অবুজ বেদনা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অবুজ বেদনাৰ পৰা পুনঃনিৰ্দেশিত)
অবুজ বেদনা

অবুজ বেদনাৰ এটা দৃশ্য
পৰিচালক গুণসিন্ধু হাজৰিকা
চিত্ৰনাট্য গুণসিন্ধু হাজৰিকা, দিনেশ শৰ্মা
কাহিনী দিনেশ শৰ্মা
প্ৰযোজক বিপুল বৰুৱা
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা বিজয় চৌধুৰী
সংগীত পৰিচালক দিলীপ শৰ্মা
মুক্তি
১৯৯৩ (1993)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

অবুজ বেদনা (ইংৰাজী: Abuj Bedana) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, গুণসিন্ধু হাজৰিকা পৰিচালিত এখন ৰঙীন শিশু কথাছবি। এইখন অসমীয়া চিনেমা বছৰটোৰ শেষত ডিচেম্বৰ মাহত ছবি ঘৰত দেখিবলৈ পোৱা গৈছিল। অবুজ বেদনা পৰিচালকগৰাকীৰ পৰিচালিত একমাত্ৰ কথাছবি। মহাবাহু চিনে এণ্টাৰপ্ৰাইজেছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে বিপুল বৰুৱাই। সংগীত দিলীপ শৰ্মাৰ।[1]

কেৰালাৰ থিৰুৱনন্তপুৰমত অনুষ্ঠিত আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছিল। ছবিখনৰ হিন্দী ডাবিং দূৰদৰ্শন (চেনেল)ৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত প্ৰদৰ্শিত হৈছিল। পৰিচালক গুণসিন্ধু হাজৰিকাই নয়নমণি ছবিৰ কাম কৰি থাকোঁতে দুৰ্ঘটনাত পতিত হৈ দৃষ্টিশক্তি হেৰুৱায়। দৃষ্টিশক্তি হেৰুৱায়ো তেওঁ অন্য সকলৰ সহযোগত অবুজ বেদনাৰ পৰিচালনা কৰে।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • মিণ্টু কোঁৱৰ
  • ধ্ৰুৱজ্যোতি দাস
  • ৰাজা মজিদ
  • আল্পনা বৰুৱা
  • মানসী বুজৰবৰুৱা
  • ৰূপা চৌধুৰী
  • বিপুল বৰুৱা
  • ডাঃ হেমেন বৰ্মন
  • কুমুদ নাথ
  • বিনয় বৰদলৈ
  • জগদীশ দাস
  • চেতনা দাস
  • মীনা কুমাৰী বৰ্মন
  • মীনা কুমাৰী দুৱৰা[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 396.