হোজাই জিলা
হোজাই জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | হোজাই |
মহকুমা | ৩ |
চৰকাৰ | |
• লোকসভা সমষ্টি | কাজিৰঙা লোকসভা সমষ্টি |
• বিধানসভা সমষ্টি | বিন্নাকান্দি, হোজাই, লামডিং |
জনসংখ্যা (২০১১) | |
• মুঠ | ৯৩১২১৮ |
হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়।[1] হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।
অসমীয়া এই অঞ্চলৰ চৰকাৰী ভাষা আৰু মেইতেই (মণিপুৰী) সহ-চৰকাৰী ভাষা।[2][3][4]
নামৰ উৎপত্তি
[সম্পাদনা কৰক]মধ্যযুগত হোজাই ডিমাছা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জীমতে, ডিমাছা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাছা-কছাৰীসকল "হোজাই-কছাৰী" নামে জনাজাত আছিল। "হোজাই" ডিমাছা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম "হোজাই" গোষ্ঠীৰ নামৰ পৰা আহিছে।
জনগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়লমতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩%। ডবকা ৰাজহ চক্ৰৰ মুছলমানৰ জনসংখ্যাৰ শতকৰা হাৰ প্ৰায় ৮৭%। হোজাই জিলাৰ আন দুটা ৰাজহ চক্ৰ হিন্দুপ্ৰধান।[5] ২০০১ চনত বৰ্তমান হোজাই জিলাৰ জনসংখ্যা আছিল ৭৪,৪৭৯১জন; তাৰে ভিতৰত ৩৭,৪২০৫জন মুছলমান আৰু ৩৬,৫১৮০জন হিন্দু। অৰ্থাৎ হোজাই জিলাত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ৪৯.০৩% আৰু মুছলমান আছিল ৫০.২৪%। হোজাই জিলাত ২০০১ চনৰ পৰা ২০১১ চনলৈ জনসংখ্যা ২৫.০৩% বৃদ্ধি হৈছে।
তহচিল | সৰ্বমুঠ | হিন্দু | মুছলমান | হিন্দু % | মুছলমান % |
---|---|---|---|---|---|
হোজাই | ২২৮৫৩০ | ১৩৫৩৭৭ | ৯২৫৯০ | ৫৯.২৪% | ৪০.৫২% |
ডবকা | ৩০৩৭৬৭ | ৩৭৮৭২ | ২৬৫৩৬৬ | ১২.৪৭% | ৮৭.৩৫% |
লংকা | ৩৯৮৯২১ | ২৫০৮১৬ | ১৪১৬০৯ | ৬২.৮৭% | ৩৫.৫০% |
জিলা-২০১১ | ৯৩১২১৮ | ৪২৪০৬৫ | ৪৯৯৫৬৫ | ৪৫.৫৩% | ৫৩.৬৫% |
জিলা-২০০১ | ৭৪৪৭৯১ | ৩৬৫১৮০ | ৩৭৪২০৫ | ৪৯.০৩% | ৫০.২৪% |
ৰাজনীতি
[সম্পাদনা কৰক]হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল—
- বিন্নাকান্দি
- হোজাই
- লামডিং
হোজাই জিলা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Assam gets new district of Hojai" Archived 2016-07-01 at the Wayback Machine, The Northeast Today
- ↑ "Assam recognises Manipuri as associate official language in four districts" (en ভাষাত). Hindustan Times. 2024-02-24. https://www.hindustantimes.com/india-news/assam-recognises-manipuri-as-associate-official-language-in-four-districts-101708770769105.html। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ PTI (2024-02-24). "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/assam-cabinet-gives-nod-to-recognise-manipuri-as-associate-official-language-in-four-districts/article67881260.ece.
- ↑ "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en ভাষাত). The Indian Express. 2024-02-24. https://indianexpress.com/article/north-east-india/assam/assam-cabinet-recognise-manipuri-associate-official-language-four-districts-9178285/। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-06-17. https://web.archive.org/web/20160617132725/http://nagaon.nic.in/hojai/index.html। আহৰণ কৰা হৈছে: 2016-08-08.
- ↑ [1]
বহিসংযোগ
[সম্পাদনা কৰক]- http://nagaon.nic.in/hojai Archived 2019-01-13 at the Wayback Machine
|