অসমীয়া লোকগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ লোকগীতবোৰ লোকসাহিত্যৰ এক অনুপম সম্পদ। কৃষিজীৱী সমাজখনৰ জীয়াই থকাৰ একমাত্ৰ আহিলা হৈছে কৰ্ম-সংস্কৃতি। সূক্ষ্ম দৃষ্টিৰে চাবলৈ গʼলে এই কৰ্ম-সংস্কৃতিৰ সৈতে জড়িত হৈ আছে যাদুমূলীয় ধ্যান-ধাৰণা। ইয়াৰ পৰা সৃষ্টি হৈছে মন্ত্ৰ আৰু এই মন্ত্ৰ বোৰেই এটা সময়ত কৰ্মমুখী মানুহৰ হৃদয়সংবাদী হৈ স্বতঃস্ফূৰ্তভাৱে গীত হৈ পৰিল। কৰ্মসংস্কৃতিক সবল, সতেজ তথা প্ৰেৰণাদায়ক কৰাৰ নিমিত্তেই লোকগীতৰ প্ৰসাৰ।

বৈচিত্ৰ্যপূৰ্ণ অসমৰ লোকগীত সমূহৰ বিভিন্ন দিশ অনুধাৱন কৰি নিম্নোক্ত ধৰণে আমি শ্ৰেণীবিভাজন কৰিব পাৰোঁ —

অনুষ্ঠানমূলক:(ক)ভক্তিমূলক(খ)ধৰ্ম নিৰপেক্ষ। আখ্যানমূলক:(ক)কিংবদন্তি(খ)বুৰঞ্জীমূলক। ধৰ্মবিষয়ক: তত্ত্বমূলক।

অনুষ্ঠানমূলকঃ (ক) ভক্তিমূলক —
নামনি অসমত ভক্তিমূলক উৎসৱ অনুষ্ঠানৰ পয়োভৰ বেছি। প্ৰায়বোৰ অনুষ্ঠানতেই গীত অংগা-অংগী। নামনি অসমৰ আটাইতকৈ প্ৰভাৱশালী দেৱী গৰাকী হৈছে দুৰ্গা গোঁসানী। 

আদ্যাশক্তি দুৰ্গাৰ পাছতেই নামনি অসমৰ জনপ্ৰিয় দেৱী গৰাকী হৈছে মনসা। সৰ্পৰ অধিষ্ঠাত্ৰী দেৱী মনসাক মাৰৈ, পদ্মাৱতী নামেৰেও জনাজাত। ধুবুৰী আৰু বঙাইগাঁও জিলাত গঙ্গা পূজাক বাৰুণী পূজা বোলা হয়। লোকজীৱনৰ চিত্ৰ, নৈসৰ্গিক চিত্ৰ, অলংকাৰৰ অনভিপ্ৰেত ব্যৱহাৰেৰে এই গীতবোৰ সমৃদ্ধ:

কামৰূপত প্ৰচলিত দেৱী পূজাৰ এনে এটি গীতৰ উদাহৰণ —
শাকৰ মাজে মাজে জৰা ফুল ফুলিছে
ছয় কুৰি চকোৱাই খাই। 
ছয়কুৰি চকোৱাই অলংকাৰ পিন্ধাইছে
দেৱী আই শহুৰীক যায়॥
দেৱী আইৰ আঁচোলত শতেক মধু আছে। 
তাকে দেখি ভাঙাৰাই ঘূৰে পাছে পাছে। 
হাতে ৰঙা ভৰি মাথে ৰঙাফুল। 
দেৱী আইৰ ৰূপ দেখি ভাঙাৰাই যায় ভোল॥
জনপ্ৰিয় মনসা গীতৰ এটি উদাহৰণ —
কান্দে কালিনাগ
লকাইৰ ভিতিচায়াৰে। 
কিমতে দকিম বালাক
প্ৰাণ ফাটি যায় ৰে॥
মাথা খানি দেখং বেলেৰ মতন
কি মতে দকিম বালা ৰে 
চোখ দুখনা দেখং সকগেৰ তাৰা
দেখিতে লাগে মায়াৰে॥
ইয়াৰ উপৰিও নামনি অসমত অতি জনপ্ৰিয় গোপী-কৃষ্ণৰ গীতৰ এটি নমুনা —
লৰু ধৰি ধৰি যশোদাই
খেদেই পাছে পাছে। 
লাম্ফ দিয়া মুৰুলী কৃষ্ণ। 
উঠিল কদম্ব গাছে॥