দেও লাংখুই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দেওলাংখুইৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
দেও লাংখুই  
লেখক ড° ৰীতা চৌধুৰী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক জ্যোতি প্ৰকাশন
প্ৰকাশ এপ্ৰিল, ২০১০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

দেও লাংখুই হৈছে ড° ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। দেও লাংখুই মানে দেও লগা তৰোৱাল৷ ইয়াত জোঙাল বলহুৰ হাতত থকা দেও লাংখুইৰ কথা কোৱা হৈছে৷ উপন্যাসখনত তিৱাসমাজৰ সমাজ-সংস্কৃতিৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰা হৈছে৷ ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে৷ এই উপন্যাস খনে ২০০৮ বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰে৷

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ড° ৰীতা চৌধুৰী (জন্ম:২০ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা।[1][2] তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

কাহিনীৰ মূল চৰিত্ৰ বুলিবলৈ হ’লে আবি কনচাৰীৰ নাম লব লাগিব৷ আবি কনচাৰীৰ পূৰ্বৰ নাম আছিল চন্দ্ৰপ্ৰভা৷ চন্দ্ৰপ্ৰভাক তেওঁৰ পতি প্ৰতাপসিংহই মিছা সন্দেহৰ বশৱৰ্তী হৈ গোভাৰজা সাধুকুমাৰৰ লগত নিৰ্বাসন দিয়ে৷ চন্দ্ৰপ্ৰভাই গোভা সমাজৰ লগত মিলি যায় আৰু সেই সমাজৰ নিয়মমতে আবি কনচাৰী নাম লয়৷ নিৰ্বাসনৰ আবি কনচাৰী অন্তঃসত্ত্বা আছিল আৰু তেওঁ গোভাৰাজ্যত এটা পুত্ৰসন্তানৰ জন্ম দিয়ে৷ সন্তানটোৰ নাম ৰখা হয় আৰিমত্ত বা মৃগাংক৷ আৰিমত্তৰ খলা ৰাজ্যৰ ৰাণী গংগাৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ কিন্তু সামাজিক বাধা নিষেধৰ বাবে তেওঁলোকৰ মাজত বিবাহ সম্ভৱ হৈ নুঠিল৷ এই কথাত ক্ষোভিত হৈ আৰিমত্তই কমতাপুৰৰ সিংহাসন অধিকাৰ কৰি তাতেই থকাৰ সিদ্ধান্ত লয়৷ তেওঁ কমতাপুৰৰ মন্ত্ৰী নীলকান্তৰ জী ৰত্নাৱলীক বিয়া কৰায়৷ তেওঁলোকৰ ৰত্নসিংহ আৰু লখাইতৰা নামৰ দুটি সন্তান জন্ম হয়৷ কিন্তু ৰত্নাৱলীৰ পূৰ্বৰ প্ৰেমিক ফেংগুৱা কোৱঁৰৰ চক্ৰান্তত আৰিমত্তই প্ৰতাপসিংহৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰে৷ এই সুযোগতে ফেংগুৱা কোৱঁৰে ৰত্নাৱলীক হত্যা কৰি লখাইতৰাক লৈ পলাই যায়৷ ইপিনে আৰিমত্ত আৰু প্ৰতাপসিংহৰ মুখামুখি যুদ্ধত প্ৰতাপসিংহ আহত হয়৷ কিন্তু প্ৰতাপসিংহই আৰিমত্তক নিজৰ পুত্ৰ বুলি চিনি পায়৷ কিছুদিন পিছত প্ৰতাপ সিংহৰ মৃত্যু হয় আৰু তেওঁ মৃত্যুৰ আগে আগে গোটেই ৰাজ্য আৰিমত্তক গতাই যায়৷ কিন্তু কমতাপুৰৰ ঘটনাবোৰ শুনি আৰিমত্ত শোকস্তব্ধ হৈ পৰে আৰু এখন গাঁও পাতি সন্ন্যাসীৰ দৰে সাধাৰণ জীৱন যাপন কৰে৷ গংগাৱতীৰ আৰিমত্তৰ ফালৰ পৰা জোঙাল বলহু বা মৃগাংক নামৰ এটা পুত্ৰসন্তান জন্ম হৈছিল৷ জোঙালে ডাঙৰ হৈ ৰাজ্যবিস্তাৰ কৰিব গৈ দেউতাকৰ গাঁও আক্ৰমণ কৰে আৰু দেউতাক আৰিমত্তক হত্যা কৰে৷ ইয়াৰ পিছত এদিন কছাৰী ৰজাৰ চক্ৰান্তৰ বলি হৈ জোঙালে নিজৰ দেও লাংখুইখন হেৰুওৱাৰ লগতে প্ৰাণ বিসৰ্জন দিব লগা হয়৷ জোঙালে মৃত্যুৰ সময়ত পুত্ৰ বুবাউক সাধুকুমাৰ আৰু আবি কনচাৰীৰ হাতত এৰি যায়৷[3]

বঁটা[সম্পাদনা কৰক]

এই উপন্যাসখনৰ জৰিয়তে ৰীতা চৌধুৰীয়ে ২০০৬ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে৷[4] আৰু ২০০৮বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰে৷[5][6][7][8]

লগতে চাওক[সম্পাদনা কৰক]

  1. মাকাম
  2. মায়াবৃত্ত
  3. পপীয়া তৰাৰ সাধু

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Literary feats lauded". The Assam Tribune. (Monday, December 29, 2008). http://www.assamtribune.com/scripts/details.asp?id=dec2908/City2। আহৰণ কৰা হৈছে: 2009-10-22. 
  2. "Chowdhury, Narzary given Akademi award". The Assam Tribune. (Wednesday, February 18, 2009). http://www.assamtribune.com/scripts/details.asp?id=feb1809/at05। আহৰণ কৰা হৈছে: 2009-10-22. 
  3. দেও লাংখুই,নৱম প্ৰকাশ,জুলাই,২০১২
  4. "Chowdhury, Narzary given Akademi award". The Assam Tribune. February 18, 2009. http://www.assamtribune.com/scripts/details.asp?id=feb1809/at05। আহৰণ কৰা হৈছে: 2009-10-22. 
  5. "Sahitya Akademi Awards for Choudhury, Narzary". 2008-12-23. http://www.highbeam.com/doc/1P3-1617166911.html। আহৰণ কৰা হৈছে: 2009-07-08. 
  6. Editor, Assam Times (2008-12-23). "Sahitya Academy award to 2 Assamese litterateurs". http://www.assamtimes.org/knowledge-development/2474.html। আহৰণ কৰা হৈছে: 2009-08-02. 
  7. Bhattacharjee, Subhamoy (2009-01-26). "Royal allowance to community kings of Assam". http://www.merinews.com/catFull.jsp?articleID=156608। আহৰণ কৰা হৈছে: 2009-08-02. 
  8. "Literary feats lauded". The Assam Tribune. December 29, 2008. http://www.assamtribune.com/scripts/details.asp?id=dec2908/City2। আহৰণ কৰা হৈছে: 2009-10-22.