গহপুৰ
গহপুৰ | |||
— মহকুমা — | |||
স্থানাঙ্ক | 26°53′N 93°38′E / 26.88°N 93.63°E | ||
দেশ | ভাৰত | ||
ৰাজ্য | অসম | ||
জিলা | বিশ্বনাথ | ||
মহকুমাধিপতি | লুকুমণি বড়া, অ.অ.সে. | ||
জনসংখ্যা | 2,65,867 (2011[update]) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা |
• 69 m (226 ft) | ||
ক'ড
|
গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয় আৰু এই গহপুৰৰ ভোলাগুৰি চাহ বাগিচাতে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ কৰিছিল।
ইতিহাস
[সম্পাদনা কৰক]গহপুৰৰ পৌৰাণিক ইতিহাসৰ বিষয়ে বেছি তথ্য পোৱা নাযায়। এসময়ত উজনি অসমৰ উত্তৰ খোলৰ বিশবনাথৰ লৈকে চুতীয়া সকলৰ শাসন আছিল বুলি জনা যায়[1][2][3]।সেইবাবে ১৬ শতিকাৰ আগ ভাগৰ লৈকে গহপুৰ অঞ্চলটো চুতীয়া সকলৰ অধীনত আছিল বুলি ক'ব পাৰি। গহপুৰৰ পশ্চিমৰ অৰুণাচলৰ দাঁতি-কাষৰীয়া বুঢ়ৈ দূৰ্গ, নক্সা পৰ্বত, ইত্যাদি চুতীয়াৰ সৈনিক কোঠ আছিল বুলি জনা যায়[4]। আদি-চৰিত আৰু বুৰঞ্জী সমূহত উল্লেখ থকাৰ মতে আহোম ৰজাই মধ্য অসমৰ ৰটা-টেমনিৰ বাৰ-ভূঞাসকলক উজনি লৈ আনি উত্তৰ কোলৰ বাৰখন সৰু প্ৰদেশ গঠন কৰি(যেনে কলাবাৰী, গহপুৰ, কলংপুৰ, নাৰায়ণপুৰ, ইত্যাদি) আহোমৰ হৈ ৰাজত্ব কৰিবলৈ দিছিল।[5][6]
ভৌগোলিক অৱস্থিতি
[সম্পাদনা কৰক]গহপুৰ 26°53′N 93°38′E / 26.88°N 93.63°E- অক্ষ্যাংশ আৰু দ্ৰাঘিমাংশত অৱস্থিত।[7] গুৱাহাটী আৰু গহপুৰৰ মাজৰ দূৰত্ব পথেৰে ২৯৯ কিলোমিটাৰ আৰু ৰেলযোগে ২৬৬ কিলোমিটাৰ; আকাশী দূৰত্ব হৈছে ২০৮ কিমি। আনহাতে সমুদ্ৰ পৃষ্ঠৰ পৰা ৬৯ মিটাৰ (২২৬ ফুট)উচ্চতাত অৱস্থিত। নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে। লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে।
চাৰিসীমা
[সম্পাদনা কৰক]উত্তৰে- অৰুণাচল প্ৰদেশ
দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী
পূবে- লক্ষীমপুৰ জিলা
পশ্চিমে- বুৰৈ নদী
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ ভাৰতৰ জনগণনা অনুসৰি, গহপুৰৰ জনসংখ্যা ২,৬৫,৮৬৭ জন। গহপুৰ ৰাজহ চক্ৰৰ জনসংখ্যা ১,২১,৮৩০ জন হোৱাৰ বিপৰীতে হেলেম ৰাজহ চক্ৰৰ জনসংখ্যা ১,৪৪,০৩৭ জন। [8] গহপুৰ সমষ্টি বা মহকুমাত ছয়দুৱাৰ আৰু পূব-ছয়দুৱাৰ নামেৰে দুটা উন্নয়ন খণ্ড আছে আৰু প্ৰত্যেক উন্নয়ন খণ্ডত ১৭ খনকৈ গ্ৰাম পঞ্চায়ত আছে। ছয়দুৱাৰ উন্নয়ন খণ্ডত ২০৮খন ৰাজহ গাঁও আৰু পূব-ছয়দুৱাৰ উন্নয়ন খণ্ডত ২৩০ ৰাজহগাঁও আছে।[9]
ৰাজনীতি
[সম্পাদনা কৰক]৭২ নং গহপুৰ বিধানসভা সমষ্টি তেজপুৰ (লোকসভা সমষ্টি)ৰ অংশ। গহপুৰ বিধানসভা সমষ্টি বিশ্বনাথ জিলাৰ সীমান্ত পূবৰ হাৱাজানৰ পৰা পশ্চিমে বুৰৈলৈকে সামৰি লয়। গহপুৰ বিধানসভা সমষ্টিৰ বিধায়কসকলৰ নাম তলত উল্লেখ কৰা হ'ল -
- গহন চন্দ্ৰ গোস্বামী (১৯৫২-১৯৫৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
- বিষ্ণুলাল উপাধ্যায় (১৯৫৭-১৯৬২) ভাৰতীয় জাতীয় কংগ্ৰেছ
- বিষ্ণুলাল উপাধ্যায় (১৯৬২-১৯৬৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
- বিষ্ণুলাল উপাধ্যায় (১৯৬৭-১৯৭৩) ভাৰতীয় জাতীয় কংগ্ৰেছ
- ৰামচন্দ্ৰ শৰ্মা (১৯৭৩-১৯৭৮) জনতা দল
- ৰামচন্দ্ৰ শৰ্মা (১৯৭৮-১৯৮৫) জনতা দল
- গণেশ কুটুম (১৯৮৫-১৯৯১) অসম গণ পৰিষদ
- কোষেশ্বৰ বৰুৱা (১৯৯১-১৯৯৬) ভাৰতীয় জাতীয় কংগ্ৰেছ
- গণেশ কুটুম (১৯৯৬-২০০১) অসম গণ পৰিষদ
- ৰিপুন বৰা (২০০১-২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ
- ৰিপুন বৰা (২০০৬-২০১১) ভাৰতীয় জাতীয় কংগ্ৰেছ
- মনিকা বৰা (২০১১-২০১৬) ভাৰতীয় জাতীয় কংগ্ৰেছ
- উৎপল বৰা (২০১৬-বৰ্তমানলৈকে) ভাৰতীয় জনতা পাৰ্টী
শিক্ষা ব্যৱস্থা
[সম্পাদনা কৰক]- গাঁগল গাঁও প্ৰাথমিক বিদ্যালয়— এইখন বিদ্যালয় সমগ্ৰ গহপুৰ অঞ্চলৰ প্ৰথমখন বিদ্যালয়। ১৮৮৫ চনত ধেমাজি জিলাৰ বৰদলনিৰ পৰা মহীচন্দ্ৰ দত্ত ফুকন কলাবাৰীৰ পূব কলিতা গাঁৱলৈ উঠি আহি এই বিদ্যালয় প্ৰতিষ্ঠা কৰে। [10]
- বৰঙাবাৰী মজলীয়া বিদ্যালয়
- কলাবাৰী মজলীয়া বিদ্যালয়
- খাৰৈগুৰি প্ৰাথমিক বিদ্যালয়
- ছয়দুৱাৰ মহাবিদ্যালয়
- কলাবাৰী মহাবিদ্যালয়
- ছয়দুৱাৰ শিক্ষণ মহাবিদ্যালয়
- কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- কলাবাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
- শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয় :১৯৬৪ চনত স্থাপন হোৱা এই বিদ্যালয়ে ২০১৬ চনত সোণালী জয়ন্তী বৰ্ষ পালন কৰিছে।
সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান
[সম্পাদনা কৰক]- কল্যাণপুৰ যুৱক সঙ্ঘ, প্ৰতিষ্ঠা:
- চিত্ৰলেখা নাট্যমন্দিৰ, প্ৰতিষ্ঠা: ১৯৩৭
- হেম বৰুৱা হল(হাৱাজান নাট্য মন্দিৰ), প্ৰতিষ্ঠা: ১৯৪৮
- কলাবাৰী পুথিভঁৰাল, প্ৰতিষ্ঠা: ১৯৫০
- কলাবাৰী মহিলা সমিতি, প্ৰতিষ্ঠা: ১৯৫৬
- কলাবাৰী মাৰ্কেটিং ছ'ছাইটি, প্ৰতিষ্ঠা: ১৯৫৮
- কলাবাৰী শাখা সাহিত্য সভা, প্ৰতিষ্ঠা: ১৯৬৫
- ভৱানী যুৱক সঙ্ঘ, প্ৰতিষ্ঠা: ১৯৭৯
- সুৰভি সাহিত্য সমাজ, প্ৰতিষ্ঠা:
ঐতিহাসিক ক্ষেত্ৰ(দ'ল/দেৱালয়/সত্ৰ)
[সম্পাদনা কৰক]- শ্ৰীশ্ৰী মা কৈল্যাণী দেৱালয়
- শ্ৰীশ্ৰী ফুলবাৰী দেৱালয়(বৰকালিকা থান)
- ধন্দি দ'ল
- বাসুদেৱ দ'ল
- মা ফুলেশ্বৰী থান
- সূৰ্য্য মন্দিৰ
- শ্ৰীশ্ৰী কামদেৱাল সত্ৰ
- শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ
- বেলগুৰি সত্ৰ
- গোবিন্দ এলেঙী সত্ৰ
- সোণাৰীপাৰ সত্ৰ
- চুপহা সত্ৰ
- জাৰণিয়াল সত্ৰ
- খটৰা সত্ৰ
- গুৱাধৰা থান
এই সমূহৰ উপৰিও গহপুৰ মহকুমাত যথেষ্ট সংখ্যক দ'ল,দেৱালয়,সত্ৰ তথা ঐতিহাসিক স্মৃতি বিজড়িত স্থান আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]তথ্যচিত্ৰ- Gohpur-The Golden glory By AG CREATION (YouTube যোগে উপলব্ধ)
- ↑ Acharya,N.N.,"The history of Medieval Assam",p.232
- ↑ William Robinson, "A descriptive account of Assam",p.323.
- ↑ Dutta, Sristidhar, "The Mataks and their kingdom,p.28
- ↑ Barua, Kanaklal, Early History of Kamrupa, p.271-272, "The probability is that these ruins are the traces of a Hindu or Hinduised dynasty of local rulers who ruled over a kingdom to the north of Brahmaputra and extending from the Burai river on the west to Sadiya on the east. The dynasty is evidently the line of Chutia kings who assumed the surname Pala."
- ↑ Maheswar Neog states that the Adi-carita, ascribed to Madhavadeva, has created much ill feeling among the Vaisnavas of Assam, and has been denounced by the more considerate section of sattra pontiffs and literary men alike.
- ↑ Goswami, Hemchandra, "Purani Assam Buranji, p. 27-28, "আৰু পূৰ্বে দিহীঙ্গিয়া ৰজা দেৱে ৰটাটেমনি মাৰি বাৰভূঞাক উত্তৰ কোলত পাতিলেনি। ভূঞাৰ নাম উতৈ ১,তমাই ১, ৰাই ১, সঁকাই ১, কৌষিক ১, উজিৰ ১, লস্কৰ ১, চোমদাৰ ১, সনাতন ১, কেহো ১, ৰামভট ১, ভকতভূঞা ১। এই বাৰটা মুখ্য ভূঞা। তাৰে চাৰিটাকৈ সৰু মূৰিয়া ভূঞা দুকুড়ি আঠোটা। ৰটা ভাঙি আনি লাচাম কলিতা ভূঞাৰ ঘৰ নি স্বৰ্গদেৱে বাঁহবাড়িত পাতি এক ভায়েকক সোণাৰি নৈত পাতিলে, এক ভায়েকক পৰ্বতত পাতিলে, এক ভায়েকক খঙ্গিয়া বুলিছিল। এই ঘৰে তিনি ঘৰ হ'ল।"
- ↑ Falling Rain Genomics, Inc - Gohpur[সংযোগবিহীন উৎস]
- ↑ [[1]]
- ↑ [2]
- ↑ গাগৰি, শতবৰ্ষ স্মৃতিগ্ৰন্থ, কলাবাৰী মজলীয়া বিদ্যালয় ২০০৩
|