ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জানুৱাৰী, ২০১৯

সম্পাদকীয়

নমস্কাৰ সতীৰ্থবৃন্দ। বহুদিনৰ বিৰতিৰ পাছত সকলোৱে মিলি আমাৰ বাৰ্তাপখিলী পুনৰাই আৰম্ভ কৰাত নথৈ আনন্দিত হৈছোঁ। এই পৃষ্ঠাৰ নামৰ ৱিকিপিডিয়া প্ৰচাৰপ্ৰত্ৰিকা যদিও ইয়াত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পৰ সকলোবোৰ দিশেই সামৰি লোৱা হয়। ৱিকিউৎসৰ বাবেও আমি এই পৃষ্ঠাতে আমাৰ অগ্ৰগতি আৰু কৰিবলগীয়াখিনি লিপিবদ্ধ কৰিম।

যোৱা মাহত CIS-A2Kৰ উদ্যোগত কলকাতাত অনুষ্ঠিত ভাৰতীয় ৱিকিউৎসসমূহৰ এখন সভাত অংশগ্ৰহণ কৰিছিলোঁ। আন ভাষাৰ ৱিকিমিডিয়ানসকলৰ লগত বাৰ্তালাপ কৰি যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিলেও পৰিসংখ্যাৰ ফালৰ পৰা আমাৰ দীনতা চকুত নপৰাকৈ নাথাকিল। আৰু কেইবামাহৰ কামৰ বাবে আমাৰ হাতত সমল আছে কিন্তু প্ৰুফৰিডিঙকে ধৰি আন কামবোৰ আগুৱাই নিবলৈ আমাৰ স্বেচ্ছসেৱকৰ সংখ্যা দুখলগাকৈ কম। অসমীয়া ৱিকিপিডিয়া প্ৰকল্পৰ গতি দুৰ্বাৰ নহ'লেও স্থবিৰ নহয়। একে কথা ৱিকিউৎসৰ বাবে ক'ব নোৱাৰি। এবাৰত কেৱল এজন স্বেচ্ছাসেৱকেহে ইয়ালৈ বৰঙণি আগবঢ়ায় আৰু কেতিয়াবা দুই-তিনিমাহ সম্পাদনাৰ সংখ্যা হৈ পৰে শূন্য। মানি লৈছোঁ আমি ব্যস্ত। ৱিকিমিডিয়া প্ৰকল্পসমূহ আমাৰ জীৱন-নিৰ্বাহৰ উপায় নহয়। কিন্তু অসমৰ বাবে, অসমীয়া ভাষাৰ বাবে জীৱনৰ কিছু সময় দিম বুলি ভাবিলে আলিৰ মূৰৰ আড্ডাতকৈ ৱিকিপিডিয়া আৰু ৱিকিউৎস প্ৰকল্পলৈ বৰঙণিয়ে অধিক ফল দিব। সকলোৱে সপ্তাহত দুঘণ্টালৈ সময় উলিয়াব পাৰিলেও আমাৰ এই কামবোৰে অপ্ৰতিৰোধ্য গতি লাভ কৰিব। এই গতিয়েই জাতিৰ প্ৰতি আমাৰ চিন্তাক পূৰ্ণতা দিব আৰু এই পূৰ্ণতাই বৰ্তমান বা ভৱিষ্যত প্ৰজন্মৰ বাবে এক বিনামূলীয়া, মুক্ত জ্ঞানৰ আকৰৰ দুৱাৰ মুকলি কৰিব।

সভাখনৰ কথালৈ আহোঁ। দুদিনীয়া সভা আৰম্ভ হোৱা আগদিনা গধূলিতে সকলো ভাষাৰ স্বেচ্ছাসেৱকসকল (১৪ জন) গোট খাই ৱিকিউৎসত তেওঁলোকৰ অভিজ্ঞতা আৰু সভাখনৰ পৰা প্ৰত্যাশা ব্যক্ত কৰে। আনুষ্ঠানিক সভাৰ প্ৰথম দিনা CIS-ৰ কৰ্মকৰ্তা জয়ন্ত নাথে উদ্দেশ্য ব্যাখ্যাৰ পাছত ভাৰতীয় ভাষাৰ ৱিকিউৎসসমূহৰ পৰিসংখ্যা দাঙি ধৰে। ইয়াৰ পাছত বাংলা ৱিকিমিডিয়ান বোধিসত্ত্ব মণ্ডলে ৱিকিউৎসত ব্যৱহাৰ কৰিব পৰা নানা সঁজুলিৰ চমু পৰিচয় দিয়ে আৰু সকলোৱে সেইবোৰ হাতে-কামে কৰি চায়। পাছবেলালৈ বাংলা ৱিকিমিডিয়ান ডা° হৃষীকেশ বেনাৰ্জীয়ে ফাইল ডাউনল'ড, পিডিএফ সম্পাদনা আৰু আন উচ্চস্তৰীয় সম্পাদনাৰ বিৱৰণ দিয়ে। এইখিনিতে বাংলা ৱিকিমিডিয়ানসকলে ৱিকিউৎসৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা এটা সুন্দৰ চুটি ভিডিঅ' সকলোৱে উপভোগ কৰে আৰু নিজ নিজ ভাষাত ছাব্‌টাইটল লিখি উলিয়ায়। দ্বিতীয় দিনা পুৱা অভিযান্ত্ৰিক ছাত্ৰ জয়প্ৰকাশে Indic-TechCom নামেৰে ভাৰতীয় ৱিকিমিডিয়া প্ৰকল্পবোৰৰ কাৰিকৰী সমস্যা আঁতৰ কৰিবৰ বাবে তেওঁলোকৰ কাম-কাজৰ পৰিচয় দাঙি ধৰে। ইয়াৰ পাছত ৱিকিমিডিয়ানসকল কেইবাটাও গোটত ভাগ হৈ নিজ নিজ প্ৰকল্পক আগুৱাই নিবলৈ কি কি কৰিব পাৰি সেই বিষয়ে মত বিনিময় কৰে। মাৰাঠী স্বেচ্ছাসেৱক সুবোধ কুলকাৰ্ণীয়ে পুথিভঁৰাল আৰু লেখকৰ পৰা তেওঁলোকে গ্ৰন্থ ৱিকিউৎসত অন্তৰ্ভুক্ত কৰাৰ অনুমতি লাভ কৰাৰ সম্পৰ্কে এক সুন্দৰ ব্যক্তব্য আগবঢ়ায়।

সভাখনলৈ যোৱাৰ আগতেই উপলব্ধি কৰিছিলোঁ যে কৰিবলগীয়া কাম বহুত আছে। সময়ে সময়ে আমাৰ আনুষ্ঠানিক ৱিকিচ'ৰা, ফেইচবুক গোট, ফেইচবুক পৃষ্ঠা, টুইটাৰ আদিত সেয়া কৈ যাম। ছ'চিয়েল মিডিয়াৰ পৃষ্ঠাবোৰ অনুসৰণ কৰিবলৈ নাপাহৰিব আৰু ফেইচবুক গোটত আপোনাৰ কিবা প্ৰশ্ন থাকিলে সুধিব। আজিলৈ আহোঁ! — গীতাৰ্থ বৰদলৈ (talk)

Indic Wikisource Community Consultation 2018 DSC04482
Indic Wikisource Community Consultation 2018 DSC04482

ডিচেম্বৰ ২০১৮ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. কুৰুং কুমেই জিলা
  2. নন্দ কিশোৰ মহেশ্বৰী
  3. হালধীয়া চোলাবোৰৰ আন্দোলন
  4. ছিয়াং জিলা
  5. উজনি দিবাং উপত্যকা জিলা
  6. উজনি সোৱনশিৰি জিলা
  7. শংকৰদেৱ শিশু নিকেতন, কৰৰা
  8. নিলছ্ ব'ৰ
  9. পল ডিৰাক
  10. আধুনিক পদাৰ্থবিজ্ঞান
  11. পূব ছিয়াং জিলা
  12. বাইহাটা চাৰিআলি
  13. ‎পশ্চিম ছিয়াং জিলা
  14. কামলে জিলা
  15. চাংলাং জিলা
  16. লংডিং জিলা
  17. শক্তিকান্ত দাস
  18. ‎ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰসকলৰ তালিকা
  19. ২০১৮ ৰাজস্থান বিধানসভা নিৰ্বাচন
  20. মৎস্য অৱতাৰ
  21. তিৰাপ জিলা
  22. পণ্ডিত ৰঘুনাথ মুৰ্মু
  23. ৱেঞ্জবুৰী পৰীক্ষা
  24. নামনি দিবাং উপত্যকা জিলা
  25. একতাৰ মূৰ্তি
  26. প্ৰজ্ঞাসুন্দৰী দেৱী
  27. নামনি ছিয়াং জিলা
  28. লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী
  29. গেটওৱিয়ান
  30. গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি
  31. কমলপুৰ
  32. শংকৰ-আজান শিক্ষা নিকেতন, কমলপুৰ
  33. উমনি পৰজীৱী
  34. আল্টা
  35. নামচাই জিলা
  36. আপেক্ষিকতাবাদ তত্ত্ব
  37. লোহিত জিলা
  38. ক্ৰা দাদি জিলা
  39. আলং
  40. ত্ৰিপুৰাৰ জিলাসমূহ
  41. মেঘালয়ৰ জিলাসমূহ
  42. দাপ'ৰিজ'
  43. পাপুমপাৰে জিলা
  44. সতীশ ধৱন মহাকাশ কেন্দ্ৰ
  45. পশ্চিম কামেং জিলা
  46. পূব কামেং জিলা
  47. জুনা গীত
  48. ২৪ ডিচেম্বৰ
  49. ২৩ ডিচেম্বৰ
  50. শংকৰদেৱ শিশু নিকেতন, চিলাপথাৰ
  51. ১৩ ডিচেম্বৰ
  52. ১৪ ডিচেম্বৰ
  53. ২৮ ডিচেম্বৰ
  54. ১৯ ডিচেম্বৰ
  55. ‎২১ ডিচেম্বৰ
  56. ‎২৯ ডিচেম্বৰ
  57. ২ নৱেম্বৰ
  58. ৩ নৱেম্বৰ
  59. ৮ নৱেম্বৰ
  60. ৩০ ডিচেম্বৰ
  61. ৯ নৱেম্বৰ
  62. ১৯ নৱেম্বৰ
  63. ‎২১ নৱেম্বৰ
  64. ৩১ ডিচেম্বৰ
  65. ফটাঢোল
  66. নতুন শৰাইঘাট দলং
  67. ৰীমা দাস

উল্লেখনীয় কাম

  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫,১১১ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১,২৯০ টালৈ বৃদ্ধি পালে।
  • যোৱা ২৩-ৰ পৰা ২৫ নৱেম্বৰলৈকে CIS-A2K (Centre for Internet and Society - Access to Knowledge)ৰ উদ্যোগত কলকাতাত অনুষ্ঠিত এক আলোচনা চক্ৰত অসমীয়া ৱিকিউৎসৰ হৈ ডা৹ গীতাৰ্থ বৰদলৈয়ে অংশগ্ৰহণ কৰে আৰু বিভিন্ন ভাৰতীয় ভাষাৰ ৱিকিউৎস প্ৰকল্পৰ স্বেচ্ছাসেৱকসকলৰ সৈতে মত বিনিময় কৰে।

ভাল প্ৰবন্ধ

পূব ফ্ৰান্সত হালধীয়া চোলা পিন্ধা লোকৰ এক প্ৰতিবাদী সমদল

হালধীয়া চোলাবোৰৰ আন্দোলন (ফৰাচী: Mouvement des gilets jaunes; মুভমঁ দে জিলে জোন) ২০১৮ চনৰ ১৭ নৱেম্বৰৰ পৰা ইন্ধনজাত সামগ্ৰী বিশেষকৈ ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ফ্ৰান্সত আৰম্ভ হোৱা এক প্ৰতিবাদী আন্দোলন। আন্দোলনকাৰী সকলে ফ্ৰান্সত ২০০৮ চনৰে পৰা বাহনচালক সকলৰ বাবে চৰকাৰে বাধ্যতামূলক কৰা হালধীয়া ৰঙৰ চোলা পৰিধান কৰি পেৰিছ আৰু অন্যান্য অঞ্চলৰ ৰাজপথত আন্দোলনত নমাৰ বাবে এই আন্দোলন হালধীয়া চোলাবোৰৰ আন্দোলন (Movement of the Yellow Vests) হিচাপে জনাজাত হয়।

ইন্ধনজাত সামগ্ৰীৰ মুল্যবৃদ্ধি আন্দোলনৰ প্ৰধান কাৰণ যদিও লাহে লাহে অধিক সংখ্যক সাধাৰণ জনতাই সামগ্ৰিক ভাৱে জীৱন ধাৰণৰ ক্ৰমবৰ্ধমান খৰছৰ পৰা পৰিত্ৰাণ বিচাৰি স্বতঃস্ফূৰ্ত ভাৱে এই প্ৰতিবাদী আন্দোলনত যোগ দিবলৈ আৰম্ভ কৰে। আনহাতে ফৰাচী প্ৰশাসনৰ মতে কিছুমান কেচ্চাৰ (casseurs, পেশাদাৰী আন্দোলনকাৰী), লুটপাতিয়া আৰু অৰাজকতাবাদীয়ে আন্দোলনক জঙ্গী ৰূপলৈ নিবৰ বাবে প্ৰচেষ্টা চলাইছে। এই আন্দোলনৰ কোনো নিৰ্ধাৰিত দাবী অথবা নেতা পোহৰলৈ অহা নাই যদিও কিছু সংখ্যকে ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰিবলৈ লোৱাৰ ফলত ফ্ৰান্সৰ চৰকাৰে দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

আৰু পঢ়ক...

নিৰ্বাচিত চিত্ৰ

অসমতিনিচুকীয়াৰ মাগুৰীবিলত পৰিভ্ৰমী অতিথি এজাক ধৃতিৰাজ হাঁহ
আলোকচিত্ৰশিল্পী: নেজিব আহমেদ
পদকৰ তালিকা
পদক
পাওঁতাৰ নাম
ডিচেম্বৰ (২০১৮) মাহৰ ৱিকিপিডিয়ান
অম্লান বসুমতাৰী
প্ৰতিভাবান ন-সম্পাদকৰ পদক
প্ৰিয়ম প্ৰীতম
The Current Events Barnstar
JBDVIJASDVI
ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক
প্ৰিয়াংকুশ ডেকা
শ্ৰেণীকৰণ পদক
চাণক্য কুমাৰ দাস
অক্লান্ত কৰ্মী পদক
জলি ৰুমী বৰা

পৰিসংখ্যা

মিডিয়াৱিকি প্ৰকল্পৰ অন্তৰ্গত সকলো ৱেবচাইটৰ বিভিন্ন পৰিসংখ্যা "ৱিকিমিডিয়া ষ্টেটিষ্টিক্স" ৱেবচাইটত সঞ্চিত কৰি ৰখা হয়। অসমীয়া ৱিকিপিডিয়াৰ পৰিসংখ্যাও ইয়াতে চাব পাৰি। সংশ্লিষ্ট কেইটামান লিংক তলত দিয়া হ'ল।

ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
অম্লান বসুমতাৰী ৪৮৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা ১৫৭ ১৮৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰিয়াংকুশ ডেকা ১২২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
আংশুমান দত্ত ৮৮ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মৃগাংক নাথ ৩৭ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Mriganka Reading ৩১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰিয়ম প্ৰীতম ৩০ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
JBDVIJASDVI ২৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ২২ ১৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )