ৱিকিপিডিয়া:ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:Good articlesৰ পৰা পুনঃনিৰ্দেশিত)

অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহ

অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা যোগ চিহ্ন
অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা যোগ চিহ্ন

ভাল প্ৰবন্ধ (good article) হ’ল সেইবোৰ প্ৰবন্ধ, যিবোৰে ৱিকিপিডিয়াৰ সম্পাদক আৰু ব্যৱহাৰকাৰীসকলৰ অনুসৰি ৱিকিপিডিয়াৰ শ্ৰেষ্ঠতম প্ৰবন্ধসমূহৰ মাজত স্থান লাভ কৰে। এই পৃষ্ঠাত স্থান লাভ কৰাৰ আগেয়ে প্ৰস্তাৱনা আৰু বিশ্লেষণৰ মাধ্যমৰে এইবোৰ প্ৰবন্ধৰ মান, নিৰ্ভৰযোগ্যতা, নিৰপেক্ষতা, পৰিপূৰ্ণতা আৰু লিখনৰীতি পৰীক্ষণ কৰা হয়। এই সংক্ৰান্তত অধিক নিৰ্দেশনা আছে ভাল প্ৰবন্ধৰ মানদণ্ড পৃষ্ঠাত।

বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ মুঠ ১৩,২০৭ টা প্ৰবন্ধৰ মাজত ৪১ টা ভাল প্ৰবন্ধ আছে।

ভাল প্ৰবন্ধ সাঁচ মনোনীত প্ৰবন্ধ পৃষ্ঠাত ওপৰত লিখি ৰাখিলে এটা ক্ষুদ্ৰ যোগ চিহ্ন () দ্বাৰা প্ৰবন্ধটো নিৰ্দেশিত হয়।

নিঁখুত, নিৰ্বাচিত আৰু ভাল প্ৰবন্ধৰ সংযোগসমূহ:

ভাল প্ৰবন্ধ

পাৰম্পৰিক এনিমেছনৰ উদাহৰণ। ঘোঁৰাটোৰ দৌৰি থকা মূহুৰ্তৰ কেবাখনো ছবি ক্ৰমত সজাই এই এনিমেছন নিৰ্মাণ কৰা হৈছে।

এনিমেছন (ইংৰাজী: Animation) (বা এনিমেশ্যন) হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক "চলমান চিত্ৰ" বুলিও ক'ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচ্চিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলমান বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিকভাৱে ছেকেণ্ডত ২৪ খন) ফটো তোলা হয়। এই ছবিবোৰত চলমান বস্তুটোৰ বিভিন্ন মূহুৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন 'ফ্ৰেম' বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই 'ফ্ৰেম' বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। বৰ্তমান কম্পিউটাৰৰ সহায়ত এনিমেছন নিৰ্মাণ কৰাটো এক জনপ্ৰিয় উপায়। (বিতংকৈ পঢ়ক............)

প্ৰথম অসমীয়া ছবি জয়মতীৰ এটি দৃশ্য

অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত o ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য। যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জৰিত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তাৰোপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্হানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে। (সবিশেষ পঢ়ক .....)

চাৰ্লি চেপলিন-ৰ 'দা বণ্ড' চলচ্চিত্ৰৰ কেইটামান মূহুৰ্ত

চলচ্চিত্ৰ বা 'বোলছবি' বা চমুকৈ অকল 'ছবি' (ইংৰাজী চিনেমা বা ফিল্ম), মূলত: স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে (কেমেৰা) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মান কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মান কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক এনিমেছন বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মান কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মান একেসময়তে এটা শিল্প আৰু উদ্যোগ। এটা জাতি/যুগ বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচিত্ৰই স্থান, কাল-ৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। চলচিত্ৰ কাহিনী-ভিত্তিক, শৈক্ষিক বা এবষ্ট্ৰেক্ট (abstract) যিকোনো বিধৰ হ'ব পাৰে। চলচ্চিত্ৰ মূলতে এলানি ক্ৰমিক স্থিৰচিত্ৰ। প্ৰতিখন স্থিৰ ছবিক 'ফ্ৰেম' (Frame) বোলা হয়। এই ক্ৰমিক স্থিৰ ছবিসমূহক ইখনৰ পাছত সিখনকৈ খৰ গতিৰে দেখুৱাই গ'লে আমাৰ চকুৰ দৃষ্টি জড়তাৰ বাবে ইখনৰ পাচত সিখন অহাটো ধৰিব নোৱাৰি। আন এটা পৰিঘটনা 'বিটা গতি'-ৰ বাবে ক্ৰমে সলনি হৈ থকা এই ছবিসমূহ প্ৰত্যক্ষ কৰিলে গতিৰ ভ্ৰমৰ সৃষ্টি হয়, অৰ্থাৎ স্থিৰ চিত্ৰৰ ক্ৰমটোৱে গতি কৰা দেখিবলৈ পোৱা যায়। (সবিশেষ পঢ়ক ........)

ফুলন দেৱী (ইংৰাজী: Phoolan Devi, হিন্দী: फूलन देवी) প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় লোকসভাৰ এগৰাকী সাংসদ আছিল; যাৰ জনপ্ৰিয় নাম আছিল দস্যু ৰাণী ফুলন দেৱী। তেওঁ একাধিকবাৰ পুৰুষৰ নিষ্ঠুৰতাৰ বলি হৈছিল। আৰক্ষীৰ ওচৰলৈ গৈয়ো তেওঁ ন্যায় পোৱা নাছিল; যাৰ বাবে তেওঁ ডকাইতৰ জীৱন আঁকোৱালী লৈছিল। উত্তৰ প্ৰদেশৰ বেহমাই গাঁওৰ কেইজনমান ঠাকুৰে ফুলনক ২৩ দিন ধৰি ধৰ্ষণ কৰিছিল। ১৯৮১ চনত সেই গাঁওৰ ২২ জন ঠাকুৰক হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডৰ বাবে ফুলন দেৱীক অভিযুক্ত কৰা হৈছিল। বেছি ভাগ অপৰাধ তেওঁ নিপিড়িত মহিলাসকলক, বিশেষকৈ নিম্ন বৰ্গৰ মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ সংঘটিত কৰিছিল। কুৰি বছৰো নোহোৱা এগৰাকী নিম্নবৰ্গৰ, প্ৰায় নিৰক্ষৰ কিশোৰীয়ে সমগ্ৰ ভাৰতত আলোড়নৰ সৃষ্টি কৰিছিল। পাছলৈ তেওঁ আত্ম-সমৰ্পন কৰিছিল আৰু ভাৰতৰ ৰাজনীতিত যোগদান কৰিছিল। ভাৰতবৰ্ষৰ অন্তৰ্গত উত্তৰ প্ৰদেশৰ জালৌন জিলাৰ অন্তৰ্গত 'ঘোৰা কা পুৰৱা' গাঁওত মাল্লা সম্প্ৰদায়ত ফুলন দেৱীৰ জন্ম হৈছিল। মাল্লা সম্প্ৰদায়ক নিম্ন বৰ্ণৰ বুলি গণ্য কৰা হয়। ফুলন আছিল দেৱীদিন আৰু মুলাৰ দ্বিতীয় সন্তান। ফুলনৰ দেউতাকৰ এক একৰৰ এখন নিমৰ বাগিছা আছিল। দেউতাকৰ আশা আছিল, এই মূল্যবান গছবোৰ বেছি জীয়েকহঁতৰ বাবে যৌতুকৰ ধন গোটাব। ফুলনৰ এঘাৰ বছৰ বয়স হওঁতে ককাদেউতাক ঢুকাই থাকিল আৰু তেওঁৰ বৰদেউতাকে নিজকে ঘৰখনৰ মুৰব্বী বুলি ঘোষণা কৰিলে আৰু প্ৰৱঞ্চনাৰে পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। বৰদেউতাকৰ মায়াদিন নামৰ এজন পুত্ৰ আছিল। সি বাগিছাৰ গছবোৰ কাটি বিক্ৰি কৰিবলৈ ধৰিলে। ফুলনে ইয়াৰ ঘোৰ বিৰোধ কৰিলে। ৰাজহুৱাকৈ মায়াদিনক চোৰ বুলি নিন্দা কৰিলে আৰু বায়েকৰ সৈতে ফুলনে সেই মাটিত বহি থাকি প্ৰতিবাদ সাব্যস্ত কৰিলে। হিংসাৰ আশ্ৰয় লৈয়ো মায়াদিনে ফুলনক সেও মনাব নোৱাৰিলে। অৱশেষত সম্পৰ্কীয় ভায়েকজনে পুট্টিলাল নামৰ এজন ত্ৰিশ বছৰীয়া ব্যক্তিৰ সৈতে ফুলনৰ বিয়াৰ আয়োজন কৰিলে। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ এঘাৰ বছৰ। (সবিশেষ পঢ়ক…)

১৯১২ চনৰ ২ এপ্ৰিল তাৰিখে টাইটানিকয়ে সামুদ্ৰিক পৰীক্ষণৰ বাবে বেলফেষ্ট এৰাৰ মূহুৰ্ত

আৰ. এম. এছ. টাইটানিক বা চমুকৈ টাইটানিক এখন মানৱ পৰিবাহী জাহাজ আছিল। এটুকুৰা আইচবাৰ্গত খুন্দা মৰাৰ ফলত জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল। ইয়াৰ প্ৰথম যাত্ৰাৰ সময়তেই এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে। এইখন ইংলেণ্ডৰ চাউথএম্পটনৰ পৰা আমেৰিকানিউয়ৰ্ক চহৰলৈ যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাটোত মুঠ ১৫১৪ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ যাত্ৰীসকলৰ মাজত বহুতো বিশ্বৰ কেইগৰাকীমান প্ৰতিপত্তীশীল লোকো আছিল। ইয়াৰ উপৰিও ইংলেণ্ড, আয়াৰলেণ্ড স্কেনদিনেভিয়ৰ প্ৰৱাসী লোকসকলো এই যাত্ৰাৰ সংগী আছিল। টাইটানিক এখন আৰাম আৰু বিলাসৰে পৰিপূৰ্ণ জাহাজ আছিল। ইয়াৰ ভিতৰতেই ব্যায়ামাগাৰ, বিলাসী ৰেষ্টুৰেণ্ট,গ্ৰন্থাগাৰ আৰু ছুইমিঙ পুলৰ উপলব্ধ আছিল। ইয়াত শক্তিশালী অনাতাঁৰ টেলিগ্ৰাফৰ সুবিধা আছিল। যদিও টাইটানিকত বহুতো আগশাৰীৰ সুবিধা যেনে পানী প্ৰতিৰোধ কৰিব কোঠা আৰু দূৰৰ পৰা নিয়ন্ত্ৰত কৰিব পৰা পানী প্ৰতিৰোধী দুৱাৰ আছিল। তথাপি ইয়াত যাত্ৰীৰ উপযোগীকৈ লাইফব’টৰ সংখ্যা যথেষ্ট নাছিল। এইখনে লগত ১,১৭৮ জন যাত্ৰীৰ বাবেহে লাইফব’ট কঢ়িয়াই নিছিল। এই সংখ্যা সেই যাত্ৰাৰ মুঠ যাত্ৰীৰ সংখ্যাৰ আধা তথা মুঠ যাত্ৰী আৰু জাহাজৰ কৰ্মচাৰী কঢ়িয়াব পৰা ক্ষমতাৰ মাথো এক-তৃতীয়াংশহে আছিল। (সবিশেষ পঢ়ক .....)

ষ্টিফেন কেট্‌লৰদ্বাৰা নিৰ্মিত আৰু ব্লেচলি পাৰ্কত অৱস্থিত এলান ট্যুৰিঙৰ মূৰ্তি।

এলান ট্যুৰিং (ইংৰাজী: Alan Turing সম্পূৰ্ণ নাম: এলান মেথিছন ট্যুৰিং Alan Mathison Turing) (pron.: /ˈtjʊərɪŋ/ tewr-ing; ২৩ জুন, ১৯১২ – ৭ জুন, ১৯৫৪), এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী। কম্পিউটাৰ বিজ্ঞানৰ বিকাশত এখেতৰ বৰঙনি বিশেষভাৱে উল্লেখনীয়। এখেতে 'এলগৰিথম' আৰু 'গণনা'ৰ তাত্বিক ধাৰণাৰ বিকাশ সাধন কৰি 'ট্যুৰিং মেচিন'ৰ ধাৰণা প্ৰৱৰ্তন কৰিছিল। 'ট্যুৰিং মেচিন'ক 'সৰ্বাত্মক কম্পিউটাৰ' বুলিব পাৰি। ট্যুৰিঙক আধুনিক কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জনক বুলি অভিহিত কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ কালত ট্যুৰিঙে ব্ৰিটিছ চৰকাৰৰ হৈ 'চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়'লৈ নিজৰ অৱদান আগবঢ়ায়। এই কালত জাৰ্মান বাহিনীৰ সংকেত পাঠোদ্ধাৰৰ বাবে ট্যুৰিঙে কেবাটাও উল্লেখযোগ্য সমাধান সূত্ৰ নিৰ্ণয় কৰে। (সবিশেষ পঢ়ক.....)

পিটাৰ পল ৰিউবেনছৰ দ্বাৰা ১৬৩৮ খ্ৰীষ্টাব্দত তৈয়াৰী খোদন শিল্প

হিপ'ক্ৰেটিছ (ইংৰাজী: Hippocrates বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপ'ক্ৰেটিছেই চিকিৎসা বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে। হিপ'ক্ৰটিছৰ অৱদান সমূহৰ বিষয়ে ঘাইকৈ জনা যায় হিপ'ক্ৰটিছৰ কৰ্পাছ (Hippocratic Corpus) লিখনী সমূহৰপৰা। এই লিখনীৰ সংগ্ৰহত বহুকেইজন ব্যক্তিৰ পৰীক্ষা-নিৰীক্ষা আৰু অভিজ্ঞতাৰ ফছল সোমাই আছে। সেয়ে ইয়াৰে কিমানখিনি হিপ'ক্ৰটিছৰ নিজৰ লিখা সেয়া সঠিককৈ জানিব পৰা নাযায়। কিন্তু প্ৰাচীন জগতৰ এজন প্ৰখ্যাত চিকিৎসক হিচাপে হিপ'ক্ৰেটিছক আটায়ে মানি লয়।চিকিৎসা শাস্ত্ৰত প্ৰণালীবদ্ধ অধ্যয়নৰ পাতনি মেলাত হিপ'ক্ৰেটিছৰ ভূমিকা সৰ্বজনগৃহীত। বিগত সময়ৰ জ্ঞানৰ লগত নিজৰ গৱেষণালব্ধ জ্ঞান যোগ দিয়াৰ ওপৰিও হিপ'ক্ৰেটিছে চিকিৎসা বৃত্তিক এটা সন্মানীয় পেছা হিচাপে গঢ় দিয়ে। চিকিৎসাক পেছা হিচাপে গ্ৰহন কৰা সকলে মানি চলিবলগীয়া নীতি-নিয়ম আদি হিপ'ক্ৰেটিছে প্ৰণয়ন কৰা 'চিকিৎসকৰ শপতনামা'ত লিখি থৈ গৈছে। ঐতিহাসিকৰ মত অনুসৰি হিপ'ক্ৰেটিছৰ জন্ম হৈছিল খ্ৰী.পূ. ৪৬০, গ্ৰীছ দেশৰ কছত। চিকিৎসা বিজ্ঞানৰ প্ৰচলিত গ্ৰীক মতবাদৰ বিপৰীতে যোৱা বাবে তেখেতক বিছ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা হয়। বন্দী অৱস্থাতে তেওঁ লিখি উলিয়াই বিখ্যাত পুথি 'জটিল মানৱ দেহ'। ইয়াৰে বহুতো মতবাদ এতিয়াও সত্য বুলি প্ৰতিপন্ন হৈ আছে। হিপ'ক্ৰটিছৰ জীৱনৰ বিষয়ে লিখা বাকীখিনি কথা অলৌকিকতাৰে ভৰপূৰ। (সবিশেষ পঢ়ক ......)

ইলেক্‌ট্ৰন অণুবীক্ষণ যন্ত্ৰৰে হেপাটাইটিছ বি ভাইৰাছ

হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃতৰ প্ৰদাহ (Inflammation) সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" নামৰে জনা যোৱা এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। বিশ্বৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশৰ জীৱনকালত এবাৰ হ'লেও সংক্ৰমণ হয়। ইয়াৰে ৩৫০ নিযুত লোক ৰোগটোৰ দীৰ্ঘদিনীয়া বাহক হিচাপে থাকে। ভাৰতত এই ৰোগৰ বাহকৰ সংখ্যা প্ৰায় ৪০ নিযুত। সংক্ৰামক তেজ বা শৰীৰ ৰস (body fluids) যেনে বীৰ্য আৰু যোনী ৰসৰ জৰিয়তে (অসুৰক্ষিত যৌন সম্পৰ্ক) ভাইৰাছটো দেহত প্ৰবেশ কৰে । দীৰ্ঘদিনীয়া বাহকৰ লেলাউটি, চকুপানী আৰু প্ৰস্ৰাৱত ভাইৰাছৰ ডি এন এ ধৰা পেলোৱা হৈছে। উন্নয়নশীল দেশসমূহত মাকৰ পৰাও সন্তানলৈ প্ৰসৱকালত ভাইৰাছবিধ যাব পাৰে। সংক্ৰমণৰ আন কাৰকসমূহ হ'ল চিকিৎসাক্ষেত্ৰত জড়িত থকা, ৰক্ত সঞ্চাৰণ আৰু ডায়ালাইচিছ, আকুপাংচাৰ, টাটুকৰণ, দীঘলীয়া বিদেশ ভ্ৰমণ আৰু কোনো চিকিৎসা প্ৰতিষ্ঠানত বসতি। হাতেৰে চুলে, লগে-ভাগে খালে, চুমা খালে, সৱাটিলে, কাঁহ মাৰিলে, হাঁচি মাৰিলে আৰু দুগ্ধপান কৰালে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণ নহয়। (বাকী অংশ পঢ়ক.......)

"ইন মাই চিটি"ৰ এটা দৃশ্যত প্ৰিয়ংকা চোপ্ৰা।

প্ৰিয়ংকা চোপ্ৰা (ইংৰাজী: Priyanka Chopra) এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তামিল ছবি থামিজানেৰে ছবিজগতত পদাৰ্পণ কৰি তেওঁ "দা হিৰো" (২০০৩)ৰ জৰিয়তে বলীউডত অভিষেক ঘটাই আৰু তাৰ পিছত জনপ্ৰিয় ছবি "অন্দাজ"ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ এতৰাজ, মুঝছে শাদী কৰোগী (২০০৪), ক্ৰিশ্ব (২০০৬), ডন (২০০৬) আদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০৮ চনত তেওঁৰ কেৰিয়াৰে এক নতুন মোৰ লয় যেতিয়া তেওঁ ফেশ্বন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ আৰু ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কমিনে (২০০৯), হোৱাট্‌ছ ইয়'ৰ ৰাছী (২০০৯) আৰু ৭ খুন মাফ (২০১১) ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। এনেকৈয়ে তেওঁ বলীউডত এক শীৰ্ষমানৰ প্ৰতিভাৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে। (বিতং ভাৱে পঢ়ক............)

কৃষ্ণ (সংস্কৃত: कृष्ण; ইংৰাজী:Krishna) এজন হিন্দু আৰাধ্য অৱতাৰ। কৃষ্ণৰ অক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক স্বয়ং ভগবান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে। ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়েই বাঁহী-বাদনৰত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে। আকৌ ভগবদ গীতাত তেওঁক এজন পথপ্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত। হিন্দু দৰ্শন আৰু ধৰ্মতাত্ত্বিক ঐতিহ্যত কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহৰ পৰিধি বহুদূৰলৈ বিস্তৃত। তেওঁক কল্পনা কৰা হয় বিভিন্ন ৰূপত: কেতিয়াবা শিশুদেৱতা, কেতিয়াবা হাঁহি-ধেমালি-কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্য নায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত। কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহ মূলত: লিখিত আছে মহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত। (বিতং ভাৱে পঢ়ক...)

২০১২ চনৰ ৬ ডিচেম্বৰত হোৱাইট হাউছৰ অভেল অফিছৰ ৰিছল্যুৎ ডেস্কৰ সন্মুখত অ'বামা।

বাৰাক হুছেইন অ'বামা (Barack Hussein Obama) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়। বাৰাক অ’বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ’বামা (জ্যেষ্ঠ)কেনিয়াৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে মাতৃ এন ডানহাম কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। জ্যেষ্ঠ বাৰাক অ’বামাৰ জন্ম হৈছিল, কেনিয়াৰ নিয়ানজা প্ৰদেশত। চৰকাৰী জলপানীৰে তেওঁ হাৱাইলৈ পঢ়িবলৈ আহে আৰু তাতে সহপাঠী এন ডাৰহামক লগ পায়। ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছুদিনৰ পাছতে বাৰাক অ’বামাৰ জন্ম হয়। অ’বামাৰ জন্মৰ ২ বছৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৬৫ চনত এন ডানহামে ইণ্ডোনেচিয়াৰ ছাত্ৰ ল’ল’ ছ’ৱেট’ৰ’ৰ সৈতে বিবাহ কৰে, আৰু এবছৰৰ পাছত গোটেই পৰিয়াল জাকাৰ্টালৈ যায়গৈ।তাতে অ’বামাৰ সতীয়া ভগ্নী মায়া ছ’ৱেট’ৰ’ৰ জন্ম হয়। বাৰাক অ’বামাই সতীয়া পিতৃ আৰু ভগ্নী লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়। অ’বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুনৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেওঁ হাৱাইৰ বিখ্যাত ‘পুনাহু’ স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল। এন ডাৰহাম আৰু মায়াও কিছুদিনৰ পাছত হাৱাইত থকা অ’বামাৰ ওচৰলৈ গুচি আহে। তাৰ পাছত তেওঁ লছ এঞ্জেলছৰ অক্সিডেণ্টেল কলেজত নাম ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদেশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেও চিকগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত ‘কমিউনিটি অৰ্গেনাইজাৰ’ হিচাপে কৰ্মৰত হয়।... (বিতং ভাৱে পঢ়ক............)

মাৰ্টিন এস্কিল ৱিঞ্জে অংকন কৰা 'থৰ্চ ফাইট ৱিথ দ্য জায়েণ্ট্‌ছ' (১৮৭২)

জাৰ্মানিক বিশ্বাসত থৰ (/θɔr/; পুৰণি নৰ্ছ: Þórrৰপৰা) এগৰাকী হাতুৰীধাৰী দেৱতা- বিজুলী, গাজনি, ধুমুহা, ওকগছ, বল, মানৱতা ৰক্ষা, পবিত্ৰকৰণ আৰু উৰ্বৰতাৰে সম্বন্ধিত। পুৰণি নৰ্ছ Þórrৰ উপৰিও এই দেৱতাই পুৰণি ইংৰাজী ভাষাÞunor আৰু পুৰণি উচ্চ জাৰ্মান ভাষাDonar (ৰুণিক þonar) ৰূপে স্থান লাভ কৰিছে। দেৱতাগৰাকীৰ সকলো ৰূপৰে উৎস সাধাৰণ জাৰ্মানিক Þunraz - অৰ্থাৎ গাজনি।

জাৰ্মেনিয়াৰ ৰোমান দখলেই হওক বা প্ৰব্ৰজন কালৰ জনজাতীয় বিস্তাৰেই হওক, জাৰ্মানিক লোকসকলৰ লিখিত ইতিহাসত থৰৰ উল্লেখ বাৰে বাৰে পোৱা যায়। থৰৰ জনপ্ৰিয়তাৰ শিখৰ ভাইকিং কাল-স্কেণ্ডিনেভিয়াৰ খ্ৰিষ্টীয়কৰণ বিৰোধী প্ৰতিক্ৰিয়াৰ অংশ ৰূপে থৰৰ হাতুৰী ম্যলনিৰ পৰিধান আৰু নৰ্ছ ব্যক্তিগত নামসমূহত থৰৰ উল্লেখ অতিকৈ জনপ্ৰিয় হৈ পৰিছিল এই কালতেই।

জাৰ্মানিক সংগ্ৰহৰ প্ৰকৃতিৰ বাবে থৰ সম্বন্ধীয় কাহিনী কেৱল পুৰণি নৰ্ছতহে উপলব্ধ- য'ত নৰ্ছ মিথকশাস্ত্ৰত থৰৰ নাম উল্লেখনীয়ভাৱে পোৱা যায়। স্কেণ্ডিনেভিয়াৰ পৰম্পৰাগত তত্ত্বৰপৰা উদিত নৰ্ছ মিথকশাস্ত্ৰ ঘাইকৈ আইচলেণ্ডত নথিভুক্ত কৰা হৈছিল। এই মিথকশাস্ত্ৰত থৰৰ উল্লেখ অনেক কাহিনীত পোৱা যায়। এই দস্তাৱেজসমূহত থৰৰ অন্ততঃ পোন্ধৰটা নাম পোৱা যায়, তেওঁ সোণালী কেশধাৰী দেৱী চিফৰ পতি আৰু য়টোন য়াৰ্ণচেক্সাৰ প্ৰেমিক। তেওঁৰ নয়ন বজ্ৰ-কল্প, চুলি আৰ দাঢ়ী ৰঙা। (বিতং ভাৱে পঢ়ক............)

চয়তান, ইছলামত ইবলিছ নামেৰেও জনাজাত, আৰু কেতিয়াবা খ্ৰীষ্টান ধৰ্মত লুচিফাৰ বুলিও কোৱা হয়, ই আব্ৰাহাম (ইব্ৰাহিম) ধৰ্মৰ এনে এক সত্তা যিয়ে মানুহক পাপ বা মিছা কথাৰ প্ৰতি প্ৰলোভিত কৰে। ইহুদী ধৰ্মত চয়তানক ঈশ্বৰৰ বশৱৰ্তী এজেণ্ট হিচাপে দেখা যায়, সাধাৰণতে য়েটজেৰ হাৰা বা "দুষ্ট প্ৰৱণতা"ৰ উপমা হিচাপে গণ্য কৰা হয়। খ্ৰীষ্টান আৰু ইছলাম ধৰ্মত তেওঁক সাধাৰণতে আল্লাহৰ বিৰুদ্ধে বিদ্ৰোহ কৰা এজন পতিত ফৰিষ্টা বা জিন হিচাপে দেখা যায়, যিয়ে তথাপিও তেওঁক পতিত জগত আৰু বহুতো দানৱৰ ওপৰত সাময়িক ক্ষমতাৰ অনুমতি দিয়ে। কোৰআনত চয়তান, যাক ইবলিছ বুলিও কোৱা হয়, ই হৈছে জুইৰ পৰা নিৰ্মিত সত্তা যিটোক স্বৰ্গৰ পৰা বাহিৰ কৰি দিয়া হৈছিল কাৰণ তেওঁ নতুনকৈ সৃষ্টি হোৱা আদমৰ আগত প্ৰণাম (ছিজদাহ) কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু মানুহৰ মনক ৱাছৱা ("দুষ্ট পৰামৰ্শ") দ্বাৰা সংক্ৰমিত কৰি পাপ কৰিবলৈ উচটনি দিছিল। হা-চয়তান ("চয়তান") নামেৰে জনাজাত এজন ব্যক্তিত্ব প্ৰথমে হিব্ৰু বাইবেলত স্বৰ্গীয় অভিযুক্ত হিচাপে দেখা যায়, যিহোৱা (ঈশ্বৰৰ) অধীন, যিয়ে যিহূদা জাতিৰ বিৰুদ্ধে স্বৰ্গীয় আদালতত গোচৰ চলায় আৰু যাহোৱাৰ অনুগামীসকলৰ আনুগত্য পৰীক্ষা কৰে। আন্তঃনিৰ্মিত যুগত সম্ভৱতঃ আংৰা মাইয়ুৰ জৰদস্তি আকৃতিৰ প্ৰভাৱৰ বাবে চয়তানে ঈশ্বৰৰ দ্বৈততাবাদী বিৰোধিতাত ঘৃণনীয় গুণ থকা এক কু-অভিপ্ৰায়ী সত্তালৈ বিকশিত হৈছিল। (বাকী অংশ পঢ়ক...)

ৰজনীকান্ত

ৰজনীকান্ত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মেডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল (১৯৭৫) নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। কে. বাল্লাচান্দেৰক ৰজনীকান্তে তেওঁৰ মাৰ্গদৰ্শকৰ মৰ্যদা দিয়ে। তামিল চলচ্চিত্ৰত অলপদিনৰ বাবে ঋণাত্মক চৰিত্ৰত অভিনয় কৰাৰ পিছত ৰজনীকান্ত ক্ৰমান্বয়ে এগৰাকী প্ৰতিষ্ঠিত অভিনেতা স্বৰূপে স্বীকৃত হ'ল। ভাৰতীয় জনসাধাৰণৰ মাজত তেওঁ মেটেনি আইডল (matinee idol) হিচাপে অতীৱ জনপ্ৰিয়। তেওঁৰ চালচলন আৰু চলচ্চিত্ৰসমূহত সুৰুচিপূৰ্ণ সংলাপ পৰিৱেশন জনসাধাৰণৰ মাজত তেওঁৰ জনপ্ৰিয়তা আৰু আকৰ্ষণৰ অন্যতম কাৰণ। ২০০৭ চনত মুক্তিপ্ৰাপ্ত শিৱাজী নামৰ চলচ্চিত্ৰখনত অভিনয়ৰ বাবে ৰজনীকান্তক ২৬ কোটি টকা পাৰিশ্ৰামিক হিচাপে আগবঢ়োৱা হৈছিল আৰু ইয়াৰ জৰিয়তে জেকী চানৰ পিছতেই এছিয়া মহাদেশৰ সকলোতকৈ বেছি পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতা হিচাপে পৰিগণিত হয়। (সবিশেষ পঢ়ক…)

ক'ৰ'ণা ভাইৰাছৰ লক্ষণসমূহ।
ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ (ইংৰাজী: Coronavirus disease 2019; চমুকৈ COVID-19) হ'ল severe acute respiratory syndrome coronavirus 2 (SARS-CoV-2)-এ কৰা এক সংক্ৰামক ৰোগ। ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে। জ্বৰ, কাহ, উশাহ লওঁতে কষ্ট হোৱা এই ৰোগৰ সাধাৰণ লক্ষণ। মাংসপেশীৰ বিষ, খেকাৰ ওলোৱা আৰু ডিঙিৰ বিষ কমকৈ হোৱা লক্ষণ। অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিওএকাংশৰ নিউম'নিয়া আৰু দেহৰ অংগসমূহ বিকল হোৱা দেখা যায়। ২৩ মাৰ্চ, ২০২০ লৈকে মৃত্যুৰ হাৰ ৪.৪%; বয়স আৰু স্বাস্থ্যৰ আন সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ ০.২ ৰ পৰা ১৫% হ'ব পাৰে।

সাধাৰণতে এই ভাইৰাছ মানুহৰ সংস্পৰ্শত আৰু কাহ বা হাঁচি মাৰিলে ওলোৱা শ্বসন ড্ৰপ্‌লেটৰ জৰিয়তে বিয়পে। উশা-নিশাহ লওঁতে এনে ড্ৰপ্‌লেট সৃষ্টি হয় কিন্তু ই বতাহত নাভাঁহে। দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লগালেও ই বিয়পে। ৰোগৰ লক্ষণ থকা অৱস্থাত ই আটাইতকৈ বেছি সোঁচৰে, কিন্তু লক্ষণ ওলোৱাৰ আগতেই ৰোগ সোঁচৰা সম্ভৱ। ভাইৰাছটোৱে পৃষ্ঠত ৭২ ঘণ্টালৈকে থাকিব পাৰে। ভাইৰাছ সংস্পৰ্শৰ পৰা লক্ষণ ফুটি উঠালৈকে সাধাৰণতে দুদিনৰ পৰা চৈধ্যদিন সময় লাগে (গড়ে পাঁচ দিন)। নাসিকা গ্ৰসনীৰ পৰা কপাহেৰে লোৱা নমুনা (nasopharyngeal swab) reverse transcription polymerase chain reaction (rRT-PCR) পৰীক্ষা কৰি এই ৰোগ নিৰ্ণয় কৰা হয়। লক্ষণ, বিপদাশংকাৰ কাৰক (risk factors) আৰু চি টি স্কেনত নিউম'নিয়াৰ চিন পালেও ৰোগ নিৰ্ণয় কৰা হয়।(সবিশেষ পঢ়ক…)

জে. কে. ৰাউলিং (ইংৰাজী: J. K. Rowling) এগৰাকী ইংৰাজ লেখিকা। ৰাউলিঙৰ জন্ম হয় ১৯৬৫ চনৰ ৩১ জুলাইত। তেওঁৰ প্ৰকৃত নাম জোৱান ৰাউলিং (ইংৰাজী: Joanne Rowling)। তেওঁক ঘাইকৈ হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ বাবে জনা যায়। এই গ্ৰন্থসমূহে বিভিন্ন বঁটাৰ উপৰিও ৪০০ মিলিয়নতকৈয়ো অধিক কপিৰ বিক্ৰীৰে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ শৃংখলাৰ অভিলেখ স্থাপন কৰে। শৃংখলাটোৰ আধাৰত হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাও ইতিমধ্যে নিৰ্মিত হৈছে যাৰ শেষৰ ফালে ৰাউলিঙে প্ৰযোজকৰ ভূমিকাও পালন কৰিছে। এই গ্ৰন্থ শৃংখলাটোৱে লেখিকাগৰাকীক জনপ্ৰিয়তাৰ শীৰ্ষলৈ তুলি নিয়ে আৰু পাঁচ বছৰৰ ভিতৰতে কোটিপতিৰ শাৰীত থিয় কৰোৱায়। ২০১১ চনৰ মাৰ্চ মাহৰ ফৰ্বছ আলোচনীৰ এক সমীক্ষা মতে ৰাউলিঙৰ মুঠ সম্পত্তিৰ মূল্য ১ নিযুত আমেৰিকান ডলাৰ। ২০০৮ চনত ছানডে টাইমছ ৰিচ্চ্ লিষ্টে ৰাউলিঙক ইংলেণ্ডৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত দ্বাদশ স্থান (৭৯৮ মিলিয়ন ডলাৰ মূল্যৰ সম্পত্তিৰে) দিয়ে। ২০০৭ চনত ফৰ্বছ আলোচনীয়ে লেখিকাগৰাকীক বিশ্বৰ ৪৮তম প্ৰভাৱশালী চেলিব্ৰিটীৰূপে চিহ্নিত কৰে। একে বছৰতে অনুৰাগীসকলক লেখিকাগৰাকীয়ে দিয়া সামাজিক, মানৱীয় আৰু ৰাজনৈতিক অনুপ্ৰেৰণাৰ ভিত্তিত টাইম আলোচনীয়ে তেওঁক "বছৰটোৰ ব্যক্তি"ৰ ৰাণাৰ-আপ খিতাপ প্ৰদান কৰে। ২০১০ চনৰ অক্টোবৰ মাহত অগ্ৰণী আলোচনীসমূহৰ সম্পাদকসকলে 'ব্ৰিটেইনৰ আটাইতকৈ প্ৰভাৱশালী মহিলা' (The Most Influential Woman) হিচাপে বিভূষিত কৰে। (বাকী অংশ পঢ়ক...)

'টোৱাইলাইট হ'ল ষ্টিফেনি মেয়াৰ ৰচিত ভেম্পায়াৰ-ৰোমাঞ্চ বিষয়ক এক উপন্যাস। এইখন হ'ল টোৱাইলাইট শৃংখলাৰ প্ৰথমখনি উপন্যাস য'ত পাঠকৰ ১৭ বছৰীয়া ইজাবেলা "বেলা" স্বানৰ লগত পৰিচিতি ঘটে যিয়ে ফিনিক্স,এৰিজোনা এৰি ফোৰ্কছ,ৱাছিংটনলৈ আহি এডৱাৰ্ড কালেন নামৰ ভেম্পায়াৰ এজনৰ প্ৰেমত পৰি নিজৰ জীৱন বিপদাপন্ন কৰি তোলে। শৃংখলাটিৰ আন আন কিতাপকেইখন হল নিউ মুন,ইক্লিপ্ছ আৰু ব্ৰেকিং ড'ন। ২০০৫ চনত ইয়াৰ প্ৰকাশৰ লগে লগে ই বেষ্টচেলাৰ হৈ পৰে আৰু নিউ য়ৰ্ক টাইমছ বেষ্টচেলাৰ তালিকাত প্ৰথমতে পঞ্চম আৰু পিছলৈ প্ৰথম স্থান লাভ কৰে। সেই বছৰতে 'পাব্লিছাৰ্চ ৱিকলী'য়ে ইয়াক ২০০৫ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ আখ্যা দিয়ে।২০০৮ চনত ই সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস আৰু ২০০৯ চনত দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস হিচাপে পৰিগণিত হয় য'ত প্ৰথম হয় ইয়াৰেই ছিকুৱেল নিউ মুন। বৰ্তমান ই ৩৭টা বিভিন্ন ভাষালৈ অনূদিত হৈছে। (বাকী অংশ পঢ়ক...)

দ্য এলকেমিষ্ট (ইংৰাজী: The Alchemist) পাওলো কোৱেলহো ৰচিত এক উপন্যাস। ইয়াৰ প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। মূল পৰ্টুগীজ ভাষাত ৰচিত এই গ্ৰন্থখন ২০১১ চনলৈকে ৭১টা বিভিন্ন ভাষালৈ অনূদিত হৈছে। প্ৰতীকধৰ্মী এই গ্ৰন্থখনত ছাণ্টিয়াগো নামৰ এক এণ্ডালুচিয়ান ভেড়াৰখীয়া যুৱকে বাৰম্বাৰ দেখা এক সপোনৰ পম খেদি গুপ্তধনৰ সন্ধানত ইজিপ্টলৈ ৰাওনা হয়। তেওঁৰ এই যাত্ৰাৰ কথাকে লৈ কাহিনীভাগ আগুৱাই গৈছে। ফৰাচী বাতৰি এজেঞ্চী এজেন্স ফ্ৰান্স প্ৰেছি চমুকৈ এ এফ পিৰ মতে বিশ্বৰ ১৬০ খনতকৈও অধিক দেশত গ্ৰন্থখনৰ ৬৫ মিলিয়নতকৈও অধিক কপিৰ বিক্ৰী হয় আৰু বিশ্বৰ সৰ্বাধিক বিক্ৰেত গ্ৰন্থৰ ইতিহাসত অন্যতম হিচাপে পৰিগণিত হয়। সৰ্বাধিক ভাষালৈ অনূদিত জীৱিত লেখকৰ গ্ৰন্থ হিচাপে দ্য এলকেমিষ্টে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডচতো স্থান লাভ কৰে। (বাকী অংশ পঢ়ক...)

বঙাইগাঁও চহৰৰ ৰাতিৰ দৃশ্য

বঙাইগাঁও (ইংৰাজী: Bongaigaon) হৈছে বঙাইগাঁও জিলাৰ সদৰ আৰু নামনি অসমৰ এক উল্লেখযোগ্য আৰু অসমৰ ৪ৰ্থ বৃহত নগৰ। এই নগৰ অতীতত কোচ ৰাজ্যৰ ৰাজধানী আছিল। এই চহৰখন প্ৰধানকৈ দুটা ভাগত বিভক্ত সেয়া হৈছে বঙাইগাঁও মুল নগৰ আৰু নতুন বঙাইগাঁও। এই চহৰখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৮০ কি.মি. দুৰত পশ্চিমে অৱস্থিত। বড়ো সকলৰ দাবীত ২০০৫ চনত বঙাইগাঁও চহৰে ইয়াৰ এটা বিশাল অংশ চিৰাং জিলাক অৰ্পণ কৰিছে। বঙাইগাঁৱত অসম তথা ভাৰতৰ এটা মুখ্য [[বঙাইগাঁও তেল শোধানাগাৰ আছে। বঙাইগাঁও নগৰখন ১৯০৮ চনতেই ভাৰতীয় ৰেলৰ তালিকাত স্থান পাইছিল। (বাকী অংশ পঢ়ক...)

বিদ্যা বালান (উচ্চাৰণ [ʋɪd̪jaː baːlən]; জন্ম: ১ জানুৱাৰী, ১৯৭৮) হিন্দী, বঙালী আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ষোল্ল বছৰ বয়সতে তেওঁ "হম পাঁচ" (১৯৯৫) নামৰ ধাৰাবাহিকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। এক চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিবলৈ কৰা কেইবাটাও অসফল চেষ্টাৰ পিছত তেওঁ টেলিভিছন বিজ্ঞাপন আৰু সংগীত ভিডিঅ’ত অভিনয় কৰিবলৈ লয়। ২০০৩ চনত তেওঁ বঙালী ছবি “ভালো থেকো”ৰ জৰিয়তে ছবিজগতত খোজ দিয়ে। ২০০৫ত প্ৰথম হিন্দী ছবি “পৰিণীতা”ৰ বাবে বালানে প্ৰশংসা লাভ কৰে আৰু ইয়াৰ পিছত ব্লকবাষ্টাৰ ছবি “লগে ৰহো মুন্না ভাই”(২০০৬) ত অভিনয় কৰে। তাৰ পিছত তেওঁ হেই বেবী (২০০৭) আৰু কিস্মত কানেকশ্যন (২০০৮) ত গ্লেমাৰাছ চৰিত্ৰত অভিনয় কৰে যদিও সমালোচকৰ ঋণাত্মক মন্তব্য লাভ কৰে। ২০০৯ চনৰ পৰা বালানৰ অভিনয় জীৱনৰ সোণোৱালী সময় আৰম্ভ হয় আৰু তেওঁ ক্ৰমাগত ভাৱে পা (২০০৯), ইস্কিয়া (২০১০), ন’ ৱান কিল্ড জেছিকা (২০১১), দ্য ডাৰ্টী পিক্সাৰ (২০১১) আৰু কাহানী (২০১২) এই পাঁচখন ছবিত কৰা অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰে। এই চলচ্চিত্ৰসমূহত কৰা অভিনয়ে তেওঁলৈ “মহিলা নায়ক”ৰ বিশেষণ আনি দিছে আৰু হিন্দী চলচ্চিত্ৰ জগতৰ এক আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিপন্ন কৰিছে। (বাকী অংশ পঢ়ক...)

বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মুঠ ১৪ খন ষ্টেডিয়ামত ৪৯ খন খেল অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াৰ ৭ খন ষ্টেডিয়ামত ২৬ খন খেল আৰু নিউজিলেণ্ডৰ ৭ খন ষ্টেডিয়ামত ২৩ খন খেল অনুষ্ঠিত হৈছিল। মেলব'ৰ্ণত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। ১৯৯২ চনৰ পাছত সেয়া দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হয়। ২০১১ চনৰ বিশ্বকাপৰ দৰে সেইবাৰো আই চি চিয়ে শচীন টেণ্ডুলকাৰক ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটৰ দূত (ambassador) হিচাপে ঘোষণা কৰে। ২০১১ চনত জয়লাভ কৰি ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল ৷ পুল বি-ত স্থান পোৱা ভাৰতৰ প্ৰথমখন খেল ১৫ ফেব্ৰুৱাৰী তাৰিখে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হয়৷ টিকট মুকলিৰ ১২ মিনিটৰ ভিতৰতে এই খেলখনৰ টিকট বিক্ৰী শেষ হৈ যায়। (বাকী অংশ পঢ়ক...)

ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া (চমুকৈ আৰ বি আই) হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান আৰু ই ভাৰতীয় টকাৰ মুদ্ৰা নীতি নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪-ত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি ১৯৩৫ চনৰ ১ এপ্ৰিলত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হয়। প্ৰথমাৱস্থাত ইয়াৰ মূলধনক ১০০ টকা মূল্যৰ অংশপত্ৰত ভগোৱা হৈছিল আৰু এই সমগ্ৰ অংশপত্ৰ ব্যক্তিগত অংশীদাৰৰ অধীনত আছিল। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনত ৰিজাৰ্ভ বেংকৰ চৰকাৰীকৰণ কৰা হয়। ভাৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহত আৰ বি আয়ে গুৰূত্বপূৰ্ণ ভূমিকা পালন কৰে। ই এচিয়ান ক্লিয়েৰিং ইউনিয়নৰ এক সদস্য বেংক। ৰিজাৰ্ভ বেংকৰ সাধাৰণ চোৱা-চিতা আৰু নীতি-নিৰ্দেশনাৰ ভাৰ ২১ গৰাকী সদস্যৰে গঠিত কেন্দ্ৰীয় পৰিচালনা সমিতি — ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ (বৰ্তমান শক্তিকান্ত দাস), চাৰিজন ডেপুটী গভৰ্ণৰ, ভাৰতীয় বিত্ত মন্ত্ৰণালয়ৰ দুজন প্ৰতিনিধি, অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন শাখাসমূহ প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰে নিৰ্বাচন কৰি দিয়া ১০ গৰাকী প্ৰতিনিধি আৰু মুম্বাই, কলকাতা, চেন্নাই আৰু নতুন দিল্লীৰ স্থানীয় শাখাসমূহৰ চাৰিগৰাকী প্ৰতিনিধিৰ ওপৰত ন্যস্ত। উক্ত স্থানীয় শাখাসমূহ পাঁচগৰাকীকৈ সদস্যৰে গঠিত যি কো-অ’পাৰেটিভ বেংক বা অন্যান্য বেংকসমূহৰ লগতে স্থানীয় বিষয়সমূহ আলোচনাৰ মেজলৈ আনে। (বাকী অংশ পঢ়ক...)

মদন মোহন মালৱীয় (ইংৰাজী: Madan Mohan Malaviya; হিন্দী: मदन मोहन मालवीय) (১৮৬১-৪৬) এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয় আৰু 'মহামনা' বুলি সম্বোধন কৰা হৈছিল। মালবীয়ক কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়; যিখন বিশ্ববিদ্যালয় বাৰণসীত ১৯১৬ চনত স্থাপন কৰা হৈছিল। এইখন এচিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়, য’ত কলা, বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগত ১২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। (বাকী অংশ পঢ়ক...)

ষ্টিফেনি মেয়াৰ (ইংৰাজী: Stephenie Meyer; জন্ম: ২৪ ডিচেম্বৰ, ১৯৭৩) এগৰাকী আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক। তেওঁ ঘাইকৈ ভেম্পায়াৰ ৰোমাঞ্চ শৃংখলা টোৱাইলাইটৰ বাবে জনাজাত। ১০০ মিলিয়নতকৈও অধিক বিক্ৰী তথা ৩৭টা বিভিন্ন ভাষালৈ অনুবাদ হোৱা টোৱাইলাইট উপন্যাস সমূহে তেওঁলৈ বিশ্বজোৰা খ্যাতি আনি দিয়ে। ২০০৮ চনত ২৯ মিলিয়ন আৰু ২০০৯ চনত ২৬.৫ মিলিয়ন কিতাপ বিক্ৰীৰে ২০০৮ আৰু ২০০৯ চনত মেয়াৰৰ গ্ৰন্থই আমেৰিকাত সৰ্বাধিকসংখ্যক বিক্ৰীৰ অভিলেখ গঢ়িছিল। ২০০৮ চনত আমেৰিকাৰ কিতাপৰ দোকানসমূহত টোৱাইলাইট আছিল সৰ্বাধিক বিক্ৰী হোৱা কিতাপ। টাইম আলোচনীৰ "২০০৮ চনৰ ১০০ গৰাকী শীৰ্ষ প্ৰভাৱশালী ব্যক্তি"ৰ তালিকাত মেয়াৰে ৪৯তম স্থান দখল কৰে আৰু ফোৰ্বছৰ ২০০৯ চনৰ শীৰ্ষ এশগৰাকী শক্তিশালী চেলিব্ৰেটীৰ তালিকাত ২৬তম স্থান লাভ কৰে। তেওঁৰ বছৰেকীয়া উপাৰ্জনে ৫০ মিলিয়ন ডলাৰৰ ঘৰো অতিক্ৰম কৰে। ২০১০ চনত ৪০ মিলিয়ন ডলাৰ উপাৰ্জনৰে সৈতে ফোৰ্বছে মেয়াৰক ৫৯তম শক্তিশালী চেলিব্ৰেটীৰ স্থান দিয়ে। (বাকী অংশ পঢ়ক...)

স্বামী নিগমানন্দ পৰমহংস (১৮ আগষ্ট, ১৮৮০- ২৯ নবেম্বৰ , ১৯৩৫) নদীয়া জিলাৰ তেতিয়াৰ চাব-ডিভিজন কুতুবপুৰ নামৰ এখন সৰু গাঁৱত এক বাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ শ্ৰী শ্ৰী ঠাকুৰ নামেৰেও পৰিচিত। চৈতন্য মহাপ্ৰভুৱেও এই একেখন জিলাতে জন্মগ্ৰহণ কৰিছিল। সন্ন্যাস গ্ৰহণৰ পাছত তেওঁ পৰমহংস শ্ৰীমদ স্বামী নিগমানন্দ সৰস্বতী দেৱ নামেৰে পৰিচিত হয়। নিগমানন্দ আছিল ভাৰতৰ এজন সত্গুৰু আৰু সাধু। তেওঁ আছিল পূৰ্ব ভাৰতত সুপৰিচিত এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা। তেওঁ শাক্ত সম্প্ৰদায়ভুক্ত এজন ভাৰতীয় হিন্দু গুৰু, আৰু হিন্দু দাৰ্শনিকো আছিল আৰু তন্ত্ৰ আৰু যোগৰ এজন উত্কৃষ্ট আধ্যাত্মিক গুৰু হিচাপে তেওঁক গণ্য কৰা হৈছিল। নিগমানন্দৰ অনুগামীসকলে বিশ্বাস কৰে যে তেওঁ চাৰিটা বিভিন্ন সাধনাত যথা তন্ত্ৰ, জ্ঞান, যোগ আৰু প্ৰেমত সিদ্ধি লাভ কৰিছিল। এই সকলো অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁ বাংলা ভাষাত ৫খন গ্ৰন্থ ৰচনা কৰে: ব্ৰহ্মচৰ্য সাধনা, যোগী গুৰু, জ্ঞানী গুৰু, তান্ত্ৰিক গুৰু আৰু প্ৰেমিক গুৰু। স্বামী নিগমানন্দই নিৰ্বিকল্প সমাধি লাভ কৰিছিল। (বাকী অংশ পঢ়ক...)

হাৰমাইনি জিন গ্ৰেইঞ্জাৰ (ইংৰাজী: Hermione Jean Granger; pron.: /hərˈmaɪ.əni ˈdʒiːn ˈɡreɪndʒər/) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস-শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। শৃংখলাৰ প্ৰথম উপন্যাস হেৰী পটাৰ এণ্ড দ্য ফিল'ছফাৰ্চ ষ্ট'ন ৰ পৰা পৰৱৰ্তী প্ৰতিখন উপন্যাসতে তেওঁৰ উপস্থিতি আছে। শৃংখলাটিত হেৰী পটাৰ আৰু ৰন ৱিজলিয়ে তেওঁক ছোৱালীৰ স্নানাগাৰত এটা বৃহৎ ট্ৰ'লৰ পৰা ৰক্ষা কৰে আৰু তেতিয়াৰে পৰা তেওঁলোক অত্যন্ত ঘনিষ্ঠ বন্ধু হৈ পৰে। তেওঁ প্ৰায়ে নিজৰ প্ৰত্যুৎপন্নমতিতা,প্ৰখৰ স্মৃতিশক্তি আৰু অভিধান প্ৰমাণ জ্ঞান ব্যৱহাৰ কৰি ভাল পায়। ৰাউলিঙে কৈছে যে, তেওঁ হাৰমাইনিৰ মাজেৰে তেওঁৰ নিজৰ সৰুকালৰ চৰিত্ৰক প্ৰকাশ কৰিছে। (বাকী অংশ পঢ়ক...)

হিমালয় পৰ্বতমালাক সাধাৰণতে হিমালয় বোলা হয়। সংস্কৃতৰ 'হিম' আৰু 'আলয়' - এই দুটা শব্দ মিলি 'হিমালয়' শব্দটোৰ গঠন হৈছে। ইয়াৰ অৰ্থ হৈছে 'বৰফৰ ঘৰ'। হিমালয় পৰ্বতমালা ভাৰতীয় উপদ্বীপৰ উত্তৰ দিশত অৱস্থিত। পৃথিৱীৰ কেইবাখনো উল্লেখযোগ্য নদী হিমালয়ৰপৰাই উপত্তি হৈছে। দক্ষিণ এছিয়াৰ সংস্কৃতি সুগভীৰতাৰে গঢ়ি তুলি ধৰিছে। বহুতো হিমালয়ৰ শৃংগ হিন্দু, বৌদ্ধ আৰু শিখ ধৰ্মৰ পৱিত্ৰ বুলি ধৰা হয়। ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে উত্তৰ দিশত বাৰ্ষিক ১৫ ছেঃমিঃ বেগত গতি কৰি ইউৰেছিয়ান প্লেটক খুন্দা মৰাৰ ফলত হিমালয়ৰ উৎপত্তি হৈছিল। প্ৰায় ৭ কোটি বছৰৰ আগতে এই ঘটনাটো ঘটিছিল যদিও বৰ্তমানলৈকে ই চলি আছে। ইয়াৰ ফলত সমুদ্ৰপৃষ্ঠৰ পাতল শিলসমূহ ওপৰলৈ উঠি আহি পৰ্বতমালালৈ পৰিৱৰ্তন হয়। সমুদ্ৰৰ চূণশিলৰ দ্বাৰা মাউণ্ট এভাৰেষ্টৰ সৃষ্টি হোৱাতো এই ঘটনাটোৰ সত্যতা প্ৰমাণ কৰে। (বাকী অংশ পঢ়ক...)

কুইয়াৰ প্ৰাইড গুৱাহাটী ২০২১

গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (ইংৰাজী: Pride parade) হৈছে সমকামী নাৰী, সমকামী পুৰুষ, উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান। এনে অনুষ্ঠানসমূহ প্ৰাইড মাৰ্চ (pride marche), প্ৰাইড ইভেণ্ট (pride event), গৌৰৱোৎসৱ বা প্ৰাইড ফেষ্টিভেল (pride festival) নামেৰেও পৰিচিত। কিছু ক্ষেত্ৰত এনে অনুষ্ঠানসমূহে আইনী অধিকাৰ যেনে একে-লিংগৰ লোকৰ বিবাহৰ অধিকাৰ, ৰূপান্তৰকামী লোকসকলৰ সম-অধিকাৰ আদিৰ বাবে বিক্ষোভ প্ৰদৰ্শন হিচাপেও কাম কৰে। গৰিষ্ঠসংখ্যক গৌৰৱ যাত্ৰা বাৰ্ষিকভাবে আয়োজিত এক অনুষ্ঠান আৰু ১৯৬৯ চনৰ নিউয়ৰ্ক মহানগৰৰ ষ্টনৱালৰ বিদ্ৰোহক স্মৰণ কৰি জুন মাহত আয়োজন কৰা হয়। ষ্টনৱালৰ বিপ্লৱে আধুনিক এলজিবিটিকিউ সামাজিক আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰতি বছৰে এলজিবিটি সমাজৰ নবীন-প্ৰবীণ সদস্যসকলক এই সমাজৰ ইতিহাস অধিক বিস্তাৰিতভাবে জনাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ অংশ হিচাপে দীৰ্ঘদিনৰ পৰা চলি অহা এই পৰম্পৰালৈ আদৰণি জনোৱা হয়।

২০১৯ চনত নিউয়ৰ্ক মহানগৰৰ লগতে বিশ্বজুৰি ইতিহাসৰ বৃহত্তম আন্তঃৰাষ্ট্ৰীয় গৌৰৱ যাত্ৰা উদযাপন কৰা হয়। হেৰিটেজ অৱ প্ৰাইড নামৰ অ-লাভজনক সংস্থাই আয়োজন কৰা 'ষ্টনৱালৰ ৫০ - ৱৰ্ল্ড প্ৰাইড এনৱাইচ ২০১৯' নামৰ এই গৌৰৱ যাত্ৰা ষ্টনৱালৰ বিদ্ৰোহৰ স্বৰ্ণজয়ন্তীৰ (৫০তম বাৰ্ষিকী) সময়ত উদযাপন কৰা হয় য'ত কেৱল মানাহাট্টানতে ৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। নিউয়ৰ্ক মহানগৰৰ ২০১৮ চনৰ অনুষ্ঠানটোত ছখন মহাদেশৰ ৭৫০ টাৰো অধিক দলক আধিকাৰিক 'ৱৰ্ল্ড প্ৰাইড মাৰ্চ'-ত অন্তৰ্ভুক্ত কৰা হৈছিল য'ত দেৰ শতাধিক প্ৰতীকপটে অংশগ্ৰহণ কৰিছিল। (সবিশেষ পঢ়ক…)

ভাৰতীয় শিল্পকলা হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য'ত বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু আফগানিস্তানৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে। বৰ্তমানৰ আধুনিক কলা আৰু পৰম্পৰাগত ভাৰতীয় শিল্প কলাত এই আৰ্হিৰ প্ৰভাৱ আছে।

ভাৰতীয় শিল্পকলাৰ আৰম্ভণি বুলি ঐতিহাসিক যুগৰো পূৰ্বৰ ভাৰতীয় সভ্যতাক নিৰ্দেশ কৰা হয়। যি নেকি বিংশ শতিকাতকৈ ৩০০০ বছৰ পুৰণি সভ্যতাক বুজায়। তেতিয়াৰ পৰা বৰ্তমানলৈকে ভাৰতীয় শিল্পকলাত নানান সাংস্কৃতিক তথা ধৰ্মীয় প্ৰভাৱ পৰে যেনেঃ হিন্দু শিল্পকলা, বৌদ্ধ শিল্পকলা, জৈন শিল্পকলা, শিখ শিল্পকলা আৰু ইছলামিক শিল্পকলা।

ধৰ্মীয় পৰম্পৰাৰ এই জটিল মিশ্ৰণৰ স্বত্বেও, সাধাৰণতে, যিকোনো সময়ত আৰু স্থানত প্ৰচলিত শৈল্পিক শৈলীমুখ্য ধৰ্মীয় গোটবোৰে ভাৰতীয় শিল্পকলাৰ ভাগ বতৰা কৰি আহিছে।

ঐতিহাসিক কলা সমূহ, মুখ্যতঃ শিল আৰু ধাতুৰ ভাস্কৰ্য, সমূহ ভাৰতীয় জলবায়ুত আন মাধ্যমতকৈ ভালদৰে জীয়াই আছে আৰু বেছিভাগ অৱশিষ্টই এটা ভাল অৱয়বত উদ্ধাৰ হৈছে। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন শিলত নথকা বহুতো অতি গুৰুত্বপূৰ্ণ প্ৰাচীন সন্ধান ভাৰতৰ ওচৰ চুবুৰীয়া শুষ্ক জলবায়ুৰ ৰাষ্ট্ৰ সমূহত উদ্ধাৰ হৈছে। ভাৰতীয় অন্ত্যেষ্টিক্ৰিয়া আৰু দৰ্শনীয় পৰম্পৰাৰ বাবে কবৰ সমূহত উদ্ধাৰ হ'ব পৰা সামগ্ৰী সমূহৰ ক্ষেত্ৰত ভাৰতে বৰঙণি আগবঢ়াব পৰা নাই, যি নেকি ঐতিহাসিক উদ্ঘাটনৰ এক মুখ্য উৎস।

ভাৰতীয় শিল্প শৈলীক ঐতিহাসিকভাৱে ভাৰতীয় উপমহাদেশৰ বাহিৰতো অনুসৰণ কৰিছিল, তিব্বত, দক্ষিণ পূব এছিয়া আৰু চীনত বিশেষভাৱে ভাৰতীয় শিল্পৰ প্ৰভাৱ আছিল। ভাৰতীয় কলাৰ প্ৰভাৱ বিশেষকৈ মধ্য এছিয়া আৰু ইৰাণ আৰু ইউৰোপৰ দৰে ঠাই সমূহতো পৰিলক্ষিত হৈছে। ইয়াত বিতংকৈ পঢ়ক

তাৰা (সংস্কৃত: तारा) (আক্ষৰিক অৰ্থত তৰা) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিণী। বালিৰ মৃত্যুৰ পিছত তাৰা সুগ্ৰীৱৰ সৈতে বিবাহত বহে।

ৰামায়ণত তেওঁক কপিকুলৰ কবিৰাজ সুসেনৰ জীয়ৰী বুলি কোৱা হৈছে। কিন্তু ইয়াৰ পৰৱৰ্তী সূত্ৰসমূহৰ মতে তাৰা আছিল সমুদ্ৰ মন্থনৰ ফলত নিৰ্গত হোৱা এগৰাকী অপ্সৰা। তেওঁ বালিক বিয়া কৰায় আৰু অংগদৰ জন্ম দিয়ে। এক ৰাক্ষসৰ সৈতে হোৱা যুঁজত বালিৰ মৃত্যু হোৱা বুলি ভাবি সুগ্ৰীৱ নিজে কিষ্কিন্ধাৰ ৰাজপাটত বহে আৰু তাৰাক গ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী সময়ত বালিৰ প্ৰত্যাৱৰ্তন ঘটে আৰু তেওঁ ৰাজদ্ৰোহৰ অপৰাধত সুগ্ৰীৱক নিৰ্বাসন দি পুনৰ তাৰাক নিজৰ কৰি লয়।

যেতিয়া সুগ্ৰীবে বালিক দ্বন্দ্ব যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনায়, তাৰাই বালিক ৰামায়ণৰ নায়ক আৰু বিষ্ণুৰ অৱতাৰ ৰামৰ সৈতে সুগ্ৰীৱৰ মিত্ৰতাৰ বাবে এই প্ৰত্যহ্বান গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু বালিয়ে এই পৰামৰ্শ আওকাণ কৰে আৰু ৰামৰ হাতত মৃত্যু বৰণ কৰে। ৰামায়ণ আৰু ইয়াৰ পিছৰ অভিযোজনবোৰে তাৰাৰ বিলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যদিও বেছিভাগ স্থানীয় ভাষাৰ সংস্কৰণত তাৰাই ৰামক তেওঁৰ সতীত্বৰ শক্তিৰ দ্বাৰা অভিশাপ দিয়ে, কিছুমান সংস্কৰণত ৰামে তাৰাক জ্ঞান প্ৰদান কৰে।

সুগ্ৰীৱে সিংহাসন পুনৰাই লাভ কৰি তেওঁৰ সময়বোৰ আনন্দৰে অতিবাহিত কৰে আৰু ৰামক তেওঁৰ অপহৃত পত্নী সীতাক উদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হয়। সুগ্ৰীৱৰ ৰাণী আৰু মুখ্য কূটনীতিবিদৰ স্থান লোৱা তাৰাই তেতিয়া সুগ্ৰীবে বিশ্বাসঘাতকতা কৰা বুলি কিষ্কিন্ধাক ধ্বংস কৰিবলৈ ওলোৱা ৰামৰ ভ্ৰাতৃ লক্ষ্মণক শান্ত কৰাৰ পিছত সুগ্ৰীৱৰ সৈতে ৰামৰ মিলামিছা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ঘটনাৰ পিছত, তাৰাক কেৱল অঙ্গদৰ মাতৃ আৰু সুগ্ৰীৱৰ ৰাণী হিচাপেহে উল্লেখ কৰা হৈছে কিয়নো কাহিনীৰ পটভূমিয়ে কিষ্কিন্ধাৰ পৰা লংকাৰ যুদ্ধলৈ গতি কৰে।

তাৰাৰ বুদ্ধিমত্তা, উপস্থিত বুদ্ধি, সাহস আৰু তেওঁৰ স্বামী বালিৰ প্ৰতি আনুগত্য প্ৰশংসাৰ যোগ্য বুলি কোৱা হয়। তেওঁক পঞ্চকন্যা মাজত স্থান দিয়া হয় যাৰ নাম ল'লে পাপ দূৰ হয় বুলি বিশ্বাস কৰা হয়। ইয়াত বিতংকৈ পঢ়ক

আনে' ফ্ৰাংকে নেডাৰলেণ্ডছৰ আমষ্টাৰডামৰ ৬নং মণ্টেশ্বৰী স্কুলত পঢ়ি থকা সময়ৰ ছবি (১৯৪০ চন)

আনে’লিছ মেৰি ফ্ৰাংক (ইংৰাজী: Annelies Marie Frank; ১২ জুন ১৯২৯- ফেব্ৰুৱাৰী বা মাৰ্চ ১৯৪৫) ইহুদী জাতিৰ ঐতিহ্য বহনকাৰী এগৰাকী জাৰ্মান-ওলন্দাজ দিনপঞ্জী লেখিকা আছিল। ইহুদী গণহত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত সবাতোকৈ চৰ্চিত নামবোৰৰ অন্যতম হৈছে আনে' ফ্ৰাংক। ১৯৪৭ চনত প্ৰকাশ পোৱা 'দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল' (প্ৰথমে ওলন্দাজ ভাষাত 'Het Achterhuis' নামেৰে কিতাপখন প্ৰকাশ পাইছিল, যাৰ ইংৰাজী ভাষাত অৰ্থ The Secret Annex) গ্ৰন্থৰ বাবে তেওঁ মৰণোত্তৰভাৱে বিশ্বজোৰা খ্যাতি লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে নেডাৰলেণ্ডছ দখল কৰাৰ পাছত ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈ গোপনে কটোৱা কালছোৱাৰ বিষয়ে তেওঁ এই দিনলিপিত বৰ্ণনা কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত আনে'ৰ এই দিনলিপিখন বিশ্বৰ সবাতোকৈ পৰিচিত আৰু চৰ্চিত গ্ৰন্থসমূহৰ অন্যতম। ইয়াৰ ভিত্তিত কেবাখনো নাটক আৰু চলচ্চিত্ৰও নিৰ্মাণ হৈছে। (বিতং ভাৱে পঢ়ক............)

ৰয়েল চ'ছাইটিৰ সভ্যৰূপে নিৰ্বাচন হোৱাৰ দিনাখন লণ্ডনত ইলন মাস্ক্, জুলাই ২০১৮ চন

ইলন ৰিভ্ মাস্ক্ (জন্ম: ২৮ জুন ১৯৭১) এগৰাকী পুঁজিপতি, বিনিয়োগকাৰী আৰু সমাজহিতৈষী লোক। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ (SpaceX) প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী। তেওঁ টেছলা (Tesla Inc.) কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু স্থপতি; নিউৰালিংকৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া, আৰু পেইপলৰ সহ-প্ৰতিষ্ঠাপক। ব্লুমবাৰ্গ বিলিয়নাৰ্ছ্ ইণ্ডেক্স আৰু ফ'ৰ্বছৰ বাস্তৱ-সময়ৰ বিলিয়নাৰৰ তালিকা অনুসৰি ২০২২ চনৰ মে' মাহলৈ আনুমানিক ২৬৫ বিলিয়ন ডলাৰ সম্পত্তিৰে সৈতে মাস্ক্ সমগ্ৰ বিশ্বৰ ভিতৰতে সবাতোকৈ চহকী ব্যক্তি। (বিতং ভাৱে পঢ়ক............)

১৯৪০ চনৰ মহাত্মা গান্ধী

মোহনদাস কৰমচান্দ গান্ধী ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়। তেখেতক সাধাৰণতে মহাত্মা (ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক 'মহান আত্মা') নামেৰেও জনা যায়। ভাৰতীয় সকলে তেখেতক জাতিৰ পিতাৰ মৰ্যাদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়। (বিতং ভাৱে পঢ়ক............)

ৰুবিয়াছ হেগ্ৰিডৰ চৰিত্ৰত ৰব্বি কোলট্ৰেন

ৰুবিয়াছ হেগ্ৰিড (ইংৰাজী: Rubeus Hagrid) জে কে ৰাউলিং সৃষ্ট হেৰী পটাৰ শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। “হেৰী পটাৰ এণ্ড দ্য ফিল’ছ'ফাৰ্ছ ষ্ট'ন”ত আবিৰ্ভাৱ ঘটা অৰ্ধ-দৈত্য আৰু অৰ্ধ-মানৱ হেগ্ৰিড হ’ল হগৱাৰ্টছৰ গৰখীয়া তথা ছাবিসমূহৰ ৰক্ষক। তৃতীয় উপন্যাস “হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান”ত হেগ্ৰিডক যাদু প্ৰাণী সমূহৰ তত্ত্বাৱধানৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হয় আৰু পিছলৈ তেওঁ অৰ্ডাৰ অৱ দ্য ফিনিক্সৰ এজন সদস্য হয়। (বিতং ভাৱে পঢ়ক............)

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Rasaraj Lakshminath Bezbaroa; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক আৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল।[1] কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰি-ধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে। বিট্ৰিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল। ১৯০৯ চনত তেওঁ 'বাঁহী' আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' লক্ষ্মীনাথ বেজবৰুৱাৰদ্বাৰাই ৰচিত৷ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷ অসমৰ বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৰ্মক স্বীকৃতি জনাই মন্তব্য কৰিছে যে-যি যি ক্ষেত্ৰত তেওঁ অসমীয়া সাহিত্যৰ অভাৱ বা দাৰিদ্ৰ্য অনুভৱ কৰিছিল সেই সেই ক্ষেত্ৰত প্ৰবল আত্মপ্ৰত্যয় আৰু প্ৰতিভাৰে তেওঁৰ সৃষ্টি কাৰ্যত কঁকালত টঙালি বান্ধি নামি গৈছিল৷(বিতং ভাৱে পঢ়ক............)

হোমেন বৰগোহাঞি

হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain; ১৯৩২ – ২০২১) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। 'পিতা-পুত্ৰ' গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে, ২০১৫ চনত, এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল। হোমেন বৰগোহাঞিয়ে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। বিবাহসূত্ৰে তেওঁ অসমৰ আন এগৰাকী প্ৰখ্যাত সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ স্বামী আছিল আৰু দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ উপন্যাসখন লিখি উলিয়াইছিল। বৰগোহাঞিয়ে 'সাউদৰ পুতেকে নাও মেলি যায়', 'হালধীয়া চৰায়ে বাওধান খায়', 'অস্তৰাগ', 'পিতাপুত্ৰ', 'মৎসগন্ধা', 'তিমিৰ তীৰ্থ' আদি বহুকেইখন উপন্যাসৰ উপৰি কেইবাখনো আত্মজীৱনী, স্মৃতি-কথা, প্ৰবন্ধ-সংকলন, গল্প-সংকলনৰ উপৰি যথেষ্ট সংখ্যক কবিতা লিখিছে। বৰগোহাঞিৰ উপন্যাস 'হালধীয়া চৰায়ে বাওধান খায়'ৰ কাহিনীভিত্তিক জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবিখনে ১৯৮৮ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল।২০১৫ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ নীলাচল, সাতসৰী, আমাৰ অসম, অসম বাণী, সূত্ৰধাৰ আদিকে ধৰি ভালেকেইখন কাকত-আলোচনীৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ... (বিতং ভাৱে পঢ়ক............)

ভাৰতীয় চলচ্চিত্ৰ

ভাৰতীয় চলচ্চিত্ৰই বিংশ শতাব্দীৰ আৰম্ভণিৰে পৰা বিশ্বৰ চলচ্চিত্ৰত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ভাৰতীয় চলচ্চিত্ৰই অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, পঞ্জাব, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গৰ পৰা নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহক সামৰি লয়। দক্ষিণ এছিয়া, মধ্য-প্ৰাচ্য, দক্ষিণ-পূব এছিয়া আৰু পূৰ্বৰ ছোভিয়েট সংঘত ভাৰতীয় চলচ্চিত্ৰৰ গুণগ্ৰাহী দৰ্শক আছে। চলচ্চিত্ৰ ভাৰতৰ এক অতি জনপ্ৰিয় মাধ্যম। দেশখনত বছৰি বিভিন্ন ভাষাত এহাজাৰতকৈয়ো অধিক ছবি নিৰ্মাণ হৈছিল। ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশতো বিভিন্ন ভাষাত নিৰ্মিত ভাৰতীয় ছবিসমূহৰ দৰ্শক বৃদ্ধি পাই আহিছে। দাদাচাহেব ফালকেক ভাৰতীয় চলচ্চিত্ৰৰ জনক আখ্যা দিয়া হয়। এইগৰাকী ব্যক্তিৰ সন্মানাৰ্থে ভাৰত চৰকাৰে ১৯৬৯ চনৰ পৰা দাদাচাহেব ফাল্কে বঁটা প্ৰৱৰ্তন কৰিছে। প্ৰতিবছৰে যথেষ্ট মৰ্যাদাপূৰ্ণ এই বঁটা ভাৰতীয় চলচ্চিত্ৰলৈ জীৱনজুৰি আগবঢ়োৱা অৱদানৰ বাবে একোগৰাকী চলচ্চিত্ৰ ব্যক্তিত্বক প্ৰদান কৰা হয়। ... (বিতং ভাৱে পঢ়ক............)