চাৰু গোহাঁই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰু গোহাঁই
প্ৰাথমিক তথ্য
জন্ম ১৭ ছেপ্টেম্বৰ, ১৯৫১
সোণাৰি, শিৱসাগৰ জিলা, অসম
মৃত্যু ০৭ এপ্ৰিল, ২০১২[1]
গুৱাহাটী, অসম
পেচা কণ্ঠশিল্পী
বাদ্যযন্ত্ৰ গীটাৰ


চাৰু গোহাঁই (ইংৰাজী: Charu Gohain) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৫১ চনৰ ১৭ ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰু গোহাঁইয়ে সত্তৰৰ দশকত ৰাতি বাঁহী বাই, জিলমিল জোন জ্বলে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল।[2] ৬১ বছৰীয়া জীৱনকালত তেওঁ প্ৰায় ২০০ অসমীয়া গীতত কণ্ঠ নিগৰাইছিল। কোমল ৰোমাণ্টিক গীতৰ বাবে জনাজাত গোহাঁইয়ে থিয়েটাৰৰ বাবেও গীতৰ ৰচনা কৰিছিল।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

চাৰু গোহাঁইয়ে ১৯৫১ চনৰ ১৭ ছেপ্তেম্বৰত অসমশিৱসাগৰ জিলাসোণাৰিৰ চৰাইদেও বাগানত জন্ম লাভ কৰিছিল। তেওঁৰ পিতৃ নন্দীৰাম বুঢ়াগোঁহাই আৰু মাতৃ ভদ্ৰেশ্বৰী বুঢ়াগোঁহাই[3]

তেওঁ চৰাইদেও বাগানৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলে। পিছত নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু পাছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয়।[3] বি বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰাৱস্থাত থাকোঁতেই তেওঁ সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰে আৰু তেতিয়াই ১৯৭৯ চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। ১৯৭৯ চনত অসম চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ যোগেদি চাকৰি জীৱনৰ পাতনি মেলি পিছলৈ চাহ বাগিচা শ্ৰমিক কল্যাণ বিভাগত যোগদান কৰি অধীক্ষকৰূপে ২০১১ চনৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে।

সাংগীতিক জীৱন[সম্পাদনা কৰক]

তেখেতে ২০০ৰো অধিক গীতত কণ্ঠদান কৰিছিল।[4] তেওঁ এগৰাকী ভাল গীটাৰিষ্টো আছিল।[3] তেওঁ দুকুৰিৰো অধিক গীত ৰচনা কৰে। সংগীতৰ ক্ষেত্ৰত তেওঁক ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই প্ৰভাৱিত কৰিছিল। জয়ন্ত হাজৰিকাৰ লগত তেওঁ বিভিন্ন মঞ্চত গীটাৰ সংগত কৰিছিল।[1]

He was the golden voice of Assamese music.

- জে পি দাস[5]

শ্ৰব্য গীতৰ একক এলবাম[সম্পাদনা কৰক]

  1. নতুন নিয়ৰ, (১৯৮৮)
  2. চাৰু গোহাঁইৰ গান (খণ্ড ১ আৰু ২)
  3. সুৰভী[6]
  4. জোন জ্বলে কপালত

মৃত্যু[সম্পাদনা কৰক]

তেওঁ বৃক্ক আৰু যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা বাবে ২২ ফেব্ৰুৱাৰী, ২০১২ ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হৈছিল। তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত, উন্নত চিকিৎসাৰ বাবে ৫ এপ্ৰিলত ICU ৰূমত ভৰ্ত্তি কৰা হৈছিল যদিও সেই প্ৰচেষ্টা বিফল হ’ল। ৭ এপ্ৰিল, ২০১২ চনৰ ৰাতিপুৱা ১০:৪৫ বজাত তেওঁ মৃত্যুমুখত পৰে।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Charu Gohain passes away at 61". The Telegraph. April 8, 2012. http://www.telegraphindia.com/1120408/jsp/northeast/story_15346263.jsp#.UGCI2VH-t_g। আহৰণ কৰা হৈছে: September 24, 2012. 
  2. "Singer Charu Gohain passes away". The Assam Tribune. April 8, 2012. Archived from the original on April 21, 2020. https://web.archive.org/web/20200421214824/http://www.assamtribune.com/scripts/detailsnew.asp?id=apr0812/at07। আহৰণ কৰা হৈছে: September 24, 2012. 
  3. 3.0 3.1 3.2 "চাৰু গোঁহায়ে আৰু গান নাগায়" (Press release). ৮ এপ্ৰিল, ২০১২. http://amarasom.glpublications.in/. 
  4. [আজিৰ দৈনিক বাতৰি]
  5. India Blooms News Service
  6. দৈনিক বাতৰি, ৮ এপ্ৰিল, ২০১২, পৃষ্ঠা - ১, ২
  7. http://www.indiablooms.com/NewsDetailsPage/2012/newsDetails070412h.php


বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. সংগীত:- ৰাতি বাঁহী বাই, কোনে মোক কন্দুৱাই ইউটিউবত
  2. সংগীত:- মোৰ সমাধিত ইউটিউবত
  3. সংগীত:- কিয় চকুৱে চকুৱে চালা ইউটিউবত