ৱিকিচ'ৰা:অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:অসমৰ পৰা পুনঃনিৰ্দেশিত)

Link==

ৱিকিচ'ৰা অসমলৈ স্বাগতম!

অসম (ইংৰাজী: Assam) [Asom] ( শুনক) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল[উদ্ধৃতিৰ প্ৰয়োজন]৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাবে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰঙ্গ প্ৰদেশ হিচাপে গঠিত হয়৷ ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিশপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ) জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷ কাজিৰঙাএশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত। বিতংকৈ পঢ়ক…


নিৰ্বাচিত প্ৰবন্ধ

প্ৰথম অসমীয়া ছবি জয়মতীৰ এটি দৃশ্য

অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত o ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য। যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জৰিত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তাৰোপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্হানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে। (সবিশেষ পঢ়ক .....)

নিৰ্বাচিত জীৱনী

কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্রেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহন কৰে। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপাল ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্নৰৰ এ.ডি.চি. পদলৈ পদোন্নতি দিয়া হৈছিল। দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰবাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল। (সবিশেষ পঢ়ক .....)

শেহতীয়া ঘটনাৱলী

  • ৯ নৱেম্বৰ, ২০১৬: ক'লা ধন ৰোধ কৰিবলৈ ৫০০ আৰু ১০০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণ কৰা হয়।
  • নতুনকৈ প্ৰচলন হোৱা ২০০০ টকীয়া মুদ্ৰাত কোনো মাইক্ৰ' ছিপ নাই বুলি বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে স্পষ্ট কৰি দিয়ে।

আপুনি জানেনে...

সম্পৰ্কীত চ'ৰাসমূহ

বিষয়সমূহ

ভূগোল: ব্ৰহ্মপুত্ৰঅধিক

ইতিহাস: অসমৰ ইতিহাসঅসমৰ বুৰঞ্জীভাৰতৰ স্বাধীনতা আন্দোলনঅধিক

জিলা আৰু নগৰসমূহ: অসমৰ জিলাসমূহকামৰূপ (মহানগৰ)যোৰহাটডিব্ৰুগড়শোণিতপুৰবঙাইগাঁওঅধিক

পৰ্যটন: ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকামাখ্যা মন্দিৰমাজুলীশিৱসাগৰভালুকপুংপবিতৰা অভয়াৰণ্যঅধিক

সংস্কৃতি: অসমীয়াসাহিত্যচলচ্চিত্ৰজনগোষ্ঠীবিহুফাকুৱাদুৰ্গা পূজাআলি আঃয়ে লৃগাংঅধিক

ব্যক্তি: শ্ৰীমন্ত শংকৰদেৱগোপীনাথ বৰদলৈভূপেন হাজৰিকাআনন্দৰাম বৰুৱাবিষ্ণু ৰাভাঅধিক

শ্ৰেণীসমূহ

ৱিকিমিডিয়া

এই বিষয়ত তলত দিয়া ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য আছে:

কমন্স
মেডিয়া

ৱিকিবাৰ্তা 
বাতৰি

ৱিকিউক্তি 
উক্তি

ৱিকিউৎস 
লেখা

ৱিকিভাৰ্চিটি
শিকন সমল

ৱিকিভয়েজ 
ভ্ৰমণ সহায়িকা

ৱিকিঅভিধান 
সংজ্ঞা

ৱিকিতথ্য 
তথ্য

ৱিকিপ্ৰজাতি 
প্ৰজাতি

আপুনি কি কৰিব পাৰে?

  • অসম সম্পৰ্কীয় যিকোনো প্ৰবন্ধৰ "লগতে চাওক" শিতানত "{{Portal|অসম}}" এই ক'ডটো ব্যৱহাৰ কৰি পৃষ্ঠাখনৰ প্ৰচাৰ কৰিব পাৰে।
  • অসম সম্পৰ্কীয় নতুন প্ৰবন্ধ লিখিব পাৰে, তাৰ বাবে তলৰ ৰঙা শিৰোনাম বোৰত ক্লিক কৰিব পাৰে।
  • বহুতো অসম সম্পৰ্কীয় প্ৰবন্ধ উন্নত আৰু বিস্তাৰ কৰিব পাৰে
  • আপোনাৰ বন্ধু বা অন্য লোকক ৱিকিপিডিয়াত বৰঙণি আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিব পাৰে।
  • চিত্ৰ আপলড কৰিব পাৰে।
  • ৱিকিপিডিয়াত থকা অসম সম্পৰ্কীয় প্ৰবন্ধসমূহ শ্ৰেণীবদ্ধ কৰাত সহায়. কৰিব পাৰে।
  • যদি আপুনি অসমৰ ৱিকিপিডিয়ান, তেন্তে আপোনাৰ সদস্য পৃষ্ঠাত এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে!!! {{User:Assam}}

ছাৰ্ভাৰৰ কেছ পৰিস্কাৰ কৰক