পুষ্পলাল উপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


পুষ্পলাল উপাধ্যায়
জন্ম ১৯০৬
লাইমেকুৰী ধেমাজি, অসম
পেচা কবি
ভাষা অসমীয়া, নেপালী
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী উষা মঞ্জৰী পুষ্পাঞ্জলি
উল্লেখযোগ্য বঁটা ১৯৮৮: সাহিত্য অকাডেমি বঁটা

জন্ম[সম্পাদনা কৰক]

পুষ্পলাল উপাধ্যায়ৰ জন্ম ইৰাজী ১৯০৬ চনত বৰ্তমান অসমৰ ধেমাজি জিলাৰ লাইমেকুৰী নামে এখনি ঠাইত হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

পুষ্পলাল উপাধ্যায়ে তেওঁৰ ১৯৮৭ চনত প্ৰকাশিত উষা মঞ্জৰী কাব্য গ্ৰন্থৰ বাবে ১৯৮৮ চনত দিল্লীসাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন]। এই কাব্য গ্ৰন্থ নেপালী ভাষাত ৰচিত। অসমৰ পৰা দ্বিতীয়বাৰৰ বাবে নেপালী ভাষাত স্বীকৃতি লাভ কৰা পুষ্পলাল উপাধ্যায় দ্বিতীয়গৰাকী নেপালী লিখক। পুষ্পলাল উপাধ্যায়ৰ লেখনীয়ে সৰ্বভাৰতীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে[উদ্ধৃতিৰ প্ৰয়োজন]। ’উষা মঞ্জৰী’ কবিতাৰ মাজেৰে ’দেশ মহিমা’ত ভাৰতৰ ঐক্য, ’উষা লহৰী’ আৰু ’হৃদয়কো হৰিয়ালী’ত প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত মানুহৰ আশাবাদী মনোভাৱ, ’কবিতা সিত’ত কবিৰ উচ্চ আভিলাষ, ’ৰাম ৰাজ্যকো সন্দেশ’ত ৰাম ৰাজ্যৰ কল্পনা আৰু ’অসম’ কবিতাৰ মাজেৰে অসমৰ ঐতিহ্য আৰু ইয়াক মিলন ক্ষেত্ৰৰূপে বৰ্ণনা কৰা হৈছে । ’মিয়াপ য়ো সঙ্গম শান্তি একতা বনি ৰহোস ভাৰত ভিত্ৰ সভ্যতা’ কবিতাবিলাকৰ মাজত কবিৰ এক সৌন্দৰ্য পিপাসু মন আৰু স্বদেশ প্ৰেমৰ সুৰ শুনিবলৈ পোৱা যায়। ১৯৬৮ চনত প্ৰকাশ পোৱা ”পুষ্পাঞ্জলি” কবিতা পুথিখন তেখেতৰ সাহিত্য জগতত অন্য এক অৱদান। পুষ্পলাল উপাধ্যায় তেজপুৰ চহৰৰ ১৩ নং পৌৰ ৱাৰ্ডৰ স্থায়ী বাসিন্দা[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. গ্ৰন্থ : সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক সমীন কলিতা


বাহ্যিক সংযোগ[সম্পাদনা কৰক]