মহাপুৰুষ (চলচ্চিত্ৰ)
অৱয়ব
মহাপুৰুষ | |
---|---|
চলচ্চিত্ৰখনৰ প'ষ্টাৰ | |
পৰিচালক | ব্ৰজেন বৰা |
চিত্ৰনাট্য | ব্ৰজেন বৰা |
কাহিনী | ব্ৰজেন বৰা |
প্ৰযোজক | দিলীপ কুমাৰ বৰুৱা (জয়গুৰু চিনে প্ৰডাক্চন) |
অভিনয়ত | ব্ৰজেন বৰা হাদী আলম বৰা প্ৰাঞ্জল শইকীয়া অসীম বৈশ্য গায়ত্ৰী মহন্ত |
সংগীত পৰিচালক | অভি-ৰূপম |
মুক্তি |
২৯ আগষ্ট, ২০১৪ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'জয়গুৰু চিনে প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰচনা কৰাৰ উপৰিও মুখ্য চৰিত্ৰত অভিনয়ো কৰে। চেলুলয়ডত নিৰ্মিত এইখন অন্তিম অসমীয়া চলচ্চিত্ৰ। এই বোলছবিখন প্ৰায় এক দশকধৰি মুক্তিৰ অপেক্ষাত থাকি ২০১৪ চনত মুক্তি লাভ কৰে। ছবিখনত অনুকুল ঠাকুৰৰ ভাব-আদৰ্শ দেখুওৱা হৈছে। ঝাৰখণ্ডৰ দেওঘৰত অনুকুল ঠাকুৰৰ পৰিনাতি বিনকিদাই ছবিখনৰ শুভাৰম্ভ কৰিছিল।[1]
অভিনয়ত
[সম্পাদনা কৰক]- ব্ৰজেন বৰা
- প্ৰাঞ্জল শইকীয়া
- হাদী আলম বৰা
- দীনেশ দাস
- অসীম বৈশ্য
- প্ৰমোদ বৰুৱা
- গায়ত্ৰী মহন্ত
- মাধুৰীমা কাকতি
- দিলীপ বৰুৱা
- চেতনা দাস
- অতুল পাচনি[1]
কলা-কুশলী
[সম্পাদনা কৰক]- প্ৰযোজনা - দিলীপ কুমাৰ বৰুৱা
- পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ/গীত/চিত্ৰগ্ৰহণ সঞ্চালনা - ব্ৰজেন বৰা[1]
সংগীত
[সম্পাদনা কৰক]মহাপুৰুষ চলচ্চিত্ৰখনৰ সংগীত পৰিচালক অভি-ৰূপম আৰু গীতিকাৰ ব্ৰজেন বৰা। গীতসমূহত কণ্ঠদান কৰে জুবিন গাৰ্গ, মিতালী চৌধুৰী আদিয়ে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 ভূষণ পাঠক. "২৯ আগষ্টত চিত্ৰগৃহত ব্ৰজেন বৰাৰ মহাপুৰুষ". https://scontent-b.xx.fbcdn.net/hphotos-xpa1/t31.0-8/10505024_843666795673471_6582363424894874990_o.jpg। আহৰণ কৰা হৈছে: ১৬ অক্টোবৰ ২০১৪.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|