ৰিখ্বান উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰিখ্বান উৎসৱ

ৰিখ্বান উৎসৱ হৈছে আহোম ৰজাসকলে আয়োজন কৰা উৎসৱ। নতুনকৈ ৰজা হোৱাৰ সময়ত বা ৰণত জয়লাভ কৰাৰ পিছত অথবা কোনো অমঙ্গলৰ পৰা হাত সাৰি দীৰ্ঘ জীৱন লাভৰ কামনা কৰি এই উৎসৱ পতা হৈছিল।[1]

নিয়মাৱলী[সম্পাদনা কৰক]

এখন সুসজ্জিত চাঙৰ ওপৰত ৰজাজন বহি থাকে। পুৰোহিতসকলে মন্ত্ৰপুত পানী ৰজাৰ মূৰত ঢালি দিয়ে। চাঙৰ তলত দুগৰাকী মানুহ বহি থাকে।[1] ৰজাৰ মূৰত ঢলা পানী ৰজাৰ গাৰে বৈ গৈ সিহঁতৰ মূৰত পৰে। স্নানৰ শষত ৰজাৰ সাজ-পাৰ সলাই নতুন সাজ-পাৰ লয়। সিহঁতক এচৰু চৰু সোণ আৰু এচৰু ৰূপ দি ৰাজ্যৰ বাহিৰ কৰি খেদি দিয়া হয়। মানুহৰ বিশ্বাস যে সিহঁতে ৰজা আৰু ৰাইজৰ অমঙ্গল নেওচি লৈ যায়। সেই কাৰণে তেওঁলোকক নেওচা যোৱা বোলে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ৫২.