ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | ডিচেম্বৰ | ২০২০ | দ্বাদশ সংখ্যা
মুখবন্ধ
মুখবন্ধ সম্পাদনা কৰক
২০২০ চনৰ নৱেম্বৰ মাহৰ প্ৰথম পষেকত সৰ্বভাৰতীয় পৰ্যায়ত ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এইবছৰত অনুষ্ঠিত এই দ্বিতীয়খন প্ৰতিযোগিতাতো অসমীয়া ৱিকিউৎসই আন ভাৰতীয় ভাষাসমূহৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু সৰ্বভাৰতীয় পৰ্যায়ত তৃতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে সেই ১৫ দিনত সৰু-বৰ প্ৰায় অৰ্ধশতক কিতাপৰ কাম কৰা হয়। ইয়াৰে ত্ৰিশৰো অধিকসংখ্যক কিতাপৰ কাম সম্পূৰ্ণ হয়। তাৰে কেইখনমান অ টি আৰ এছ পদ্ধতিৰে অসমীয়া ৱিকিউৎসলৈ অহা কিতাপ। এক বৃহৎ সংখ্যক কিতাপৰ কাম সম্পন্ন হোৱা মাহ হিচাপে নৱেম্বৰ মাহটো অসমীয়া ৱিকিউৎসৰ বাবে উল্লেখযোগ্য হৈ থাকিব।
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৱিকিপিডিয়াৰ জগতখনত মই নতুন সদস্য। দুবছৰমানৰ পৰাই এই জগতত সোমাবলৈ ইচ্ছা কৰিও অহেতুক ভয় আৰু সংকোচৰ বাবে পৰা নাছিলোঁ। প্ৰথমে একাউণ্ট সৃষ্টি কৰিবলৈ গৈ অসমৰ্থ হৈছিলোঁ। ৱিকিপিডিয়াৰ বিষয়ে জানিবলৈ গুগলত সময় পালেই কেতিয়াবা অনুসন্ধান কৰিছিলোঁ; যদিও ভালদৰে নজনাৰ বাবে ইয়াত সোমাব পৰা নাছিলোঁ।

যোৱা মে’/জুন মাহৰ কোনোবা এটা দিনত, ফেচবুকৰ জৰিয়তে চিনাকি হৈ পিছত আপোন হৈ পৰা ভাতৃসম বন্ধু শ্ৰী মৃদুল কুমাৰ শৰ্মাৰ আহ্বান আৰু সাহসত ৱিকিপিডিয়াত এটা একাউণ্ট সৃষ্টি কৰি, আৰম্ভণিৰ কাম হিচাপে মৃদুলে দেখুৱাই দিয়া মুদ্ৰণ সংশোধনৰ কাম কৰিবলৈ লওঁ। এই কামত পাৰ্গত হ’বলৈ বহুদূৰ বাকী; তথাপি সাধ্যানুসাৰে কৰি আছোঁ। নিতৌ নতুন নজনা কথা জানিব পাৰিছোঁ। এখোজ দুখোজকৈ প্ৰথমে মৃদুল আৰু এতিয়া অনামিকা, পল্লবী, দিব্য, নয়ন, গীতাৰ্থ বৰদলৈ আৰু বহু এতিয়ালৈ চিনাকি নোহোৱা সক্ৰিয় সদস্যৰ আন্তৰিক সহযোগিতাত ৱিকিৰ জগতত সদায় কিছু সময় বিচৰণ কৰি আছোঁ। এইকাৰণেই ৱিকিক এখন জগত বুলি কৈছোঁ। সদস্যসকলৰ মাজৰ সৌহাৰ্দ্যপূৰ্ণ ভাব-বিনিময়ে চাক্ষুস চিনাকি নথকাতো পৰস্পৰৰ মাজত এক সুদৃঢ় ভাতৃত্ববোধৰ ভাব জগাই তুলিছে। এই জগত “জ্ঞানৰ জগত”, নিতৌ নতুন কথাৰে মনৰ ভঁৰাল ভৰাব পাৰি। সেয়ে, ইয়াত কাম কৰাটো এতিয়া এক নিচা হৈ পৰিছে। এই নিচাৰ বাবেই আজৰি সময়ৰ সদ্ব্যৱহাৰৰ বাবে লেপটপটো কৰ্মক্ষেত্ৰলৈ কঢ়িয়াই নিওঁ। সহকৰ্মীসকলে সোধে, কি লাভ হ’ব? মই কওঁ, অসমীয়া ভাষা হেৰাই যোৱাৰ ভয় নোহোৱা হ’ব। অসমীয়া ভাষা জগত সভালৈ যাব। বৰ্তমান ভুলত অভ্যস্ত হৈ পৰা ভাষাৰ ভুলবোৰ নোহোৱা হ’ব। অতীতৰ মহা-মূল্যবান অসমীয়া সাহিত্যৰাজি ইণ্টাৰনেটযোগে নৱ-প্ৰজন্মই অধ্যয়ন কৰাৰ সুযোগ পাব। সুখৰ কথা, এতিয়া মোক সহকৰ্মীসকলে আজৰি সময় উলিয়াই দিয়ে। মই ইয়াত জড়িত হোৱা বাবে তেওঁলোকে গৰ্ব অনুভৱ কৰে। এগৰাকী সহকৰ্মী এই জগতত সোমাবলৈ প্ৰস্তুত হৈ পৰিছে। এগৰাকী নতুন সদস্য বাঢ়িব। আৰু কি লিখিম? অসমীয়া ৱিকিসমাজৰ খ্যাতি ৰৈ বৈ যাওক। ইয়াৰ সৈতে জড়িত সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। সুৱদী-সুৰীয়া অসমীয়া ভাষা অজৰ-অমৰ হওক। “জয়তু ভাষা জননী’’ নমস্কাৰ।

Pranamikaadhikary (talk) 18:10, 29 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
কুশল কোঁৱৰ শৰ্মা

কুশল কোঁৱৰ শৰ্মা এগৰাকী ভাৰতীয় পশু চিকিৎসক আৰু হাতী বিশেষজ্ঞ। বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ “হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত আৰু "এছিয়াৰ হস্তীমানৱ" উপাধিৰে বিভূষিত। ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে। শৰ্মাই সমগ্ৰ উত্তৰ-পূবত ৰিমৰ্ট ট্ৰেংকুলাইজড ইনজেকশ্যনৰ কৌশল উদ্ভাৱন কৰিছিল। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছিল। বৰমাৰ পৈতৃক ঘৰত তেওঁলোকৰ 'লক্ষ্মী' নামেৰে এজনী বৃদ্ধা হাতী আছিল। শিশু কুশল কোঁৱৰ শৰ্মায়ে হাতীজনীৰ লগত সময় কটাই ভাল পাইছিল। দুৰ্ভাগ্যবশত হাতীজনী গধুৰ বস্তু কঢ়িয়াই থাকোঁতে আঘাতপ্ৰাপ্ত হয়। পিতৃ আন চহৰত বদলি হোৱাৰ বাবে কুশল কুঁৱৰে পিছলৈ আইতাকৰ পৰা গম পালে যে উপযুক্ত চিকিৎসাৰ অভাৱত আঘাতপ্ৰাপ্ত হাতীজনীৰ মৃত্যু হয়। এই ঘটনায়ে তেওঁক এগৰাকী পশু চিকিৎসক তথা হস্তী বিশেষজ্ঞ হবলৈ প্ৰেৰিত কৰিছিল।

ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে।

২০১৮ চনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে তেওঁক 'উৎকৃষ্টতা বঁটা' প্ৰদান কৰিছিল আৰু "এলিফণ্ট মেন অৱ এছিয়া" উপাধিৰে সন্মানিত কৰিছিল। পশু চিকিৎসাৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানক সন্মান জনোৱাবাবে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত পদ্মশ্ৰী প্ৰদান কৰে। ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ মহামন্দাৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
নৱেম্বৰ-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৫৮

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. জ' বাইডেন
  2. শাকিৱ খান
  3. মুজিব পৰদেশী
  4. জোছেফ শ্বান
  5. ডগলাছ ষ্টুৱাৰ্ট

অন্যান্য

  1. বিল
  2. হেডিচ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ৰবি কান্নান আৰ
  2. গুৰু টেগ বাহাদুৰ
  3. আহমেদ পেটেল
  4. অজয় নাগৰ

অন্যান্য

  1. ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
  2. কোচবিহাৰ জিলা
  3. ভাই দুজ
  4. ‎বিক্ৰম সংবৎ
  5. ‎ভৰলু নদী
  6. ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা
  7. সংবিধান দিৱস (ভাৰত)
  8. ঙাহ ল'ও ডৰ
  9. পশ্চিম খাছী পাৰ্বত্য জিলা
  10. দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা
  11. আখুনি (খাদ্য)

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. জয় দাস
  2. গৌতম বৰা
  3. জীৱন বৰা
  4. দুৰ্গাময়ী বৰা
  5. কুশল কোঁৱৰ শৰ্মা
  6. সূৰ্যকান্ত হাজৰিকা
  7. কীৰ্তিচন্দ্ৰ বৰুবৰুৱা
  8. গীতা হাতীকাকতি

গ্ৰন্থ বিষয়ক

  1. ‎জীৱন-বৃত্ত
  2. ‎উপভাষা বিজ্ঞান
  3. ‎সোণৰ চামুচ মুখত লৈ
  4. ৰংমিলিৰ হাঁহি
  5. ভাৰণ্ড পক্ষীৰ জাক

চলচ্চিত্ৰ বিষয়ক

  1. আই ক'ত নাই
  2. অকণ
  3. পানী (১৯৯৫ চলচ্চিত্ৰ)

অন্যান্য

  1. বজালী জিলা
  2. অসমৰ বিলসমূহৰ তালিকা
  3. মাগুৰী মতাপুং বিল
  4. ‎গোঁহাই কমল আলি
  5. ধেমাজি মহাবিদ্যালয়
  6. ‎তাম্ৰেশ্বৰী মন্দিৰ
  7. অসম বিধানসভা নিৰ্বাচন, ১৯৬৭
  8. কপিলী নদী
  9. ‎অসমৰ বান্ধ আৰু জলাধাৰসমূহৰ তালিকা
  10. পাঁচ পীৰ দৰগাহ
  11. অসম বিধানসভা নিৰ্বাচন, ১৯৭২
  12. ‎জগন্নাথ মন্দিৰ, ডিব্ৰুগড়
  13. অসম বিধানসভা নিৰ্বাচন, ১৯৮৫
  14. উল্টাপানী সংৰক্ষিত বনাঞ্চল
  15. আশাৰীকান্দি
  16. মহামায়া ধাম

সানমিহলি

  1. ৰাজনীতি
  2. লালমোহন
  3. বাচ্ কীন-ৰবিনচ
  4. উপভাষা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
তেজপুৰৰ ৰুদ্ৰপদ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত টঙি জালেৰে এজন মাছমৰীয়াই মাছ ধৰি থকা মুহূৰ্ত।
আলোকচিত্ৰ শিল্পী: মনোজ লামা
উল্লেখনীয় ৱিকিমিডিয়ান

দিপাংকৰ চেতিয়া: ২০০৯ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ২,৯৬৬ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৬০। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৩,৬৪৩টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “The Working Wikipedian's Barnstar” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অনামিকা বড়া
গণতন্ত্ৰ পদক
বাবুল বৈশ্য
বিশিষ্ট লেখক পদক
অজয় দাস
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ অমূল্য অৱদান পদক
কুলধৰ ৰাভা,প্ৰাণজ্যোতি নাথ,দিব্য দত্ত,ৰুমী বৰা, ঈশান জ্যোতি বৰা, প্ৰদ্যুৎ প্ৰতীম দত্ত,প্ৰণামিকা অধিকাৰী, গীতাৰ্থ বৰদলৈ আৰু অনামিকা বড়া
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
নিৰঞ্জন বড়া,নয়নজ্যোতি নাথ, অনিমেষ বৰা, মৌচুমী দাস,পল্লবী দত্ত বৰুৱা,বাবুল বৈশ্য,পৰশমণি বড়া, দীপকজ্যোতি মহন্ত, বিশ্বজিৎ বৈশ্য,জলী ৰুমী বৰা, জ্যোতি প্ৰসাদ চৌধুৰী
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সহযোগিতা পদক
অম্লান বসুমতাৰী,চাণক্য কুমাৰ দাস,হানিফ আলী,ভাস্কৰজ্যোতি ভূঞা,ৰাজদ্বীপ ৰাজবংশী,মৃদুল কুমাৰ শৰ্মা,Jadab2018,শশাংক বৰগোহাই,শশাংক চন্দ্ৰ দাস





বিশেষ অভিলেখ
নৱেম্বৰ-২০২০ৰ বিশেষ অভিলেখ সম্পাদনা কৰক


১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে অনুষ্ঠিত দ্বিতীয়খন সৰ্বভাৰতীয় পৰ্যায়ৰ ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ (নৱেম্বৰ) সম্পাদনা মেলাত ২৯ জন সদস্যই ৫০ খন কিতাপৰ কাম কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭,৪৯৬ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৮৫ খনলৈ বৃদ্ধি পালে।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা(চুমু) বড়া ৭৬ ৩,১৬১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ৪৪ ২,১০৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ১,৯৩৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৩৮ ১,২৮৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ১৬ ৯৯৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰদ্যুৎ প্ৰতীম দত্ত - ৬৯৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী ৫৩৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা - ৫২০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ৩১ ৪৪৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ নয়ন জ্যোতি নাথ ২৪ ৪০৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ অম্লান বসুমতাৰী ৬০ ৩৫৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ নিৰঞ্জন বড়া - ৩০০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ মৌচুমী দাস ২৭০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ বাবুল বৈশ্য ১৩০ ১২০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ অনিমেষ বৰা - ২২৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬ পল্লবী দত্তবৰুৱা - ১৭৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ অজয় দাস ১৫৩ ২৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮ হানিফ আলী ৩১ ১৩৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯ চন্দন চিৰিং ফুকন ১৩৫ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০ চাণক্য কুমাৰ দাস ১১৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২১ জলী ৰুমী বৰা ৯৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২২ পৰশমণি বড়া - ৭০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৩ KhiLanTzi ৬৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৪ দীপকজ্যোতি মহন্ত - ৬৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৫ মৃদুল কুমাৰ শৰ্মা ৫৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৬ জ্যোতি প্ৰসাদ চৌধুৰী - ৪৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।