মে ডাম মে ফি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মে-ডাম-মে-ফীৰ পৰা পুনঃনিৰ্দেশিত)
মে ডাম মে ফি
𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣
মে ডাম মে ফি 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣
ক্ষেক ডাম-ফীৰ বাবে পতা পাং
পালন কৰে টাই জাতি, অসমীয়া জাতি
প্ৰকাৰ Asian
মহত্ব পূৰ্বপুৰুষ উপাসনা
তাৰিখ ৩১ জানুৱাৰী
উদযাপন বান-ফাই (চাকি জলোৱা),সমূহীয়া ভোজ খোৱা, ফ্ৰাং-মৈদাম তৰ্পণ
সম্পৰ্কিত দাম-ফী, টাই জনগোষ্ঠীয় ধৰ্ম, কনফুচিয়াছ ধৰ্ম
আৰম্ভ হয় কনফুচিয়াছ (প্ৰাচীন কালত)
চ্যু-কা-ফা (অসমত)
অৱধি এদিনীয়া
সংঘটন বছৰত এবাৰকৈ

মে ডাম মে ফি (আহোম: 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣 ,ইংৰাজী: Me-Dam-Me-Phi) হ’ল টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনকনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিদাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে।[1] কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে।

নামকৰণ[সম্পাদনা কৰক]

মে-ডাম-মে-ফি টাই-আহোম ভাষাৰ শব্দ। মে (𑜉𑜦𑜧) মানে তৰ্পন, ডাম (𑜓𑜪) মানে মৃতক আৰু ফি (𑜇𑜣) মানে হ’ল দেউ।[2] মে ডাম মে ফি পালনৰ নীতি নিয়ম সমূহ তাঈ আহোম ভাষাত খ্যেক-লাই বা লিট লাই মে-ডাম-মে-ফি পুথিত লিখা আছে।[3] অইন টাই জনগোষ্ঠীয় ধৰ্ম সমূহত যেনে টাই-লাও সকলে এই পৰম্পৰাক ফি-ডাম বোলে।[4] পূৰ্বপুৰুষ উপাসনাসমূহ মূলত: দুটা ভাগত ভাগ কৰা হয় ঘৰত পালন কৰা পূৰ্বপুৰুষ উপাসনাক ডাম-ফী আৰু সামাজিক ভাৱে পালন কৰা উৎসৱক মে-ডাম-মে-ফি।

মে-দাম

বুৰঞ্জী[সম্পাদনা কৰক]

প্ৰাচীন কাল[সম্পাদনা কৰক]

টাই-আহোম সকলৰ নিজা ধৰ্মটোৰ নাম ফুৰালুঙ ধৰ্ম আছিল। এই ধৰ্মৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈছে পূৰ্বপুৰষ উপাসনা। পূৰ্বপুৰুষ উপাসনাৰ আৰম্ভণি হৈছিল চীনা দাৰ্শনিক কনফুচিয়াচৰ দ্বাৰা।[5] এই পূৰ্বপুৰুষ উপাসনাৰ প্ৰথা চীনা আৰু টাইসকলৰ মাজত যথেষ্ট দেখা যায়। পেঞ কা কা অনুসৰী, মুং ফিৰ শাসক লেংদনে তেওঁৰ দুই নাতি খুন-লুং আৰু খুন-লাইক মুং ৰি মুং ৰাম (বৰ্তমান চীনৰ চিচুৱাংবান্না)লৈ শাসন কৰিবলৈ পঠোৱাৰ সময়ত সাহিত্যিক য়াচিংফাই তেওঁলোকক উপদেশ দিছিল~

তোমালোকৰ ককা, লেংদনে মুং ৰি মুং ৰামলৈ শাসন কৰিবলৈ পঠাইছে। যেতিয়া ’ফিন-হা’ মাহ আহিব, পবিত্ৰ ’চিনকৰা’ ফুলবোৰ ফুলিব, তেতিয়া তোমালোকে সেইটো মাহত দিন এটা ঠিক কৰি তেওঁ আৰু অন্যান্য পূৰ্বপুৰুষসকলৰ নামত জীৱ-জন্তু আৰু আন ভাল ভাল বস্তু উছৰ্গা কৰি উপসনা কৰিবা। তেতিয়া লেংদন আৰু অন্যান্য আঠ হাজাৰ দেউ লগত নামনিলৈ নামি আহি তোমালোকক আশীৰ্ব্বাদ কৰিব।

য়াচিংফাই খুন-লুং আৰু খুন-লাইক ক্ষ্যেক ফুৰালুং, মে ডাম মে ফি আৰু ৰিক খ্বন পালন কৰিবলৈ উপদেশ দিছিল। টাই জাতীয় ধৰ্ম পালন কৰা সকলে পূৰ্বপৰুষ উপাসনা কৰি আহিছে।

মধ্য যুগ[সম্পাদনা কৰক]

চাওফাৰ নাম পালন কৰা সময় স্থান
চ্যু-কা-ফা ঈৰাৱতী নৈ পাৰ হোৱাৰ পাছত মানদেশ
চ্যু-কা-ফা দ'য়-কাও-ৰং (বৰ্তমানৰ পাটকাই পৰ্বত) পাৰ হোৱাৰ পাছত বুঢ়ী দিহিঙ নৈৰ পাৰত
চ্যু-কা-ফা ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ নামৰূপত
চ্যু-কা-ফা নামনি চৰাইদেউৰ লাঙটেওকাটত
চ্যু-কা-ফা চৰাইদেউত ৰাজধানী স্থাপনৰ সময়ত চৰাইদেউ
চ্যু-হ্যুণ-মু'ঙ চুতীয়া আৰু কছাৰী ৰাজ্য জয় কৰা পাছত
চ্যু-চেং-ফা মোগলৰ সৈতে ৰণত জিকাৰ পাছত
চ্যু-খাম-ফা কোঁচৰ সৈতে সন্ধি হোৱাৰ পাছত লকনি মুঙ ৰাও বছৰৰ ডিন-ছাম মাহত[6]
চ্যু-ক্লেণ-মু'ঙ মোগল আৰু কছাৰীৰ ৰণত জিকাৰ পাছত[7]
চ্যু-পং-মু'ঙ শাসনভাৰ লোৱাৰ পাছত চৰাইদেউ

হিন্দু ধৰ্মক অধিক প্ৰাধান্য দি স্বৰ্গদেউ চ্যু-তাম-লা (জয়ধ্বজ সিংহ)ই মে ডাম মে ফি পতা নাছিল। ফলত দেশখন সেইবাৰ মিৰজুমলাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। চ্যু-তাম-লাই অতি দুখ মনেৰে আতন বুঢ়াগোঁহাইক কৈছিল,

বুঢ়াগোঁহাইদেউ, দেৱতাসকলে মোৰ লগ এৰিলে।

আতন বুঢ়াগোঁহাইয়ে চ্যু-তাম-লাক সান্তনা দি ক’লে:

স্বৰ্গদেউ, দুখ নকৰিব। জয় আৰু পৰাজয় একেটা টকাৰে ইফাল আৰু সিফাল। যেতিয়া দেৱতাসকল আমাৰ প্ৰতি সদয় হ’ব, দেতিয়া স্বৰ্গদেৱে নিজ প্ৰৰাক্ৰমেৰে বিদেশী শত্ৰুক পৰাভূত কৰিব পাৰিব।

ইয়াতে আতন বুঢ়াগোঁহাইয়ে ’মে ডাম মে ফি ’ উদযাপন কৰাৰ কথাকেই পৰোক্ষভাৱে ইঙ্গিত দিছিল। চ্যু-তাম-লাৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ, চ্যু-পং-মু'ঙ (চক্ৰধ্বজ সিংহ) শাসন ভাৰ লৈয়েই মে ডাম মে ফি পাতিবলৈ থিৰ কৰি মন্ত্ৰী পৰিষদৰ উপদেশ বিচাৰিলে

মোৰ ককাইদেৱে পূৰ্ব্ব-পুৰুষক কোনো পূজা-অৰ্চনা নকৰিলে। সেইবাবেই মুছলমানবোৰে আহি দেশখন বিধ্বংসিত কৰিলে। কাঁড়ী আৰু হাজুৱাবোৰক লণ্ড ভণ্ড কৰিলে আৰু দেশৰ প্ৰজাই জীয়াতু ভুগিলে। বহু মানুহ গোটাব লাগে আৰু পূজা-ভাগ আগবঢ়াব লাগে মই আপোনালোকৰ মতামত জানিব বিচাৰোঁ।

বুঢ়াগোঁহাইয়ে ক’লে:

আগৰ দিনত স্বৰ্গদেউৰ পূৰ্ব্ব-পুৰুষসকলেতো দূৰ্য্যোগৰ সময়ত তাকেই কৰিছিল।

ইয়াৰ পিছত চ্যু-পং-মু'ঙে অতি ধুম ধামেৰে চৰাইদেউত মে ডাম মে ফি পাতে আৰু তাৰ পিছতে মোগলৰ লগত শৰাইঘাটত কৰা যুদ্ধত জয় লাভ কৰে। এইদৰে আহোমৰ শেষৰজন স্বৰ্গ্দেউৰ দিনলৈকে ৰাজঘৰীয়া ’মে ডাম মে ফি ’ উদযাপিত হৈ আহিছিল।

নিয়ম[সম্পাদনা কৰক]

মে ডাম মে ফিত মুঠ দহজন দেউক উপাসনা কৰা হয়। তেওঁলোক হৈছে:

  1. খাও খাম,
  2. আই লেংদিন,
  3. য়াচিংফা,
  4. জান-চাই-হাং,
  5. লেংডন,
  6. চিট-লাম-চাম,
  7. মুট-কাম টাই-কুম,
  8. ডাম চাও ফী বা চাও ফী ডাম (তেৰ পুৰুষৰ আগৰ ককা-আইতাসকল),
  9. ৰা-খিন,
  10. বা-খিন। [8]

নীতি নিয়মসমূহত ব্যৱহাৰ হোৱা সা সামগ্ৰী হৈছে :- খাও চান (কেঁচা চাউল), কাই চেং (পবিত্ৰ চৰাই/বিশেষকৈ কুকুৰা), কাই খাই (মুৰ্গীৰ কণী), লুকলাও (সাজপানী), মাকমু (তামোল), বানপ্লু (পান), খ্ৰিং (আদা), মান ঙা (মিঠাতেল), ক্লু (নিমখ), কুই(কল), অই (চেনি), বান ফাই (লেম্প), নুম চে (গাখীৰ), নাম অই (গুৰ),নাম থুম (দৈ), খাই নুকপেট (হাঁহৰ কণী), চিংকৰা বা ব্লক চিংফা (এবিধ পবিত্ৰ ফুল), মাইহাং (বাঁহৰ পাঙ), লাৰু কাৰু (মিঠামাংস), চুপ টাও (মুখ ধুবলৈ পানীৰ পাত্ৰ), টাংকাক (এবিধ পাত্ৰ)। [9] মে ডাম মে ফিত নীতি নিয়মসমূহ ম-চাম, ম'-প্লঙ আৰু ম-হুং আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। [10] তেওঁলোকে আঠ কুনীয়া এটা হ '-ফি নিৰ্মাণ কৰি তাত ফি সকলৰ বাবে এখনকৈ পাং (বাঁহৰ চাং) পাতে।[11] আই ছিং লাও বন্দনাৰে সৃষ্টিকৰ্তা ফা-তু-ছিংক শ্ৰদ্ধা জনোৱাৰ পাছত আও টাং নামৰ আদৰা বন্দনাৰে ফি সকলক আহবান জনাই।[12] আও টাংৰ পাছত ফি সকলক কিন-টাং নামৰ বন্দনা গাই উৎসৰ্গা সমূহ অৰ্পণ কৰা হয়।[13] কিন টাংৰ পাছত ফি সকলক জ'ন-মিঙ নামৰ আশীৰ্বাদ বিচৰা বন্দনা গোৱা হয়।[14]জ'ন-মিঙৰ পাছত ফি সকললৈ ব'য়-টাং নামৰ বিদায় বন্দনা গোৱা হয়।[15] মে ডাম মে ফিত ৰা-খিন আৰু বা-খিনক বাদ দি বাকীকেইজন ফিলৈ ২৭জনী ৰঙা কুকুৰা আগ বঢ়োৱা হয়। ৰা-খিন আৰু বা-খিনক সাধাৰণতে কণী আগ বঢ়ায়। যদি ৰা-খিন আৰু বা-খিনক ৰঙা কুকুৰা দিয়ে তেতিয়া লগতে আখৈও দিব লাগিব বুলি নিয়ম আছে।[16]

উদযাপন[সম্পাদনা কৰক]

বৰ্তমান সময়ত গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰী প্ৰতিবছৰে ৩১ জানুৱাৰীত এই পৰম্পৰা সমূহীয়াকৈ পালন কৰা হয় যত টাইসকলৰ লগত অসমৰ অন্য খিলঞ্জীয়া জনগোষ্ঠীয়েও যোগ দিয়ে।[17] অসমত মে ডাম মে ফি এটা ৰাজ্যিক বন্ধৰ দিন।


লগতে পঢ়ক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. (Gogoi 2011:210)
  2. (Chetia 2021:2)
  3. (Gogoi 2011:70)
  4. "...the more distant ancestors ( phi dam ) and ..." Seminar on Vietnamese Studies - Volume 1 - Page 278
  5. (Gogoi 2011:210)
  6. (Gogoi 2011:82-83)
  7. (Gogoi 2011:83)
  8. (Gogoi 2011:71)
  9. (Gogoi 2011:71)
  10. (Gogoi 2011:71)
  11. (Gogoi 2011:71)
  12. (Gogoi 2011:73)
  13. (Gogoi 2011:79)
  14. (Gogoi 2011:80)
  15. (Gogoi 2011:81)
  16. (Gogoi 2011:82)
  17. ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস. অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী. 

উৎস প্ৰসংগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]