য়েছে দৰজে ঠংচি
য়েছে দৰজে ঠংচি | |
---|---|
![]() | |
জন্ম | ১৯৫২ চন পশ্চিম কামেং জিলা, অৰুণাচল প্ৰদেশ, ভাৰত |
পেচা | সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | মৌন ওঁঠ মুখৰ হৃদয় |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা, ২০০৫[1] পদ্মশ্ৰী, ২০২০ অসম প্ৰকাশন পৰিষদ বঁটা, ২০২৪ |
য়েছে দৰজে ঠংচি (ইংৰাজী: Yese Dorjee Thongchi) এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। প্ৰথমাৱস্থাত কবিতা আৰু নাটক ৰচনাতে নিজৰ সৃষ্টিক আবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ গল্প আৰু উপন্যাসলৈ তেওঁ সাহিত্য কৰ্মৰ প্ৰসাৰণ ঘটায়। তেওঁৰ ভালেমান গল্প ‘সংগম’, ‘মনোৰঞ্জন’, ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। তেওঁ মৌন ওঁঠ মুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰে আৰু ‘পাপৰ পুখুৰী’ নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে। ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[2]
২০২৪ চনত ধাৰ আৰু অন্যান্য গল্প শীৰ্ষক গল্প গ্ৰন্থৰ বাবে তেখেতক অসম চৰকাৰে অসম প্ৰকাশন পৰিষদ বঁটাৰে সন্মানিত কৰে।
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৫২ চনত নেফাৰ কামেং সীমান্ত বিভাগৰ (বৰ্তমান অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা) জগং (জী) নাম গাঁৱৰ এটি চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত ঠংচিদেৱৰ জন্ম।[3] তেখেতে জীগাঁও প্ৰাথমিক বিদ্যালয়, বোমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি কটন কলেজত পঢ়িবলৈ লয় আৰু কটন কলেজৰ পৰা অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ ১৯৭৭ চনত অৰুণাচল প্ৰদেশ অসামৰিক সেৱাত যোগদান কৰে। ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱালৈ পদোন্নতি লাভ কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭৭ চনত অৰুণাচল প্ৰদেশ প্ৰশাসনিক সেৱাত যোগদান কৰে। ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ পদোন্নতি লাভ কৰে। ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।
উল্লেখযোগ্য বঁটা
[সম্পাদনা কৰক]- সাহিত্য অকাডেমি বঁটা, ২০০৫
- ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰ[4]
- অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা
- অসম উপত্যকা সাহিত্য বঁটা, ২০১৭[5]
- ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা, ২০১৭[6]
- পদ্মশ্ৰী, ২০২০
- অসম প্ৰকাশন পৰিষদ বঁটা, ২০২৪ ("ধাৰ আৰু অন্যান্য গল্প"ৰ বাবে)
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]- কামেং সীমান্তৰ সাধু (অসম সাহিত্য সভাৰ দ্বাৰা প্ৰথম প্ৰকাশিত)
উপন্যাস
[সম্পাদনা কৰক]- চনম আৰু লিংঝিক
- মই পুনৰ জনম লম
- মৌন ওঁঠ মুখৰ হৃদয় (২০০১)
- শৱ কটা মানুহ (২০০৪)
- মিছিং
- লিঙঝিক(উপন্যাস) (১৯৮৩)
গল্প সংকলন
[সম্পাদনা কৰক]- পাপৰ পুখুৰী
- বাঁহৰ ফুলৰ গোন্ধ
- অন্য এখন প্ৰতিযোগিতা
- ধাৰ আৰু অন্যান্য গল্প
আত্মজীৱনী
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ "Padma Vibhushan for Mary Kom, Padma Bhushan for SC Jamir, Padma Shri for 13 others from Northeast". NENOW. 25 January 2020. https://nenow.in/north-east-news/padma-vibhushan-for-mary-kom-pama-bhushan-for-sc-jamir-padma-shri-for-13-others-from-northeast.html। আহৰণ কৰা হৈছে: 26 January 2020.
- ↑ “মৌন ওঁঠ মুখৰ হৃদয়” গ্ৰন্থত সন্নিবিষ্ট পৰিচয়ৰ পৰা।
- ↑ "kitap.co.in". Archived from the original on 2012-03-25. https://web.archive.org/web/20120325063657/http://books.jamini.co.in/%E0%A6%AE%E0%A7%8C%E0%A6%A8-%E0%A6%93%E0%A6%81%E0%A6%A0-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%B0-%E0%A6%B9%E0%A7%83%E0%A6%A6%E0%A7%9F/। আহৰণ কৰা হৈছে: 2012-03-22.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2021-03-04. https://web.archive.org/web/20210304121107/https://janambhumi.in/VFZSak5FMVVSVDA9/%E0%A6%B8%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%A4%E0%A6%BE%E0%A6%81%E0%A6%A4%E0%A7%80,-%E0%A7%B0%E0%A7%80%E0%A6%A4%E0%A6%BE-%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AF%E0%A6%BC%E0%A7%87%E0%A6%9B%E0%A7%87-%E0%A6%A6%E0%A7%B0%E0%A6%9C%E0%A7%87-%E0%A6%A0%E0%A6%82%E0%A6%9A%E0%A6%BF%E0%A6%B2%E0%A7%88-%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A6%89%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF-%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE.html। আহৰণ কৰা হৈছে: 2018-11-25.
- ↑ "Yeshe Dorjee Thongchi Chosen for Bhupen Hazarika Award". Arunachal24.in. 15 June 2017. https://arunachal24.in/yeshe-dorjee-thongchi-chosen-for-bhupen-hazarika-award/। আহৰণ কৰা হৈছে: 25 January 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিউদ্ধৃতিত য়েছে দৰজে ঠংচি বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল১৯৫৫-১৯৭০ - যতীন্দ্ৰ নাথ দুৱৰা (বনফুল, ১৯৫৫)
- – (১৯৫৬)
- – (১৯৫৭)
- – (১৯৫৮)
- – (১৯৫৯)
- বেণুধৰ শৰ্মা (কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত, ১৯৬০)
- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (ঈয়াৰুইঙ্গম, ১৯৬১)
- – (১৯৬২)
- – (১৯৬৩)
- বিৰিঞ্চি কুমাৰ বৰুৱা (অসমৰ লোক-সংস্কৃতি, ১৯৬৪)
- – (১৯৬৫)
- অম্বিকাগিৰি ৰায়চৌধুৰী (বেদনাৰ উল্কা, ১৯৬৬)
- ত্ৰৈলোক্য নাথ গোস্বামী (আধুনিক গল্প সাহিত্য, ১৯৬৭)
- নলিনীবালা দেৱী (অলকানন্দা, ১৯৬৮)
- অতুল চন্দ্ৰ হাজৰিকা (মঞ্চলেখা, ১৯৬৯)
- লক্ষ্মীনাথ ফুকন (মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ, ১৯৭০)
১৯৭১-১৯৯০ - – (১৯৭১)
- চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
- – (১৯৭৩)
- সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
- নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
- ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
- আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
- হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
- ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
- যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
- নীলমণি ফুকন (কবিতা, ১৯৮১)
- মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
- নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
- দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
- কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
- তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
- হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
- লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
- হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
- স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০)
১৯৯১-২০১০ - অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
- হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
- কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
- শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
- চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
- নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
- নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
- অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
- মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
- অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
- মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
- নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
- বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
- হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
- য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
- অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
- পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
- ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
- ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
- কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০)
২০১১-বৰ্তমান - কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
- চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
- ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
- অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
- কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
- জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
- জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
- সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
- জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
- অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
- অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
- মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
- প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩)
|