বিষ্ণু খাৰঘৰীয়া
বিষ্ণু খাৰঘৰীয়া | |
---|---|
আজান ফকীৰৰ জীৱনীমূলক কাহিনীৰে নিৰ্মিত আজান ফকীৰ চাহেব নামৰ অসমীয়া চলচ্চিত্ৰখনত আজান ফকীৰৰ ৰূপত বিষ্ণু খাৰঘৰীয়া | |
জন্ম | ১৯৪৬ অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ১৯৭১-বৰ্তমান |
উল্লেখযোগ্য কৰ্ম | [1] |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
বিষ্ণু খাৰঘৰীয়া (ইংৰাজী: Bishnu Khargharia, জন্ম-১৯৪৬) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা বিষ্ণু খাৰঘৰীয়াই ১৯৭১ চনত চিনেমাৰ জগতখনত প্ৰৱেশ কৰে৷ তেখেতৰ প্ৰথমখন চিনেমা আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত অৰণ্য ৷ ২০২১ বৰ্ষত তেখেতে অভিনয়-জীৱনত সোণালী জয়ন্তী স্পৰ্শ কৰে৷[2] জাহ্নু বৰুৱা, মুনীন বৰুৱাকে ধৰি বহুকেইগৰাকী প্ৰতিষ্ঠিত চলচ্চিত্ৰকাৰৰ ছবিত মননশীল অভিনয় কৰি সুখ্যাতি অৰ্জন কৰা অভিনেতাজনে বিগত পাঁচ দশকত ত্ৰিশতকৈও অধিকসংখ্যক ছবিত অভিনয় কৰিছে৷ সাগৰলৈ বহুদূৰ, বান্ধোন, কণিকাৰ ৰামধেনু, আজান ফকীৰ চাহেব, ফিৰিঙতি হৈছে তেখেতৰ কেইখনমান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰকৰ্ম৷ ১৯৯৫ আৰু ২০১২ চনত তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে৷ ২০১২ চনত তেখেতক প্ৰাগ চিনে বঁটা-প্ৰদান অনুষ্ঠানত জীৱনজোৰা সাধনাৰ বঁটাৰে সন্মানীত কৰা হয়৷
পৰিয়াল আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৪৬ চনৰ ডিব্ৰুগড়ৰ আমোলাপট্টিত বিষ্ণু খাৰঘৰীয়াৰ জন্ম হৈছিল৷ পিতৃ আছিল ভুৱন চন্দ্ৰ খাৰঘৰীয়া আৰু মাতৃ আছিল দিব্যলতা খাৰঘৰীয়া৷ পিতৃ আছিল এগৰাকী অভিনেতা৷ তেখেতে মঞ্চৰ লগতে ৰূপালী পৰ্দাতো অভিনয় কৰিছিল৷ চলচ্চিত্ৰকাৰ ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ডক্তৰ বেজবৰুৱাত তেখেতে অভিনয় কৰিছিল৷ বিষ্ণু খাৰঘৰীয়াই অভিনয়ৰ প্ৰেৰণা লাভ কৰিছিল পিতৃৰ পৰাই৷[2]
বিষ্ণু খাৰঘৰীয়াই স্কুলীয়া জীৱনৰ পাতনি মেলে ডিব্ৰুগড়তে৷ পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে৷ পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ সময়তে বিষ্ণু খাৰঘৰীয়াই ডিব্ৰুগড়ৰ 'জয়শ্ৰী সংঘ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা লাচিত বৰফুকন নামৰ নাটকখনত শিশু চৰিত্ৰ ৰূপায়ণ কৰে৷ ছাত্ৰাৱস্থাতেই তেখেতে ডিব্ৰুগড়ৰ নাট্যসন্ধ্যাবোৰতো অভিনয় কৰিছিল৷ ষাঠিৰ দশকত তেখেতে কাশ্মীৰ কুমাৰী নামৰ নাটকখনত প্ৰভাৱশালী অভিনয় কৰে৷ আনহাতে সত্তৰৰ দশকৰ পৰা তেখেতে অপেছাদাৰী নাট্যগোষ্ঠীৰ লগত জড়িত হৈ পৰে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ আন এজন প্ৰসিদ্ধ অভিনেতা বিজু ফুকনৰ লগতো তেখেতে সেই সময়তে নাটকত অভিনয় কৰিছিল৷ [2]
কৰ্মজীৱন
[সম্পাদনা কৰক]অসমীয়া চলচ্চিত্ৰত অভিনয়
[সম্পাদনা কৰক]সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি অৰণ্যৰ যোগেদি বিষ্ণু খাৰঘৰীয়াৰ অভিষেক ঘটে৷ ১৯৭১ চনত মুক্তিলাভ কৰা এই ছবিখনত অসমৰ এগৰাকী পৰিচিত অভিনয়-শিল্পী বিদ্যা ৰাওৱে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল৷ নিশাৰ চকুলো নামৰ ছবিখনত বিষ্ণু খাৰঘৰীয়াই নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল৷ বৃষ্টি নামৰ চলচ্চিত্ৰত জয়ন্ত হাজৰিকা কণ্ঠদান কৰা এটি গীত সুৰাত মগন ভয়াল ৰাতিত বিষ্ণু খাৰঘৰীয়াই স্মৰণীয় প্ৰদৰ্শন আগবঢ়ায়৷ এইখন ছবিয়ে মুক্তি লাভ কৰিছিল ১৯৭৫ চনত৷ আজান ফকীৰৰ জীৱনভিত্তিক কথাছবি আজান ফকীৰ চাহেবত বিষ্ণু খাৰঘৰীয়াই কেন্দ্ৰীয় চৰিত্ৰত অৱতীৰ্ণ হয়৷ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত কথাছবি 'সাগৰলৈ বহুদূৰ'ত তেখেতে এজন নাৱৰীয়াৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শক আৰু সমালোচকৰ পৰা ভূয়সী প্ৰশংসা অৰ্জন কৰে৷ অভিনয়ৰ বাবে তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এইখন ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনয়ৰ সন্মান লাভ কৰে৷ [2]
ৰঞ্জিত দাসে পৰিচালনা কৰা সংস্কাৰ নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াই ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ অৰূপ মান্নাৰ দ্বাৰা নিৰ্দেশিত ছবি জীৱন তৃষ্ণা হৈছে অভিনেতাজনৰ আন এক উল্লেখনীয় ছবি৷ এইখন ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে শ্ৰেষ্ঠ সহ-অভিনেতাৰ সন্মান লাভ কৰে৷ [2]
বিষ্ণু খাৰঘৰীয়াই নিপ বৰুৱাৰ দ্বাৰা নিৰ্মিত ছবি মণিমা নামৰ বাংলা ছবিখনতো অভিনয় কৰিছে৷ ইয়াৰ উপৰি অসমীয়া ভাষাত নিৰ্মিত বহুকেইখন ভিচিডিৰ গুৰুত্বপূৰ্ণ ছবিত তেখেতে সফল অভিনয় কৰিছে৷ [2]
তেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি তলত তালিকাভূক্ত কৰা হৈছে :
- বৃষ্টি (১৯৭৪)
- সন্ধ্যাৰাগ (১৯৭৪)
- সোণমা (১৯৭৭)
- কল্লোল (১৯৭৮)
- বনানী (১৯৯০)
- ফিৰিঙতি (১৯৯২)
- আই ক’ত নাই
- সাগৰলৈ বহু দূৰ (১৯৯৫)
- অদাহ্য (১৯৯৬)
- সংস্কাৰ (১৯৯৭)
- জীৱন তৃষ্ণা
- পখী (২০০০)
- দাগ (২০০১)
- নায়ক (২০০১)
- দমন (২০০১)[3]
- শেষ উপহাৰ (২০০১)
- কণিকাৰ ৰামধেনু (২০০২)
- বিধাতা (২০০৩)
- বাৰুদ (২০০৪)
- অন্তহীন যাত্ৰা (২০০৪)
- জয়মতী (২০০৬)
- জাতিঙ্গা ইত্যাদি (২০০৭)
- আজান ফকীৰ চাহেব (২০০৮)
- জীৱন বাটৰ লগৰী
- বসুন্ধৰা (২০১০)
- জেতুকা পাতৰ দৰে (২০১১)
- ৰামধেনু (২০১১)
- বান্ধোন (২০১২)
- পানী (২০১৪)
- বৰলাৰ ঘৰ
- বহ্নিমান
- ৰত্নাকৰ (২০১৯)
- প্ৰতিঘাত (২০১৯)
নাটকত
[সম্পাদনা কৰক]বঁটা আৰু সন্মান
[সম্পাদনা কৰক]বৰ্ষ | বঁটা | শিতান | চলচ্চিত্ৰ | পৰিচালক | তথ্যসূত্ৰ |
---|---|---|---|---|---|
১৯৯৫ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | বিচাৰকৰ বিশেষ উল্লেখ বঁটা | সাগৰলৈ বহু দূৰ | জাহ্নু বৰুৱা | [4] |
১৯৯৬ | চিংগাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ | শ্ৰেষ্ঠ অভিনেতা | সাগৰলৈ বহু দূৰ | জাহ্নু বৰুৱা | [5] |
১৯৯৭-৯৮ | ৰাজ্যিক চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেতা | সংস্কাৰ | ৰঞ্জিত দাস | [4] |
২০০৫ | এন ই টিভি বঁটা | দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা | জীৱন তৃষ্ণা | অৰূপ মান্না | [4] |
২০০৯ | ৰাজ্যিক চলচ্চিত্ৰ বঁটা | গিৰিশ চৌধুৰী শ্ৰেষ্ঠ সহ-অভিনেতা | বসুন্ধৰা | হীৰেন বৰা | [4] |
২০১২ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | বিচাৰকৰ বিশেষ উল্লেখ বঁটা | বান্ধোন | জাহ্নু বৰুৱা | [4]।[6] |
প্ৰাগ চিনে এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেতা | [4] | |||
২০১৪ | ৰ'দালি বঁটা | শ্ৰেষ্ঠ অভিনেতা | পানী | যদুমণি দত্ত | [4] |
২০১৬ | প্ৰাগ চিনে এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেতা | অন্তৰ্দৃষ্টি(The man with the Bainocular) | ৰীমা দাস | [4] |
২০১৮ | অসম ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ | তচদ্দুক ইউছুফ শ্ৰেষ্ঠ নেতিবাচক খলনায়ক বঁটা | [4] | ||
২০২০-২১ | প্ৰাগ চিনে এৱাৰ্ড | বিচাৰকৰ বিশেষ উল্লেখ বঁটা | দ্বীপেন গান্ধী (ছবিগৃহত এতিয়ালৈকে মুক্তি পোৱা নাই) | কংকন ৰাজখোৱা | [4] |
সন্মানসমূহ
[সম্পাদনা কৰক]- নটসূৰ্য ফণী শৰ্মা বঁটা,২০১২
- নাট্যপ্ৰৱৰ সাৰদা কান্ত বৰদলৈ বঁটা, ২০১২
- জননেতা ৰমেশ চন্দ্ৰ বৰুৱা বঁটা, ২০১৩
- নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্ৰদান কৰা আনন্দৰাম ঢেকিয়াল ফুকন বঁটা, ২০২০ চনত
- পৰিৱেশ্য কলাৰ বিদ্যায়তনিক প্ৰশিক্ষণ কেন্দ্ৰ (ডিব্ৰুগড়) 'আকাংক্ষা'ৰ ফৈজুৰ ৰহমান ফৈজ স্মাৰক জীৱনজোৰা সাধনাৰ বঁটা, ২০১৪[4]
- ডা: উপেন কাকতি বঁটা[4]
- অসম চৰকাৰৰ শিল্পী পেঞ্চন
- জীৱনজোৰা সাধনাৰ বঁটা, ২০১৫[4]
- গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ উদ্যোগত প্ৰদত্ত তৰুণ দুৱৰা সোঁৱৰণি অইল ইণ্ডিয়া বঁটা, ২০১৬
- ডিব্ৰগড় ইণ্ডিয়া ক্লাবৰ দ্বাৰা সম্বৰ্ধনা, ২০১৬[4]
- ৰংপুৰ সাংস্কৃতিক প্ৰাণ বঁটা, ২০১৮
- অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ জীৱনজোৰা সাধনাৰ বঁটা
- অসম চৰকাৰৰ পৰা বিজু ফুকন বঁটা, [7]
- "অসমীয়া বৰ্ণিল"-এ আগবঢ়োৱা জীৱনজোৰা সাধনাৰ বঁটা, ২০১৯-২০ চনত[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ https://www.imdb.com/title/tt0113311/?ref_=nmbio_mbio
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 ভাগৱতী, কমল কুমাৰ (৪ এপ্ৰিল ২০২১). "বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া". দৈনিক অসম. দৈনিক অসম (গুৱাহাটী): পৃষ্ঠা ১৭. http://cnis.ddns.net/scripts/dainiknew.asp?id=apr0421/Page17। আহৰণ কৰা হৈছে: 5 April 2021.[সংযোগবিহীন উৎস]
- ↑ Bishnu Kharghoria filmography
- ↑ 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 4.12 4.13 4.14 বৰুৱা, অমৃত (নৱেম্বৰ, ২০২১). ৰথীৰ পৰা দ্বীপেন গান্ধীলৈ বিষ্ঞু খাৰঘৰীয়া. প্ৰকাশক ডিব্ৰুগড়: ৰূপশিখা বৰুৱা, পৰিৱেশক-অসম বুক ট্ৰাষ্ট. পৃষ্ঠা. ১২৫-১২৭. ISBN ৯৭৮-৯৩-৯১৪০৩-২৯-৪.
- ↑ "Bishnu Kharghoria" (en ভাষাত). IMDb. https://www.imdb.com/name/nm0451440/awards। আহৰণ কৰা হৈছে: 2020-04-01.
- ↑ "পাঁচটা বঁটাৰে অসমৰ চলচ্চিত্ৰৰ জয়যাত্ৰা". আমাৰ অসম. ১৯ মাৰ্চ, ২০১২. http://amarasom.glpublications.in/Details.aspx?id=12814&boxid=112836734। আহৰণ কৰা হৈছে: ১৯ মাৰ্চ, ২০১৩.[সংযোগবিহীন উৎস]
- ↑ "Biju Phukan Award Goes To Veteran Actor Bishnu Kharghoria" (en-US ভাষাত). The Sentinel. 2019-02-13. https://www.sentinelassam.com/guwahati-city/biju-phukan-award-goes-to-veteran-actor-bishnu-kharghoria/। আহৰণ কৰা হৈছে: 2020-04-01.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|