নীলকণ্ঠ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলকণ্ঠ
The Colossus

নীলকণ্ঠৰ এটা দৃশ্য
পৰিচালক ৰজনী বৰ্মন
কাহিনী প্ৰকাশ মেধি
প্ৰযোজক গণেশ তামুলী
অভিনয়ত মহানন্দ শৰ্মা
পংকজ দালানি
ৰূপৰেখা দেৱী
চিত্ৰগ্ৰহণকাৰী দীনেশ ঠক্কৰ
সম্পাদনা বান্তি, সাগৰ
সংগীত পৰিচালক অনন্ত বেজবৰুৱা
মুক্তি
২০০৭
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

নীলকণ্ঠ (ইংৰাজী: Neelkantha) ২০০৭ চনত মুক্তিপ্ৰাপ্ত ৰজনী বৰ্মণ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যা ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে। অসমৰ লোককলা শিল্পী বৰঢুলীয়াসকলৰ সংগ্ৰামপূৰ্ণ জীৱনক চিত্ৰায়িত কৰা এই ছবিখনৰ কাহিনী লিখিছে প্ৰকাশ মেধিয়ে। [1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

বৰঢুলীয়া নন্দীৰাম ঢুলীয়া শিল্পৰ বাবে উৎসৰ্গিত এক নাম। এসময়ত নন্দীৰাম আৰু তেওঁৰ দলৰ প্ৰদৰ্শন চাবলৈ মানুহৰ হেতা-ওপৰা লাগিছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ সৈতে ঢুলীয়া শিল্পৰ ঐতিহ্যও ম্লান পৰি আহিল।[1]

প্ৰবল আৰ্থিক অনাতনত ভোগা নন্দীৰামৰ পত্নীৰ বিনা চিকিৎসাত মৃত্যু হ’ল। একমাত্ৰ জীয়েকৰ গাঁৱৰ মহাজনৰ পুতেকৰ সৈতে হোৱা বিয়াখন নিটিকিল। পুতেক কণক হ’ল এটা মদাহী, যাৰ ঢুলীয়া শিল্পটোৰ প্ৰতি তীব্ৰ অনিহা। ইমানৰ মাজতো কিন্তু নন্দীৰামৰ এই শিল্পটোৰ প্ৰতি আনুগত্য একেই থাকিল।[1]

নীতিগত কাৰণত নন্দীৰামৰ মহাজনৰ বিৰোধ হৈছিল। মহাজনে জানে নীতিত অটল থকা বৰঢুলীয়াক পৰাজিত কৰিব পাৰি, কিন্তু ধ্বংস কৰিব নোৱাৰি। নন্দীৰামক অপমান কৰিবলৈকে গাঁৱৰ বাৰ্ষিক উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানলৈ গাঁৱৰ ল’ৰা কিছুমানক হাতত লৈ অহংকাৰী মহাজনে চহৰৰ শিল্পীক মতোৱাৰ ব্যৱস্থা কৰিলে। বিনা নিমন্ত্ৰণে নন্দীৰাম অনুষ্ঠানস্থলীলৈ গ’ল আৰু অকলে ঢোল বজাবলৈ ধৰিলে। কিন্তু ল’ৰাবোৰে তেওঁক তাৰপৰা ওভতাই পঠিয়ালে।[1]

লাজে-অপমানে নন্দীৰাম ঘৰলৈ উভতি আহিল। প্ৰচণ্ড ক্ষোভত তেওঁ ঢোলবাদন কৰিবলৈ ল’লে আৰু এসময়ত অৱস হৈ মাটিত বাগৰি পৰিল। এনেতে তেওঁ দেখিলে পুতেক কণকে তেওঁৰ বৰঢোলটো ডিঙিত আঁৰি লৈ বজাবলৈ লৈছে। এক স্বৰ্গীয় আনন্দৰ অনুভূতিত নন্দীৰাম বৰঢুলীয়াৰ মুখখন উজলি উঠিল।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • মহানন্দ শৰ্মা
  • পংকজ দালানি
  • হিৰণ্য দাস
  • ৰূপৰেখা দেৱী
  • হেমন্ত বৰ্মন
  • সুৰেন দেব বৰ্মন
  • প্ৰকাশ মেধি
  • নব দাস
  • মুনীন শৰ্মা
  • প্ৰণৱ শৰ্মা
  • হেমা কলিতা
  • স্বপ্না দাস
  • ধৰণী বৰ্মণ
  • ভগৱত প্ৰীতম[1]

সংগীত[সম্পাদনা কৰক]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "নীলকণ্ঠ নীলকণ্ঠ, ঢুলীয়া অ’ নীলকণ্ঠ বৰঢোলৰ শৱদে বজ্ৰ নিনাদে"  অনন্ত বেজবৰুৱাদিলীপ দাস  
2. "অসহায় এই জীৱন শূন্য হৃদয় বেদনাৰে ভৰা, পাটৰ সাজেৰে কইনা সাজিলি কোন হ’ব তোৰ দৰা"  অনন্ত বেজবৰুৱা[1]তৰালি শৰ্মা  

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 243.