হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা
হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা (১৮১৫-১৮৮৯) ঊনবিংশ শতিকাৰ এজন লেখক আৰু বুৰঞ্জী প্ৰণেতা।[1] তেখেত প্ৰথম অসমীয়া আত্মজীৱনী ‘সদৰামীনৰ আত্মজীৱনী’ৰ লিখক। তদুপৰি তেওঁ বাংলা ভাষাত ‘আসাম বুৰঞ্জী’ ৰচনা কৰিছে। তেওঁ অসমীয়া ভাষা-সাহিত্যত ‘সদৰামীন’ নামেৰে পৰিচিত। [2]
জন্ম আৰু শৈশৱ
[সম্পাদনা কৰক]স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত, মানৰ আগমন, আক্ৰমণ আৰু অত্যাচাৰৰ আগে আগে, ১৮১৫ চনৰ (১৭৩৭ শক) আঘোণৰ ২৮ তাৰিখে নিশা, উজনিৰ যোৰহাট জিলাত হৰকান্ত বৰুৱাৰ জন্ম হয়। স্বাধীন অসমৰ শেষ ৰাজধানীত জন্মগ্ৰহণ কৰিলেও তেওঁ কিন্তু স্বাধীনতাৰ বা-বতাহ বেছি দিন উপভোগ কৰিবলৈ নাপালে। ১৮১৮ চনত মানৰ অত্যাচাৰত বহু দুৰ্ভগীয়া অসমীয়া লোক দেশ এৰি, যেনি পায় তেনি, পলাই যায়। এনে সময়তে ৰুচিনাথ বুঢ়াগোহাঁই প্ৰমুখ্যে বহু সম্ভ্ৰান্ত লোক ভগনীয়া হৈ, ইংৰাজ কোম্পানীৰ ৰাজ্য, ভাটীৰ ৰংপুৰ জিলাৰ চিলমাৰিত আশ্ৰয় লৈছিল।[1] হৰকান্তৰ পিতৃ ৰাধাকান্ত বৰুৱায়ো সপৰিয়াল আৰু সবংশে, কেঁচুৱা হৰকান্তক কোলাত লৈ চিলমাৰিৰ ‘নন্দবাবুৰ’ আশ্ৰয়ত আছিলগৈ। মানৰ বিৰুদ্ধে ৰুচিনাথ ডাঙৰীয়াই ৰাধাকান্ত বৰুৱাক লগত লৈ কলিকতাত ইংৰাজ কোম্পানীৰ সহায় খুজিছিল, কিন্তু নেপালে। পিছত মানৰ সাহ বাঢ়ি যোৱাত ইংৰাজে মানক ১৮২১ চনত হাদিৰাচকীত ভেটে। ১৮২২ চনত ডেভিদ্ স্কট্ চাহাবে মানক খেদি কামৰূপত প্ৰবেশ কৰে। এই সাহতে বহু ভগনীয়া লোকৰ লগে লগে ৰাধাকান্তয়ো উজানমুৱা হৈ, গোৱালপাৰাৰ পগলাটেকত এবছৰ মান ঘৰ কৰি আছিল।[2]
১৮২৩ চনত মাৰ্চ মাহত গুৱাহাটীত ইংৰাজে শাসন প্ৰবৰ্তন কৰে, আৰু মানৰ ভয় দূৰ হোৱাত বহু ভগনীয়া পৰিয়াল উজানৰ নিজ নিজ ঘৰলৈ গতি কৰে। বংশপৰিয়াল সহ ৰাধাকান্ত বৰুৱায়ো উজাই আহি কামৰূপৰ হাজোৰ ওচৰৰ চেঁচামুখ পায়হি। তাতে, ওচৰৰে স্মৃতি গ্ৰামত, ভগনীয়া মাতৃবংশৰ লোকসকলক লগ পায়। তেওঁলোকে ইংৰাজৰ গতি ধৰণ বুজি দুই এক বৎসৰ বাদে গুৱাহাটীলৈ আহিবলৈ উপদেশ দিয়াত, বৰুৱা পৰিয়াল স্মৃতি গ্ৰামৰ ভাগতী ব্ৰাহ্মণৰ আশ্ৰয় ললে। কিছুদিন পিছত ঠাই অকুলন হোৱাত, তাৰ পৰা তলীয়া গ্ৰামত মাধব দেৱালয়ৰ মাটি এক খণ্ড লৈ, তালৈকে উঠি আহিল। ১৮২৪ চনত ইংৰাজে কামৰূপত জমাজমি বন্দবস্ত কৰাতে ৰাধাকান্তই নিজৰ দুৰ্দশাৰ কথা কৈ ডেভিদ্ স্কট্ চাহাবৰ পৰা হাজোৰ হিডলা দলত ১২ পুৰা ৰূপিত মাটি জীৱদ্দশা পৰ্য্যন্ত নিষ্কৰকৈ পায়।[2]
১৮২৮ চনত চৈধ্য বছৰত বয়সত হৰকান্তক, ৰাধাকান্ত বৰুৱাই শাস্ত্ৰমতে উপনয়ন দিয়ে কিন্তু তাৰ চাৰি মাহ পাছতে ৰাধাকান্তৰ মৃত্যু হয়। সেই সময়ত সৰ্ব্বজ্যেষ্ঠ পুত্ৰ গোপীকান্ত উজনিত থকাত, কোনোমতে হৰকান্তৰ জ্যেষ্ঠ ভাতৃ শিৱকান্তই শাস্ত্ৰমতে অন্তেষ্টি ক্ৰিয়া, শ্ৰাদ্ধাদি কৰে।[2]
শিক্ষা
[সম্পাদনা কৰক]মাতৃৰ লগতে ককায়েক গোপীকান্তই ঘৰতে হৰকান্তক অঙ্ক শিকাইছিল। নকুচি গ্ৰামৰ কানুৰাম শৰ্ম্মা বৰদেউৰীৰ ঘৰলৈ গৈ হৰকান্ত, বিষ্ণুকান্ত আৰু বংশৰ অন্যান্য লৰাই ‘শব্দ আৰু সন্ধি’ পঢ়িছিল। পিছলৈ উত্তৰ গুৱাহাটীত থকাত কনিষ্ঠ ভ্ৰাতৃ গৌৰীকান্তক ঘৰতে পণ্ডিত ব্ৰাহ্মণৰ দ্বাৰা শব্দ আৰু সন্ধি পঢ়োৱালৈ চাই, লৰা কালত হৰকান্তয়ো, সংস্কৃত ব্যাকৰণৰ শব্দ আৰু সন্ধি পঢ়া বুলি অনুমান কৰা হয়। হৰকান্ত বৰুৱাই ইংৰাজী নেজানিছিল আৰু শিকিবলৈ সুবিধাও নেপাইছিল। মঙ্গলদৈত হাকিম হৈ থকাত তেখেতৰ দৰমহা ৪০০ টকা হোৱা চৰকাৰী চিঠিখন ইংৰাজ মেজিষ্ট্ৰেটৰ দ্বাৰা পঢ়াইহে অৰ্থ বুজিছিল।[1] সদৰামীনৰ আত্মজীৱনীত আৰবী, ফাৰ্চী, হিন্দী, ইংৰাজী, আৰু বঙলা শব্দৰ ব্যৱহাৰলৈ চাই, তেওঁ সেই ভাষা লিখিব আৰু পঢ়িব নেজানিলেও কিছু পৰিমাণে বুজিছিল আৰু ক’ব পাৰিছিল যেন লাগে। বঙলা ভাষা তেখেতে ক’ব আৰু পঢ়িব পাৰিছিল। সেই সময়ত উচ্চ হিন্দুসকলে যত্ন কৰি সংস্কৃত শিকিছিল। হৰকান্ত বৰুৱায়ো ঘৰতে সংস্কৃত শিকিছিল, এই অনুমান উত্তৰ গুৱাহাটীৰ সংস্কৃত স্কুলৰ সম্পৰ্কত: তেখেতৰ উৎসাহ আৰু আগ্ৰহলৈ চাই সত্য যেন লাগে।[2]
বিবাহ আৰু বংশ পৰিয়াল
[সম্পাদনা কৰক]গুৱাহাটীৰ দেৱদত্ত বৰদলৈৰ জীয়েক সাবিত্ৰী দেৱীৰ লগত হৰকান্তৰ প্ৰথম বিবাহ হয়। বিবাহৰ পূৰ্বে ৰীতি মতে ককায়েক শিৱকান্ত আৰু হৰকান্তই আউনীআটীৰ শ্ৰীশ্ৰীকুশদেৱ অধিকাৰত ধৰ্ম্মৰ শৰণ ললে। ১৮৩৬ চনৰ বহাগ মাহত সাত দিন অগাপিছাকৈ দুই ভাতৃৰ বিবাহ সম্পন্ন হয়। শিৱকান্তৰ বিবাহত ‘পীৰাটনা’ ধেমালি আৰু হৰকান্তৰ বিবাহত শুক্ৰেশ্বৰত ধুমুহা বতাহ বৰষুণে পাই নাও বুৰোৱা, কানি-কাপোৰ তিৱোৱা, তিতা কাপোৰ জুই ধৰি শুকাই পিছত বিবাহ কৰাবলৈ যোৱা আদি খেল-ধেমালি অনুষ্ঠিত কৰা হয়। প্ৰায় কুৰি বছৰ বয়সত হৰকান্ত বৰুৱাই প্ৰথম বিবাহ কৰে। ১৮৪৬ চনত হৰকান্তৰ প্ৰথম পুত্ৰ কমলাকান্তৰ জন্ম হয়। প্ৰথমা পত্নী সাবিত্ৰী দেৱীৰ সঘনে অসুখ হৈ থকাত শিৱসাগৰ-ৰংপুৰৰ দদায়েকৰ উপদেশ মতে কাকডঙ্গালৈ আহি হৰকান্ত বৰুৱাই গুলঞ্চী দেৱীক দ্বিতীয় বিবাহ কৰাইছিল।[1] তেখেতে আৰু এগৰাকী ছোৱালীক বিবাহ কৰাইছিল যদিও তেওঁৰ নাম জনা নাযায়। সাবিত্ৰী দেৱীয়ে বৃদ্ধকালত, স্বামীৰে সৈতে বৃন্দাবনলৈ যাবলৈ ইচ্ছা কৰি তাতে স্বামীৰ সমুখত মৃত্যু কামনা কৰিছিল। আৰু অন্তিম সময়ত নিজ ঘৰতে স্বামীক বিহুৱান এখন দি শেষ সেৱা জনাই চিৰবিদায় লৈছিল। তেওঁৰ জীয়েকৰ নাম বসন্তী আৰু জয়ন্তী। দ্বিতীয় পুত্ৰৰ নাম ৰত্নকান্ত আছিল। তেওঁৰ তৃতীয় পুত্ৰৰ নাম দুৰ্গাকান্ত বৰুৱা, চতুৰ্থ পুত্ৰৰ নাম ধৰ্ম্মকান্ত বৰুৱা আৰু পঞ্চম পুত্ৰৰ নাম দেৱকান্ত বৰুৱা।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৮৩২ চনত তলীয়া গ্ৰাম অঞ্চলত ডকাইতৰ উপদ্ৰৱ হোৱাত, বৰুৱাৰ ঘৰখন উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰৰ গোপীকান্ত বৰুৱাৰ পামলৈ উঠি আহে। এই কাৰ্যত তেওঁলোকৰ তিনিপুৰুষীয়া শাক্ত গুৰু সৰুজনা নগোসাই যোগেশ্বৰ গোস্বামীয়ে দুটা হাতী দি সহায় কৰিছিল। বানপানী আৰু জুইৰ ভয়ত ক্ৰমাৎ তেওঁলোক উত্তৰ গুৱাহাটীৰ মধ্যখণ্ডৰ নৈৰ কাষলৈ উঠি আহে। ইয়াতেই হৰকান্ত বৰুৱাৰ দীঘলীয়া কৰ্মজীৱন আৰম্ভ হয়। বৃটিছ ৰাজত্বৰ আৰম্ভণিতে ১৮৩৬ খৃষ্টাব্দত গুৱাহাটীৰ কাছাৰীত নকল-নবিচ (লিপিকাৰ)ৰূপে কামত সোমাই চল্লিশ বছৰ বিভিন্ন ঠাইত বিভিন্ন দায়িত্ব বহন কৰি ১৮৭৬ খৃঃত তেওঁ ডেপুটি ম্যাজিষ্ট্ৰেট পদৰপৰা অৱসৰ গ্ৰহণ কৰে। চৰকাৰী কৰ্ম্মৰপৰা অৱসৰ লৈ হৰকান্ত বৰুৱাই উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মিউনিচিপালিটীৰ মেম্বৰ হৈ দেশ-সেৱা কৰাৰ কথা তেওঁৰ আত্মজীৱনীত উল্লেখ আছে।[2]
সাহিত্যৰাজি
[সম্পাদনা কৰক]আসাম বুৰঞ্জী আৰু সদৰামীনৰ আত্মজীৱনী।
অন্যান্য
[সম্পাদনা কৰক]হৰকান্ত বৰুৱাৰ বঙ্গালী বন্ধু অসংখ্য আছিল। নিজে নৈষ্ঠিক ব্ৰাহ্মণ হৈও তেওঁৰ উত্তৰ গুৱাহাটী ঘৰত ‘ব্ৰেনবিল চাহাব’ৰ অসমীয়া খৃষ্টান মেমৰ অভ্যৰ্থনা কৰিছিল। কমিচনৰ চাহাবৰ মেমে তেওঁক নিজৰ ‘বেটা’ বুলি মাতিছিল। কিন্তু মেমে দিয়া অৰ্থাৎ খৃষ্টানে দিয়া আচাৰ তেখেতে খাব নোৱাৰে বুলি সবল ভাবে কৈছিল। হৰকান্ত বৰুৱাৰ নৈষ্ঠিকতাত অইনধৰ্মী লোকৰ প্ৰতি ঘৃণাভাব নাছিল। ই আছিল নিজ ধৰ্ম্মত আৰু ধৰ্ম্মাচৰণত আস্থা ৰখা নিষ্ঠা আৰু নৈতিকতা।[1] হৰকান্ত বৰুৱাই চাকৰি কৰি থাকোঁতেই হাজোত এখন স্কুল স্থাপন কৰাৰ কথা উল্লেখ আছে। উত্তৰ-গুৱাহাটীৰ সংস্কৃত স্কুলৰ (টোলৰ) কাৰণে তেওঁ চৰকাৰৰ পৰা মঞ্জুৰী আনিছিল; আৰু নিজৰ পুত্ৰসকলক ইংৰাজী পঢ়িবলৈয়ো দিছিল। নববিবাহিত নাতি-জোৱাই তিলক চন্দ্ৰ চাংকাকতীক দ্বিতীয় পুত্ৰ ৰত্নকান্তৰ লগলৈ নগাৱঁত ইংৰাজী শিকিবলৈ পঠাইছিল। এইদৰে তেখেতে প্ৰাচীন ভাৰতীয় ভাষা সংস্কৃত আৰু নতুন বিদেশী ৰজাৰ ভাষা ইংৰাজী শিক্ষাত আগ্ৰহ দেখুৱাই নতুন আৰু পুৰণিৰ লগত সকলোৱে যাতে নিজক খাপ খুৱাই আগবাঢ়িব পাৰে তাৰ চেষ্টা কৰিছিল।[2]
ঘৰুৱা জীৱনত হৰকান্ত বৰুৱা অতি নিয়মিত, শৃঙ্খলাপ্ৰিয় কিন্তু উদাৰ আৰু সহিষ্ণু আছিল। তেখেতে জাঁহা চাউল, মণ্ডৰ ডাইল, গৰু ঘিঁউ, পালেং আদি শাক, বাকলি থকা সৰু মাছ আদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। সময়ে সময়ে তেওঁ তিতা কেঁহা ভাল পাইছিল। খাৰ আৰু জ্বলা বেয়া পাইছিল। ঘৰুৱা জন্তুৰ মঙহ নেখালেও ফান্দ পাতি ধৰা কোঢ়া, হাইঠা আদি চৰাইৰ মঙহ খাদ্যৰ অন্তৰ্গত হৈছিল। বন্দুকেৰে মৰা চৰাই ‘চুৱা’ বুলি ভাবিছিল। প্ৰতিদিন দুই সাজত তেখেতে প্ৰায় আধাসেৰ গৰু গাখীৰত দুটামান ভাত সানি খাই ভোজন সমাপন কৰিছিল। মুখশুদ্ধিৰ কাৰণে তেখেতে ‘বুঢ়া’ তামোলৰ সলনি শুকান অৰ্থাৎ চুফাৰি তামোল ব্যৱহাৰ কৰিছিল আৰু মচলা দিয়া ধপাতৰ ধোঁৱা খাই খাই দুপৰীয়াৰ জিৰণি লৈছিল। পুৱা বেলি উঠাৰ আগতে উঠি তেখেতে পদ্মফুলৰ নলী বা অইন নলীৰে প্ৰায় দুসেৰমান পৰিষ্কাৰ পানী নাকেৰে উজাইছিল। তাৰ পিছত স্নান কাৰ্য্য শেষ কৰি গোসাই ঘৰত এঘণ্টামান সময় পূজা সেৱা কৰি তেখেতৰ বৈঠকখানাত বহিছিল। তাৰপৰা উঠি গৈ যথাস্থানত ঘৰত তৈয়াৰী আখৈ বা চিৰা গৰু-গাখীৰ সহিত পুৱাৰ জলপান খাইছিল।[1] তাৰ পিছত ভাত হোৱা সময়লৈ ঘৰৰ হিচাপপত্ৰ, চাকৰ আদিৰ কাম ভগাই দিয়া, চিঠিপত্ৰ লিখা আৰু আন আন লিখা কাৰ্য্য কৰিছিল। আবেলি পুথিপঢ়া বা লিখা, অভ্যাগত সকলৰ লগত কথা-বতৰা হোৱা, বন্ধু-বান্ধব, জ্ঞাতি-গোত্ৰ, পৰিয়ালৰ লোকৰ ঘৰলৈ গৈ খা-খবৰ কৰা অভ্যাস আছিল। সন্ধিয়াৰ আগতে কিছু পৰিমাণে জলপান গ্ৰহণ কৰি পণ্ডিত আৰু পুৰুহিতৰ সৈতে ভাগৱত পাঠ, ব্যাখ্যা আৰু আলোচনাত যোগ দিছিল। তাৰ আগতে গোসাই ঘৰত সন্ধিয়াৰ পূজা-অৰ্চ্চনা শেষ কৰি আহিছিল। নিশা ন’ মান বজাত ভোজন কৰি তামোল ধপাত গ্ৰহণৰ পিছত ভগৱানৰ নাম লৈ লৈ নিদ্ৰা গৈছিল। আবেলি কেতিয়াবা ভাৰ্য্যা, পুত্ৰ, বোৱাৰী, নাতি-নাতিনী, বিধৱা জীয়েক জয়ন্তী দেবীক লৈ উমানন্দ আদি দেৱস্থান দৰ্শন কৰিছিল। কেতিয়াবা গুৱাহাটীলৈ পাৰ হৈ পুৰণি বন্ধু-বান্ধব, দেশী বা বিদেশী কৰ্ম্মচাৰীসকলৰ সৈতে দেখাসাক্ষাৎ কৰিছিল। হৰকান্ত বৰুৱা অতি মিষ্টভাষী আছিল। সৰু সৰু লৰা-ছোৱালীকো ‘তুমি’ বুলিহে সম্বোধন কৰিছিল।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- সদৰামীনৰ আত্মজীৱনীঃ সম্পাদক-কুমুদচন্দ্ৰ বৰদলৈ, প্ৰথম প্ৰকাশ, ১৯৬০
- অসমীয়া জীৱনী আৰু আত্মজীৱনী অধ্যয়ন, সম্পাঃ অমল চন্দ্ৰ দাস, পূৰ্বাঞ্চল প্ৰকাশ, ২০১৮