মই ভাবোঁ মোৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহৰ আঁৰৰ প্ৰাথমিক কাৰণ আছিল মোৰ পিতৃ-মাতৃৰ ভূমিকা। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ালেও দেউতাই সঁফুৰা, পাফু ছিৰিজ, দস্যু ভাস্কৰ ছিৰিজ, মামণি ৰয়ছম গোস্বামী আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ কিতাপ আদি নিয়মীয়াকৈ ঘৰত আনিছিল। অসমীয়া গল্প আদি পঢ়িবলৈ আমাক উৎসাহিত কৰিছিল। সম্ভৱতঃ, শৈশৱৰ সেই অভিজ্ঞতাবোৰ মনৰ ভিতৰত নিষ্ক্ৰিয় হৈ ৰৈ গৈছিল আৰু আজি ৱিকিমিডিয়াৰ জৰিয়তে আৱিষ্কাৰ হোৱাৰ অপেক্ষাত আছিল। শৈশৱৰ শিক্ষাৰ জীৱনজোৰা প্ৰভাৱ বৰ গুৰুত্বপূৰ্ণ! আমেৰিকাতে মোৰ লʼৰা-ছোৱালীৰ জন্ম আৰু ডাঙৰ-দীঘলো ইয়াতে হৈছে। মা-দেউতাই মোক শিকোৱাৰ দৰেই ময়ো তেওঁলোকক অসমীয়া শিকাৰ সুযোগ দিছোঁ। মোৰ ছোৱালীয়ে অসমীয়া পঢ়িব আৰু লিখিবও পাৰে আৰু দুয়োটা লʼৰা-ছোৱালীয়ে সাৱলীলভাৱে অসমীয়া ক'ব পাৰে। ৰাজহুৱা স্থান, বিদ্যালয় আৰু কৰ্মস্থানত যদিও আমি ইংৰাজীত কথা পাতোঁ ঘৰত নিজৰ মাতৃভাষা, অসমীয়াতে কথা পাতোঁ। ক’ৰবাত পঢ়া মনত আছে- There are two things we should give our children: one is roots, the other is wings.
প্ৰায়ে লক্ষ্য কৰোঁ যে কেৱল অসমেই নহয়, ভাৰতৰ বহুঠাইত নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ মাতৃভাষাক লৈ গৌৰৱ অনুভৱ নকৰে। ঘৰত আৰু তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে ইংৰাজীত কথা পাতিবলৈ পছন্দ কৰে, আৰু সাধাৰণতে, পশ্চিমীয়া সংগীত, খাদ্য, সাহিত্য আদি অনুকৰণ কৰে। অৱশ্যে, শিক্ষাৰ বাবে বিভিন্ন ভাষাৰ অনুশীলন আৰু বিভিন্ন সাহিত্য সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ দোষণীয় নহয়। গৱেষণাত দেখা গৈছে যে দ্বিভাষিক বা বহুভাষিক শিশুসকল একভাষিক শিশুতকৈ অধিক বুদ্ধিমান। একাধিক ভাষা শিকিলে নিঃসন্দেহে শিশুৰ জ্ঞানৰ পৰিসৰ আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি হয় আৰু ইয়াক নিশ্চিতভাৱে সমৰ্থন কৰা উচিত। কিন্তু নিজৰ মাতৃভাষাক কম গুৰুত্ব দিলে এদিন নিজৰ ভাষা বিলুপ্ত হ'ব পাৰে; আৰু এটা ভাষাৰ বিলুপ্তিৰ লগতে এটা জাতিও বিলুপ্তিৰ পথত আগবাঢ়ে। ঘৰত হোৱা শৈশৱৰ অভিজ্ঞতা আৰু অনুশীলনবোৰ এটা ভাষা, সংস্কৃতি আৰু জাতি জীয়াই ৰখাৰ মুখ্য চালক হʼব পাৰে। এই অভিজ্ঞতাবোৰেই ক্ৰমাগত প্ৰজন্মৰ জৰিয়তে বংশানুক্ৰমে স্থানান্তৰিত হয়। মই বিশ্বাস কৰোঁ, আমাৰ সন্তানৰ মাজত এনে মূল্যবোধ গঢ়ি তুলিবলৈ আমি অভিভাৱকসকলেই দায়বদ্ধ।