সাংবাদিক ৰবীশ কুমাৰৰ এটা কথাই মোক খুব আকৰ্ষণ কৰে। তেওঁ কৈছিল– ‘প্ৰতিখন যুদ্ধত জিকিব লাগিব বুলি কোনো কথা নাই। কিন্তু কোনোবাই যে যুদ্ধ কৰি আছে, এই কথা পৃথিৱীক জনোৱা উচিত। ’ অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ উত্তৰণ আৰু উত্থানৰ দিশটোলৈ লক্ষ্য কৰিলে এই কথাটোৱেই মোক বাৰুকৈয়ে অনুপ্ৰাণিত কৰে। বিশ্বায়নৰ ধামখুমীয়াত য’ত প্ৰতিটো মুহূৰ্ততে ব্যক্তি উত্তৰণৰ একক প্ৰচেষ্টাই সমাজ ব্যৱস্থাত অগ্ৰাধিকাৰ লাভ কৰিছে, তেনে সন্ধিক্ষণতো একাংশ নিস্বাৰ্থ ভাষাপ্ৰেমীয়ে নিজৰ কৰ্মৰ মাজতে সময় উলিয়াই ভাষাটোৰ হকে, জাতিটোৰ হকে স্বেচ্চাসেৱকভাৱে কাম কৰি আছে। এটা জাতিৰ ভৱিষ্যত নিৰ্মাণৰ বাবে এয়া একপ্ৰকাৰৰ বৌদ্ধিক যুদ্ধক্ষেত্ৰই। এইখন যুদ্ধৰ কথা অসমৰ মানুহে জনাটো উচিত।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ সৈতে জড়িত হোৱাৰ সুবিধা লাভ কৰিছিলোঁ ২০১৮ চনৰপৰা। তেতিয়াৰেপৰা কম-বেচি পৰিমাণে ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিকিমন্স প্ৰকল্পসমূহত কাম কৰিবলৈ চেষ্টা কৰি আহিছোঁ। ৱিকি প্ৰকল্পসমূহত কাম কৰাৰ সুবাদতেই ২০২৩ বৰ্ষত হায়দৰাবাদত অনুষ্ঠিত ৱিকিসন্মিলনত অংশ গ্ৰহণ কৰিবলৈ সাহস গোটাইছিলোঁ আৰু নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰ কৰিছিলোঁ। আশা কৰিছিলোঁ যদি যাবলৈ সুবিধা পাওঁ, তেন্তে জীৱনত বৰ ভাল অভিজ্ঞতা এটাৰ সঞ্চয় হ’ব। আশা কৰা মতেই অৱশেষত সন্মিলনত অংশ ল’বলৈ নিৰ্বাচিত হ’লোঁ। মনৰ উৎসাহ দুগুণ বৃদ্ধি পালে। সন্মিলনত মই ‘অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ প্ৰচাৰত ৱিকিপিডিয়ানসকলৰ ভূমিকা’ শীৰ্ষক এটা প্ৰেজেনটেশ্যনদিয়াৰ বাবেও আবেদন কৰিছিলোঁ আৰু যথাসময়ত কাৰ্যকৰ্তাসকলৰপৰা সেই বক্তৃতাটো দিবলৈয়ো নিৰ্বাচিত হৈছোঁ বুলি ইমেইল লাভ কৰিলোঁ।
সন্মিলনৰ কাৰ্যকৰ্তাসকলৰ সুপৰিকল্পনাত সন্মিলনৰ তিনিওটা দিনেই সুকলমে পাৰ হৈছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৱিকিপিডিয়ানসকলৰ সৈতে আমি উৎসাহজনকভাৱে আলাপ-আলোচনা কৰিছিলোঁ, কাৰ্যসূচীসমূহত অংশ লৈছিলোঁ। বহুকেইখন ৰাজ্যত চলি থকা ৱিকি প্ৰকল্পসমূহৰ ভিতৰচ’ৰাৰ কথা জানিব পাৰিছিলোঁ। ৱিকিমিডিয়া ফাউণ্ডেশ্বনৰ ব্যক্তিসকলৰপৰা বহুকেইটা নতুন বিষয় শিকিবলৈ সুবিধা পালোঁ। সন্মিলনত প্ৰথমদিনাই মোৰ প্ৰেজেনটেশ্যন দিয়াৰ পাল পৰিছিল। মোৰ বাবে কৌতূহল আৰু প্ৰত্যাহ্বানৰ কথা যে মই ইংৰাজীত এয়াই প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ প্ৰেজেনটেশ্যন প্ৰস্তুত কৰি ইমানবোৰ মানুহৰ সন্মুখত কৈছোঁ। অসমীয়া বিভাগৰ ছাত্ৰ হোৱা হেতুকে আৰু ইংৰাজী সলসলীয়াকৈ ক’ব নজনাৰ বাবে দুই এঠাইত শব্দৰ ভুল উচ্চাৰণ হৈছিল সম্ভৱ! কিন্তু মই ভয় কৰা নাই। নক’লে শিকিম কেনেকৈ, এই ভাৱতে ইংৰাজীত ক’বলৈ সাহস গোটাইছিলো।
এখন অৰণ্যৰ সৃষ্টি হ’বলৈ মাত্ৰ কেইজোপামান বিশাল বনস্পতিয়েই যথেষ্ট নহয়। সৰু-বৰ অসংখ্য বৃক্ষ, লতা-গুল্ম আৰু তৃণপুঞ্জ লৈ যি বিচিত্ৰ ৰহস্যময় অৰণ্য সৃষ্টি হয়, সিহে আমাৰ অন্তহীন আনন্দ আৰু বিস্ময়ৰ উৎস।