সমললৈ যাওক

অসমীয়া বৰ্ণমালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া
চিত্ৰ:Assamese Alphabet - অসমীয়া বৰ্ণমালা.svg
প্ৰকাৰ আলফাচিলেবাৰী (ইং)
ভাষা অসমীয়া
সময় ১৩ শতিকাৰ পৰা বৰ্তমান কাললৈকে
মাতৃ লিপি
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

অসমীয়া বৰ্ণমালা অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰ পৰা কুটিল বা সিদ্ধমাতৃকা লিপি হৈ[3][4] নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা[5][6] বুলি মত পোষণ কৰে। ১৭ শতিকামানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি)[7][4] যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। একে উৎসৰ পৰাই উদ্ভৱ হোৱা সামান্য পৰিৱৰ্তিত ৰূপৰ লিপি বঙালী ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা লিখিবলৈও ব্যৱহাৰ কৰা হয়। আধুনিক অসমীয়া লিপি বঙালী লিপিতকৈ তিনিটা আখৰত পৃথক (ৰ, ৱ আৰু ক্ষ)।[1]

অসমীয়া আখৰ

বৰ্ণৰ মুখ্য শ্ৰেণীবিভাগ
বৰ্ণ
স্বৰবৰ্ণ
 
 
 
 
 
 
 
 
 
 
ব্যঞ্জনবৰ্ণ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
হ্ৰস্ব স্বৰদীৰ্ঘ স্বৰস্পৰ্শ বৰ্ণ/বৰ্গীয় বৰ্ণউষ্ম বৰ্ণঅন্ত বৰ্ণ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
অল্পপ্ৰাণ বৰ্ণমহাপ্ৰাণ বৰ্ণ

অসমীয়া ভাষাত বৰ্তমান ৫২টা আখৰ আছে।[8] -ৰ পৰা -লৈকে ৫২টা আখৰৰ সমষ্টিক একেলগে বৰ্ণমালা বোলা হয়। পঢ়াশালীয়া ব্যাকৰণত ব্যৱহাৰিক অৰ্থত ব্যৱহাৰ কৰা বৰ্ণমালাখন স্বৰূপাৰ্থত আখৰমালা[9] উচ্চাৰণৰ পাৰ্থক্য অনুসৰি বৰ্ণমালাক স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ হিচাপে দুটা ভাগত ভাগ কৰা হৈছে।

স্বৰবৰ্ণ

যিবোৰ আখৰ উচ্চাৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা স্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে। বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ ১১টা।

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে।

হ্ৰস্ব স্বৰ: অ ই উ ঋ এ ও এই ছটা আখৰৰ উচ্চাৰণ চুটি বাবে ইহঁতক হ্ৰস্ব স্বৰ বোলে।

দীৰ্ঘ স্বৰ: আ ঈ ঊ ঐ ঔ এই পাঁচটা আখৰৰ উচ্চাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘ স্বৰ বোলে।

অসমীয়া স্বৰধ্বনি হ'ল ৮টা আৰু এই কেইটা হ'ল- অ (ɔ), অ' (o), আ (a), ই (i), উ (u), এ (ɛ), এ' (e), ও (ʊ)। ই (i) আৰু উ (u) স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। সংস্কৃত বা আন ভাৰতীয় ভাষা- মাৰাঠী, হিন্দী আদিৰ দৰে অসমীয়াত ই আৰু উ বৰ্ণৰ হ্ৰস্ব আৰু দীৰ্ঘ দুটা ৰূপ নাই। অ' (ɒ) আৰু এ' (e) এই ধ্বনি সূচোৱা কোনো আখৰ অসমীয়া বৰ্ণমালাত নাই। সেয়েহে এই দুটা ধ্বনি ক্ৰমে অ আৰু এ আখৰেৰে প্ৰকাশ কৰা হয় যদিও বিশেষ ক্ষেত্ৰত অ আৰু এ ওপৰত উৰ্দ্ধকমা দিয়ো বুজোৱা হয়। অসমীয়া ভাষাত ঋ স্বৰবৰ্ণ নহয়। ঋ হ’ল 'ৰ' আৰু 'ই' (ৰি) আখৰৰ যুগ্ম ৰূপ। ঐ আৰু ঔ আখৰ দুটা স্বৰৰ সন্ধি; ঐ= অ/অ'+ই, ঔ=ও+উ। প্ৰতিটো স্বৰৰ আকৌ একোটাকৈ অনুনাসিক ৰূপ আছে। স্বৰৰ অনুনাসিকতাক ৺ ( ̃) বুজোৱা হয়।

অসমীয়া ভাষাৰ স্বৰধ্বনি[10][11]
স্বৰধ্বনি আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি প্ৰতিনিধিত্ব কৰা আখৰ/ চিহ্ন উদাহৰণ
ɔ সম, ৰম
অ' o অ' অ'ত-ত'ত, ক'ত, ল'ৰা
a আ, া আম, জা
i ই, ঈ, ি, ী ন্দিৰা, গল, চিহ্নযাত্ৰা, কীৰ্তন
u উ, ঊ, ু, ূ ম, ণ, সুদূ
ɛ এ, ে ক, লান্ধু, বেল (ফল), তে
এ' e এ, ে ৰী-পলুবেল (Bell), ৰেল, ভেদ, বে
ʊ ও, ো ৰাং, ৰোহঘৰ, সোণাৰি


স্বৰবৰ্ণ চিহ্নক ব্যঞ্জনবৰ্ণৰ লগত যুক্ত কৰিলে ব্যঞ্জনবৰ্ণৰ উচ্চাৰণ সলনি হয় (ইয়াত "ক" আখৰেৰে উদাহৰণ দিয়া হৈছে)। স্বৰবৰ্ণ যুক্ত হৈ নাথাকিলে ব্যঞ্জনবৰ্ণৰ পাছত হসন্ত (্) লিখা হয়।

স্বৰবৰ্ণ
আখৰ আখৰটোৰ নাম ক /[kɔ]/-অৰ সৈতে স্বৰবৰ্ণ চিহ্ন চিহ্নটোৰ নাম IPA
/ɔ/, //
' উৰ্ধ কমা (ক') /ko/
কা আ-কাৰ /ka/
হ্ৰস্ব ই কি হ্ৰস্ব ই-কাৰ /ki/
দীৰ্ঘ ই কী দীৰ্ঘ ঈ-কাৰ /ki/
হ্ৰস্ব উ কু হ্ৰস্ব উ-কাৰ /ku/
দীৰ্ঘ উ কূ দীৰ্ঘ ঊ-কাৰ /ku/
ৰি কৃ ঋ-কাৰ /kri/
কে এ-কাৰ // and /ke/
অ'ই কৈ ঐ-কাৰ /kɔi/
কো ও-কাৰ //
অ'উ কৌ ঔ-কাৰ /kɔw/

ব্যঞ্জনবৰ্ণ

অসমীয়া ব্যঞ্জনবৰ্ণ

যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে বায়ু প্ৰৱাহ মুখবিৱৰত বাধাপ্ৰাপ্ত হৈ উচ্চাৰিত হয় সেইবোৰক ব্যঞ্জন বৰ্ণ বোলে। ব্যঞ্জন বৰ্ণ সদায় স্বৰাশ্ৰয়ী। অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ ৪১টা।

ক্ষ ড় ঢ় য়


  • ইয়াৰ য় ড় ঢ় -এই আখৰকেইটা শব্দৰ আদিত ব্যৱহাৰ নহয়।

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জন বৰ্ণক (১) স্পৰ্শ বৰ্ণ, (২) উষ্ম বৰ্ণ আৰু (৩) অন্ত বৰ্ণ এই তিনিটা ভাগত ভাগ কৰা হৈছে।

(১) স্পৰ্শ বৰ্ণ: 'ক'-ৰ পৰা 'ম'-লৈ এই পঁচিশটা বৰ্ণৰ ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একো একো অংশত স্পৰ্শ কৰে, সেইবাবে এই পঁচিশটা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে। স্পৰ্শ বৰ্ণক পাঁচটা বৰ্ণৰে একোটা ভাগত ভাগ কৰি প্ৰতিটো বৰ্গৰ আৰম্ভণি আখৰটোৰ নাম দিয়া হৈছে। সেয়ে স্পৰ্শ বৰ্ণক বৰ্গীয় বৰ্ণও বোলা হয়।

ক বৰ্গ - ক খ গ ঘ ঙ
চ বৰ্গ - চ ছ জ ঝ ঞ
ট বৰ্গ - ট ঠ ড ঢ ণ
ত বৰ্গ - ত থ দ ধ ন
প বৰ্গ - প ফ ব ভ ম

এই বৰ্গীয় বৰ্ণবোৰক অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ নামে দুটা ভাগত ভাগ কৰা হৈছে।

অল্পপ্ৰাণ বৰ্ণ: বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয়, আৰু পঞ্চম বৰ্ণসমূহৰ ধ্বনি উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহত জোৰ নপৰে। ফলত উচ্চাৰণ কোমল হয়। সেয়ে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বোলা হয়।

প্ৰথম - ক চ ট ত প
তৃতীয় - গ জ ড দ ব
পঞ্চম - ঙ ঞ ণ ন ম

মহাপ্ৰাণ বৰ্ণ: প্ৰত্যেক বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ দুটা উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহ অধিক আৰু প্ৰবল হয়। ইহঁতৰ উচ্চাৰণ কঠিন হোৱা বাবে ইহঁতক মহাপ্ৰাণ বৰ্ণ বোলা হয়।

দ্বিতীয় - খ ছ ঠ থ ফ
চতুৰ্থ - ঘ ঝ ঢ ধ ভ

(২) উষ্ম বৰ্ণ: শ ষ স আৰু হ এই চাৰিটা বৰ্ণৰ ধ্বনি উচ্চাৰণ হওঁতে মুখৰ বায়ু তপত হয় বাবে ইহঁতক উষ্ম বৰ্ণ বোলা হয়।

(৩) অন্ত বৰ্ণ: য ৰ ল ৱ এই চাৰিটা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকা বাবে ইহঁতক অন্ত বৰ্ণ বা অন্তঃস্থ বৰ্ণ বোলে।

উচ্চাৰণৰ স্থান অনুসৰি বৰ্ণ বিভাগ

বৰ্ণবোৰ উচ্চাৰণ হওঁতে নিশাহত ওলাই অহা বায়ু মুখেদি বাহিৰ হয়। এনে অৱস্থাত বৰ্ণবোৰ জিভাৰ সহায়ত কণ্ঠ, তালু, দাঁত, ওঁঠ, আদি ঠাইৰপৰা উচ্চাৰিত হয়। উচ্চাৰণৰ স্থান অনুসৰি বৰ্ণবোৰক বেলেগ বেলেগ নামকৰণ কৰা হৈছে।

  • কণ্ঠ্য বৰ্ণ: অ আ ক খ গ ঘ ঙ হ এইকেইটা বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠ্য বৰ্ণ বোলা হয়।
  • তালব্য বৰ্ণ: ই ঈ চ ছ জ ঝ ঞ য শ এইকেইটা বৰ্ণ তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক তালব্য বৰ্ণ বোলা হয়।
  • মূৰ্দ্ধণ্য বৰ্ণ: ট ঠ ড ঢ ণ ঋ ৰ ষ এইকেইটা বৰ্ণ মূৰ্দ্ধৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক মূৰ্দ্ধণ্য বৰ্ণ বোলা হয়।
  • দন্ত্য বৰ্ণ: ত থ দ ধ ন ল স এইকেইটা বৰ্ণ দন্তৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক দন্ত্য বৰ্ণ বোলা হয়।
  • ওষ্ঠ্য বৰ্ণ: উ ঊ প ফ ব ভ ম এইকেইটা বৰ্ণ ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক ওষ্ঠ্য বৰ্ণ বোলা হয়।
  • অনুনাসিক বৰ্ণ: ঙ ঞ ণ ম   ং এইকেইটা বৰ্ণ নাকৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক অনুনাসিক বৰ্ণ বোলা হয়।
  • কণ্ঠ্য তালব্য বৰ্ণ: এ ঐ এইকেইটা বৰ্ণ কণ্ঠ আৰু তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠ্য তালব্য বৰ্ণ বোলা হয়।
  • কণ্ঠোষ্ঠ্য বৰ্ণ: ও ঔ এইকেইটা বৰ্ণ কণ্ঠ আৰু ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠৌষ্ঠ বৰ্ণ বোলা হয়।
  • দন্তৌষ্ঠ বৰ্ণ: ৱ বৰ্ণটো দাঁত আৰু ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইযাক দন্তৌষ্ঠ বৰ্ণ বোলা হয়।
  • অযোগবাহ বৰ্ণ:   ং আৰু   ঃ এই দুটা বৰ্ণ যি বৰ্ণৰ লগত ব্যৱহাৰ হয় সেই বৰ্ণৰে উচ্চাৰিত হয়। ইহঁতৰ নিজা উচ্চাৰণ নথকাৰ বাবে ইহঁতক অযোগবাহ বৰ্ণ বোলা হয়।


তদুপৰি অসমীয়া ভাষাৰ বৰ্ণ উচ্চাৰণ কৰোঁতে কিছুমান শব্দত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পষ্টকৈ হয় আৰু কিছুমানত নহয়।

(১)পুৰণি বা ব্ৰজাৱলী ভাষাত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পষ্টকৈ হয়। যেনে- আহে সামাজিক(অ) লোক(অ)
(২)কিছুমান শব্দৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ নহয়। যেনে- আম, খাম, বহল, মানুহ ইত্যাদি।
(৩)কিছুমান শব্দৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ হয়। যেনে- নাৰ, পাৰ, পাভ আদি।
(৪)  ং-ৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ হয়। যেনে-অংশ, কংস, বংশ আদি।
(৫)শব্দৰ অন্তত থকা যুক্তাক্ষৰৰ স্বৰ ধ্বনি উচ্চাৰণ হয়। যেনে- কৃষ্ণ, নম্ৰ, ছাত্ৰ ইত্যাদি।

ব্যঞ্জনবৰ্ণৰ নাম তাৰ নিজা উচ্চাৰণৰ লগত "অ" যোগ দি কৰা হয়। "অ" উচ্চাৰণটো লগত লিখা নহয়, সেইবাবে বেছিভাগ ব্যঞ্জনবৰ্ণৰে নাম আখৰটোৰ সৈতে একে (যেনে- "গ"ৰ উচ্চাৰণ আৰু নাম "গ"য়েই)। আধুনিক অসমীয়াত নিজৰ বৈশিষ্ট্যপূৰ্ণ ধ্বন্নি হেৰুৱাই পেলোৱা কিছুমান আখৰক বেলেগ নামেৰে জনা যায়। যেনে- প্ৰায় একেধৰণৰ অনুনাসিক উচ্চাৰণ থকা "ণ", "ন" আৰু "ঞ"ক ক্ৰমে "মূৰ্ধন্য ণ", "দন্ত্য ন" আৰু "ঞ" (উচ্চাৰণ "ন্য" বা "য়ঁ"ৰ দৰে)। তেনেধৰণে "স"ৰ দৰেই উচ্চাৰণ হোৱা আখৰকেইটা "তালব্য শ", "মূৰ্ধন্য ষ" আৰু "দন্ত্য স।" আকৌ "জ"ক কোৱা হয় "বৰ্গীয় জ" (অনুনাসিক বৰ্ণৰে শেষ হোৱা ব্যঞ্জনবৰ্ণৰ প্ৰথম পাঁচটা শাৰীৰ বৰ্গত থকা) আৰু "য"ক কোৱা হয় "অন্তঃস্থ য" (বৰ্গৰ আখৰ আৰু পিছৰ আখৰবোৰৰ মাজত থকা)।

ব্যঞ্জনবৰ্ণ
আখৰ আখৰটোৰ নাম IPA
/k/
//
/ɡ/
/ɡʱ/
/ŋ/
প্ৰথম চ /s/
দ্বিতীয় চ /s/
বৰ্গীয় জ /z/
/zh/
/j/
মূৰ্ধন্য ট /t/
মূৰ্ধন্য ঠ //
মূৰ্ধন্য ড /d/
মূৰ্ধন্য ঢ //
মূৰ্ধন্য ণ /n/
দন্ত্য ত /t/
দন্ত্য থ //
দন্ত্য দ /d/
দন্ত্য ধ //
দন্ত্য ন /n/
/p/
//
/b/
//
/m/
অন্তঃস্থ য /z/
/ɹ
/l/
ওঅ ব /w/
তালব্য শ /x/~/s/
মূৰ্ধন্য ষ /x/~/s/
দন্ত্য স /x/~/s/
/h/
ক্ষ /kʰj/
ড় ডৰে ৰ /ɾ/
ঢ় ঢৰে ৰ /ɾ/
য় অন্তঃস্থ য় /j/
হসন্ত ত (খণ্ড ত)
অনুস্বৰ
বিসৰ্গ
চন্দ্ৰবিন্দু
IAST:sparśa
(স্পৰ্শ বৰ্ণ)
IAST:anunāsika
(অনুনাসিক বৰ্ণ)
IAST:antastha
(অন্ত্যস্থ বৰ্ণ)
IAST:ūṣma/saṃghashrī
(উষ্ম বৰ্ণ)
ঘোষ IAST:aghoṣa/অঘোষ ghoṣa/ঘোষ aghoṣa/ঘোষ ghoṣa/অঘোষ
প্ৰাণ alpaprāṇa/অল্পপ্ৰাণ mahāprāṇa/মহাপ্ৰাণ alpaprāṇa/অল্পপ্ৰাণ mahāprāṇa/মহাপ্ৰাণ alpaprāṇa/অল্পপ্ৰাণ mahāprāṇa/মহাপ্ৰাণ
kaṇṭhya
(কণ্ঠ্য)
ka
/k/
kha
/kʰ/
ga
/ɡ/
gha
/ɡʱ/
ṅa
/ŋ/
ha
/ɦ/
tālavya
(তালব্য)
ca
/c, t͡ʃ/
cha
/cʰ, t͡ʃʰ/
ja
/ɟ, d͡ʒ/
jha
/ɟʱ, d͡ʒʱ/
ña
/ɲ/
য় ya
/j/
śa
/ɕ, ʃ/
mūrdhanya
(মূৰ্ধন্য)
ṭa
/ʈ/
ṭha
/ʈʰ/
ḍa
/ɖ/
ḍha
/ɖʱ/
ṇa
/ɳ/
ra
/r/
ṣa
/ʂ/
dantya
(দন্ত্য)
ta
/t̪/
tha
/t̪ʰ/
da
/d̪/
dha
/d̪ʱ/
na
/n/
la
/l/
sa
/s/
oṣṭhya
(ওষ্ঠ্য)
pa
/p/
pha
/pʰ/
ba
/b/
bha
/bʱ/
ma
/m/
va
/ʋ/

যুক্তাক্ষৰ

দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগলাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়।

যেনে-

দুটা বৰ্ণ লগলাগি-
ক + ক = ক্ক,
ক + স = ক্স,
ক + ষ = ক্ষ
তিনিটা বৰ্ণ লগলাগি-
ন + ধ + ৰ = ন্ধ্ৰ,
স + ত + ৰ = স্ত্ৰ,
ধ + ৰ + উ = ধ্ৰু

ভাষাবিদ ড॰ গোলোকচন্দ্ৰ গোস্বামীৰ মতে ১৭৪টা আখৰেৰে লিখিব পৰা দুটা বৰ্ণযুক্ত অসমীয়া যুক্তাক্ষৰৰ সংখ্যা ১৪৩টা। ২৭টা আখৰেৰে লিখিব পৰা তিনিটা বৰ্ণযুক্ত যুক্তাক্ষৰ ২১টা।[উদ্ধৃতিৰ প্ৰয়োজন] তাৰে কিছুমান উদাহৰণস্বৰূপে তলত দিয়া হ'ল:

আখৰবোৰ যুক্তাক্ষৰ
ক + ক ক্ক
ঙ + ক ঙ্ক
ল + ক ল্ক
ষ + ক ষ্ক
স + ফ স্ফ
ঙ + খ ঙ্খ
স + খ স্খ
ঙ + গ ঙ্গ
ঙ + ঘ ঙঘ
দ + ঘ দঘ
শ + চ শ্চ
চ + ছ চ্ছ
ঞ + ছ ঞ্ছ
ঞ + জ ঞ্জ
জ + ঞ জ্ঞ
ল + ট ল্ট
ণ + ঠ ণ্ঠ
ষ + ঠ ষ্ঠ
ণ + ড ণ্ড
ষ + ণ ষ্ণ
হ + ণ হ্ণ
ক + ষ ক্ষ
প + ত প্ত
স + ত স্ত
ক + ত ক্ত
গ + ন ঘ্ন
ম + ন ম্ন
শ + ন শ্ন
স + ন স্ন
হ + ন হ্ন
ত + থ ত্থ
ন + থ ন্থ
ন + দ ন্দ
ব + দ ব্দ
ম + প ম্প
ল + প ল্প
ষ + প ষ্প
স + প স্প
ম + ফ ম্ফ
ষ + ফ স্ফ
দ + ৱ দ্ব
ম + ৱ ম্ব
হ + ৱ হ্ব
দ + ভ দ্ভ
ম + ভ ম্ভ
ক + ম ক্ম
দ + ম দ্ম
হ + ম হ্ম
ম + ম ম্ম
ষ + ট ষ্ট

বৰ্ণ বিন্ন্যাস বা বৰ্ণ বিশ্লেষণ

একোটা শব্দ দুটা বা ততোধিক বৰ্ণৰ সমষ্টি মাথোঁন। শব্দত থকা বৰ্ণবোৰ পৃথক পৃথকৈ দেখুওৱাকে বৰ্ণ বিন্ন্যাস বা বৰ্ণ বিশ্লেষণ বোলা হয়।

যেনে-

অমিতা
বাক্য

সংখ্যা

ইংৰাজী সংখ্যা 0 1 2 3 4 5 6 7 8 9 10 11
অসমীয়া সংখ্যা ১০ ১১
অসমীয়া নাম শূন্য এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ দহ এঘাৰ

টোকা

  • "Suniti Kumar Chatterjee (1890-1977), a renowned Bengali linguist admitted that the Charyapadas, the Buddhist songs composed in 8th-12th century considered as early writings of Assamese, Bengali and Maithili were written in Kamrupi Prakrit. It is also to be observed that Assamese script has more resemblance with Tibetan than Devanagari script which developed in the eight century. Kamrupi has nothing to do with Nagari form of writing except a common source of borrowing the concept from Brahmi. Moreover, Kamrupi is three hundred years older than Nagari script." ([4] Archived 2015-09-24 at the Wayback MachineHaque,Aziz-ul; Assamese script controversy and Unicode, The Sentinal, o1.08.2011, আহৰণ ১২.১০.২০১১)
  • "Assamese and Bengali, as well as those of Maithili and Oriya, originated from a common eastern source pre-Charyagitikosa period, and all developed independently. This common eastern source is rightly be called the Kamrupi script because when this common script originated in Kamrup smetimes in the 5th to the 7th century AD, the kingdom of Kamrup not only covered the present Assam but extended all over North Bengal and included parts of Mithila as well upto the present Koshi river on the west." ([5] Archived 2017-01-16 at the Wayback MachineBarua,Rajen; Script Story, The Assam Tribune, 8.10.2011, আহৰণ ১৫.১০.২০১১)

ইউনিক’ডত অসমীয়া লিপি

অসমীয়া লিপিক ইউনিক’ডত বঙালী লিপিৰ সৈতে একেলগে নাম দিয়া হৈছে "Bengali।" ইয়াৰ ব্লকটো হ’ল U+0980– U+09FF:

বঙালী[1][2]
অসমীয়া-বঙালী লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+098x
U+099x
U+09Ax
U+09Bx ি
U+09Cx
U+09Dx
U+09Ex
U+09Fx
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ১৩.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

তথ্য সংগ্ৰহ

  1. 1.0 1.1 [1] Archived 2015-09-24 at the Wayback MachineHaque,Aziz-ul; Assamese script controversy and Unicode, The Sentinal, o1.08.2011, আহৰণ ১২.১০.২০১১
  2. [2] Archived 2017-01-16 at the Wayback MachineBarua,Rajen; Script Story, The Assam Tribune, 8.10.2011, আহৰণ ১৫.১০.২০১১
  3. নেওগ, মহেশ্বৰ (১৯৭৪); প্ৰাচ্য-শাসনাৱলী; অসম প্ৰকাশন পৰিষদ, গুৱাহাটী
  4. 4.0 4.1 [3]Neog,Maheswar; Early history of the Vaiṣṇava faith and movement in Assam, আহৰণ ১২.১০.২০১১
  5. গোস্বামী, উপেন্দ্ৰনাথ (১৯৮৯); অসমীয়া লিপি; অসম প্ৰকাশন পৰিষদ
  6. দাস, নাৰায়ণ (১৯৯৭); বিশ্বলিপিৰ ভূমিকা; ডেকো পাবলিকেচনচ
  7. Bora, Mahendra (1981). The Evolution of Assamese Script. Jorhat, Assam Sahitya Sabha
  8. আধুনিক অসমীয়া ব্যাকৰণ আৰু ৰচনা, লেখক- নীলমণি মহন্ত
  9. গোস্বামী, ড॰ গোলোকচন্দ্ৰ (December, 2017). অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ. বীণা লাইব্ৰেৰী. পৃষ্ঠা. 60. 
  10. ড॰ গোলোকচন্দ্ৰ গোস্বামী (১৯৯০). "স্বৰ-বৰ্ণমালা". অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ. বীণা লাইব্ৰেৰী, গুৱাহাটী, অসম. পৃষ্ঠা. ৪৫. 
  11. Banikanta Kakati (1995). "Sounds and Letters". Assamese Its Formation and Development. LBS Publication, Guwahati. পৃষ্ঠা. 56. 

লগতে চাওক

বাহ্যিক সংযোগ