ৰিক খ্বন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰিক খ্ৱনৰ পৰা পুনঃনিৰ্দেশিত)
ৰিক খ্বন

ৰিক খ্ৱন (ইংৰাজী ভাষা:Rik Khwan)হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি (সাধাৰণতে দীৰ্ঘ আয়ুস বুলি ধৰা হয়) স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়।[1] নতুনকৈ চাওফাৰ আসন লাভ কৰাৰ সময়ত বা ৰণত জয়লাভ কৰাৰ পিছত অথবা কোনো অমঙ্গলৰ পৰা হাত সাৰি দীৰ্ঘ জীৱন লাভৰ কামনা কৰি এই উৎসৱ পতা হৈছিল।[2]

নিয়মাৱলী[সম্পাদনা কৰক]

এখন সুসজ্জিত চাঙৰ ওপৰত চাওফাজন বহি থাকে। ম'লৌঙ সকলে মন্ত্ৰপুত পানী ৰজাৰ মূৰত ঢালি দিয়ে। চাঙৰ তলত দুগৰাকী মানুহ বহি থাকে।[2] ৰজাৰ মূৰত ঢলা পানী ৰজাৰ গাৰে বৈ গৈ সিহঁতৰ মূৰত পৰে। স্নানৰ শষত ৰজাৰ সাজ-পাৰ সলাই নতুন সাজ-পাৰ লয়। সিহঁতক এচৰু চৰু সোণ আৰু এচৰু ৰূপ দি ৰাজ্যৰ বাহিৰ কৰি খেদি দিয়া হয়। মানুহৰ বিশ্বাস যে সিহঁতে ৰজা আৰু ৰাইজৰ অমঙ্গল নেওচি লৈ যায়। সেই কাৰণে তেওঁলোকক নেওচা যোৱা বোলে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অবৌৰঞ্জীক,নগেন হাজৰিকা পৃষ্ঠা ৫১৬
  2. 2.0 2.1 2.2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৫২.