সদস্য:Psneog/August

অসমীয়া ৱিকিপিডিয়াৰ পৰা




নিৰ্বাচিত প্ৰবন্ধ


আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (ইংৰাজী: Avul Pakir Jainulabdeen Abdul Kalam; ১৫ অক্টোবৰ ১৯৩১ - ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম ড° এ. পি. জে. আব্দুল কালাম, এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এ’ৰস্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, তেখেত এজন এ’ৰস্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল। কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে ভাৰতৰ মিছাইল মানৱ, ভাৰতত বালাষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত, ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" নিউক্লীয়েৰ পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মূখ্য ভুমিকা পালন কৰিছিল তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে ড° কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাৱা আৰু বিক্ৰম চাৰাভাইয়ে কৰি থৈ যোৱা কাম খিনি আগবঢ়াই নিছিল।

২০০২ চনত ড° কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়, তেখেতক ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল। বৰ্তমান তেখেতে IIM-আহমেদাবাদ আৰু IIM-ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপূৰমৰ “ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institute of Space Science and Technology Thiruvananthapuram) ৰ চেন্সেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এ’ৰস্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱে‍ষণা প্ৰতিষ্ঠানৰ সংলগ্ন/অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ আই আই এমত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।

বিতংকৈ পঢ়ক...

নিৰ্বাচিত চিত্ৰ

২০০৪ চনৰ গণতন্ত্ৰ দিৱসত অগ্নি মিচাইল

ৱিকিমিডিয়া কমনচ
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


উল্লেখনীয় কাম

সম্পাদকীয়

এটা যুগৰ অন্ত পৰিল। কিন্তু এই যুগসন্ধিত আমাৰ গতি স্তব্ধ নহয়। আমি শোক নকৰোঁ আজি। তেখেতৰ শিক্ষাৰেই শিক্ষিত হৈ আমি উদযাপন কৰিম তেখেতৰ অনন্ত জীৱন। এয়েই হ'ব আজি আমি তেখেতক দিবপৰা একমাত্ৰ উপহাৰ আৰু সৰ্বোচ্চ সন্মান।

তেখেতৰ সাহসকেই সাৰথি কৰি তেখেতে দেখুৱাই যোৱা পথতেই আমি আগবাঢ়ি যাম - এই প্ৰতিজ্ঞাৰে অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ সমূহ সদস্যৰ তৰফৰপৰা এই অমৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰিলোঁ।

প্রভাকৰ শৰ্মা নেওগ
১ আগষ্ট, ২০১৫, শিলচৰ।

শ্ৰদ্ধাঞ্জলি

  • মহানন্দ শৰ্মা অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। ৭০-৮০ দশকত ভ্ৰাম্যমান থিয়েটাৰত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা এই শিল্পীগৰাকীয়ে ২০০৪ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে। তেখেতক বিভিন্ন সংগঠনে 'মঞ্চ ভাস্কৰ', 'মঞ্চ কোঁৱৰ', 'নাট্য প্ৰভাকৰ', 'চিৰ সেউজ', 'মহাগুৰু' আদি বিভিন্ন অভিধাৰে বিভূষিত কৰিছিল। ২০ জুন ২০১৫ত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বৃক্কৰ ৰোগত মৃত্যুবৰণ কৰে।
    (বিতংকৈ পঢ়ক...)
  • নেক চান্দ চে'নি এজন স্ব-শিক্ষিত ভাৰতীয় শিল্পী যাক চণ্ডিগড়ৰ ১৮ একৰ মাটি আৱৰি ৰখা বিখ্যাত ৰক গাৰ্ডেনৰ নিৰ্মাতা হিচাপে জনা যায় । ১৯৪৭ চনত হোৱা দেশ বিভাজনৰ সময়ত তেওঁৰ পৰিয়ালটি আহি চণ্ডিগড়ত থিতাপি লয়হি । সেই সময়্ত চুইচ/ফ্ৰেন্স স্থাপত্য শিল্পী লী কৰ্বোচিয়াৰৰ তত্বাৱধানত চণ্ডিগড়ক আধুনিক চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল । ইয়েই হৈছে ভাৰতৰ প্ৰথমখন পৰিকল্পিত মহানগৰ আৰু তাৰেই গড়কাপ্তানী বিভাগত পথ পৰিদৰ্শক হিচাপে চান্দ নিযুক্ত হয় । ১৯৮৪ চনত তেওঁক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানৰে বিভোষিত কৰা হয় ।
    (বিতংকৈ পঢ়ক...)
ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
দিব্য দত্ত ১৯৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰভাকৰ শৰ্মা নেওগ (কাৰিকৰী সহায়ক) ১৮১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ১৪৫ ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশাণ কাশ্যপ হাজৰিকা ১০৭ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি বৰা ১০২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন (নিয়ৰপৰশ) ৫৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হীৰক নয়ন ভূঞা ৫৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
JBDVIJASDVI ২৫ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দীপাংকৰ চেতিয়া ২৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ উদ্দীপ তালুকদাৰ ১৮ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ মেঘনীল ১৭ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ অংশুমান দত্ত ১১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )