মণিৰাম দেৱান (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মণিৰাম দেৱান (১৯৬৪ চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
মণিৰাম দেৱান
পৰিচালক সৰ্বেশ্বৰ চক্ৰৱৰ্তী
প্ৰযোজক 'চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠান'ৰ হৈ অপূৰ্ব চৌধুৰী
লেখক সৰ্বেশ্বৰ চক্ৰৱৰ্তী
চিত্ৰনাট্য সৰ্বেশ্বৰ চক্ৰৱৰ্তী
কাহিনী সৰ্বেশ্বৰ চক্ৰৱৰ্তী
ভিত্তি বেণুধৰ শৰ্মাৰ 'মণিৰাম দেৱান' আৰু নাট্যকাৰ প্ৰবীণ ফুকনৰ 'মণিৰাম দেৱান' নামৰ নাটক।
অভিনয়ত ফণী শৰ্মা
পবিত্ৰ বৰকাকতি
উৎপল দত্ত
ইভা আচাও
সংগীত পৰিচালক ভূপেন হাজৰিকা
চিত্ৰগ্ৰহণকাৰী বিজয় দে
সম্পাদনা শিৱ ভট্টাচাৰ্য
ষ্টুডিঅ’ ইন্দ্ৰপুৰী ষ্টুডিঅ', কলিকতা
মুক্তি ১০ জানুৱাৰী, ১৯৬৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া
সৰ্বমুঠ আয় ২, ০৫,০০০ টকা

১৯৬৪ চনৰ ১০ জানুৱাৰীত মুক্তি পাইছিল 'মণিৰাম দেৱান' নামৰ বুৰঞ্জীমূলক অসমীয়া চলচ্চিত্ৰখনে। পৰিচালনাত আছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী। নাম ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই। ছবিখনৰ নিৰ্মানত খৰছ হৈছিল ২,০৫,০০০ টকা। 'চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠান'ৰ হৈ অপূৰ্ব চৌধুৰীয়ে চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল।

নিৰ্মাণৰ কথা[সম্পাদনা কৰক]

১৯৬২ চনত গুৱাহাটীউজান বজাৰৰ 'কুমাৰ ভাস্কৰ নাট্য মন্দিৰ'ত নিয়মিত নাটক কৰা শিল্পীসকলে এখন চলচ্চিত্ৰ নিৰ্মান কৰাৰ কথা চিন্তা কৰি যুগল দাসৰ নাটক 'ফল্গু'ক চলচ্চিত্ৰৰ ৰূপ দিবলৈ মনস্থ কৰে। ছবি নিৰ্মানত ধন লাগনি কৰাৰ বাবে আগবাঢ়ি আহে অপূৰ্ব চৌধুৰী। কিন্তু তেখেতে ছবিৰ বাবে 'মণিৰাম দেৱান'ৰ কাহিনীটোক অগ্ৰাধিকাৰ দিয়ে। 'মণিৰাম দেৱান' নাটকখন ইতিমধ্যে কেবাবাৰো অভিনীত হে দৰ্শকৰ দ্বাৰা সমাদৃত হৈছিল। সেয়ে 'মণিৰাম দেৱান'কে ছবিৰ বাবে ঠিৰাং কৰা হয়।

ছবিৰ চিত্ৰনাট্য লিখে সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে। পৰিচালনাও দায়িত্বও তেৱেঁই বহন কৰে। মূল চৰিত্ৰৰ বাবে প্ৰথমে সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ নাম উত্থাপন হৈছিল যদিও প্ৰযোজক অপূৰ্ব চৌধুৰীয়ে একেলগে পৰিচালক আৰু মূল অভিনেতাৰ দায়িত্ব পালনত অসুবিধা হ'ব বুলি অইন এজনক সেই চৰিত্ৰৰ বাবে ল'বলৈ কয়। ফণী শৰ্মাক নাম ভূমিকাৰ বাবে মনোনীত কৰা হয়।

'মণিৰাম দেৱান'ৰ চিত্ৰগ্ৰহন কলিকতাৰ 'ইন্দ্ৰপুৰী ষ্টুডিঅ'ত কৰা হৈছিল। সেই সময়তে সীমান্তত চীনা সৈন্যই ভাৰতৰ সেনাৰ ওপৰত প্ৰথম গুলী বৰ্ষণ কৰে আৰু ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ আৰম্ভনি হয়।

কলিকতাত প্ৰথমেই ছবিখনৰ সংগীত পৰিচালক ভূপেন হাজৰিকাৰ পৰিচালনাত ছবিৰ গীতৰ বাণীবন্ধন কৰা হয় 'টেক্‌নিচিয়ান ষ্টুডিঅ'ত।

ইয়াৰ পাছত চাৰিমাহ ধৰি ইন্দ্ৰপুৰী ষ্টুডিঅ'তে ছবিৰ চিত্ৰগ্ৰহন চলে। ছবিখনত ব্যৱহৃত পুৰণি অসমৰ আহিলা-পাতিবোৰৰ ভালেখিনি অসমৰপৰা কঢ়িয়াই নিয়া হৈছিল। শিল্পী যুগল দাসে তেতিয়াৰ অসমৰ ঘৰ-দুৱাৰ আদিৰ পৰিকল্পনা কৰিছিল আৰু তাৰ বাবে দৰকাৰী ছেট নিৰ্মান কৰিছিল কলা নিৰ্দেশক বটু সেনে।

ছবিখনৰ বহিৰ্দৃশ্যগ্ৰহন কৰা হৈছিল গুৱাহাটী, শিৱসাগৰ আৰু ছিলঙত।

কলিকতা তথা বলিউদৰ শিল্পী উৎপল দত্তই 'মণিৰাম দেৱান'ত হলৰইদ চাহাবৰ ভূমিকাত অভিনয় কৰিছিল। মনিৰাম দেৱানৰ অভিনয়ৰ বাবে তেখেতে আধা পাৰিশ্ৰমিক লৈছিল। অসমৰ শিল্পীৰ ভিতৰত ফণী শৰ্মা আৰু ইভা আচাওৰ বাহিৰে আন সকলে পাৰিশ্ৰমিক লোৱা নাছিল।

ছবিখনৰ পৰিবেশনা কৰিছিল প্ৰযোজক অপূৰ্ব চৌধুৰীয়ে নিজেই।

'মণিৰাম দেৱান'ৰ কাহিনী[সম্পাদনা কৰক]

মণিৰাম দেৱানৰ এখন অংকন চিত্ৰ

অসম বুৰঞ্জীৰ এজন প্ৰসিদ্ধ ব্যক্তি মণিৰাম দেৱানৰ কাহিনীৰ ভিত্তিত চলচ্চিত্ৰৰ কাহিনী ভাগ গঢ়ি তোলা হৈছিল। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ 'মণিৰাম দেৱান' আৰু নাট্যকাৰ প্ৰবীণ ফুকনৰ 'মণিৰাম দেৱান'ৰ আলমত ছবিৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰছনা কৰিছিল পৰিচালক সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ক্ৰমে ক্ৰমে সমগ্ৰ অসমৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰে। প্ৰথমে ইংৰাজৰ শাসনত ৰাইজে আদৰি ললেও সোনকালেই ভিতৰি ভিতৰি বিদ্ৰোহৰ জুই জ্বলি উঠে। সেই সময়তে ৰাজনীতি বিশাৰদ, ৰাষ্ট্ৰজ্ঞানী, স্পষ্টবাদী মণীৰাম বৰভাণ্ডাৰ বৰুৱাই জৰ্জ এণ্ড্ৰিউ মোফাট মিলছ্‌ (George Andrew Mofat Mills) চাহাবক লগ ধৰি ৰাইজৰ প্ৰতিক্ৰিয়াশীল মনৰ কথা প্ৰকাশ কৰি দুখন দৰ্খাস্ত লিখে। ইয়াৰ পাছত আকৌ তেখেতে মিলছ আৰু হলৰইদ চাহাবক লগ ধৰি দেশৰ শাসন ভাৰ দেশৰ ৰজাৰ হাতত অৰ্পন কৰিবলৈ আহ্বান জনায়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই আহ্বান উপেক্ষ কৰে। ইয়াৰ পাছত মণীৰামে পাতনি মেলে গণ আন্দোলনৰ। এই গণ আন্দোলনত যোগ দিয়ে পিয়লি বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, ফৰমুদ আলি, ঘৰফলীয়া বৰুৱা, মৰংগীখোৱা গোহাঁই, ৰাম চিৰস্তাদাৰ বৰুৱা ইত্যাদি বহুজনে।

বিদ্ৰোহৰ অগনি জ্বলি উঠে। মিল্‌ছ আৰু হলৰইদ চাহাবৰ চকুৰ টোপনি নাইকীয়া হয়। মণিৰামে পৰ্বতীয়া নেতাসকলৰ সহায় বিচাৰি তেওঁলোকৰ ওচৰলৈ কটকী পঠিয়ায়। উভতি আহোঁতে হৰনাথ দাৰোগাৰ হাতত বন্দী হয় ফুলকুমাৰী। ফুলকুমাৰী আছিল মণিপুৰৰ জীয়ৰী। গোৰা চিপাহীৰ কামনাৰ বলি হোৱাৰ ভয়ত তাই আহি দুতিৰাম বৰুৱাৰ অনুগ্ৰহত ৰাজকেৰেঙত আশ্ৰয় লৈছিল। পাছলৈ মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ নেতৃত্বত চলা স্বাধীনতাৰ ৰণত যোগ দিছিল।

ইফালে মিল্‌ছ চাহাব স্বদেশলৈ উভতি যায়। হলৰইদৰ সহায়ৰ বাব আহে কেপ্টেইন লুথাৰ। তেওঁলোকে আসমৰ সকলো প্ৰধান ৰাজ-বিষয়াক মাতি সদৰ ৰংপুৰতে এখন মেল পাতে।

ফুলকুমাৰীক এৰাতিৰ বাবে জেলৰপৰা পলুৱাই আনি উদ্দাম নৃত্যৰ লয়লাসত চাহাবক মদৰ ৰাগীত শুৱাই ৰাখি সেইনিশাই দেৱান কলিকতালৈ পলাই যায় আৰু বৰলাটৰ সৈতে সাক্ষাৎ কৰে। কিন্তু এই সাক্ষাততো কোনো ফল নধৰাত তেখেতে ১৮৭৭ চনত হোৱা 'চিপাহি বিদ্ৰোহ'ত যোগ দিয়ে। ইফালে পিয়লি বৰুৱাই বিদ্ৰোহৰ সঁজাল ধৰে। কলিকতাৰপৰা পোৱা নিৰ্দেশ মৰ্মে কাৰেঙত গুপুত আলোচনা চলে। হলৰইদ চাহাবে বিদ্ৰোহ দমন কৰিবলৈ উঠি-পৰি লাগে।

ৰাজকাৰেং আক্ৰমণ কৰিলেই বিদ্ৰোহৰ মূল ঘাটি উচন কৰা হ'ব বুলি হৰনাথ দাৰোগাই হলৰইদ চাহাবক বাতৰি দিয়ে।

কাৰেঙৰ ঘাই লিগিৰী সেউতীয়ে পিয়লি বৰুৱাক প্ৰেম নিবেদন কৰি বিফল হৈ প্ৰতিশোধৰ বাবে ছেগ বচাৰি আছিল। তেখেতেই কেপ্টেইন লুথাৰক কাৰেঙৰ গুপুত পথৰ সন্ধান দিয়ে। বিদ্ৰোহৰ মূল ঘাঁটি ইংৰাজে জয় কৰে।

কলিকতাৰপৰা মণিৰামে পঠিওৱা চিঠিৰ আধাৰতে তেখেতৰ ওপৰত বিদ্ৰোহত লিপ্ত থকাৰ গোচৰ তৰা হয়। বিচাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচীৰ নিৰ্দেশ আহে।

অভিনেতা/অভিনেত্ৰী[সম্পাদনা কৰক]

  • অপৰ্ণা বৰদলৈ
  • ৰাজেন শৰ্মা
  • ধৰ্মেশ্বৰ গোস্বামী
  • চামচুল হুদা
  • মানিক দাস
  • সুখময় সেন
  • শশাংক সোম
  • ৰেবেকা আচাও
  • আৰু বহুতো

কলা-কুশলী[সম্পাদনা কৰক]

(তথ্য চকত উল্লেখ নথকা)

  • শব্দগ্ৰহন: জে.ডি. ইৰাণী, শিশিৰ চেটাৰ্জী, মৃণাল গুহঠাকুৰতা
  • কলা নিৰ্দেশনা: বটু সেন
  • ৰূপ-সজ্জা: দেৱী হালদাৰ
  • সাজ-সজ্জা: ব্ৰজ ফুকন
  • খনিকৰ: বিশ্ব পাল
  • সংগঠনত: হৰিশ চৌধুৰী
  • প্ৰচাৰ ব্যৱস্থাপনা: দিলীপ হাজৰিকা
  • ব্যৱস্থাপনা: সুখময় সেন, বীৰেন মুখাৰ্জী
  • স্থিৰচিত্ৰ: কাপছ ফটোগ্ৰাফী
  • পোহৰ সংযোজন: হেমন্ত দাস, শান্তি সৰকাৰ, মনোৰঞ্জন দত্ত, বিনয় ঘোষ, সুখৰঞ্জন দত্ত, দেবেন দাস
  • সহকাৰী
    • পৰিচালনা: শশাংক সোম
    • সংগীত: হিমাংশু দাস, জয়ন্ত হাজৰিকা
    • চিত্ৰগ্ৰহন: শান্তি দত্ত
    • শব্দগ্ৰহন: জগত দাস, সিদ্ধি দাস, সুনীল ৰাম
    • সম্পাদনা আৰু পৰিচালনা: অমলেশ শিকদাৰ, অময় লাহা
    • ৰূপসজ্জা: শম্ভু দাস, বংশী দাস
    • সাজ-সজ্জা: শেখসেৰ আলি, প্ৰভাত বসু
    • তবলা সংগত: অতুল শৰ্মা
    • বহিৰ্দৃশ্য গ্ৰহন: অৰূপ চক্ৰৱৰ্তী, হীৰামন গোস্বামী, দীন দাস, ইন্দ্ৰ দাস, ৰাণা হাতীকাকতী, উদয় হাতীকাকতী
  • পৰিস্ফূটন: ধীৰেন দাসগুপ্ত, (ইন্দ্ৰপুৰী ষ্টুডিঅ'ত এম.এছ. চুবেদাৰৰ তত্বাৱধানত আৰ.চি.এ. শব্দযন্ত্ৰত)
  • পৰিবেশনা: চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠান, ভুবন ৰোড, উজান বজাৰ, গুৱাহাটী

মুক্তি আৰু ৰআইজৰ সঁহাৰি[সম্পাদনা কৰক]

কলিকতাত ছবিখনৰ চেন্সৰ কৰোঁতে ছবিখনৰ সম্বলিত ফাঁচীৰ কেবাটাও অতি ওচৰৰ দৃশ্য ভয়াবহ হোৱা বুলি প্ৰথমে 'এ' চাৰ্টিফিকেট দিবলৈ ওলাইছিল। পাছত প্ৰযোজক-পৰিচালকে সেই দৃশ্যকেইটা কাটি দিয়াত সমস্যাৰ সমাধান হয়। কলিকতাতেই ছবিখনৰ প্ৰেছ শ্বো দেখুওৱা হৈছিল।

১৯৬৪ চনৰ ১০ জানুৱাৰীত অসমৰ চাৰিটা চিত্ৰগৃহত ছবিখন মুক্তি দিয়া হৈছিল। ছবিঘৰ কেইটা আছিল: ৰূপায়ণ (গুৱাহাটী), শংকৰ (যোৰহাট), ৰূপালীম (শিৱসাগৰ), আৰু জয়শ্ৰী (নগাওঁ)। ছবিখনে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম লাভ হৈছিল।

ছবিখন ৰাইজৰ লগতে সমালোচকে সকলেও ভাল পাইছিল। বাতৰি-কাকতত প্ৰকাশিত সমালোচনাই ছবিখনক ভূয়সী প্ৰশংসা কৰি ইয়াক সৰ্বভাৰতীয় পৰ্য্যায়ত ফেৰ মাৰিব ছবি বুলি উল্লেক কৰিছিল।

সন্মান[সম্পাদনা কৰক]

ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক বঁটা লাভ কৰিছিল।

ছবিখনৰ বৰ্তমানৰ অৱস্থা[সম্পাদনা কৰক]

পুনেৰ জাতীয় ফিল্ম আৰ্কাইভে ছবিখনৰ মুক্তিৰ পাছতেই এটা প্ৰিণ্ট সংৰক্ষণৰ ব্যৱস্থা কৰে। ছবিৰ নিগেটিভো কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ পৰা নি জাতীয় ফিল্ম আৰ্কাইভত জমা কৰা হয়। নিগেটিভ আৰু প্ৰিণ্ট সেয়ে সযতনে সংৰক্ষিত হৈ আছে। আনহাতে ফিল্ম ছাৰ্ভিছেজত থকা আন কেবাখনো অসমীয়া ছবিৰ নিগেটিভ নষ্ট কৰি পেলোৱা হয়।

ছবিখনৰ ইংৰাজী ছাব-টাইটেল থকা এটা প্ৰিণ্ট অপূৰ্ব চৌধুৰীৰ ঘৰতে সংৰক্ষিত আছে। ছাব-টাইটেল কৰিছিল অপূৰ্ব চৌধুৰী্যে নিজে। এই প্ৰিণ্টটোকে ১৯৮৯ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী-দূৰদৰ্শনৰপৰা ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম যোগে প্ৰচাৰ কৰা হৈছিল। দিল্লী দূৰদৰ্শন কেন্দ্ৰ আৰু ২০ টা এল.পি.টি. কেন্দ্ৰ যোগে ১৯৮৩ চনৰ ৩০ এপ্ৰিলৰ দিনা প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দূৰদৰ্শনত সন্ধিয়া সম্প্ৰচাৰ কৰা হৈছিল।

ছবিঘৰত আন দুটা প্ৰিণ্টো অপূৰ্ব চৌধুৰীৰ ঘৰতে সংৰক্ষণ কৰা আছে।

সংগীত[সম্পাদনা কৰক]

'মণিৰাম দেৱান'ৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। সহকাৰী পৰিচালক আছিল জয়ন্ত হাজৰিকা আৰু হিমাংশু বিশ্বাস। গানৰ কথা ভূপেন হাজৰিকাৰ। তিনিটা গানৰ কথা প্ৰচলিত। ছবিখনৰ সংগীত অতি জনপ্ৰিয় হৈছিল আৰু কেইবাটাও গান আজিও জনপ্ৰিয়।

  • বুকু হম হম কৰে মোৰ আই -- (কথা আৰু কণ্ঠ: ভূপেন হাজৰিকা)
  • এইটিবা কোন ওলালে -- (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, শ্যামল মিত্ৰ, জয়ন্ত হাজৰিকা, ইলা বসু, সুদক্ষিণা শৰ্মা, স্তুতি হাজৰিকা আৰু দিলীপ শৰ্মা)
  • তপ্ত তীখাৰে অগ্নি শক্তি ৰক্ত বৰ্ণে জ্বলে - এ জলিলে -- (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, শ্যামল মিত্ৰ, জয়ন্ত হাজৰিকা, ইলা কাকতি, সুদক্ষিণা শৰ্মা, স্তুতি হাজৰিকা আৰু দিলীপ শৰ্মা)
  • সংগ্ৰাম লগ্নে আজি শংকা ত্ৰাস ত্যাজি -- (কথা: ভূপেন হাজৰিকা, কণ্ঠ: সুদক্ষিণা শৰ্মা)
  • হে মাই যশোৱা হে -- (কথা: প্ৰচলিত, কণ্ঠ: ভূপেন হাজৰিকা)
  • সোণাৰ বৰণ পাখিৰে তোৰ হেংগুল বৰণ আখি -- (কথা: প্ৰচলিত, কণ্ঠ: শ্যামল মিত্ৰ আৰু জয়ন্ত হাজৰিকা)
  • ফেঁচুৱে কৰিলে ছিঁউ মোৰ দেউতা ফেঁচুৱে কৰিলে ছিঁউ -- (কথা: প্ৰচলিত, কণ্ঠ: ভূপেন হাজৰিকা)

কাৰিকৰী খুঁটি-নাটি[সম্পাদনা কৰক]

  • ৰঙ: ক'লা-বগা
  • দৈৰ্ঘ্য: ১৫ ৰীল
  • ফৰ্মেট: ৩৫ মিমি

তথ্য সমল[সম্পাদনা কৰক]

  • দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।