নীলমণি ফুকন (জ্যেষ্ঠ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নীলমনি ফুকন(ককা)ৰ পৰা পুনঃনিৰ্দেশিত)
নীলমণি ফুকন (জ্যেষ্ঠ)

নীলমণি ফুকনৰ স্মৃতিত প্ৰকাশিত ডাকটিকট
জন্ম ২২ জুন, ১৮৮০
ডিব্ৰুগড়, অসম, ভাৰত
মৃত্যু ২০ জানুৱাৰী, ১৯৭৮ (৯৭ বছৰ)
পেচা সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী

নীলমণি ফুকন (ইংৰাজী: Nilmoni Phukan; ২২ জুন, ১৮৮০-২০ জানুৱাৰী, ১৯৭৮) [1] হৈছে অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।

জন্ম[সম্পাদনা কৰক]

১৮৮০ জুন মাহ ডিব্ৰুগড়। পিতৃ লম্বোদৰ ফুকন। মাতৃ চন্দ্ৰাৱলী। শিক্ষা ডিব্ৰুগড়ৰ বঙলা স্কুলৰ পৰা এণ্ট্ৰেন্স (১৯০০) স্কুলিয়া শিক্ষা ডিব্ৰুগড়ত। পিতৃ লম্বোদৰ ফুকন

শিক্ষা[সম্পাদনা কৰক]

কলিকতাতপ্ৰেচিডেন্সি কলেজ,কটন কলেজৰ পৰা এফ এ (১৯০৫)। কোচবিহাৰ ভিক্টোৰিয়া কলেজৰ পৰা বি এ (১৯০৭), কলিকতাতৰ পৰা অসমাপ্ত আইন শিক্ষা

কৰ্মজীৱন[সম্পাদনা কৰক]

ডিব্ৰুগড়জৰ্জ ইন্সটিউটৰ প্ৰধান শিক্ষক (১৯১১-১৯২৫), আসাম লেজিছলেটিভ কাউন্সিলৰ সভ্য(১৯২১-১৯২৭),অসম এছেম্বলীৰ সভ্য (১৯৪৮-৫৭), নীলমণি চাহ বাগিচা (১৯২৮),সম্পাদক সাদিনীয়া বাতৰি (১৯৩১-৩৬)। ন জোন(১৯৩৪),আলোচনী, অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ৰ প্ৰথম সম্পাদক।

ৰচনা[সম্পাদনা কৰক]

জ্যোতিকণা(১৯৩৮), সাহিত্যকলা(১৯৪০), জয়াতীৰ্থ(১৯৪১), চিন্তামনি(১৯৪২), মানসী(১৯৪৩), গুটিমালী(১৯৫০), জিঞ্জিৰি(১৯৫১), মহাপুৰুষীয়া ধৰ্ম, অমিত্ৰা(১৯৫২), সন্ধানী(১৯৫৩), শতধাৰা(১৯৬২), মৰ্মবাণী(১৯৬৩), আহুতি, তৰুণ অসম, মৰা ডালত কুঁহিপাত, তুমিনো নোহোৱা কি?

সন্মান আৰু স্বীকৃতি[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

১৯৭৮ চন

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Mohan B. Daryanani (1999). Who's who on Indian stamps. Mohan B. Daryanani. ISBN 978-84-931101-0-9. https://books.google.com/books?id=ZZPtAAAAMAAJ। আহৰণ কৰা হৈছে: 23 October 2016. 
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  • অসমীয়া কবি আৰু কবিতা (নন্দ তালুকদাৰ)
  • সঞ্চয়ন