শকুন্তলা আৰু শংকৰ জোচেফ আলি
(শকুন্তলা আৰু শংকৰ যোছেফ আলিৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
শকুন্তলা আৰু শংকৰ জোচেফ আলি | |
---|---|
পৰিচালক | নিপ বৰুৱা |
প্ৰযোজক | গুঞ্জন প্ৰডাকচন্ছ আৰু শইকীয়া এণ্টাৰপ্ৰাইজ |
চিত্ৰনাট্য | নিপ বৰুৱা |
অভিনয়ত | মৃদুলা বৰুৱা তপন দাস নিপন গোস্বামী আব্দুল মজিদ |
সংগীত পৰিচালক | ৰমেন বৰুৱা |
মুক্তি | ১৯৮৪ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
শকুন্তলা আৰু শংকৰ জোচেফ আলি ১৯৮৪ চনত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খন নিপ বৰুৱাই পৰিচালনা কৰিছিল।
কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]
শকুন্তলাই এক পৰিস্থিতিত পৰি নিজৰ পুত্ৰ সন্তানৰ সৈতে ঘৰ এৰ গুচি আহিবলগীয়া হয়। এগৰাকী অ'টো চালক শংকৰে শকুন্তলাক প্ৰত্যক্ষ কৰি নিজৰ তত্বাৱধানত তেখেতক ভনী হিচাপে আশ্ৰয় প্ৰদান কৰে। শংকৰ নিজেই যিহেতু এগৰাকী মাউৰা গতিকে শকুন্তলাৰ সমস্যা সমূহ ভালদৰেই উপলব্ধি কৰিছিল। শংকৰ আৰু তেওঁৰ সতীৰ্থ অ'টো চালক সকলৰ সহায়ত শকুন্তলাৰ সন্তানটিক প্ৰতিপাল কৰা আৰম্ভ কৰে।[1]
অভিনয় শিল্পীসকল[সম্পাদনা কৰক]
- মৃদুলা বৰুৱা - শকুন্তলা
- তপন দাস
- নিপন গোস্বামী - শংকৰ জোচেফ আলি
- অমলা কাকতি
- আব্দুল মজিদ
সংগীত[সম্পাদনা কৰক]
শকুন্তলা আৰু শংকৰ জোচেফ আলিৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু গীতৰ কথা আছিল কেশৱ মহন্তৰ।
ক্ৰমিক নং | গীতৰ শীৰ্ষক | গীতিকাৰ | কণ্ঠ |
---|---|---|---|
১ | মহা মুহ | কেশৱ মহন্ত | দ্বীপেন বৰুৱা, জয়ন্ত দাস |
২ | আজি কি যে মুকলি | কেশৱ মহন্ত | দ্বীপেন বৰুৱা, জয়ন্ত দাস |
৩ | তাৰে নাৰে | কেশৱ মহন্ত | দ্বীপেন বৰুৱা |
৪ | হাবি ভাঙি আহিছে | কেশৱ মহন্ত | কবিতা বৰঠাকুৰ |
৫ | মই আছো | কেশৱ মহন্ত | দ্বীপেন বৰুৱা, কবিতা বৰঠাকুৰ |
৬ | অ ঘূমতি আহ | কেশৱ মহন্ত | কবিতা বৰঠাকুৰ |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "Shakuntola Aru Shankar Joseph Ali". Box office Assam. http://www.boxofficeassam.com/movie/shakuntola-aru-shankar-joseph-ali/। আহৰণ কৰা হৈছে: ২৬ এপ্ৰিল ২০২০.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- শকুন্তলা আৰু শংকৰ জোচেফ আলি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য
|