সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নিৰ্বাচিত প্ৰবন্ধ

চাণক্য (ইং: Chanakya, খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও অভিহিত কৰা হয়। তেওঁ প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞানৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰ্থশাস্ত্ৰৰ ৰচনা কৰিছিল। তেখেতক ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ জনক, আৰু তেওঁৰ কৰ্মৰাজিক ধ্ৰুপদী অৰ্থনীতিৰ পথপ্ৰৱৰ্তক বুলি বিবেচনা কৰা হয়। গুপ্ত ৰাজবংশৰ শাসনৰ শেষ ফালে তেওঁৰ গ্ৰন্থখন হেৰাই যায়। এইখন আকৌ আবিষ্কৃত হয় ১৯১৫ খ্ৰীষ্টাব্দত। তেওঁ প্ৰাচীন তক্ষশীলা বিশ্ববিদ্যালয়ত অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতিৰ অধ্যাপক আছিল। তেওঁ তৰুণ চন্দ্ৰগুপ্তক শিক্ষা প্ৰদান কৰিছিল আৰু মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্থানত তেৱেঁই প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। লিখিতৰূপত পোৱা তথ্য মতে মৌৰ্য সাম্ৰাজ্যই আছিল ভাৰতীয় উপমহাদেশৰ প্ৰথম সৰ্বভাৰতীয় সাম্ৰাজ্য। চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ পুত্ৰ বিন্দুসাৰৰ ৰাজ-উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কিছু সময়লৈ অশোকৰো মাৰ্গদৰ্শক আছিল। প্ৰাচীন ভাৰতৰ ইতিহাসত তেওঁৰ অৰ্থনীতি তত্ত্বই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।(বিতংকৈ পঢ়ক...)

নিৰ্বাচিত চিত্ৰ

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ফেৰীৰে মাজুলীলৈ যাত্ৰা কৰাৰ মুহূৰ্তৰ আলোকচিত্ৰ

সুৰজ কুমাৰ দাস
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

জুন ২০১৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহৰ তালিকা

উল্লেখনীয় কাম

সম্পাদকীয়

“স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা”

এটা জাতিৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্য আদিৰ প্ৰতিফলন ঘটে মাতৃভাষাৰ মাধ্যমত। এখন দেশ তথা এটা জাতিৰ উত্তৰণ তথা সমৃদ্ধি বহু পৰিমানে নিৰ্ভৰ কৰে মাতৃভাষাৰ ওপৰত। মাতৃভাষা হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। মাতৃভাষাই জাতিটোক একতাৰ ডোলেৰে বান্ধি, সমন্বয়ৰ সাঁকো গঠন কৰে। ভৌগোলিক ভাৱে ভাৰতৰ উত্তৰ পূৱত অৱস্থিত অসমৰ মাতৃভাষা হৈছে অসমীয়া। বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ ভাষা আৰু ইয়াৰ থলুৱা লোকৰ ভাযাৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটা ভাষা। অতিকৈ চেনেহৰ, অতিকৈ মৰমৰ, অতিকৈ আপোন ভাষা। আমাৰ অসমীয়া ভাষা। যাৰ সৃষ্টি আৰু ক্ৰমবিকাশৰ আঁৰত আছে এক দীঘলীয়া ইতিহাস। নানান ঘাত-প্ৰতিঘাত, উত্থান-পতন, সংগ্ৰাম-আন্দোলনৰ কণ্টকময় পথ অতিক্ৰমি অসমীয়া আজি এটা সুপ্ৰতিস্থিত ভাষা। আজি অসমীয়া ভাষা ভাৰতৰ এটা অন্যতম ৰাজ্যিক ভাষা। আজিৰ ইণ্টাৰনেট জগততো ই এটা বহু প্ৰচলিত ভাষা।

বৰ্তমান ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰা অন্য এক নীৰৱ আন্দোলনৰ নাম হৈছে অসমীয়া ৱিকিপিডিয়াইউনিক’ডৰ বিকাশৰ পাছৰে পৰা ফেচবুককে ধৰি বিভিন্ন সামাজিক মাধ্যমত আজি অসমীয়া ভাষাৰ প্ৰচুৰ প্ৰচলন পৰিলক্ষিত হৈছে। ইণ্টাৰনেটত অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ এনে এক বিশাল মঞ্চ হৈছে অসমীয়া ৱিকিপিডিয়া। প্ৰায় ১১,৫৭৯ সংখ্যক সদস্যৰ স্বেচ্ছামূলক বৰঙণিৰ দ্বাৰা লিখিত প্ৰায় ৩,৪৪৪ টা অসমীয়া প্ৰৱন্ধেৰে ই এখন মধ্যমীয়া মুক্ত বিশ্বকোষ। ইণ্টাৰনেট জগতত অসমীয়া ভাষাক সমৃদ্ধিশালী কৰাত ইয়াৰ অৱদান বিশেষ ভাৱে উল্লেখনীয়। কেৱল অসমৰে নহয়, বিশ্বৰ ভিন্ন প্ৰান্তৰ কিছু অনা-অসমীয়া ৱিকিপিডিয়ানেও অসমীয়া ৱিকিপিডিয়াত বৰঙণি আগবঢ়ায়। ৱিকিপিডিয়াৰ লগতে খোজত খোজ মিলাই অসমীয়া ভাষা প্ৰচাৰৰ অন্য এক সহযাত্ৰী হৈছে ৱিকিউৎস। অসমীয়া ৱিকিপিডিয়াৰেই ভগ্নী প্ৰকল্প ৱিকিউৎসৰ প্ৰৱন্ধৰ সংখ্যা হৈছে প্ৰায় ১,২১০ টা

কিন্তু এয়া যথেষ্ট নহয়। অমানিশাৰ ঘোৰ এন্ধাৰে যেন ক্ৰমশঃ গ্ৰাস কৰিছে অসমীয়া ভাষাক। বিতৰ্কৰ শীৰ্ষত আজি অসমীয়া ভাষা। সৰলীকৰণ, মাধ্যমৰ সমস্যা, ভাষাৰ সংকট আদি বিষয় আহিছে। কিছুলোক শংকিত হৈ পৰিছ ভাষাটোৰ স্থায়িত্বক লৈ। সন্তানক ভাষাটো শিকোৱাৰ ক্ষেত্ৰত অভিভাৱকসকল যেন আগ্ৰহী নহয়। নতুন প্ৰজন্মও যেন আগ্ৰহী নহয় ভাষাটোৰ বিশুদ্ধতাৰ প্ৰতি। তেন্তে উপায় কি?

উপায় নিশ্চয় আছে। আমাৰ ভাষাটোক এই সংকটৰ পৰা আমিয়েই উদ্ধাৰ কৰিব লাগিব। আমি ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কেৱল চৰকাৰৰ কাম, সাহিত্যিক, বুদ্ধিজীৱীৰ কাম বুলি হাত সাবতি বহি থাকিলে নহ’ব। আমি আমাৰ ভাষাটোক ভাল পাবলৈ আৰু সন্মান কৰিবলৈ শিকিব লাগিব।

আহক আমি অসমীয়া ৱিকিপিডিয়াৰ পৰাই এই নতুন যাত্ৰা আৰম্ভ কৰোঁ। সকলোৱে সগৌৰৱেৰে সমস্বৰে কওঁ,

“সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব”
- দিব্য দত্ত, ডিব্ৰুগড়

শ্ৰদ্ধাঞ্জলি

  • মহানন্দ শৰ্মা অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। ৭০-৮০ দশকত ভ্ৰাম্যমান থিয়েটাৰত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা এই শিল্পীগৰাকীয়ে ২০০৪ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে। তেখেতক বিভিন্ন সংগঠনে 'মঞ্চ ভাস্কৰ', 'মঞ্চ কোঁৱৰ', 'নাট্য প্ৰভাকৰ', 'চিৰ সেউজ', 'মহাগুৰু' আদি বিভিন্ন অভিধাৰে বিভূষিত কৰিছিল। ২০ জুন ২০১৫ত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বৃক্কৰ ৰোগত মৃত্যুবৰণ কৰে।
    (বিতংকৈ পঢ়ক...)
  • নেক চান্দ চে'নি এজন স্ব-শিক্ষিত ভাৰতীয় শিল্পী যাক চণ্ডিগড়ৰ ১৮ একৰ মাটি আৱৰি ৰখা বিখ্যাত ৰক গাৰ্ডেনৰ নিৰ্মাতা হিচাপে জনা যায় । ১৯৪৭ চনত হোৱা দেশ বিভাজনৰ সময়ত তেওঁৰ পৰিয়ালটি আহি চণ্ডিগড়ত থিতাপি লয়হি । সেই সময়্ত চুইচ/ফ্ৰেন্স স্থাপত্য শিল্পী লী কৰ্বোচিয়াৰৰ তত্বাৱধানত চণ্ডিগড়ক আধুনিক চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল । ইয়েই হৈছে ভাৰতৰ প্ৰথমখন পৰিকল্পিত মহানগৰ আৰু তাৰেই গড়কাপ্তানী বিভাগত পথ পৰিদৰ্শক হিচাপে চান্দ নিযুক্ত হয় । ১৯৮৪ চনত তেওঁক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানৰে বিভোষিত কৰা হয় ।
    (বিতংকৈ পঢ়ক...)

পদক

পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিপিডিয়ান
দিব্য দত্ত, ডিব্ৰুগড়
অনুবাদকৰ পদক
হিমাংশু কলিতা, ৰঙিয়া
জীৱনীকাৰ পদক
মঞ্জিল কোঁৱৰ, লক্ষীমপুৰ
বিশেষ বঁটা
দিব্য দত্ত, ডিব্ৰুগড়
কাৰিকৰী বিশেষজ্ঞ পদক
গীতাৰ্থ বৰদলৈ, যোৰহাট
প্ৰশাসক পদক
প্ৰভাকৰ শৰ্মা নেওগ, শিলচৰ
ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
দিব্য দত্ত১২৬(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰভাকৰ শৰ্মা নেওগ (কাৰিকৰী সহায়ক)১০৩-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মঞ্জিল কোঁৱৰ৫০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক)৪১-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মেঘনীল৩৪-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হীৰক নয়ন ভূঞা৩১-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বিকাশ গগৈ৩০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হিমাংশু কলিতা২৯-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
JBDVIJASDVI২৭-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০Wiki-Edt2000২৭-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১বাবুল বৈশ্য২৩-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২জলি বৰা২০(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ঈশাণ কাশ্যপ হাজৰিকা১৮-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪চুলতান মোস্তাফিজুল হক১৭-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫Syum90১৫-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬সচ্চিদানন্দ শইকীয়া১৩-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭কৌস্তভ গোস্বামী১১-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮গুণী খান১১-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯জোনমণি শইকীয়া১০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )