফুকন
আত্মীয়-স্বজন ৰেবা ফুকন ,পল ফুকন

বিজু ফুকন (ইংৰাজী: Biju Phukan; ১৮ ফেব্ৰুৱাৰী ১৯৪৭ - ২২ নৱেম্বৰ ২০১৭) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন খ্যাতনামা অভিনেতা আছিল। তেখেতে চলচ্চিত্ৰ পৰিচালক ৰূপেও অৱতীৰ্ণ হৈছে। খ্যাতনামা অসমীয়া কথাচলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা তেনেই সৰু চৰিত্ৰত প্ৰথমে ভুমুকি কৰা এই গৰাকী অভিনেতাই প্ৰথমে বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ ৰূপত অভিনয় কৰে আৰু পাছলৈ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় নায়কত পৰিণত হয়। বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ বুলি পৰিগণিত।[উদ্ধৃতিৰ প্ৰয়োজন] ২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ এপল' হস্পিটেলত ৭০ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

বিজু ফুকনৰ জন্ম হয় ১৯৪৭ চনত ডিব্ৰুগড় জিলা[2]। বিজু ফুকনৰ জন্মগত নাম আছিল বিজয় ফুকন। চলচ্চিত্ৰজগতলৈ অহাৰ পাছত তেখেতে ঘৰত মতা নাম 'বিজু'-ৰে নিজৰ চিনাকি দিয়ে[2]। এখেতৰ পিতৃ অতুল চন্দ্ৰ ফুকন।[3] এগৰাকী সামৰিক বিষয়া আছিল[2] ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত এখেতে পঢ়া-শুনা কৰিছিল।

সাংস্কৃতিক জীৱন[সম্পাদনা কৰক]

১৯৭০ চনত এখেতে প্ৰথমে ব্ৰজেন বৰুৱা পৰিচালিত ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা গানৰ দৃশ্যত ভূমুকি মাৰে। একেটা বছৰতে নিপ বৰুৱাৰ পৰিচালিত চলচ্চিত্ৰ বৰুৱাৰ সংসাৰ[4] নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে।[2] ইয়াৰ পাছতে তেখেতে কেবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি তাৰকা অভিনেতা ৰূপে চিহ্নিত হয়। ৭০ আৰু ৮০-ৰ দশকত তেখেতে প্ৰায় চল্লিছখন চলচ্চিত্ৰত নায়কৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।

মূলতঃ ব্যৱসায়িক চলচ্চিত্ৰৰ জড়িত হ'লেও বিজু ফুকনে কেবাখনো সমান্তৰাল চলচ্চিত্ৰতো অভিনয় কৰিছে। ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও এখেতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে। আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত এখেতে অভিনয় কৰিছিল।[4]। দূৰদৰ্শনৰ বিভিন্ন ছিৰিয়েল, টেলি-নাটক আদিতো বিজু ফুকনে অভিনয় কৰিছে।

৮০-ৰ দশকতে বিজু ফুকনে চলচ্চিত্ৰ পৰিচালনাত হাত দিয়ে। তেখেতৰ দ্বাৰা পৰিচালিত 'ভাই-ভাই' ব্যৱসায়িক ভাৱে সফল চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল। তেখেতৰ দ্বাৰা পৰিচালিত শিশু চলচ্চিত্ৰ 'অতিক্ৰম' অদ্যাপি মুক্তি নাপালে।[2]

বিজু ফুকনে গুৱাহাটী দূৰদৰ্শনৰ কেন্দ্ৰৰ বাবে ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচনা কৰা গল্পৰ আধাৰত দেউতা নামে এখন ধাৰাবাহিক পৰিচালনা কৰিছিল।[2] এখেতে 'ঘাটক' নামে এখন ভিডিঅ' চলচ্চিত্ৰ প্ৰযোজনা কৰে।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

বিজু ফুকনে ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ টিকটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এই নিৰ্বাচনত তেখেত পৰাজিত হৈছিল।[5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

বিজু ফুকন গুৱাহাটীৰ আৰ.জি. বৰুৱা ৰোডৰ বাসিন্দা আছিল। তেওঁৰ পত্নী ৰাজশ্ৰী ফুকন[2]এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু জীয়ৰী সংঘমিত্ৰা ফুকন (ৰিশা) এগৰাকী সফল ফেছন ডিজাইনাৰ আৰু মডেল।[6] সংঘমিত্ৰা ফুকন ২০১১ চনৰ বাবে ৰিব'ক কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰ।[7][8] এখেত ইউনাইটেড কালাৰ্‌ছ অৱ বেনিটন কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰ আছিল।[9][10]

২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ এপল' হস্পিটেলত তেওঁ আবেলি ৬ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।[11]

অভিনীত চলচ্চিত্ৰ[সম্পাদনা কৰক]

অসমীয়া[সম্পাদনা কৰক]

চলচ্চিত্ৰ[সম্পাদনা কৰক]

ছবি চন পৰিচালক
ডাঃ বেজবৰুৱা ১৯৭০ ব্ৰজেন বৰুৱা
বৰুৱাৰ সংসাৰ ১৯৭০ নিপ বৰুৱা
অৰণ্য ১৯৭১ সমৰেন্দ্ৰ নাৰায়ন দেৱ
ললিতা ১৯৭২ ব্ৰজেন বৰুৱা
ওপজা সোণৰ মাটি ১৯৭২ ব্ৰজেন বৰুৱা
বনৰীয়া ফুল ১৯৭৩ অতুল বৰদলৈ
অনুতাপ ১৯৭৩ অতুল বৰদলৈ
ৰশ্মি-ৰেখা ১৯৭৩ প্ৰফুল্ল বৰুৱা
মমতা ১৯৭৩ নলীন দুৱৰা
গণেশ ১৯৭৩ এ কে ফিল্মছ ইউনিট
বৃষ্টি ১৯৭৪ দেউতী বৰুৱা
আজলী নবৌ ১৯৭৪ নিপ বৰুৱা
ধৰ্মকাই ১৯৭৭ ভবেন দাস
নতুন আশা ১৯৭৭ প্ৰবীৰ মিত্ৰ
বিশেষ এৰাতি ১৯৭৯ উপেন কাকতি
মেঘমুক্তি ১৯৭৯ বন্ধু
উপপথ ১৯৮০ হেমন্ত দত্ত
ৰজনীগন্ধা ১৯৮১ প্ৰফুল্ল বৰুৱা
বোৱাৰী ১৯৮২ শিৱপ্ৰসাদ ঠাকুৰ
ৰাজা ১৯৮২ সমৰেন্দ্ৰ নাৰায়ন দেৱ
অপৰূপা ১৯৮২ জাহ্নু বৰুৱা
ঘৰ-সংসাৰ ১৯৮৩ শিৱপ্ৰসাদ ঠাকুৰ
দেৱী ১৯৮৪ শম্ভু গুপ্তা আৰু দাৰা আহমেদ
অগ্নিস্নান ১৯৮৫ ভবেন্দ্ৰ নাথ শইকীয়া
বহাগৰ দুপৰীয়া ১৯৮৫ জন্‌ছ মহলীয়া
মন-মন্দিৰ ১৯৮৫ শিৱপ্ৰসাদ ঠাকুৰ
এণ্টনী মোৰ নাম ১৯৮৬ নিপ বৰুৱা
মা ১৯৮৬ ভবেন দাস
পাপৰি ১৯৮৬ জাহ্নু বৰুৱা
এই দেশ মোৰ দেশ ১৯৮৬ শিৱপ্ৰসাদ ঠাকুৰ
জেতুকী ১৯৮৭ চন্দ্ৰ তালুকদাৰ
পিতা-পুত্ৰ ১৯৮৮ মুনিন বৰুৱা
পাহাৰী কন্যা ১৯৯০ মুনিন বৰুৱা
অভিমান ১৯৯০ মৃদুল গুপ্তা
যখিনী ১৯৯১ দাৰা আহমেদ
ৰঙানদী ১৯৯১ ব্ৰজেন বৰা
অশান্ত প্ৰহৰ ১৯৯৪ শিৱপ্ৰসাদ ঠাকুৰ
আই কিল্‌ড হিম, ছাৰ ১৯৯৫ প্ৰদীপ গগৈ
ইতিহাস ১৯৯৬ ভবেন্দ্ৰনাথ শইকীয়া
আছেনে কোনোবা হিয়াত ২০০০ বাহাৰুল ইছলাম
এই মৰম তোমাৰ বাবে ২০০১ তৌফিক ৰহমান
ইমান মৰম কিয় লাগে ২০০২ অলক নাথ
অগ্নিসাক্ষী ২০০৩ যদুমণি দত্ত
হেঁপাহ ২০০৩ শংকৰ বৰুৱা
বাৰুদ ২০০৪ মুনিন বৰুৱা
ৰং ২০০৪ মুনিন বৰুৱা
দেউতা দিয়া বিদায় ২০০৬ ৰমেশ মোডী
স্নেহবন্ধন ২০০৬ দেৱজিত মজুমদাৰ
অচিন চিনাকি ২০১০ মুন্না আহমেদ
ৰ’দ্‌ ২০১২ গৌতম বৰুৱা
খাণ্ডব দাহ[12] ২০১৫ শংকৰ বৰুৱা
দূৰ[13] ২০১৬ কংকণ ৰাজখোৱা
দ্য আণ্ডাৰৱ'ৰ্ল্ড ২০১৮ ৰাজেশ যাশপাল

বঙালী চলচ্চিত্ৰ[সম্পাদনা কৰক]

  • হোটেল শ্বোফক্স
  • অপৰাজিত
  • দস্যু ৰত্নাকৰ
  • গজমুক্তা

অভিনীত নাটক[সম্পাদনা কৰক]

  • সময়(নাট্যকাৰ,পৰিচালক- নাট্যসম্ৰাট প্ৰফুল্ল বৰা)
  • নেতা(নাট্যকাৰ,পৰিচালক-নাট্যসম্ৰাট প্ৰফুল্ল বৰা)
  • কেপ্টেইন গগৈ
  • ফল্গু
  • হিয়া ধুৱাই নিলে[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Noted Assamese actor Biju Phukan no more". The News Mill. 22 November 2017. https://thenewsmill.com/noted-assamese-actor-biju-phukan-no. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "Fifty Five Not Out: Biju Phukan | Assam Portal". Assam.org. http://www.assam.org/news/fifty-five-not-out-biju-phukan। আহৰণ কৰা হৈছে: 2013-03-24. 
  3. "Biju Phukan". Rupaliparda.com. http://www.rupaliparda.com/english/who's-who/bijuphukan.htm। আহৰণ কৰা হৈছে: 2013-03-24. 
  4. 4.0 4.1 "History of Assamese Cinema". Rupaliparda.com. http://www.rupaliparda.com/english/history/History-list.htm। আহৰণ কৰা হৈছে: 2013-03-24. 
  5. "Dibrugarh constituency, Assam, indian elections, indian elections 1999, forthcoming indian elections, elections in india". Indian-elections.com. Archived from the original on 2011-01-03. https://web.archive.org/web/20110103030157/http://www.indian-elections.com/assam/dibrugarh-results-1999.html। আহৰণ কৰা হৈছে: 2013-03-24. 
  6. TI Trade. "Assam Tribune online". Assamtribune.com. Archived from the original on 2009-10-24. https://web.archive.org/web/20091024185814/http://www.assamtribune.com/oct1609/rv.html। আহৰণ কৰা হৈছে: 2013-03-24. 
  7. Log in om een reactie te plaatsen.. "EasyTone Women - Sanghamitra Phukan". YouTube. http://www.youtube.com/watch?v=ZBkuE4WOQzw। আহৰণ কৰা হৈছে: 2013-03-24. 
  8. Saanya Rallan (2011-06-10). "Reebok peeks at Easytone Reeflections". Indiaprwire.com. Archived from the original on 2011-09-03. https://web.archive.org/web/20110903131749/http://www.indiaprwire.com/pressrelease/sports/2011061089005.htm। আহৰণ কৰা হৈছে: 2013-03-24. 
  9. "This way runway". Thiswayrunway.tumblr.com. http://thiswayrunway.tumblr.com। আহৰণ কৰা হৈছে: 2013-03-24. 
  10. "Stories from London... let's meet Sanghamitra! | United Blogs of Benetton". Blog.benetton.com. Archived from the original on 2012-07-20. https://web.archive.org/web/20120720080933/http://blog.benetton.com/blog/stories-from-london-lets-meet-sanghamitra/। আহৰণ কৰা হৈছে: 2013-03-24. 
  11. "Noted Assamese actor Biju Phukan no more" (en-US ভাষাত). The News Mill. 2017-11-22. https://thenewsmill.com/noted-assamese-actor-biju-phukan-no/. 
  12. "Shankar Borua Announces Assamese Film ‘Khandob Daah’ (Grief on a Sunday Morning)". Kothasobi.com. 20 July 2015. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201033441/http://www.kothasobi.com/movie/shankar-borua-announces-assamese-film-khandob-daah-grief-on-a-sunday-morning/। আহৰণ কৰা হৈছে: 29 November 2017. 
  13. "Assamese Film "Dur" in Post-Production Stage". Kothasobi.com. 11 December 2015. Archived from the original on 28 November 2017. https://web.archive.org/web/20171128064315/http://www.kothasobi.com/movie/assamese-film-dur-post-production-stage/। আহৰণ কৰা হৈছে: 29 November 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]