ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | মে' | ২০২৩ |পঞ্চম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

যাত্ৰাপথৰ আদিকথা

 ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমলৰ নাতিদীৰ্ঘ তালিকাখনত নিজৰ নাম অন্তৰ্ভুক্ত কৰি অসমীয়া ৱিকিপিডিয়াই জন্মলাভ কৰিছিল ২০০২ চনৰ ২ জুনত। ২০১২ চনৰ অক্টোবৰ মাহলৈকে ১,৬০০টা প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট হয়গৈ। সেইদৰে দুটা দশকজুৰি মাথোঁ এমুঠিমান সদস্যৰ অহৰহ প্ৰচেষ্টাৰ বলত ২০২২ চনৰ ১৩ ফেব্ৰুৱাৰীত ৱিকিপিডিয়াই দহ হাজাৰ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰি এক নতুন মাইলৰ খুঁটিত উপনীত হয়। ইয়াৰে মাজতে ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসয়ো নিজাকৈ ড’মেইন লাভ কৰি কপিৰাইট উকলি যোৱা আৰু লেখকে স্বইচ্ছাৰে আগবঢ়োৱা অসমীয়া ভাষাৰ ন-পুৰণি গ্ৰন্থসমূহ সংৰক্ষণ কৰি আইৰ মুখৰ ভাষাটিক ডিজিটেল মাধ্যমত গজগজীয়াকৈ স্থাপন কৰাৰ বাট মুকলি কৰি দিয়ে। অসমীয়া ৱিকিপ্ৰকল্পসমূহত নিজৰ বহুমূলীয়া সময় দি ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে নীৰৱে, কোনো স্বীকৃতি বা পাৰিশ্ৰমিক অবিহনে কাম কৰি থকা স্বেচ্ছাসেৱকসকলৰ বাবে এয়া মুঠেই সহজ নাছিল। সেয়ে হ’লেও এই দুটা প্ৰকল্পৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱকসকলে আন এক পদক্ষেপৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ লয়। এয়াই হৈছে Assamese Wikiquote বা অসমীয়া ৱিকিউদ্ধৃতি। ই হৈছে অসমীয়া ভাষাৰ বিভিন্ন উদ্ধৃতিৰ এক অনলাইন সংকলন। ইয়াত উদ্ধৃতি মানে অসমীয়া ভাষাত প্ৰচলিত বিভিন্ন যোজনা বা পটন্তৰ, ডাকৰ বচন, জতুৱা ঠাঁচ, সাঁথৰ, শ্লোগান, অসমকে ধৰি বিশ্বৰ প্ৰখ্যাত ব্যক্তিসকলৰ বাণী, তেওঁলোকৰ বিভিন্ন বক্তৃতা, লেখা আদিৰ পৰা সংগৃহীত উক্তি আদিক বুজোৱা হয়।

কাহিনীৰ আঁৰৰ কাহিনী

 কেইগৰাকীমান স্বেচ্ছাসেৱকৰ এক অনানুষ্ঠানিক আলোচনাৰ মাধ্যেমেৰে হোৱা সিদ্ধান্তৰ পিছত অসমীয়া ৱিকিউদ্ধৃতিৰ নিজা ড’মেইনৰ বাবে ২০২১ চনৰ মধ্যভাগৰ পৰাই পূৰ্ণগতিত কাম চলি আছিল। স্বেচ্ছাসেৱকসকলে ৱেবছাইটৰ বেটুপাতৰ আৰ্হি, বিভিন্ন template বা সাঁচ আদিৰ লগতে বিভিন্ন উৎস যেনে, বাতৰি কাকত, প্ৰকাশিত গ্ৰন্থ, ৱেবছাইট আদিৰ পৰা উদ্ধৃতিসমূহ সংগ্ৰহ কৰি ইয়াত সন্নিৱিষ্ট কৰিছিল। বহুতো উদ্ধৃতি ইংৰাজী বা আন ভাষাৰ ৱিকিউদ্ধৃতিৰ পৰা অনুবাদ কৰা হৈছিল। উদ্ধৃতিসমূহৰ বিষয়বস্তুভিত্তিক শ্ৰেণীকৰণৰ ওপৰত দিয়া হৈছিল বিশেষ গুৰুত্ব। সেই সময়ত অসমীয়া ৱিকিউদ্ধৃতি আছিল ইনকিউবেটৰ বা টেষ্ট ৱিকি পৰ্যায়ত। অৰ্থাৎ, প্ৰকল্পটোত কিছু পৰিমাণে উদ্ধৃতি যোগ হৈ থাকিলেও সেয়া ৱিকিমিডিয়াৰ নীতি অনুসৰি নিজা ড’মেইন লাভৰ বাবে পৰ্যাপ্ত নাছিল। পৰৱৰ্তী সময়ত প্ৰকল্পটোত যথেষ্ট সমল হোৱাত ৱিকিমিডিয়া ফাউণ্ডেছনৰ লেংগুৱেজ কমিটীৰ ওচৰত অসমীয়া ৱিকিউদ্ধৃতিৰ সুকীয়া ড’মেইন বিচাৰি আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰা হয়। কিন্তু, প্ৰথমবাৰ কৰা আবেদন কমিটীয়ে গ্ৰহণ কৰাত অপাৰগ হয়। কাৰণ আছিল: তেতিয়ালৈকে সন্নিৱিষ্ট সমলসমূহৰ তাকৰীয়া সংখ্যা। এই কথালৈ লক্ষ্য ৰাখি সমল বৃদ্ধিৰ বাবে ২০২২ চনৰ জানুৱাৰীত গুৱাহাটীত হোৱা ৱিকিমিডিয়ানসকলৰ এক প্ৰীতিমেলৰ মাজতে অসমীয়া ৱিকিউদ্ধৃতিত কিদৰে বৰঙণি আগবঢ়াব পাৰি সেই বিষয়ে ৱিকিপিডিয়া তথা ৱিকিউৎসত কাম কৰি থকা স্বেচ্ছাসেৱকসকলৰ মাজত এক পৰিচিতিমূলক প্ৰশিক্ষণৰো আয়োজন কৰা হয়। ২০২২ চনৰ শেহৰ ফালে পুনৰবাৰ আবেদন দাখিল কৰা হয় আৰু এইবাৰ কমিটীয়ে উক্ত প্ৰস্তাৱটোক মান্যতা প্ৰদান কৰে। ইয়াৰ পিছতেই ২০২৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউদ্ধৃতিয়ে ইনকিউবেটৰ পৰ্যায়ৰ পৰা মুকলি হৈ পূৰ্নাংগ ৰূপত আত্মপ্ৰকাশ কৰে। তেতিয়াৰ পৰা সক্ৰিয় অসমীয়া ৱিকিপ্ৰকল্পৰ সংখ্যা মুঠ তিনিটালৈ বৃদ্ধি পায়।

এতিয়াও বহু বাকী দূৰণিৰ বাট

 নিজা ড’মেইন লাভৰ পিছত অসমীয়া ৱিকিউদ্ধৃতিলৈ বৰঙণি আগবঢ়োৱাটো কাৰিকৰী দিশৰ পৰা আগৰ তুলনাত সহজ হৈ পৰিল। সেইমতে, সমলৰ সংখ্যা আৰু গুণগত মানো আগতকৈ বৃদ্ধি পালে। আজিৰ তাৰিখত (৩০-০৪-২০২৩) ৱিকিউদ্ধৃতিত মুঠ ৩০৭টা লেখা আছে। কিন্তু গোলকীয় প্ৰশাসকসকলক বাদ দি অসমীয়া সক্ৰিয় সদস্য আছে মুঠেই আঠগৰাকী। ইয়াৰ বিপৰীতে কৰিবলৈ বাকী থকা কামৰ পৰিমাণ বিশাল। বৰ্তমান ইয়াত সন্নিৱিষ্ট উদ্ধৃতিসমূহৰ মূলতঃ বানান শুধৰণি, শ্ৰেণীকৰণ, তথ্যসূত্ৰ সংযোগ আৰু ৱিকিসুলভ সজ্জা আদি কামসমূহ সুচাৰুৰূপে চলাই নিয়াটো স্বেচ্ছাসেৱকসকলৰ প্ৰাথমিক দায়িত্ব। ইয়াৰোপৰি প্ৰকল্পটোৰ পৰিসৰ বঢ়াবলৈ হ’লে নতুন লেখাৰ সংযোজনো অত্যাৱশ্যকীয়। স্পেমাৰৰ উপদ্ৰৱ বা ‘ধ্বংসকাৰ্য’ পূৰ্বৰ ৰূপলৈ ঘূৰাই আনিবলৈ নিয়মিত পৰিচৰ্যাও জৰুৰী। এই সমগ্ৰ কাম-কাজ কেৱল আঠগৰাকী লোকে নিয়মিয়াকৈ চোৱা-চিতা কৰিবলৈ যাওঁতে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। প্ৰশ্ন হয়, এই সমস্যাৰ সমাধান কি? ইয়াৰ সৰল উত্তৰ এয়াই হ’ব পাৰে যে ইয়াৰ বাবে আমাক অধিক স্বেচ্ছাসেৱক তথা কৰ্মোদ্যমৰ প্ৰয়োজন। তাকেই কৰিবলৈ আমি অধিক লোকক, আমাৰ নতুন চামক এই প্ৰকল্পৰ বিষয়ে জনোৱাৰ লগতে ইয়াত কাম কৰিবলৈ আগ্ৰহী কৰি তুলিব লাগিব। প্ৰাথমিক পৰ্যায়ত নিৰ্দিষ্ট সময়ৰ অন্তৰালত কৰা একোখন অনলাইন কৰ্মশালা আৰু সময়-সুবিধা মিলাই অফলাইন কৰ্মশালাৰ আয়োজন ইয়াৰ বাবে নিশ্চয়কৈ কাৰ্যকৰী হ’ব পাৰে। তদুপৰি, আমি প্ৰতিগৰাকী স্বেচ্ছাসেৱকে যদি মন বান্ধি লওঁ যে সপ্তাহটোত অসমীয়া ৱিকিউদ্ধৃতিত অন্ততঃ সাতটাকৈ হ’লেও সম্পাদনা কৰিম তেন্তে ইয়াৰ খৰতকীয়া অগ্ৰগতি নিশ্চিত বুলি আমি ডাঠি ক’ব পাৰোঁ।

ইতিকথা

 ৱিকিপ্ৰকল্পসমূহৰ সম্পাদনাৰ দুৱাৰ সকলোৰে বাবে মুকলি। ই কোনো নিৰ্দিষ্ট সংখ্যাত্মক লক্ষ্য আগত ৰাখি কৰা কাম নহয়। ই এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। বৰ্তমান সময়ত অসমীয়া ৱিকিপিডিয়াত লিখিবলগীয়া বিষয় আছে অগণন, ৱিকিউৎসত সন্নিৱিষ্ট কৰিবলগীয়া গ্ৰন্থও আছে অগণন। সেইদৰে ৱিকিউদ্ধৃতিত সন্নিৱিষ্ট কৰিবলগীয়া লেখাৰ সংখ্যাও গণিব নোৱাৰা। ৱিকিউদ্ধৃতিয়ে পূৰ্ণাংগ ৰূপ পোৱাৰ পিছত এতিয়া আমি অন্যান্য ৱিকিপ্ৰকল্প যেনে ৱিকিঅভিধান, ৱিকিগ্ৰন্থ, ৱিকিসংবাদ আদিলৈয়ো মন মেলিব পাৰোঁ। কিন্তু ইয়াৰ বাবে আমাক লাগিব আমাৰ মাতৃভাষাটোৰ প্ৰতি আন্তৰিক দায়িত্ববোধ, এক শক্তিশালী কৰ্মদল আৰু সাংগঠনিক কাৰ্যকৰিতা। ইয়াৰ লগতে আমি এই কথাত গুৰুত্ব দিব লাগিব যে খৰধৰকৈ অপৈণত বহু কাম কৰাতকৈ নিয়মিতভাৱে উন্নত মানৰ কাম কৰি কিদৰে অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ গুণগত মান বজাই ৰাখিব পৰা যায়। বৰ্তমানৰ মাহেকীয়া ৱিকিসভাৰ দৰে নতুন কিছু পদক্ষেপে আমাৰ সাংগঠনিক কাৰ্যকৰিতা বঢ়োৱাত আৰু জ্ঞানৰ ভাগ-বটোৱাৰা বা knowledge sharing-ৰ ক্ষেত্ৰত বহুখিনি সুবিধা কৰি দিয়াৰ লগতে স্বেচ্ছাসেৱকসকলৰ মাজৰ যোগাযোগৰ ব্যৱধান (communication gap) পূৰ্বৰ তুলনাত কমাই আনিছে। আশাকৰোঁ আমি বৰ্তমানৰ পথেৰে হাতত হাত ধৰি আগুৱাই গৈ আমাৰ সুৱদি-সুৰীয়া অসমীয়া ভাষাটিক বিশ্ববাসীৰ সৈতে পৰিচিত কৰি দিয়াৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ হাততো শুদ্ধ ৰূপত অৰ্পণ কৰি থৈ যোৱাত বৰঙণি আগবঢ়াব পাৰিম।

~অসমীয়া ভাষা-সংস্কৃতি যুগজয়ী হওক।~
চন্দন চিৰিং ফুকন ||✉️ 16:10, 2 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

মালি পশ্চিম আফ্ৰিকাৰ এখন ভূমি আবদ্ধ দেশ। ১৯৬০ চনত ফ্ৰান্সৰ পৰা মালিয়ে স্বাধীনতা লাভ কৰে। উত্তৰ মালিৰ সংঘাতে দেশখনক অস্থিৰ কৰি পেলাইছিল। জাতিগত সম্প্ৰদায়ৰ বিভিন্ন পৰম্পৰাৰ জটিল আন্তঃক্ৰিয়া, মহান ছাহেলিয়ান ৰাষ্ট্ৰৰ উত্থান-পতন, ফৰাচী ঔপনিৱেশিক শাসন, স্বাধীনতা, নগৰায়ন, আৰু উত্তৰ-ঔপনিৱেশিক সংঘাত আৰু প্ৰগতিৰ ফলত মালিৰ নাৰীৰ (ইংৰাজী: Women in Mali) মৰ্যাদা আৰু সামাজিক ভূমিকা গঢ় লৈ উঠিছে। মালিৰ আধাতকৈও কম জনসংখ্যা গঠন কৰা মালিয়ান মহিলাসকল কেতিয়াবা মেট্ৰিলিনিয়াল সমাজৰ কেন্দ্ৰবিন্দু হৈ আহিছে যদিও এই বৃহৎ পৰিমাণে গ্ৰাম্য, কৃষিভিত্তিক সমাজখনৰ অৰ্থনৈতিক আৰু সামাজিক গাঁথনিৰ বাবে সদায় গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈ আহিছে।

ইয়াৰ উপৰিও ধৰ্মক লৈ হোৱা সংঘাতৰ ফলত তেওঁলোকৰ ভূমিকা গঢ় লৈ উঠিছে, কিয়নো ১১০০–১৯০০ চনৰ সময়ছোৱাত এনিমিষ্ট সমাজসমূহে ক্ৰমান্বয়ে ইছলামৰ ঠাই ল’লে। শেহতীয়া বছৰবোৰত ধৰ্মীয় মৌলবাদৰ উত্থানে মহিলাৰ মংগলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

মালিত মহিলাসকলে সন্মুখীন হোৱা সমসাময়িক সমস্যাসমূহৰ ভিতৰত নাৰীৰ বিৰুদ্ধে হিংসাৰ হাৰ অধিক৷ ইয়াৰ লগতে বাল্যবিবাহ আৰু মহিলাৰ যৌনাংগ বিকৃতকৰণ আদি অন্তৰ্ভুক্ত। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ এহাজাৰ এনিশা বা আলিফ লেইলাৰ বিষয়ে ইয়াত পঢ়ক...
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
বিহুৰ সময়ত পৰম্পৰাগত মেখেলাচাদৰ পিন্ধা অৱস্থাত দুগৰাকী গাভৰু
চিত্ৰ শিল্পী: দীপৰাজ সোণোৱাল
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
সৌৰভ সাহা
ৱিকিডাটা পদক
অম্লান বসুমতাৰী, বাবুল বৈশ্য
নাৰীবাদ পদক
ঈশান জ্যোতি বৰা, নয়ন জ্যোতি নাথ, বাবুল বৈশ্য,
সমন্বয়ক পদক
চন্দন চিৰিং ফুকন, নয়ন জ্যোতি নাথ
অতুলনীয় অৱদান পদক
প্ৰণামিকা অধিকাৰী
ৱিকি সেনাপতি পদক
কুলধৰ ৰাভা
ৱিকিসভা পদক
জলী ৰুমী বৰা
ৱিকিপিডিয়াৰ ছেকনী পদক
দিব্য দত্ত
লোকগাথা পদক
প্ৰণামিকা অধিকাৰী
ন-সম্পাদকৰ পদক
জ্যোতি চিৰিং



বিশেষ অভিলেখ
এপ্ৰিল-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  • ফেব্ৰুৱাৰী মাহৰ পৰা ১৫ এপ্ৰিললৈ অনুষ্ঠিত হোৱা “নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩”ত নাৰীবাদ আৰু লোকগাথা বিষয়ক ৫০৩ টা প্ৰবন্ধ যোগ দিয়া হ'ল।
  • যোৱামাহত সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা
  • হায়দৰাবাদত ২৮-৩০ এপ্ৰিলত অনুষ্ঠিত হোৱা ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩ ত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ মুঠ আঠগৰাকী সদস্যই অংশগ্ৰহণ কৰিলে। ইয়াৰে তিনিগৰাকী সদস্যই ৱিকিপিডিয়া আৰু ৱিকিউৎস সম্পৰ্কে সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন স্থানীয় ভাষাৰ ৱিকি প্ৰকল্পৰ সদস্যৰ সন্মুখত কিছু আভাস আগবঢ়ালে। তেওঁলোক আটাইলৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন।
উল্লেখনীয় কাম সম্পাদনা কৰক
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

শ্ৰমিক-কৃষকৰ হাত বোকা-মাটিৰে অপৰিষ্কাৰ হ’লেও, ভৰি ধূলি-বালিৰে মলিয়ন হ’লেও, তেওঁলোকেইহে সবাতোকৈ পৰিচ্ছন্ন মানুহ৷
মাও চে তুঙ


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
এপ্ৰিল-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১৮০

নাৰীবাদ আৰু লোকগাথা ২০২৩ এডিটাথনৰ অন্তৰ্গত

  1. কল্পনা দত্ত
  2. হীৰা মাণ্ডী
  3. মুখতাৰ বেগম
  4. মুঠিখাৰু
  5. মিমি চক্ৰৱৰ্তী
  6. ভেনিজুৱেলাৰ নাৰী
  7. উৰুগুৱেৰ নাৰী
  8. ট্ৰেন্সনিষ্ট্ৰিয়াৰ নাৰী
  9. তাজিকিস্তানৰ নাৰী
  10. ছান মেৰিনোৰ নাৰী
  11. কেৰিয়াৰ নাৰী
  12. ৰেড লাইট ডিষ্ট্ৰিক্ট
  13. নিহিত নাৰীবাদ
  14. উত্তৰ চাইপ্ৰাছৰ নাৰী
  15. ভাৰতত ধৰ্ষণ
  16. মণ্টেনেগ্ৰোৰ নাৰী
  17. চম্পু কাব্য
  18. সাপৰ চুৰুহা
  19. নেইনা দেৱী
  20. মালিৰ নাৰী
  21. স্বপ্ন-বাসৱদত্তা
  22. যৌনকৰ্মী
  23. মহিলাৰ যৌনাংগ বিকৃতকৰণ
  24. কিট্টি অ’নীল
  25. কুম্পো নৃত্য
  26. মৰক্কোৰ নাৰী
  27. ধীমচা নৃত্য
  28. হায়দৰাবাদী বিৰিয়ানী
  29. ৰেণুকা চৌধুৰী
  30. ঙাপি
  31. লেচোথোৰ নাৰী
  32. লাটভিয়াৰ নাৰী
  33. ক'ছ'ভ'ৰ নাৰী
  34. তেলংগানাৰ সংস্কৃতি
  35. গাদ্দাম পদ্মজা ৰেড্ডী
  36. গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
  37. গায়েনাৰ নাৰী

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. কৈলাশ নাথ কাসুধন
  2. ৰিস্মা গুৰুং
  3. নোগি মাৰেস্কে

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. লালু প্ৰসাদ যাদৱ
  2. জয় গোস্বামী
  3. বিৰছা মুণ্ডা
  4. শৰৎ চন্দ্ৰ ৰায়
  5. নগেন্দ্ৰ প্ৰসাদ সৰ্বাধিকাৰী
  6. আতিক আহমেদ
  7. গুলাব চান্দ কাটাৰিয়া

পৌৰাণিক আখ্যান

  1. দ্ৰোণাচাৰ্য
  2. কাকভুশুন্দি
  3. নলকুবেৰ
  4. ব্ৰহ্মাস্ত্ৰ
  5. নাৰদ

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. অন্নদা গোহাঁই

গ্ৰন্থ বিষয়ক

  1. লাচিত বৰফুকন (গ্ৰন্থ)

অন্যান্য

  1. শদিয়া সৰ্প স্তম্ভ
  2. বঘৰা
  3. মৰিগাঁও চিকিৎসা মহাবিদ্যালয়
  4. নগাঁও জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
  5. চামগুৰি
  6. অবিভক্ত গোৱালপাৰা জিলা
  7. নগাঁও চিকিৎসা মহাবিদ্যালয়
  8. অসমৰ মাছমৰীয়া সম্প্ৰদায়
  9. সোণামতী
  10. সৰুসজাইত বিহু নৃত্যৰে অভিলেখ
  11. লক্ষীগঞ্জ
  12. অসমীয়া সাহিত্য সন্মিলনী

সানমিহলি

  1. তেজীমলা (ভূত)
  2. দেউতা ভূত
  3. বনবিবি
  4. পটল
  5. ৰঙালাউ
  6. মূলা
  7. বন্ধাকবি
  8. নহৰু
  9. আদা
  10. অভিধা
  11. জংখা ভাষা
  12. টাঞ্জানিয়া
  13. মৌখিক ইতিহাস
  14. চট্টগ্ৰাম বন্দৰ
  15. কৰ্ণফুলি নদী
  16. আইজল জিলা
  17. ছাম্ফাই জিলা
  18. ক’লাশিব জিলা
  19. মামিত জিলা
  20. চাৰছিপ জিলা
  21. ছাইহা জিলা
  22. লুংলেই জিলা
  23. লঙট্লাই জিলা
  24. শিলিগুড়ি কৰিডৰ
  25. লেহ
  26. কাৰ্গিল
  27. কাৰ্গিল জিলা
  28. লেহ জিলা
  29. আন্দামান সাগৰ
  30. কোটক মহিন্দ্ৰা বেংক
  31. কৰ্ণাটকা বেংক
  32. স্মল ফাইনেন্স বেংক
  33. নয়দা
  34. গৌতম বুদ্ধ নগৰ (লোকসভা সমষ্টি)
  35. বহুজন সমাজ পাৰ্টি
  36. বিজু জনতা দল
  37. ৰাষ্ট্ৰীয় জনতা দল
  38. তেলেগু দেশম পাৰ্টি
  39. ভাৰত ৰাষ্ট্ৰ সমিতি
  40. ভাৰতীয় কমিউনিষ্ট পাৰ্টি
  41. জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি
  42. নেছনেল পিপলছ পাৰ্টি
  43. মেকুৰী খুজীয়া কপৌ
  44. ভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকা
  45. শালিকী ঠুটিয়া কপৌ
  46. গেজেং কপৌ
  47. কেতেকী ফুল
  48. আন্তঃসীমান্ত নদী
  49. ভক্তৰডবা
  50. শ্বাহী টুকৰা
  51. তেলেগু থিয়েটাৰ
  52. নিঅʼবেংক
  53. নিয়ো ছলিউচনছ
  54. সুৰজাপুৰী ভাষা
  55. ৰাজবংশী ভাষা (নেপাল)
  56. ভত্ৰী ভাষা
  57. ৰেলী ভাষা
  58. কুপিয়া ভাষা
  59. খৰিয়া থাৰ ভাষা
  60. কৰ্মকাৰ ভাষা
  61. পুৰুষ সমকামী যৌন প্ৰথা
  62. মাল পহাড়িয়া ভাষা
  63. সম্বলপুৰী ভাষা
  64. উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট
  65. তিৱা স্বায়ত্বশাসিত পৰিষদ
  66. ৰামসেতু
  67. গোলন্দাজ
  68. পাগলাঝোৰা জলপ্ৰপাত
  69. নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি
  70. ইউনিফাইড পেমেণ্টচ ইণ্টাৰফেচ
  71. ৰামধেনু জলপ্ৰপাত
  72. দিপাংকৰ
  73. ইছলামিক সন্ত্ৰাসবাদ
  74. লাভ জেহাদ
  75. নিচি জনগোষ্ঠী
  76. নিচি ভাষা
  77. চুন্নু জলপ্ৰপাত
  78. তুৰ্গা জলপ্ৰপাত
  79. নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে
  80. ব্ৰিফু
  81. বন্দে ভাৰত এক্সপ্ৰেছ
  82. বিশাখাপট্টনম
  83. পাটনা
  84. ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ
  85. দেশিয়া ভাষা
  86. হলবী ভাষা
  87. কমৰ ভাষা
  88. ভুঞ্জিয়া ভাষা (হলবিক)
  89. নহৰী ভাষা
  90. বাগড়ী ভাষা
  91. গোৱাৰীয়া ভাষা
  92. লোহাৰকী ভাষা
  93. গুজৰী ভাষা
  94. ঢূণ্ঢাড়ী ভাষা
  95. হাড়ৌতী ভাষা
  96. মালৱী ভাষা
  97. গজবা-ই-হিন্দ
  98. বলপূৰ্বক ধৰ্মান্তৰকৰণ
  99. ইছলামিক মৌলবাদ
  100. ইছলামিক উগ্ৰবাদ
  101. নিকাহ হালালা
  102. প্ৰজ্ঞা
  103. ছুপাৰ হাংগামা
  104. সংঘ পৰিয়াল
  105. হয়গ্ৰীৱ (বৌদ্ধ ধৰ্ম)
  106. কেৰিবিয়ান হিন্দুস্তানী
  107. মগহী ভাষা
  108. অংগিকা ভাষা
  109. কুঞ্জলতা
  110. বজ্জিকা ভাষা
  111. ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩
  112. আৰ্গন (পোশাক)
  113. দ্বি জাতি তত্ত্ব
  114. গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ৯০ - - ১১ -
অম্লান বসুমতাৰী - - - - ২৬১
ঈশান কাশ্যপ হাজৰিকা ৬০ - ২৮
ঈশান জ্যোতি বৰা ১৩৯ - ৩১ -
কন্দৰ্পজিৎ কল্লোল ৩৪ - - -
কুলধৰ ৰাভা - ৯৫ - ৩২
গীতাৰ্থ বৰদলৈ ২৫ - - ১০ -
চন্দন চিৰিং ফুকন ৩৬৭ ১১ ৬৭ ৩১ ৬১
জলী ৰুমী বৰা ২৩ ৪৫ - - -
১০ জোনমণি মেধি ১৬ - - - -
১১ জ্যোতি চিৰিং - ১৪০ - - -
১২ দিব্য দত্ত ৪০৮ - ২৮
১৩ দীপকজ্যোতি মহন্ত - - ২৩ - -
১৪ দীপাংকৰ দাস ৭৯ - - - -
১৫ দেবীকা বুঢ়াগোহাঁই ২৪ - - - -
১৬ নবীন বুঢ়াগোহাঁই ৬৩ - - - -
১৭ নয়ন জ্যোতি নাথ ৬২ - - ১০ -
১৮ প্ৰণামিকা অধিকাৰী ১৪৫ ১৭২ ১৯০ ১০ -
১৯ প্ৰাণজ্যোতি নাথ - ২০৫ -
২১ ভাস্কৰজ্যোতি ভূঞা ২৮ - - ১৫ ৪১
২২ মিগম কামান ১৬ - - - -
২৩ মৌচিন আলী ১৬ - - -
২৪ ৰুমী বৰা - ১৬ - - -
২৫ সাদমান ছাকিব ২৭ - - ২০
২৬ সৌৰভ সাহা ১১১৫ - - ২৫ ১৭
২৭ হানিফ আলী ১৩ ৩৬ - -
২৮ Alim Uddin As ১৩ - - - -
২৯ Debasish Buragohain Ghilamara ২০ - - ১৫ -
৩০ Kwamikagami - - ২৮ ২৪৬৯ ১৩৫


মাহটোত ৱিকিপিডিয়া, ৱিকিউৎস অথবা ৱিকিউদ্ধৃতিত সম্পাদনা কৰা অন্যান্য সদস্যসকল: অনামিকা(চুমু) বড়া, আতিথ্য ফুকন, উৎপল শইকীয়া, কমল কুলি, চন্দ্ৰিমা ৰাভা, চাণক্য কুমাৰ দাস, ডিম্পল গগৈ, নিহা বৰা, পূজা শইকীয়া, মধুমইনা মৰাণ, বৰষা বড়া, মনোজ গগৈ, ৰবিজিতা চেতিয়া, ৰশ্মি বৰা, ৰাজদ্বীপ ৰাজবংশী, লক্ষীমণি গগৈ, হিমাঙ্গী দাস, হিমাদ্ৰী হাজৰিকা বৰুৱা, AssameseGyan, Gunjon N Hazarika, Nuruja N Sonowal, TaDrian58

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।