তেজপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(তেজপুৰ (নগৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
তেজপুৰ
—  নগৰ/মহকুমা  —
তেজপুৰৰ হৰি হৰ যুদ্ধ
তেজপুৰৰ হৰি হৰ যুদ্ধ
তেজপুৰ
তেজপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°38′N 92°48′E / 26.63°N 92.8°E / 26.63; 92.8
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শোণিতপুৰ
জনসংখ্যা 102,505 (2011)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


48 m (157 ft)

তেজপুৰ (ইংৰাজী: Tezpur) শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ। ই গুৱাহাটীৰ ১৭৯ কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত[1]। তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও বিখ্যাত।

তেজপুৰ নামৰ উৎপত্তি[সম্পাদনা কৰক]

a gate from tezpur, porua

তেজপুৰ : তেজপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ। এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী ঊষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত। সেয়ে তেওঁৰ সুৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছিল।

এদিন ৰাতি সপোনত ঊষাই এজন সুদৰ্শন ৰাজকোঁৱৰক দেখা পায় আৰু প্ৰেমত পৰে। প্ৰিয় সখী, চিত্ৰশিল্পী চিত্ৰলেখাই সখীৰ বিৰহ বেদনা দূৰ কৰিবলৈ তেওঁৰ বৰ্ণনা ক্ৰমে ৰাজকোঁৱৰৰ চিত্ৰ আঁকিলে। অনুসন্ধান কৰি গম পোৱা গ'ল যে সেই কোঁৱৰজন বাণৰজাৰ শত্ৰু, দ্বাৰকাৰ ৰজা, ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধচিত্ৰলেখাৰ জৰিয়তেই দুয়োৰে মাজত প্ৰত্যক্ষভাৱে প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথামতে বিবাহপাশত আৱদ্ধ হয়।

বাণ ৰজাই খঙতে অনিৰুদ্ধক বন্দী কৰি ৰাখে। নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি শ্ৰীকৃষ্ণই বাণৰ লগত যুদ্ধত প্ৰবৃত্ত হয়। বানৰজাক সহায় কৰিবলৈ তেওঁৰ ইষ্টদেৱ ভগবান শিৱইও যুদ্ধত লিপ্ত হয়। কৃষ্ণসেনা আৰু সমানেই শক্তিশালী শিৱসেনাৰ মাজত হোৱা এই অভূতপূৰ্ব ভয়ংকৰ যুদ্ধ দেখি ত্ৰিভূবন ত্ৰস্তমান হৈ পৰে। অৱশেষত যুদ্ধৰ প্ৰাবল্যত সৃষ্টি নাশহোৱাৰ উপক্ৰম দেখি বিশ্বৰ সকলো ঋষি, মুনি আৰু দেবগণৰ কাতৰ উপাসনাত দুইজন দেৱতা ক্ষান্ত হয় আৰু যুদ্ধ সম্বৰণ কৰে। বাণৰজায়েও নিজৰ ভুল উপলব্ধি কৰি ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।

লোককথামতে 'হৰি-হৰ যুদ্ধ' (হৰি:কৃষ্ণ, হৰ: শিৱ) বুলি জনাজাত দুই প্ৰবল প্ৰতাপী দেৱতাৰ এই ৰক্তক্ষয়ী যুদ্ধত ইমানেই মানুহৰ মৃত্যু হৈছিল যে যুদ্ধক্ষেত্ৰত হেনো তেজৰ ঢল যেন উঠিছিল। সেয়ে কালক্ৰমত এই স্থান তেজপুৰ বা শোণিতপুৰ বুলি (তেজৰ/শোণিতৰ নগৰ) পৰিচিত হৈ পৰে।


কলা, সংস্কৃতি, সাহিত্য[সম্পাদনা কৰক]

তেজপুৰ কলা, সংস্কৃতি, সাহিত্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি মনমোহা নগৰ। ইয়াতেই অসমীয়া সাহিত্যৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ জন্ম হয়। অসমৰ প্ৰথমটো বাদ্যযন্ত্ৰীৰ দলে ১৯০৭ চনত তেজপুৰতে জন্মলাভ কৰে। অসমৰ প্ৰথমটো আধুনিক ৰংগ মঞ্চ বাণ ৰঙ্গমঞ্চ ১৯০৬ চনত আৰু অসমৰ প্ৰথমখন সংগীত বিদ্যালয় জ্যোতিকলা কেন্দ্ৰ ১৯৪০ চনত ইয়াতেই স্থাপিত হয়। অসমৰ জাতীয় সংগীত "অ’ মোৰ আপোনাৰ দেশ" প্ৰথমবাৰৰ বাবে সুৰাৰোপিত কৰি তেজপুৰতে গোৱা হৈছিল। "ৰূপকোঁৱৰ"জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ সকলো কাম সম্পাদনা কৰে। আনহাতে শোণিতপুৰ জিলাৰ অন্তৰ্গত 'গহপুৰ'আৰক্ষী চকীত ১৯৪২ চনত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ আৰক্ষী চকীৰ ওপৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি ১৪ বছৰীয়া কণকলতা বৰুৱা আৰক্ষীৰ গুলিত নিহত হয়।

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল[1]। :-

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

অগ্নিগড়ৰ সন্মুখভাগ
কণকলতা উদ্যান

তেজপুৰ নগৰৰ কেইখনমান উল্লেখযোগ্য ঠাই:[1]

  1. চিত্ৰলেখা উদ্যান
  2. অগ্নিগড়
  3. বামুণী পাহাৰ
  4. দ-পৰ্বতীয়াশৈল দ্বাৰ
  5. পদুম পুখুৰী
  6. ত্ৰিমূৰ্তি উদ্যান
  7. হজৰা পুখুৰী
  8. জ্যোতি ভাৰতী
  9. নামেৰী ৰাষ্ট্ৰীয় উদ্যান
  10. বাণ ৰঙ্গমঞ্চ
  11. জিলা সংগ্ৰহালয়,তেজপুৰ
  12. ড॰ ভূপেন হাজৰিকা কলাভূমি

উল্লেখনীয় মঠ-মন্দিৰ[সম্পাদনা কৰক]

গণেশ মন্দিৰ
ভৈৰৱী মন্দিৰ
হলেশ্বৰ মন্দিৰ
গীৰ্জা ঘৰ
  1. মহাভৈৰৱ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সমীপত[1]
  2. ভৈৰৱী মন্দিৰ :- অৱস্থিতি: নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভৈৰৱী টিলাৰ ওপৰত[1]
  3. গণেশ মন্দিৰ:-অৱস্থিতি: ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গণেশ ঘাটত।
  4. হনুমান মন্দিৰ:- অৱস্থিতি: ভৈৰৱী মন্দিৰৰ পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত, গেৰেকী বান্দৰদেৱা পাহাৰৰ এটি সৰু টিলাৰ ওপৰত।
  5. কেতেকেশ্বৰ দেৱালয়:- অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ।
  6. শুক্লেশ্বৰ দেৱালয়:- অৱস্থিতি: গটঙা গাঁৱত, তেজপুৰৰ পৰা প্ৰায় ৬ কি:মি: আঁতৰত।
  7. সিদ্ধেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, বামুণ চুবুৰীৰ পৰ্বতীয়া সাউদৰ পাৰ গাঁৱত।
  8. দক্ষিণা কালী মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সন্মুখত।
  9. ৰুদ্ৰপদ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ পৰা ৮ কি:মি: নিলগত, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভোমোৰাগুৰি টিলাৰ ওপৰত।
  10. নিকামূল সত্ৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, মাজগাঁও।
  11. চিপহা সত্ৰ:- অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ।
  12. বৰালিমৰা সত্ৰ:- অৱস্থিতি: দআটি গাঁও, তেজপুৰ।
  13. শ্ৰী শ্ৰীসত্যনাৰায়ণ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত, জে.বি ৰোডত।
  14. টিঙ্গেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৪ কি:মি: নিলগত পশ্চিম দক্ষিণ দিশত।
  15. লক্ষ্মীনাৰায়ণ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজ, কণকলতা অসামৰিক চিকিৎসালয়ৰ সমীপত।
  16. হলেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৯ কি:মি: নিলগত।
  17. হুদুপৰা থান:- অৱস্থিতি: দেউৰী গাঁও, তেজপুৰ।
  18. হেংগুলেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ পশ্চিমে, ভৈৰৱপুৰ মৌজাত।
  19. কামৰূপীয়া নামঘৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।
  20. নাগশংকৰ মন্দিৰ:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৫৮ কি:মি: নিলগত, নাগশংকৰ মৌজাত।
  21. কলিয়া গোঁসাইৰ থান:-অৱস্থিতি: বালিপাৰা, মানশিৰি নৈৰ পাৰত।
  22. বুঢ়াগোসাঁই থান:- অৱস্থিতি: প্ৰতাপগড় চাহ বাগিচাৰ সমীপত।
  23. গুপ্তেশ্বৰ মন্দিৰ:- অৱস্থিতি: ঢেকীয়াজুলীৰ পৰা প্ৰায় ১২ কি:মি: নিলগত, শিঙৰি টিলাৰ পশ্চিম দক্ষিণ দিশত।
  24. চাৰিদুৱাৰৰ বুঢ়াগোসাঁই থান:- চাৰিদুৱাৰ।
  25. ধ্বান্দি বা ধেন্দাই দ’ল:-অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰী মৌজাত।
  26. বুঢ়া গোসাঁই দেৱালয়:- অৱস্থিতি: জামুগুৰিহাটৰ পৰা প্ৰায় ডেৰ কিলমিটাৰ নিলগত।
  27. নিজ বৰচলা মন্দিৰ:- অৱস্থিতি: বৰচলা গাঁও, নিজ বৰচলা।
  28. বিশ্বনাথ ক্ষেত্ৰ :- অৱস্থিতি: বিশ্বনাথ চাৰিআলি।
  29. ফুলবাৰী দেৱালয় :- অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰীত।
  30. শ্ৰী চৈতন্য গৌড়ীয় মঠ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।
  31. গুৰুদ্বাৰ:- অৱস্থিতি: কুমাৰগাঁও, তেজপুৰ।
  32. ৰামকৃষ্ণ সেৱাশ্ৰম :- অৱস্থিতি: পাৱাৰ হাউচৰ পশ্চিমে, পদুম পুখুৰীৰ সমীপত এটি টিলাৰ ওপৰত।
  33. মছজিদ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।
  34. গিৰ্জা / ছাৰ্চ এফিটেনী : অৱস্থিতি: নেহৰু ময়দানৰ দক্ষিণ দিশত, তেজপুৰ।
  35. শলগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিৰ শলগুৰি গাঁও।
  36. কৰতিপাৰ সত্ৰ:- অৱস্থিতি: জামুগুৰিহাট।
  37. বৰালিমৰা সত্ৰ :- অৱস্থিতি: তেজপুৰৰ দআটি গাঁও।
  38. আঁহতগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিহাটৰ কাষৰ হাতিঙা গাঁও।

শৈক্ষিক প্ৰতিষ্ঠান[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়
তেজপুৰ বিশ্ববিদ্যালয়
  1. তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
মহাবিদ্যালয়
দৰং মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ
তেজপুৰ মহাবিদ্যালয়
  1. দৰং মহাবিদ্যালয় : তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল।
  2. তেজপুৰ চিকিৎসা মহাবিদ্যালয়
  3. তেজপুৰ মহাবিদ্যালয় : অগ্নি গড়ৰ নিচেই ওচৰত অৱস্থিত।
  4. তেজপুৰ আইন মহাবিদ্যালয়
  5. লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়
  6. তেজপুৰ আইন মহাবিদ্যালয়
  7. বি.টি. কলেজ


উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয়
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  1. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  2. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়
  3. তেজপুৰ একাডেমি
  4. তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয়
  5. তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয়
  6. চেক্ৰেড হাৰ্ট স্কুল, তেজপুৰ
  7. পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়
  8. পাঁচমাইল কন্যা বিদ্যালয়
  9. পাঁচমাইল জাতীয় বিদ্যালয়
  10. শিক্ষা জ্যোতি বিদ্যালয়
  11. পাঁচমাইল হাই মাদ্ৰাছা
  12. ডন বস্ক হাই স্কুল
  13. কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ঢেকিয়াজুলি
কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান
  1. ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান
  2. আই টি আই
  3. গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰ
অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান
  1. জ্যোতিকলা কেন্দ্ৰ
  2. লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি।

চিকিৎসা সেৱা প্ৰতিষ্ঠান[সম্পাদনা কৰক]

  1. তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
  2. কণকলতা অসামৰিক চিকিৎসালয়
  3. আৰ্মি বেচ হস্পিটাল
  4. মিশ্যন হস্পিটাল বা ব্যপিষ্ট খ্ৰীষ্টান হস্পিটাল, তেজপুৰ

চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Swati Mitra (2011). Assam Travel Guide. Goodearth Publications. পৃষ্ঠা. 75–. ISBN 978-93-80262-04-8. http://books.google.com/books?id=lNggfFifHL8C&pg=PA75। আহৰণ কৰা হৈছে: 18 February 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]