প্ৰতিনিয়ত পেটৰ তাড়নাত পৰি কৰা কামৰ ফাঁকে ফাঁকে মনকো আহাৰ যোগাব লাগে। নহ'লে মনে বিদ্ৰোহ কৰে। মন সুখেৰে নাথাকিলে দেহেও বিদ্ৰোহ কৰিবলৈ ধৰে। সেয়ে মনক চম্ভালি ৰাখিবৰ বাবে মনে ভালপোৱা কিবা-কিবি কৰি থকা হয়। মনৰ তাগিদাত কৰা এই কামবোৰৰ ভিতৰতে আছিল অনলাইন আলোচনী 'বৌদ্ধিক-বিচাৰ'ৰ কাম। সহ সম্পাদক ৰূপে আলোচনীখনৰ কেইবাটাও শিতান চম্ভালিব লগা হৈছিল। ৰুচি আছিল বেছিকৈ 'শিল্পকলা' শিতানত। এই 'শিল্পকলা' শিতানত অন্তৰ্ভুক্তিৰ নিমিত্তে অসমৰ চিত্ৰশিল্পীসকলৰ জীৱন বিষয়ক টোকা কিছু লিখাৰ কথা ভৱা হৈছিল। একে প্ৰয়োজনতে কি পাওঁ বুলি ৱিকিপিডিয়াত খুঁচৰি যেতিয়া বিশেষ একো নাপালোঁ আৰু ইতিমধ্যে, ঘটনাক্ৰমে বৌদ্ধিক বিচাৰৰো দায়িত্ব এৰিলোঁ। ভাবিলোঁ আজৰি সময়ত মই নিজেই দেখোন অসমৰ চিত্ৰশিল্পীসকলৰ বিষয়ে ৱিকিপিডিয়াত লিখিব পাৰোঁ। অসমৰ এজন লেখৰ আৰ্টিষ্ট দেৱানন্দ উলুপদেৱৰ সাক্ষাৎকাৰ এটা লৈছিলোঁ ২০১৭/১৮ চনত। এই সাক্ষাৎকাৰটিকে তথ্য উৎস ৰূপে লৈ 'দেৱানন্দ উলুপ' নামেৰে ৱিকিপিডিয়াত মোৰ প্ৰথমটো লেখা লিখিলোঁ। কাৰো সহায় অবিহনে, আগতে ৱিকিপিডিয়াত কোনোবা এজনে লিখি থোৱা 'নীলপৱন বৰুৱা' পৃষ্ঠা চাই চাই মই 'দেৱানন্দ উলুপ' লেখাটো লিখিছিলোঁ। এতিয়ালৈ গম পাইছোঁ যে মোৰ লিখাটো একেবাৰে সাধাৰণ মানৰ। অসমীয়া ৱিকিপিডিয়াত যথেষ্ট উচ্চখাপৰ প্ৰবন্ধ আৰু জীৱনীমূলক লেখা আছে। যিনহওঁক, এই লেখাটোৰে মই ক্ৰমশঃ ৱিকিপিডিয়া পৰিয়ালত সোমাই পৰিলোঁ।
ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' গোটত এদিন গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটৰ অধ্যাপক শ্ৰীমান প্ৰাঞ্জল দাসৰ 'ৱিকিপিডিয়াত কেনেকৈ লিখিব' লেখাটো পঢ়ি ৱিকিপিডিয়াত লগ ইন কৰিবলৈ শিকিছিলোঁ, একেদৰে এদিন 'অসমীয়াত কথা-বতৰা' গোটত এটি পষ্ট পঢ়ি ফেচবুকত 'আচামিজ ৱিকিপিডিয়া কম্যুনিটি' বুলি এটা পেইজ আছে বুলি গম পালোঁ। সেই পেইজতে জানিলোঁ ৱিকিউৎসৰ বিষয়ে। ৱিকিৰ সক্ৰিয় সদস্য চাণক্য কুমাৰ দাস আৰু দিব্য দত্তই (বৰ্তমান প্ৰশাসক) মোৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মোক ভালেখিনি আগুৱাই লৈ গ'ল। ইয়াতে ৱিকিউৎসৰ কামৰ বিষয়ে গম পালোঁ আৰু ময়ো ৱিকিউৎসত প্ৰুফ ৰিডিঙৰ কাম কৰিবলৈ ধৰিলোঁ। কাৰিকৰী কথাবোৰ সুধি ৱিকিৰ আন এজন প্ৰশাসক ডা° গীতাৰ্থ বৰদলৈক আমনি কৰোঁ। পিছে অলপো আমনি পাইছোঁ বুলি অনুভৱ কৰিবলৈ নিদিয়াকৈ গীতাৰ্থই মোক আগবঢ়াত বহুখিনি সহায় কৰিলে।
নব্বৈৰ দশকত নতুন প্ৰযুক্তিৰ সৈতে চিনাকী বুলিবলৈ ঘৰত দুয়োফালে মাইকা লগোৱা মস্ত কাঠৰ বাকচৰ এটা টিভি আছিল। আমাৰ ঘৰতে থাকি টিভি ইঞ্জিনিয়াৰিং পঢ়ি থকা ল'ৰা এজনে এইটো সাজি উলিয়াছিল। প্ৰতি দেওবাৰে ৰামায়ণ চাবলৈ অহা দৰ্শকৰে ঘৰ ভৰি পৰিছিল। তাৰো এক দশক পিছতহে ডেক্সটপ কম্পিউটাৰটো হাতেৰে চুই চাবলৈ পাইছিলোঁ। মেইল কৰাৰ বাহিৰেও যে ইয়াতে লিখিব-পঢ়িব পাৰি, সেয়া বুজিবলৈ লাগিল আৰু এটা দশক। এই দশকত, দিগন্ত কুমাৰ ভট্টাচাৰ্য, ঈশান জ্যোতি বৰাৰ দৰে কিছু নিস্বাৰ্থ, নিৰপেক্ষ মানুহৰ সাহসত আৰু আন্তৰিক প্ৰচেষ্টাত কিছু কাৰিকৰী জ্ঞান লভিলোঁ। সেই সাহসেই ৱিকিপত্ৰিকাত মনৰ কথা লিখিবলৈ পোৱা সাহস।
ভাষা মাতৃ। মা বুলি আপোন মাতৃক সম্বোধি জীৱনৰ প্ৰথমটো আগ্ৰহক মুখফুটাই কোৱাৰ যি আৱেগ, সেয়ানো জীৱন থাকে মানে এৰোঁ কেনেকৈ? এই আৱেগেই আপোন ভাষাটোক হানি-বিঘিনি হ'বলৈ নিদিয়াকৈ আটোমটোকাৰিকৈ আগবঢ়াই নিব। আমি মাত্ৰ দায়িত্ব বুজি কাম কৰিলেই হ'ল। বয়সত আগবঢ়া হৈও আমি নিজে বহুজন প্ৰতিভাৱান ৱিকিপিডিয়ানতকৈ কামৰ ক্ষেত্ৰত পিছপৰা। তেওঁলোকে নিজৰ লগতে আমাকো আগবঢ়াই লৈ যাব আৰু ভাষামাতৃৰ হকে আমি এনেদৰে ঐক্যৱদ্ধ হৈ ভাল কামবোৰ কৰি গৈ থাকিম বুলি আশাবাদী। এই আশা আৰু কাম কৰি থকাৰ প্ৰতিশ্ৰুতিৰে,