ছমাংকান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছমাংকান
সম্পুৰ্ণ নাম Chomangkan
পালন কৰে অসমৰ কাৰ্বি জনগোষ্ঠী
প্ৰকাৰ অসমৰ উৎসৱ

ছমাংকান (Chomangkan) অসমৰ কাৰ্বি জনগোষ্ঠী সকলৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বি সকলৰ ছমাংকান হ'ল মৃতকৰ উৎসৱ।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

ছমাংকান এটা খাছি নৃত্য। অতীজৰে পৰা খাছি আৰু জয়ন্তীয়াসকলৰ মাজত থকা বাবে কাৰ্বি সকলৰ সাজ-পাৰ, নৃত্য-গীত আদিত খাছি আৰু জয়ন্তীয়াসকলৰ প্ৰভাৱ বিদ্যমান। কিছুমান পণ্ডিতৰ মতে প্ৰথমে এই উৎসৱৰ নাম আৰ্লেং কাৰ্হি আছিল আৰু পিছলৈ খাছি সকলৰ প্ৰভাৱত ছমাংকান হ'ল।

উৎসৱৰ বৰ্ণনা[সম্পাদনা কৰক]

কাৰ্বি সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে তেওঁলোকো মৃতদেহ তেওঁৰ আত্মীয় সকল আহি নোপোৱালৈকে ৰাখি থয়। আত্মীয় সকল অহাৰ পিছত আনুষ্ঠানিকতা ৰক্ষা কৰি শৱ সৎকাৰ কৰা হয় আৰু হাড়বোৰ পুতি থোৱা হয়। তাৰ পিছত ছমাংকান পতা বাধ্যতামূলক ।

ছমাংকান তিনি প্ৰকাৰৰ। সমৃদ্ধশালী সকলে ডাঙৰকৈ পতা ছমাংকানক হাৰ্নে ছমাংকান বোলে।

উৎসৱৰ ৰীতি-নীতি[সম্পাদনা কৰক]

ছমাংকান উৎসৱত দুগৰাকী ব্যক্তিয়ে মূখ্য ভূমিকা পালন কৰে।

উছেপি[সম্পাদনা কৰক]

উছেপি এগৰাকী বয়সীয়া কাৰ্বি মহিলা। তেওঁ এগৰাকী পেশাদাৰী কান্দনী। তেওঁ ছমাংকানত সুৰ লগাই শোক গীত সমূহ গায়।

দুইহুদি[সম্পাদনা কৰক]

দুইহুদিয়ে ছমাংকানৰ ৰীতি-নীতৰ পৰ্যায় ৰক্ষা কৰে। লগতে তেওঁ ছমাংকানৰ বাদ্য সম্পৰ্কে চোৱা-চিতা কৰে।

গাঁৱৰ সীমাৰ বাহিৰত সাধাৰণতে ছমাংকান উৎসৱ পতা হয়। এই উদ্দেশ্যে এটা বৰ্গ আকৃতিৰ পুখুৰী খন্দা হয়। ইয়াৰ চাৰিওফালে চাৰিডাল জাম্বেল্লি আথান পোতা হয়। ছমাংকানৰ নৈবেদ্য ৰখা শিলৰ কাষত আন এটা জাম্বেল্লি আথান পোতা হয়। ইয়াৰ বাহিৰেও আন এটা বাঁহৰ খুটা ধুনীয়াকৈ সজাই কাউৰী মণি ওলমাই দিয়া হয়।

মৃতকৰ প্ৰতীক হিচাপে খেৰৰ প্ৰতিকৃতি এটা ছমাংকানৰ চতুৰ্থ দিনা জ্বলাই দিয়া হয়। পিছ দিনা পুৱা গৃহস্থৰ চোতালত কাৰ্বি সৃষ্টি তত্ত্ব গোৱা হয়।

ছমাংকানৰ গীত[সম্পাদনা কৰক]

উছেপিয়ে ছমাংকানৰ গীত গায়। প্ৰথম তিনি দিন গোৱা গীতক কাপা এৰ বোলে। এই গীতবোৰ যৌন প্ৰধান। মৃতকৰ পুনৰ জন্মৰ আশাৰে এই গীত গোৱা হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • ৰচনা প্ৰৱাহ,ডেকা আৰু ডেকা, ,২০০৮,পৃষ্ঠা-৩০৩ (১)