শশী শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শশী শৰ্মা
জন্ম ৩ অক্টোবৰ, ১৯৩১
নলবাৰী, অসম
মৃত্যু ২৮ জানুৱাৰী, ২০২০
নলবাৰী, অসম
পেছা শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক তথা নতুন দিনৰ স্বপ্নলিপিকাৰ৷
উল্লেখনীয় কৰ্মৰাজি মেক্সিম গৰ্কী, অসমৰ লোক-সাহিত্য, অসমৰ সাধুকথা, অন্তিমৰ কথা, বহুভাষিক অভিধান (অপ্ৰকাশিত)
উল্লেখযোগ্য বঁটা ছোভিয়েট দেশ নেহৰু বঁটা,
সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা,
সাদিন সাহিত্য আৰু সাংবাদিকতা বঁটা আদি
দাম্পত্যসংগী বীণাপাণি দেৱী
পিতৃ-মাতৃ সৰ্বানন্দ শৰ্মা(পিতৃ),
লক্ষ্মী দেৱী(মাতৃ)

শশী শৰ্মা (৩ অক্টোবৰ, ১৯৩২-২৮ জানুৱাৰী, ২০২০) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ। তেওঁক অসমীয়া প্ৰগতিবাদী সাহিত্যৰ প্ৰাতঃস্মৰণীয় প্ৰতিভা আৰু মানৱীয় মূল্যবোধৰ এজন বলিষ্ঠ প্ৰবক্তা বুলি কোৱা হয়।[1] অসমৰ একাধিক শিক্ষানুষ্ঠানত শিক্ষাদান কৰা শশী শৰ্মা এগৰাকী শিক্ষাবিদ হিচাপেও পৰিচিত। ১৯৫৭ চনৰ তেল শোধনাগাৰ আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা শশী শৰ্মাই বহুকেইখন মৌলিক গ্ৰন্থ-ৰচনাদি সৃষ্টি কৰি থৈ গৈছে। 'অন্তিমৰ কথা' হৈছে তেওঁৰ আত্মজীৱনী। [2] তেওঁ অসমৰ এগৰাকী প্ৰবীণ বামপন্থী বুদ্ধীজীৱীও অছিল।[3] ২০০৬ চনত নতুন সাহিত্য পৰিষদৰ নলবাৰী জিলাৰ প্ৰথমখন সন্মিলনত শশী শৰ্মাক গণবন্ধু উপাধি প্ৰদান কৰা হয়।[2] ২০২০ চনৰ ২৮ জানুৱাৰী তাৰিখে ৮৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। মৃত্যুুুৰ পিছত শৰ্মা দেৱৰ শেষ ইচ্ছানুযায়ী চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ-কল্যাণৰ হকে তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগণত পৰিয়ালৰ সদস্যই মেডিকেল কলেজৰ উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মাৰ জৰিয়তে এনাটমী বিভাগত দান কৰে।

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

শশী শৰ্মাৰ জন্ম হৈছিল নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ অন্তৰ্গত জানিযোগ গাঁৱৰ কৰৈবাৰী চুবুৰীৰ এটি ব্ৰাহ্মণ পৰিয়ালত। পিতৃৰ নাম আছিল সৰ্বানন্দ শৰ্মা আৰু মাতৃ আছিল লক্ষ্মী দেৱী। পত্নী বীনাপানি দেৱী,জীয়ৰী গীতা দেৱী, ৰীতা দেৱী আৰু দীপা দেৱী। একমাত্ৰ পুত্ৰ শৰদিন্দু শৰ্মাৰ মৃত্যু হয় ২০১৫ চনৰ ২১ জানুৱাৰীত। শশী শৰ্মা আছিল পৰিয়ালটোৰ কনিষ্ঠ সন্তান।[1][4]

শিক্ষা[সম্পাদনা কৰক]

শশী শৰ্মাৰ শিক্ষা জীৱনে পাতনি মেলে অময়াপুৰ মজলীয়া বিদ্যালয়ত।[4] ইয়াৰ পিছত ১৯৪৪ চনত তেওঁ নলবাৰীৰ গৰ্ডন স্কুলত নামভৰ্তি কৰে আৰু সেইখন শিক্ষানুষ্ঠানৰ পৰাই ১৯৫০ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ দুটাকৈ বিষয়ত লেটাৰ নম্বৰ পাইছিল। নলবাৰী মহাবিদ্যালয়ৰ পৰা ১৯৫৪ চনত শশী শৰ্মাই অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৭ চনত তেওঁ গুৱাহাটী কাৰাগাৰৰ জেইলাৰৰ ঘৰৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1][2]

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত(১৯৫০ চনত) নিজৰ আৰু ঘৰখনৰ আৰ্থিক দুৰৱস্থা সামান্য সুস্থিৰ কৰাৰ মানসেৰে শশী শৰ্মাই অময়াপুৰ এম ই স্কুলত শিক্ষক হিচাপে কৰ্মত যোগদান কৰে।[1] পৰৱৰ্তী পৰ্যায়ত ১৯৫৪ চনত চান্দকুছি পাব্লিক হাইস্কুলত, ১৯৫৫ৰ পৰা '৫৬লৈকে টংলা হাইস্কুলত, ১৯৫৬ৰ পৰা '৫৭ লৈকে দেৱীৰাম পাঠশালা হাইস্কুলত, ১৯৫৮ চনত বৰহাট হাইস্কুলত, ১৯৫৮ৰ পৰা '৫৯ লৈকে অভয়াপুৰী মহাবিদ্যালয় আৰু ১৯৫৯ৰ পৰা '৬১ লৈকে ডিগবৈ মহাবিদ্যালয় শিক্ষক হিচাপে নিজৰ দায়িত্ব পালন কৰে। ১৯৬১ চনত নলবাৰী মহাবিদ্যালয়ত শশী শৰ্মাই অধ্যাপক হিচাপে যোগদান কৰে আৰু সেইখন মহাবিদ্যালয়ৰ পৰাই ১৯৯৩ চনৰ ১ মাৰ্চত তেওঁ অৱসৰ গ্ৰহণ কৰে।[1]

ৰাজনৈতিক আৰু সামাজিক দিশত[সম্পাদনা কৰক]

১৯৪২ চনত দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত শশী শৰ্মা ১১ বছৰীয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল। তেতিয়া তেওঁ অময়াপুৰ মজলীয়া বিদ্যালয়ৰ ছাত্ৰ সভাৰ সম্পাদক আছিল আৰু আন্দোলন সফল কৰিবলৈ তেওঁলোকে স্কুল বৰ্জন কাৰ্যসূচী হাতত লৈছিল। তেওঁৰ ঘৰতো এই আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল। গান্ধীজীৰ "বিদেশী বৰ্জন, স্বদেশী গ্ৰহণ" নীতি প্ৰচাৰৰ বাবে তেওঁৰ মাক লক্ষ্মী দেৱী, বায়েক সুভদ্ৰা দেৱী আৰু জেঠায়েক ৰাজেশ্বৰী দেৱীয়ে মিলি ঘৰতে কপাহৰ খেতি কৰিছিল। এড়ী পলু পুহিছিল। সেই কপাহ আৰু এড়ীৰ সূতা কাটি মাকে এড়ীয়া কাপোৰ বৈ দিছিল। শৰ্মাৰ ঘৰখনে সেই সময়ত সকলো বিদেশী বস্তু পৰিহাৰ কৰিছিল।

১৯৫২ চনত ইয়ং ছ’চিয়েলিষ্ট লীগৰ সদস্য পদ গ্ৰহণ কৰা শশী শৰ্মাই ১৯৫৩ চনত প্ৰজা ছ’চিয়েলিষ্ট দলত যোগদান কৰে।[1] ১৯৫৭ চনত অসমত তেল শোধনাগাৰ প্ৰতিষ্ঠা, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ আৰু গুৱাহাটীত ৰেলৰ সদৰ কাৰ্যালয় প্ৰতিষ্ঠাৰ দাবীত এটা গণজাগৰণৰ গঢ় লৈ উঠিছিল। তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আছিল সীমান্ত ৰাজ্য অসমত এইবোৰ প্ৰতিষ্ঠাৰ তীব্ৰ বিৰোধী। সেই সময়ত শশী শৰ্মা আছিল অসমৰ বাওঁ-গণতান্ত্ৰিক দলৰ সমৰ্থক আৰু সেই গণজাগৰণৰ দৃঢ় সমৰ্থক। শৰ্মাই তেল শোধনাগাৰ প্ৰতিষ্ঠাৰ দাবীত গঢ়ি উঠা আন্দোলনত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিল। আন্দোলনত ভাগ লোৱাৰ বাবে তেওঁ চাৰে ছমাহৰ তৃতীয় শ্ৰেণীৰ সশ্ৰম কাৰাবাসো খাটিবলগীয়া হৈছিল।[1][5] সেইসময়ত কাৰাগাৰৰ অধীক্ষক তীৰ্থনাথ ভট্টাচাৰ্যই (প্ৰখ্যাত কবি হীৰেন ভট্টাচাৰ্যৰ পিতৃ) তেওঁক জীয়েক প্ৰীতি বৰুৱাৰ স্নাতকোত্তৰ বিভাগৰ কিতাপ-পত্ৰাদি পঢ়া-শুনাত সহায় কৰিছিল আৰু এই সহায়ৰ বলতেই তেওঁ অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।[2][5] ১৯৬৩ চনত তেওঁ প্ৰজা ছ’চিয়েলিষ্ট দল ত্যাগ কৰে আৰু মাৰ্ক্সবাদী দৰ্শনৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ১৯৭৮ চনত তেওঁ মাৰ্ক্সবাদী কমিউনিষ্ট দলৰ সদস্য হয়। অসম সাহিত্য সভাৰ সৈতেও শৰ্মাৰ গভীৰ ঘনিষ্ঠতা আছিল। ১৯৬৫ চনত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত তেওঁ অংশগ্ৰহণ কৰে আৰু সাহিত্য সভাৰ ৰাজ্যিক সদস্যলৈ মনোনীত হয়। ইয়াৰ উপৰিও পুঠিমাৰী সাহিত্য সভা, তামোলপুৰ সাহিত্য সভা, সেউজী সাহিত্য কানন, বৰপেটাৰোড সাহিত্য সভা, হাউলী সাহিত্য সভা, লক্ষ্মীপুৰ সাহিত্য সভা, দুধনৈ সাহিত্য সভা স্থাপনত শশী শৰ্মাই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ১৯৬৬ চনত সাহিত্য সভাৰ লখিমপুৰ অধিৱেশনত তেওঁ পুনৰ সৰ্বসন্মতভাৱে সদস্যৰ মনোনয়ন পাইছিল।[1] শশী শৰ্মাই জীৱনৰ অমূল্য সময়ৰ শ্ৰম আৰু সাধনাৰে এখন বহুভাষিক অভিধানৰ প্ৰকল্প হাতত লৈছিল৷ কিন্তু, পাণ্ডুলিপি অৱস্থাতে থকা অভিধানখন আজিকোপতি প্ৰকাশ হোৱা নাই৷

সাহিত্যিক কৰ্মৰাজি[সম্পাদনা কৰক]

অসমীয়া সাহিত্যৰ কেইবাটাও শাখাত শশী শৰ্মাই তেওঁৰ প্ৰতিভা, মেধা আৰু চিন্তাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। ১৯৫৫ চনত তেখেতে প্ৰথম দীনেশ চন্দ্ৰ মিশ্ৰৰ জীৱনীগ্ৰন্থ এখন লিখিছিল। তাৰ পিছত শৰ্মাৰ একাধাৰে ১০০ খনৰো অধিক মূল্যবান গ্ৰন্থ লিখি থৈ যায়।[6] তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে-

  • ৰসৰাজ বেজবৰুৱা: জীৱন আৰ কৃতি (১৯৬৭)
  • লেনিন, ৰুছ বিপ্লৱ আৰু ভাৰত (১৯৭১)
  • আধুনিক অসমীয়া সমাজ বিৱৰ্তনত সাহিত্যিকৰ ভূমিকা (১৯৮০)
  • সংখ্যালঘু সমস্যা সমাধানৰ গতিপথ (১৯৮০)
  • ধৰ্ম আৰু সমাজ (১৯৮০)
  • অসমৰ লোকসাহিত্য (১৯৯৩)
  • অসমৰ হিন্দু–মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক (১৯৯৮)
  • বিজু (২০০৪)[1]
  • মানুহৰ পৃথিৱী
  • ধৰ্ম আৰু সমাজ
  • অন্তিমৰ কথা (২০১৯)

গৱেষণামূলক গ্ৰন্থ[সম্পাদনা কৰক]

  • নলবাৰী আৰু সাহিত্য-সংস্কৃতি
  • সাহিত্য আৰু সৃষ্টি
  • হেম বৰুৱা উন্নতি-অৱনতি
  • ফেচীবাদ বনাম বাম গণতান্ত্ৰিক মৰ্চা
  • সাহিত্যত বাস্তৱৰ স্বপ্ন
  • সাহিত্যত বিৱৰ্তন
  • কাৰ্লমাৰ্ক্স আদি।[2]

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • চোৰধৰা আৰু পিম্পৰা গুচোৱা নাট
  • হেমাংগ বিশ্বাসঃ জীৱন আৰ কৃতি
  • শংকৰ গুৰু আমাৰে
  • আমাৰ বেজবৰুৱা
  • আমাৰ ৰাভা
  • পণ্ডিত হেমচন্দ্ৰ গোস্বামী[2]
  • বহুভাষিক অভিধান (পাণ্ডুলিপি অৱস্থাত পোৱা যায়, অপ্ৰকাশিত)

বঁটা-সন্মান[সম্পাদনা কৰক]

  • মেক্সিম গৰ্কী গ্ৰন্থৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা (১৯৬৮)[7]
  • অসমৰ লোকসাহিত্য গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা (১৯৯৫)
  • অসমৰ সাধুকথা গ্ৰন্থৰ বাবে গুৱাহাটী সাহিত্য কাননৰ পৰা ৰেৱনাথ শৰ্মা বঁটা (১৯৯৯)[2]
  • কলাগুৰু বিষ্ণু ৰাভা বঁটা (২০০২)
  • নতুন সাহিত্য পৰিষদৰ নলবাৰী জিলাৰ প্ৰথমখন সন্মিলনত গণবন্ধু উপাধি প্ৰদান (২০০৬)
  • নলবাৰী মহোত্‍সৱত জীৱন জোৰা সাহিত্য সেৱা বঁটা (২০০৯)[4]
  • জীৱন জোৰা সাধনা অচিন্ত ভট্টাচাৰ্য বঁটা (২০১৪)[4]
  • ঘগ্ৰাপাৰৰ সমন্বয় বঁটা (২০১৫)[4]
  • সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা আয়োজিত এচিভাৰ এৱাৰ্ড অনুষ্ঠানত সাদিন সাহিত্য আৰু সাংবাদিকতা বঁটা (২৩ অক্টোবৰ,২০১৯)[2]

মৃত্যু[সম্পাদনা কৰক]

২০২০ চনৰ ২৮ জানুৱাৰী তাৰিখে নিশা প্ৰায় ৯ বাজি ৫০ মিনিটত, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত শশী শৰ্মাৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।[2][8] উল্লেখনীয় যে, ২০০৩ চনতে শশী শৰ্মাই তেওঁৰ দেহটো এখন ইচ্ছাপত্ৰযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আৰু চকুযুৰি শংকৰদেৱ নেত্ৰালয়লৈ দান কৰি থৈ গৈছে। ২০০৩ চনতে তেখেতে মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰিছিল। নিজৰ ব্যক্তিগত পুথিভঁৰালটো এক ৰাজহুৱা অনুষ্ঠানলৈ পৰিগণিত কৰোৱাটো শশী শৰ্মাৰ অন্তিম ইচ্ছা আছিল।[1] ২৯ জানুৱাৰী, ২০২০ তাৰিখে নলবাৰী শ্বহীদ ভৱন বাকৰিত শশী শৰ্মালৈ ৰাজ্যিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 1.9 নিয়মীয়া বাৰ্তা (২৯ জানুৱাৰী, ২০২০). "বিশিষ্ট সাহিত্যিক শিক্ষাবিদ শশী শৰ্মাৰ দেহাৱসান". নিয়মীয়া বাৰ্তা. পৃষ্ঠা ১,১১. https://epaper.niyomiyabarta.org/29012020/details.php?date=29012020&page=1-11&article=2.gif&cid=2। আহৰণ কৰা হৈছে: 29 January 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 "সমাজ প্ৰহৰী-চিন্তানায়ক গণবন্ধু শশী শৰ্মাৰ জীৱনাৱসান". অসমীয়া প্ৰতিদিন. অসমীয়া প্ৰতিদিন: পৃষ্ঠা ১ আৰু ১২. ২৯ জানুৱাৰী, ২০২০. 
  3. আমাৰ অসম (২৯-০১-২০২০). "প্ৰবীণ বামপন্থী বুদ্ধিজীৱী শশী শৰ্মাৰ দেহাৱসান". আমাৰ অসম. আমাৰ অসম: পৃষ্ঠা ১ আৰু ৮. http://amarasom.glpublications.in//index.php?mod=1&pgnum=8&edcode=1&pagedate=2020-01-29&type=। আহৰণ কৰা হৈছে: 29 January 2020. 
  4. 4.0 4.1 4.2 4.3 4.4 শৰ্মা, শশী (২৭ এপ্ৰিল,২০১৯). সমন্বয়. Interview with ভাস্কৰজ্যোতি তালুকদাৰ, বিশ্বজিত্‍ বৈশ্য. 
  5. 5.0 5.1 দীপাংকৰ দত্ত (২১ মাঘ, বুধবাৰ,১৯৪১). "প্ৰগতিৰ বাটেৰে নতুন দিন". সম্পাদকীয় পৃষ্ঠা. দৈনিক অসম. http://www.assamtribune.com/scripts/spd.asp?id=2020/feb0520/BigPage6.jpg। আহৰণ কৰা হৈছে: 4 June 2020. 
  6. "নলবাৰীত প্ৰজ্ঞাৰ সাধক শশী শৰ্মাৰ স্মৃতিচাৰণ". NEWS ASN. 5 February,2020. http://newsasn.com/node/10921?fbclid=IwAR3xDYn7xBLbJ-jsMC1_ziSXB2cQB2_LXv9cIk9-aljbhHXbLtJXZaxKbms। আহৰণ কৰা হৈছে: 3 June 2020. 
  7. "Eminent Assamese litterateur Sashi Sarma dies". The New Indan Express. 29th January 2020. https://www.newindianexpress.com/nation/2020/jan/29/eminent-assamese-litterateur-sashi-sarma-dies-2096170.html। আহৰণ কৰা হৈছে: 3 June 2020. 
  8. দৈনিক অসম (২৯ জানুৱাৰী, ২০২০). "প্ৰগতি আৰু মানৱতাৰ সাধক, সুলেখক শশী শৰ্মাৰ জীৱনাৱসান". দৈনিক অসম. দৈনিক অসম: পৃষ্ঠা ১ আৰু ২.