সমললৈ যাওক

চ'মাংকান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চমাংকানৰ পৰা পুনঃনিৰ্দেশিত)
চমাংকান
সম্পূৰ্ণ নাম Chomangkan
পালন কৰে অসমৰ কাৰ্বি জনগোষ্ঠী
প্ৰকাৰ অসমৰ উৎসৱ

চমাংকান (ইংৰাজী: Chomangkan) কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বিসকলৰ চমাংকান হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়। কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণৰূপে পাপ-তাপ, দুখ-ক্লেশ আদিৰপৰা পৰিত্ৰাণ নাপায়। সাধাৰণতে তিনিদিনীয়াকৈ এই অনুষ্ঠান পতা হয়। চমাংকান এটা খৰচী অনুষ্ঠান, সেয়ে সকলো গৃহস্থই চমাংকান পাতিব নোৱাৰে। সেয়েহে বহুকেইজন মৃতকৰ বাবে একেলগেও চমাংকান পতা হয়।[1]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

চমাংকান এটা খাছি নৃত্য। অতীজৰে পৰা খাছি আৰু জয়ন্তীয়াসকলৰ মাজত থকা বাবে কাৰ্বিসকলৰ সাজ-পাৰ, নৃত্য-গীত আদিত খাছি আৰু জয়ন্তীয়াসকলৰ প্ৰভাৱ বিদ্যমান। কিছুমান পণ্ডিতৰ মতে প্ৰথমে এই উৎসৱৰ নাম আৰ্লেং কাৰ্হি আছিল আৰু পিছলৈ খাছি সকলৰ প্ৰভাৱত চমাংকান হ'ল।

চমাংকান শব্দটোৰ আক্ষৰিক অৰ্থ হল খাচী নৃত্য। কাৰ্বি ভাষাত "চমাং"ৰ অৰ্থ খাচী আৰু কান মানে নৃত্য। কিন্তু উল্লেখযোগ্য কথা হল চমাংকান নামৰ কোনো নৃত্যৰ প্ৰচলন খাচীসকলৰ মাজত দেখা পোৱা নাযায়। চমাংকান শব্দটোৰ বুৎপত্তি বিষয়ক বিভিন্ন ব্যাখ্যা কাৰবিসকলৰ মাজত পোৱা যায়। এটা ব্যাখ্যা অনুযায়ী কাৰ্বি ভাষাত চমাং মানে যম বা খাছি আৰু কান বা কেনান মানে উৎসৱ বা নাচ। সেই অৰ্থত যম বা মৃতলোকৰ উৎসৱ অথবা খাছীসকলৰ মাজত প্ৰচলিত নৃত্য-গীত এই অৰ্থহে চমাংকানৰ সৈতে খাপ খায়। কাৰিবসকলৰ চমাংকান উৎসৱত ডেকা-গাভৰুৱে নচা নিমছ’কেৰুং নাচৰ সৈতে খাছীসকলৰ নংক্ৰেম নাচ আৰু এই চমাংকান উৎসৱতে ঢাল-তৰোৱাল লৈ নচা চমছিনাং ৰণ নৃত্যৰ সৈতে খাছীসকলৰ আন এটা ৰণনৃত্য পাছতিয়েচ বা মাছতিয়েচৰ বিশেষ মিল আছে [2][3]

কাৰবিসকলৰ মাজত প্ৰচলিত এক কিংবদন্তি মতে কাৰবি প্ৰখ্যাত যোদ্ধা আৰু সমাজ সংস্কাৰক থিৰেংৱাংৰেঙৰ লগত থকা যমৰাজৰ মিতিৰ সম্পৰ্কৰ (তেওঁলোকৰ বিশ্বাস মতে থিৰেংৱাংৰেঙে যমৰজাৰ জীয়েকক বিয়া কৰাইছিল) সুবাদতে তেওঁ যমৰজাই পালন কৰা নৃত্য উপভোগ কৰাৰ সুবিধা পাইছিল। আৰু তাৰ পৰাই চমাংকান শব্দটোৰ অৰ্থ বিশ্লেষণত চম শব্দৰ অৰ্থ যম আৰু কানৰ অৰ্থ নৃত্য-গীত বুলি কব খোজে বিভিন্নজনে। থিৰেংৱাৰেঙৰ প্ৰচলিত কিংবদন্তিটো আকৌ আন এচামৰ মতে অন্য ধৰণৰ। তেওঁলোকৰ মতে এই থিৰেংৱাৰেঙে মানুহৰ আত্মাই যমপুৰীত ভোগা দুৰ্ভোগ দেখি ইয়াক লাঘৱ কৰাৰ উদ্দেশ্যে মৃত্যুৰ অধিপতিগৰাকীক সন্তুষ্ট কৰাৰ বাবে উৎসৱৰ প্ৰৱৰ্তন কৰিছিল। আৰু এই চম-আৰং-আকান অৰ্থাৎ যমপুৰীৰ উৎসৱৰ পৰাই সময়ত চমাংকান হিচাপে ই পৰিচিতি লাভ কৰিছিল।[4]

কাৰবিসকলৰ মাজত প্ৰচলিত অন্য এটা জনশ্ৰুতি মতে চুমুং চামাৰ ফৈদৰ কাৰ্বি চিকাৰী এজনে কুকুৰ মেলি দি চিকাৰত এদিনাখন গুঁই এটা পালে আৰু তাক মাৰিব খোজোঁতে সি মৃতলোকৰ পৰা অহা কথাটো জনাই প্ৰাণ ৰক্ষাৰ বাবে কাকূতি-মিনতি কৰিলে। তাৰ বিনিময়ত সি চিকাৰীজনক যমৰাজ্য দেখুৱাৰ দায়িত্ব ললে। সেই মতে চিকাৰীজনে যমৰাজ্যলৈ গৈ উভতি আহি মৃতকৰ উদ্ধাৰৰ বাবে চমাংকান শ্ৰাদ্ধ-বিধিৰ প্ৰচলন কৰিলে। অন্য এক বিশ্বাস মতে – কাৰিবসকলৰ মৃতকৰ উৎসৱলৈ ওচৰৰ কাৰবি গাঁৱৰ লোকক নিমন্ত্ৰণ কৰাৰ পৰাও চমাংকান নামটোৰ উৎপত্তি সম্পৰ্কিত। ওচৰৰ গাঁৱৰ পৰা অহা নিমন্ত্ৰিত এনে দলক কাৰবি ভাষাত চমফাং বোলে। এই বেলেগ বেলেগ দলৰ সমূহীয়া নৃত্য-অনুষ্ঠানক আকৌ চমফাংকান বোলে। কালক্ৰমত এই চমফাংকানৰ ফ লোপ পাই চমাংকান হল বুলি বহুতে ধাৰণা কৰে।

ৰীতি-নীতি

[সম্পাদনা কৰক]

কাৰ্বি সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে তেওঁলোকো মৃতদেহটো তেওঁৰ আত্মীয়সকল আহি নোপোৱালৈকে ৰাখি থয়। আত্মীয়সকল অহাৰ পিছত আনুষ্ঠানিকতা ৰক্ষা কৰি শৱ সৎকাৰ কৰা হয় আৰু হাড়বোৰ পুতি থোৱা হয়। তাৰ পিছত চমাংকান পতা বাধ্যতামূলক। এই অনুষ্ঠান পতাৰ নিৰ্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো "শুভ অনুষ্ঠান দেহাল বা ৰংকেৰ পূজাভাগ আৰু লখিমীপূজা হাচাকিকান পাতি উঠাৰ পাছতহে সাধাৰণতে 'চ'মাংকান' পতা হয়। [5]

চমাংকান উৎসৱত দুগৰাকী ব্যক্তিয়ে মুখ্য ভূমিকা পালন কৰে। উছেপি এগৰাকী বয়সীয়া কাৰ্বি মহিলা। তেওঁ এগৰাকী পেছাদাৰী কান্দনী। তেওঁ চমাংকানত সুৰ লগাই শোক গীতসমূহ গায়। দুইহুদিয়ে চমাংকানৰ ৰীতি-নীতৰ পৰ্যায় ৰক্ষা কৰে। লগতে তেওঁ চমাংকানৰ বাদ্য সম্পৰ্কে চোৱা-চিতা কৰে। গাঁৱৰ সীমাৰ বাহিৰত সাধাৰণতে চমাংকান উৎসৱ পতা হয়। এই উদ্দেশ্যে এটা বৰ্গ আকৃতিৰ পুখুৰী খন্দা হয়। ইয়াৰ চাৰিওফালে চাৰিডাল জাম্বিলী আথন পোতা হয়। চমাংকানৰ নৈবেদ্য ৰখা শিলৰ কাষত আন এটা জাম্বেল্লি আথান পোতা হয়। ইয়াৰ বাহিৰেও আন এটা বাঁহৰ খুটা ধুনীয়াকৈ সজাই কাউৰী মণি ওলমাই দিয়া হয়। মৃতকৰ প্ৰতীক হিচাপে খেৰৰ প্ৰতিকৃতি এটা চমাংকানৰ চতুৰ্থ দিনা জ্বলাই দিয়া হয়। পিছ দিনা পুৱা গৃহস্থৰ চোতালত কাৰ্বি সৃষ্টি তত্ত্ব গোৱা হয়।[6]

চমাংকান তিনি প্ৰকাৰৰ। বৈষয়িক অৱস্থা অনুসৰি 'চ'মাংকান' তিনি প্ৰকাৰে পতা হয়:

  • সাধাৰণ পৰ্যায়: কান ফ্লাফ্লাং
  • মধ্যম পৰ্যায়: লাংটুক আৰু
  • উচ্চ পৰ্যায়: হাৰ্ণে

প্ৰথম দিন

[সম্পাদনা কৰক]

'চ'মাংকান'ৰ প্ৰথম দিনা মৃতকৰ পৰিয়াল-পৰিজনে ৰাইজক লগত লৈ ঢোলে-দগৰে নিজৰ 'থিৰি' বা শ্মাশানশালিলৈ গৈ প্ৰতিজন মৃতকৰ চিতাশালি (টিপিত)ৰ পৰা অস্থিৰ সলনি কড়ি (ছ'বাই) এটাকে হাড়ৰ প্ৰতীক ৰূপে গাভৰু এগৰাকীয়ে বোকোচাত কৰি লৈ গৃহস্থৰ ঘৰলৈ আনে। সেয়া মৃতকৰ পুনৰ জীৱনৰ প্ৰতীক বুলি গণ্য কৰা হয়। মৃতকৰ নিয়ম-নীতি জনা ওচেপী এগৰাকীয়ে প্ৰতীকী ৰূপত জীৱন লাভ কৰা ব্যক্তিকেইজনক ৰান্ধি-বাঢ়ি খুৱায়। তাৰ পাছতেই ওচেপীগৰাকীয়ে ঘোষণা কৰে যে এইসকল ব্যক্তিৰ পুনৰ টান নৰিয়া আৰু ওজাই মংগল চাই কয় যে এইসকল ব্যক্তিত বচাব নোৱাৰি। তেতিয়া ৰোগী থোৱা ঘৰৰ পৰা কান্দোনৰ সুৰ ভাঁহি আহে আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় একেলেথাৰিয়ে বিননি তুলি কন্দাৰ পৰম্পৰা। যিগৰাকী মহিলাই বিননি তুলি কান্দে তেওঁক কাচাৰ্হেপী' বা 'লুঞ্চেপী' বোলে। বিননিত গোৱা হয় মৃত ব্যক্তিজনৰ জীৱিত কালৰ মনৰ হেঁপাহৰ কথা।

দ্বিতীয় দিন

[সম্পাদনা কৰক]

দ্বিতীয় দিনা বিভিন্ন গাঁৱৰ পৰা দহা বা শ্ৰাদ্ধৰ থলীলৈ ৰাইজ আহে। বয়সস্থ পুৰুষ-মহিলা, ডেকা-গাভৰু প্ৰত্যেকেই মৃতকলৈ মদ-ভাত, বিড়ি-চাধাৰ লগতে খনীয়া তামোল একোখন যাচে। গৃহস্থ ঘৰেও আলহীক সন্মান যাচি মদ-পানী খুৱায়। তাৰ লগতে দ্বিতীয় দিনাই 'চ'মাংকান' নাচিবলৈ বিভিন্ন গাঁৱৰ পৰা ডেকা-গাভৰুৰ শিল্পী দলসমূহ আহি মৃতকৰ ঘৰত উপস্থিত হয়। তেওঁলোকে নিজৰ লগত প্ৰতিখন গাঁৱৰ কাৰ্বি জাতীয় প্ৰতীক 'জাম্বিলী আথন' একোটা আনে। 'চ'মাংকান' উৎসৱ কাৰ্বি সকলৰ কৃষ্টিৰ প্ৰাণ বুলি ধৰা হয় যদিও জাম্বিলী আথনক কাৰ্বি কৃষ্টিৰ আত্মা বুলি কোৱা হয়। ইহলোক আৰু পৰলোকৰ মাজত যোগসূত্ৰ স্থাপনাৰ্থে এই প্ৰতীক ব্যৱহাৰ কৰা হয়। চাৰ্হেপীয়ে তোলা বিননি আৰু ঢুলীয়াই বজোৱা ঢোলৰ মাত 'চ'মাংকান'ৰ তিনিটা দিনত বন্ধ কৰিব নালাগে। বন্ধ হোৱাটোক অশুভ বুলি বিবেচিত কৰা হয়।

'দুহুইদি'জন চোতাললৈ ওলাই অহাৰ পিছত 'চ'মাংকান' শোকৰ বা ধৰ্মীয় অনুষ্ঠান হৈ নাথাকি, ই উৎসৱলৈ পৰিণত হয় আৰু মৃত ব্যক্তিৰ ঘৰৰ চোতালত নাচ-গানৰ পৰিবেশন কৰা হয়। ঢোল-বাদ্যৰ তালে তালে নচা হয় ঢাল-তৰোৱাল নৃত্য (চাং কিদামকেকান), 'চ'মাংকান' নৃত্য মিৱেই ৱই ককোন, আৰু গাভৰু সকলে মুখত ওৰণি লৈ ডেকাসকলৰ কঁকালত ধৰি নচা নৃত্য মিমচু কেৰং কেকান। এই নৃত্যত একে কুলৰ ডেকাই একে কুলৰ গাভৰুৰ হাতত ধৰি নাচিব নোৱাৰে। 'চ'মাংকান'ত মৃতকৰ মংগলাৰ্থে গাহৰি, কুকুৰাও কটা হয়। এই কাৰ্য্য সাধাৰণতে কাৰ্বি সমাজত উচ্চ স্থানত ৰখা মোমায়েক সকলে সমাধান কৰিব লাগে।

তৃতীয় দিন

[সম্পাদনা কৰক]

তৃতীয় দিনাৰ আবেলিপৰত ঢোলে-দগৰে মৃতকৰ প্ৰতীক ৰূপৰ খেৰৰ জুমুঠিকেইটা পুনৰ শ্মশানলৈ নিয়া হয় আৰু চিতাৰ জুইত জুমুঠিবোৰ তুলি দিয়া হয়। কাৰ্বিসকলৰ মতে তেতিয়া হে মৃতকৰ আত্মাই সিপুৰীলৈ যাত্ৰা কৰে আৰু স্বৰ্গপ্ৰাপ্তি হয়।

চমাংকানৰ গীত

[সম্পাদনা কৰক]

উছেপিয়ে চমাংকানৰ গীত গায়। প্ৰথম তিনি দিন গোৱা গীতক কাপা এৰ বোলে। এই গীতবোৰ যৌন প্ৰধান। মৃতকৰ পুনৰ জন্মৰ আশাৰে এই গীত গোৱা হয়।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. সুৰেন্দ্ৰ বৰুৱা. কাৰবি লোক সমাজ-সাহিত্য সংস্কৃতিত এভূমুকি. পৃষ্ঠা. ১৪. 
  2. B.N. Bordoloi (1982). Chamangkan, the death ceremony performed by the Karbis. 
  3. Hamlet Bareh: The History and Culture of the Khasi People. 1967. 
  4. "Langtuk Chomangkan: A Karbi ritualistic festival for the dead". nezine.com. https://www.nezine.com/info/aVZEZVVRZ1ZHTzBVMjNtYU1lclgyUT09/langtuk-chomangkan:-a-karbi-ritualistic-festival-for-the-dead.html. 
  5. মুৰুলীধৰ দাস. তিৱা আৰু কাৰ্বি লোক-সংস্কৃতিৰ লেছেৰি বুটলি. পৃষ্ঠা. ৪৮. 
  6. ডেকা আৰু ডেকা (২০০৮). ৰচনা প্ৰৱাহ. পৃষ্ঠা. ৩০৩. 
  7. কাৰ্বি কৃষ্টিৰ উৎস.