চন্দ্ৰধৰ বৰুৱা
চন্দ্ৰধৰ বৰুৱা | |
---|---|
জন্ম | ১৫ অক্টোবৰ, ১৮৭৪ যোৰহাট, অসম |
মৃত্যু | ২৬ অক্টোবৰ ১৯৬১ |
পেচা | অধিবক্তা, নাট্যকাৰ, গীতিকাৰ,কবি |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | স্নাতক, স্নাতক (আইন) |
উল্লেখযোগ্য বঁটা | সাহিত্য ৰত্ন উপাধি, ১৯২৯ |
চন্দ্ৰধৰ বৰুৱা (ইংৰাজী: Chandradhar Baruah) (১৮৭৪-১৯৬১) নাট্যকাৰ, কবি আৰু গীতিকাৰ ৷[1] ১৮৭৪ চনৰ ১৫ অক্টোবৰত যোৰহাটত জন্ম ৷ ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান ৷ ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি[2]৷ ১৯২৬ চনত 'অসম সাহিত্য সভা পত্ৰিকা'ৰ প্ৰতিষ্ঠাপক সম্পাদক ৷ ১৯২৯ চনত 'সাহিত্য ৰত্ন' উপাধি লাভ কৰিছিল[3]৷
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]চন্দ্ৰধৰ বৰুৱাৰ ১৮৭৪ চনৰ ১৫ অক্টোবৰত যোৰহাটৰ ভুধৰ আগমাচৰ্যৰ বংশত জন্ম হৈছিল। পিতৃ দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী।[1] যোৰহাটৰ পৰা বৰুৱাই তেওঁৰ শিক্ষা জীৱনৰ পাতনি মেলি প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ পাছত ১৮৯২ চনত এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি কলিকতালৈ যায়। তাত মেট্ৰ’পলিটান ইনষ্টিটিউচনৰপৰা এফ এ পাছ কৰি চেইণ্ট জেভিয়াৰ্ছ কলেজত নাম লগায়। কিন্তু পিতৃ বিয়োগৰ বাবে স্নাতক ডিগ্ৰী নোলোৱাকৈয়ে যোৰহাটলৈ উভতি আহে। ১৯০০ চনত আইনৰ পৰীক্ষা পাছ কৰি ওকালতি আৰম্ভ কৰে।[1] তেওঁ জগন্নাথ বৰুৱাৰ ছোৱালীক বিয়া কৰাইছিল।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]কলিকতাৰ পৰা আহি তেওঁ যোৰহাটতে ওকালতি আৰম্ভ কৰিছিল যদিও ওকালতি সামৰি শহুৰেকৰ সৈতে চাহ ব্যৱসায় কৰে। ১৯২০ চনত অসম ব্যৱস্থাপক সভাৰ আৰু ১৯২৮ চনত দিল্লীৰ কাউন্সিল অব্ ষ্টেটচ্ৰ সভ্য নিৰ্বাচিত হয়।[1] ১৯৩০ চনত ভাৰতৰ স্বাধীনতা সম্পৰ্কত আলোচনা কৰিবলৈ অসমৰ প্ৰতিনিধি হিচাপে ইংলেণ্ডলৈ ৰাওনা হয় আৰু ইংলেণ্ডত অনুষ্ঠিত হোৱা ঘুৰণীয়া মেজমেলত যোগদান কৰে[3][1] । ১৯১৮ চনত তেওঁ অসম সাহিত্য সভাৰ দ্বিতীয় গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিল। বৰুৱা ১৯২৬ চনৰ পৰা প্ৰকাশ হোৱা অসম সাহিত্য সভা পত্ৰিকাৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯২৯ চনত কামৰূপ সঞ্জীৱনী সভাই তেওঁক বিশেষ সাহিত্য প্ৰতিভাৰ বাবে সাহিত্য ৰত্ন উপাধি প্ৰদান কৰে,[1] স্বৰ্গীয় লক্ষীনাৰায়ণ চট্টোপাধ্যায়ৰ সভাপতিত্বত কটন কলেজত বহা অধিৱেশনত। তেওঁ গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰচলিত খণ্ডবাক্য, ভত্সিতা আৰু যোজনা গোটাই ৰত্নকোষ নাম দি এটা সংকলনৰ কাম কৰিছিল । কিন্তু দুৰ্ভাগ্য তেওঁ জীৱিত অৱস্থাত ইয়াৰ প্ৰকাশিত ৰূপটো দেখা নাপালে, ১৯৬২ চনত ৰত্নকোষ প্ৰকাশ কৰা হয় সংকলনটোৰ মুঠ ৩৩০০ বচনৰ যোগেদি। এই সংকলনটো প্ৰস্তুত কৰিবলৈ তেওঁক প্ৰায় ২০ বছৰ সময় লাগিছিল। তেখেতৰ কামৰূপ জীয়াৰী আৰু বিদ্যুদ্বিকাশ নামৰ দুখন দীঘলীয়া বৰ্ণনাত্মক কাব্য ‘আৱাহন’ কাকতত প্ৰকাশ হৈছিল। প্ৰথম খনত সতী বেউলাৰ কাহিনী আৰু দ্বিতীয় খনত বৃত্ৰাসুৰ বধৰ কথা সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। চন্দ্ৰধৰ বৰুৱাৰ ১৯৬১ চনত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে[3] ।
নাট সংকলন
[সম্পাদনা কৰক]- মেঘনাদ বধ নাট (১৯০৪),
- ভাগ্য পৰীক্ষা (১৯১৫),
- তিলোত্তমা সম্ভৱ (১৯২৪),
- ৰাজৰ্ষি (১৯৩৭),
- পুনৰ্জন্ম,
- মোগল বিজয়,
- আহোম সন্ধ্যা[3]
- ৰত্নকোষ (খণ্ডবাক্য কোষ, ১৯৬২),
- মুক্তাৱলী (অনুবাদ)
কাব্য সংকলন
[সম্পাদনা কৰক]- ৰঞ্জন (ধেমেলীয়া কবিতা পুথি, ১৯২৭)
- কামৰূপ জীয়াৰী,
- বিদ্যুদ্বিকাশ[3]
উপন্যাস
[সম্পাদনা কৰক]- শান্তি
পুৰস্কাৰ আৰু সন্মান
[সম্পাদনা কৰক]সাহিত্য ৰত্ন উপাধি, (১৯২৯)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]ৱিকিউৎসত চন্দ্ৰধৰ বৰুৱাৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 শিৱনাথ বৰ্মন (১৯৯২). "অসমীয়া জীৱনী অভিধান". চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড. পৃষ্ঠাসমূহ: ৮৭-৮৮. https://archive.org/details/in.ernet.dli.2015.451337/page/n87/mode/2up। আহৰণ কৰা হৈছে: 15 May 2023.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা,পানবজাৰ. পৃষ্ঠা. ১৯, ২০, ২১.