সদস্য:IKHazarika/ৱিকিপত্ৰিকা এক্সপেৰিমেণ্ট
প্ৰশ্নটো হ'ল, আমি ৩ কোটি ২০ লাখ অসমীয়াই ৮টাহে প্ৰবন্ধ প্ৰেৰণ কৰিম নে?.......এতিয়াতো মানুহক ক'বলৈ এটি আমোদজনক কাৰণো ওলাইছে-- অসমীয়া ৱিকিপিডিয়াত লিখক! ভালকৈ লিখিলে আপোনাৰ প্ৰবন্ধ ৰ'ভাৰত উঠাই চন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব!.......আহক, সকলোৱে কাম আৰম্ভ কৰো, ....... অসমীয়া ভাষা জগৎ সভালৈ যাব উজ্জ্বল সুউজ্জ্ব কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব -- জ্যোতি প্ৰসাদ আগৰৱালা জ্যোতি প্ৰসাদ আগৰৱালাই কিমান আগ্ৰেহেৰে এই কথা লিখিছিল, নহয় নে? আজিৰ যুগেই বিশ্বায়নৰ যুগ। আজি কোনো বিষয়েই কোনো এক বিশেষ স্থানত সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ এমূৰৰ সমস্যাই সমস্যাত পেলাইছে বিশ্বৰ আনটো মূৰৰ লোকক। ঠিক তেনেদৰে বিশ্বৰ কোনো ঠাইৰ ভাল খবৰে পুলকিত কৰিছে ভাল ভাল পোৱা বিশ্বৰ সকলো মানুহকে। সংস্কৃতি আজি কোনো ঠাইৰ নিজা সম্পদ নহয়, বিশ্ব সংস্কৃতিৰ এক অংগ। ভাষা--? ভাষাৰ কথাও একেই ক'ব পাৰি। বিশ্ব ভাষা হিচাপে ইংৰাজীৰ গুৰুত্ব হ্ৰাস পাবলৈ ধৰিছে, ভিন ভিন ভাষাই বিশ্বব্যাপী কথনকাৰী সন্ধানিছে। নিজৰ বৈশিষ্ট্য, নিজৰ চিন বিশ্বত অংকিত কৰিবলৈ যত্নপৰ হৈছে। অসমীয়া ভাষায়ো তেনে প্ৰচেষ্টা হাতত নোলোৱা নহয়। কিন্তু কিমান দূৰ সফল হৈছে, সেয়া চিন্তাৰ বিষয়। আজিৰ যুগত বিশ্বত প্ৰভাৱ বিস্তাৰৰ সহজ মাধ্যম হৈ পৰিছে আন্তৰ্জাল। যোগ্যই নিজক বিশ্বত জিলিকোৱাটো জিলিকাইছেই, আনকি সন্ত্ৰাসবাদৰ দৰে কাৰ্য-কালাপো আন্তৰ্জালৰ মাধ্যমেৰে সমগ্ৰ বিশ্বতেই বিয়পি পৰিছে! এনে ক্ষেত্ৰত অসমীয়া ভাষা-সংস্কৃতিক যে বিশ্ব দৰবাৰলৈ লৈ যাবলৈ আন্তৰ্জাল এক উৎকৃষ্ট মাধ্যম, তাত কোনো দ্বিমত থাকিব নালাগে। এই কথা অসমীয়াই উপলব্ধিও কৰিছে, আৰু তাৰ পৰিণতিৰ অংশ স্বৰূপেই মই আজি এই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ এখন মঞ্চ পাইছো। আন আন ৱেবছাইটো আছে, কিছুমান ব্যৱসায়িক, কিছুমান অ-ব্যৱসায়ীক। অসমীয়া ভাষাৰ অস্তিত্ব আন্তৰ্জালত বৃদ্ধি পাইছে। কিন্তু কিমান? সেই কথা পাছত পাতিম। অসমীয়া ভাষা জগত সভাত কিমান দূৰ স্থাপিত হৈছে, সেয়া এক চৰ্চাৰ বিষয়, কিন্তু সেই চৰ্চাৰ পূৰ্বেই 'জগত'ৰ সীমা চেৰাই গৈ, পৃথিৱীৰ বাহিৰলৈ, অৰ্থাৎ সৌৰ-জগত সভালৈ অসমীয়া ভাষাক প্ৰেৰণ কৰাৰ সুযোগ আহি পৰিছে!! আৰু সেয়াও আন কোনো মাধ্যমৰ জড়িয়তে নহয়, স্বয়ং এই অসমীয়া ৱিকিপিডিয়াৰ জৰিয়তেই! প্ৰকল্পটোৰ নাম 'ৱিকিপিডিয়া টু দ্য মুন', অসমীয়াত ক'বলৈ গ'লে 'ৱিকিপিডিয়া চন্দ্ৰলৈ'। কি নো, এই ৱিকিপিডিয়া চন্দ্ৰলৈ?? সম্পূৰ্ণ প্ৰবন্ধ পঢ়িবলৈ ইয়াত ক্লিক কৰক
নিৰ্বাচন অব্যহত আছে। আপুনিও ভোটদান কৰিব পাৰে-- ইয়াত ক্লিক কৰক
মূল: ইংৰাজী ৱিকিপিডিয়াৰ ইভাড ৩৭, অনুসৃষ্টি: ঈশান কাশ্যপ হাজৰিকা তলত আপোনাৰ ৱিকিপিডিয়া অভিজ্ঞতা সুখকৰ কৰি তুলিবলৈ কিছু নতুন ইউজাৰ স্ক্ৰিপ্টছৰ তালিকা প্ৰদান কৰা হৈছে--
|
আগষ্ট মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৪১৮৮ টালৈ বৃদ্ধি পালে।
|
ক্ৰমিক নং | সদস্য | সম্পাদনা সংখ্যা | বিস্তাৰিত সংযোগ | |||
---|---|---|---|---|---|---|
ৱিকিপিডিয়া | ৱিকিউৎস | ৱিকিকমন্ছ | ৱিকিতথ্য | |||
১ | দিব্য দত্ত | ১০৬ | ১৪ | ০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) | |
২ | অজয় দাস | ৯৫ | ০ | ০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) | |
৩ | কাইছেৰ আহমেদ | ৬২ | ০ | ০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) | |
৪ | তিতু দত্ত | ৫৪ | ০ | ০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) | |
৫ | ঈশান কাশ্যপ হাজৰিকা | ৫৩ | ০ | ০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) | |
৬ | কন্দৰ্পজিৎ কল্লোল | ১৯ | ০ | ০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) | |
৭ | ছাজিৰ আহমেদ মাছা | ১৭ | ০ | ০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) | |
৮ | অংশুমান দত্ত | ১৩ | ০ | ০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) | |
|
- এতিয়াৰপৰা ৱিকিপত্ৰিকাখন নিয়মীয়া হ'ব বুলি আশা কৰিছো IKHazarika (talk) 15:15, 13 September 2016 (ইউ.টি.চি.)
- সদস্য বাৰ্তা আৰু ৱিকিপিডিয়া বাৰ্তাৰ মাজত কিবা খেলিমেলি হৈ আছে যেন লাগিছে IKHazarika (talk) 15:22, 13 September 2016 (ইউ.টি.চি.)
- এতিয়া ঠিকেই উলাইছে, চাৰ্ভাৰৰহে কিবা খেলিমেলি থাকিব পাৰে, আজি ৰঙা লিংক নীলা হওতেও পলম হৈছে IKHazarika (talk) 15:22, 13 September 2016 (ইউ.টি.চি.)
- মন্তব্য লিখাৰ স্থানত মূল পৃষ্ঠাৰ "ৱিকিপিডিয়া বাৰ্তা" পৃষ্ঠাটো প্ৰদৰ্শন হয়। দিব্য দত্ত (বাৰ্তা) 15:26, 13 September 2016 (ইউ.টি.চি.)
- ৱুজি নাপালো, মন্তব্যসমূহ এতিয়া ঠিকেই উলাইছে IKHazarika (talk) 15:31, 13 September 2016 (ইউ.টি.চি.)
- কিন্তু বাৰে বাৰে পাৰ্জিং দ্য কেশ্ব টিপিব লাগে IKHazarika (talk) 15:32, 13 September 2016 (ইউ.টি.চি.)
- ৱিকিপিডিয়া বাৰ্তা:IKHazarika/ৱিকিপত্ৰিকা এক্সপেৰিমেণ্ট পৃষ্ঠাটো সদস্য বাৰ্তা:IKHazarika/ৱিকিপত্ৰিকা এক্সপেৰিমেণ্ট লৈ ৰিডাইৰেক্ট কৰা বাবে ঠিক ওলাইছে। দিব্য দত্ত (বাৰ্তা)
- এতিয়া বুজিছো। ইয়াতটো সদস্য বাৰ্তা হয়, কিন্তু ৱিকিপত্ৰিকাৰ নিজৰ পৃষ্ঠাতটো আৰম্ভণিতে ৱিকিপিডিয়াই থাকিব লাগিব, তেনে ক্ষেত্ৰত ঠিকেই উলাব যেন অনুমান কৰিছো। মই ভালকৈ নাজানো, কোনোবা এদিনা ভালকৈ সময় পালে সাঁচ সৃষ্টি, সম্পাদনা কৰিবলৈ শিকাবচোন, বেয়া নাপালে, মোৰ শিকিবলৈ মন আছিলে IKHazarika (talk) 16:19, 13 September 2016 (ইউ.টি.চি.)
- নিশ্চয়, এতিয়া সকলো পৃষ্ঠাতে ঠিক হ'ব লাগে।দিব্য দত্ত (বাৰ্তা) 16:45, 13 September 2016 (ইউ.টি.চি.)