সমললৈ যাওক

জিতেন্দ্ৰনাথ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জিতেন্দ্ৰ নাথ গোস্বামীৰ পৰা পুনঃনিৰ্দেশিত)
জিতেন্দ্ৰনাথ গোস্বামী

ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা মুহূৰ্তত জিতেন্দ্ৰনাথ গোস্বামী
জন্ম ১৮ নৱেম্বৰ, ১৯৫০ (৭৫ বছৰ)[1]
যোৰহাট, অসম, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ জ্যোতি পদাৰ্থবিজ্ঞান
কৰ্মস্থান ভৌতিক গৱেষণাগাৰ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়
টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছ
গুজৰাট বিশ্ববিদ্যালয়
জনা যায় চন্দ্ৰযান-১
চন্দ্ৰযান-২
উল্লেখনীয় বঁটা নাছাৰ লোকসেৱা দলীয় সফলতা বঁটা (১৯৮৬)
শান্তি স্বৰূপ ভাটনাগৰ বঁটা (১৯৯৪)
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (২০০৩)
অসম ৰত্ন (২০১৫)
পদ্মশ্ৰী (২০১৭)

জিতেন্দ্ৰনাথ গোস্বামী (ইংৰাজী: Jitendranath Goswami) অসমৰ এজন বিজ্ঞানী, তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী,[2] এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ,[3] চন্দ্ৰযান-২ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালক। এইজন অসমীয়া বিজ্ঞানীৰ জন্ম হয় অসমৰ যোৰহাট জিলাত।

শিক্ষা জীৱন

[সম্পাদনা কৰক]

১৯৬৫ চনত জিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰি, পদাৰ্থ বিজ্ঞানক মূল বিষয় হিচাপে লৈ কটন মহাবিদ্যালয়ত স্নাতক শাখাত নামভৰ্তি কৰে।[4] গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত পি. এইচ. ডি.ৰ বাবে তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত যোগদান কৰে।[3][4] এই সময়চোৱাত তেওঁ এবছৰৰ বাবে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ গৱেষক হিচাপে গৱেষণা কৰে[3], ১৯৭৮ চনত গুজৰাত বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।

পি. এইচ. ডি.ৰ পাছত তেওঁ বিভিন্ন সময়ৰ বাবে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৱাশ্বিংটন বিশ্ববিদ্যালয়, হা’ষ্টন লুনাৰ এণ্ড প্লেনেটৰী ইনষ্টিটিউত আৰু মেক্স-প্লাংক ইনষ্টিটিউত গৱেষণাৰ কাম কৰে। তেওঁৰ গৱেষণাৰ মূল বিষয় সৌৰজগত অধ্যয়ন, ধৰা আৰু গ্ৰহ বিজ্ঞান। তেওঁ আৰু তেওঁৰ সহযোগী বিজ্ঞানী সকলে সৌৰজগতৰ সৃষ্টিৰ সময়ত হস্ৰ জীৱনকালৰ 26Al নিউক্লাইড কণাই শক্তিৰ উৎসৰ দৰে কাম কৰিছিল বুলি প্ৰমাণ কৰি দেখুওৱাৰ লগতে আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ডাঙি ধৰিছে। তদুপৰি তেওঁ মহাজাগতিক ৰশ্মি, টেকটনিক প্লেট আদি সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ ফলাফল দাঙি ধৰিছে।[3] ভৌতিক গৱেষণাগাৰৰ পৰা তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ গ্ৰহ বিজ্ঞান আৰু এক্সপ্ল’ৰেচন প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যায়ত (২০০৪-০৭) তেওঁ তত্ত্বাৱধায়কৰ ভূমিকা পালন কৰে। তদুপৰি তেওঁ মহাকাশযান স্পেচলেব-৩ত হোৱা ভাৰতীয় মহাজাগতিক ৰশ্মি পৰীক্ষাৰ সহঃযোগী তত্ত্বাৱধায়ক আৰু চান্দ্ৰ নমুনা (Lunar Samples)ৰ তেওঁ মুখ্য তত্ত্বাৱধায়ক আছিল।[5]

চন্দ্ৰযান

[সম্পাদনা কৰক]

ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ জিতেন্দ্ৰনাথ গোস্বামী আছিল বৈজ্ঞানিক অনুসন্ধান কৰোঁতা, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল, তেনেদৰে চন্দ্ৰযান-২ অভিযানৰো তেওঁ মুখ্য বিজ্ঞানী।[5]

মংগলযান

[সম্পাদনা কৰক]

জিতেন্দ্ৰনাথ গোস্বামী ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ দ্বাৰা উৎক্ষেপিত মাৰ্ছ অৰবিটাৰ মিছন (ইংৰাজী: Mars Orbiter Mission)ৰ এজন অন্যতম উপদেষ্টা আছিল।[6] এই অভিযানক মংগলযান হিচাপেও জনা যায়।[7] মংগলযানৰ প্ৰসংগত তেওঁ কয় যে, অদূৰ ভৱিষ্যতে মানৱজাতিৰ বিকল্প বাসস্থান হিচাপে মংগল গ্ৰহ চিহ্নিত হোৱাৰ সম্ভাৱনা আছে।[8] ভাৰতত উত্তৰ পূৰ্বাঞ্চলৰ পৰা মহাকাশ গৱেষণাৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি যোগাব পৰা প্ৰতিভাৰ সম্ভাৱনা আছে বুলিও গোস্বামীয়ে উল্লেখ কৰিছিল।[9][10]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ভাৰতীয় জাতীয় বিজ্ঞান একাডেমি (INSA)ৰ যুৱ বিজ্ঞানী বঁটা (১৯৭৮)
  • নাছাৰ পাব্লিক চাৰ্ভিচ গ্ৰুপ এচিভমেণ্ট বঁটা (১৯৮৬)
  • শান্তি স্বৰূপ ভটনাগৰ বঁটা (১৯৯৪)
  • বিজ্ঞান আৰু প্ৰযুক্তিৰ কমল কুমাৰী বঁটা লাভ কৰে। (২০০৩)
  • এছিয়া অ'চেনিয়া জিঅ'ছায়েঞ্চ ছ'চাইটীৰ 'এক্সফ'ৰ্ড' বঁটা (২০১৪)[11]
  • অসম ৰত্ন (২০১৫), অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান
  • পদ্মশ্ৰী (২০১৭)[12]

২০০৭ চনত তেওঁ ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ সভাপতি নিৰ্বাচিত হয়, উন্নয়নশীল বিশ্বৰ বিজ্ঞান একাডেমি (TWAS) সভ্য, তদুপৰি ভাৰতীয় বিজ্ঞান একাডেমি, বাংগালোৰ সমূহ, জাতীয় বিজ্ঞান একাডেমি সমূহ (ভাৰত), এলাহবাদ, ইউৰোপীয় ভূ-ৰসায়ন সংঘ আদিৰ উপৰিও বিভিন্ন জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ তেওঁ সভ্য।[3]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "JN Goswami Profile". Indian Academy of Sciences. http://www.ias.ac.in/php/fell_detail.php3?name=Goswami&intials=Jitendra&year=18-11-1950 আহৰণ কৰা হৈছে: 18 September 2016.
  2. "The Chandrayaan Team". Zee News. http://zeenews.india.com/chandrayaan/story.aspx?aid=477110 আহৰণ কৰা হৈছে: জুলাই 24, 2013.
  3. 1 2 3 4 5 "Indian Fellow". Indian National Science Academy. Archived from the original on 2013-07-24. https://archive.today/20130724103344/http://insaindia.org/detail.php?id=P00-1277 আহৰণ কৰা হৈছে: জুলাই 24, 2013.
  4. 1 2 "Dr. Jitendra Nath Goswami". Zoom Info. http://www.zoominfo.com/p/Jitendra-Goswami/805080196 আহৰণ কৰা হৈছে: জুলাই 24, 2013.
  5. 1 2 "The Principal Scientist of Chandrayaan-1". north east india.com. Archived from the original on 2013-08-02. https://web.archive.org/web/20130802135914/http://www.india-north-east.com/2010/09/jitendra-nath-goswami-principal.html আহৰণ কৰা হৈছে: জুলাই 24, 2013.
  6. http://www.wellcomedbt.org/pdfs/Exchanges%20at%20the%20Frontier_invitation.pdf বিবিচিৰ সৈতে জিতেন্দ্ৰনাথ গোস্বামীৰ আলাপ
  7. http://www.dailynewsegypt.com/2013/11/06/indian-mission-to-mars-blasts-off-successfully/
  8. "আৰ্কাইভ কপি". Archived from the original on 2013-11-06. https://web.archive.org/web/20131106181520/http://www.hindustantimes.com/india-news/red-planet-most-plausible-site-for-human-settlement-isro/article1-1147358.aspx আহৰণ কৰা হৈছে: 2013-11-11.
  9. http://timesofindia.indiatimes.com/city/guwahati/NE-has-potential-to-lead-says-Mars-mission-scientist-from-state/articleshow/25591452.cms
  10. http://www.newslivetv.com/regional/ne-has-potential-to-lead-says-mars-mission-scientist-from-state.html
  11. "আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি". ২৭ মে', ২০১৪. http://amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=05%2f27%2f2014 আহৰণ কৰা হৈছে: 28 মে' 2014.[সংযোগবিহীন উৎস]
  12. "List of Padma awardees 2017 - The Hindu". http://www.thehindu.com/news/national/List-of-Padma-awardees-2017/article17092476.ece আহৰণ কৰা হৈছে: 27 January 2017.