ৰাধানাথ ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৰাধানাথ ফুকন
জন্ম ২০ চেপ্তেম্বৰ, ১৮৭৮
যোৰহাট, অসম
মৃত্যু ২৩ জুন, ১৯৬৪
পেছা সংস্কৃত পণ্ডিত, দাৰ্শনিক , সাহিত্যিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
সময় ১৮৪৯ ৰ পৰা ১৯৬৪
উল্লেখনীয় কৰ্মৰাজি সাংখ্য দৰ্শন
বেদান্ত দৰ্শণ
The Theory of Rebirth
দাম্পত্যসংগী চন্দ্ৰপ্ৰভা দেৱী

ৰাধানাথ ফুকন (ইংৰাজী: Radhanath Phukan) অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী[1] লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল। ব্ৰিটিছৰ আমোলত ৰায়বাহাদুৰ খিতাপ লাভ কৰা ফুকন ডাঙৰীয়াই শিক্ষা আৰু কৰ্ম জীৱনত ব্যুৎপত্তিৰ পৰিচয় দিছিল। বিজ্ঞানৰ ছাত্ৰ হোৱা হেতুকে তেখেতৰ ৰচনাৱলীত ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব বিলাকক আধুনিক বিজ্ঞানসন্মত দৃষ্টি ভংগীৰে বিশ্লেষণ কৰা দেখা পোৱা যায়।[2]

বাল্যকাল আৰু শিক্ষা জীৱন[সম্পাদনা কৰক]

ৰাধানাথ ফুকন বাল্যকাল যোৰহাট আৰু শিৱসাগৰত অতিবাহিত হৈছিল। ১৮৮১ চনত তেখেতে শিৱসাগৰ গৱৰ্ণমেণ্ট ভাৰনেকুলাৰ স্কুলত নাম ভৰ্তি কৰে আৰু একে সময়তে দীননাথ বেজবৰুৱাৰ সংস্কৃত টোলতো শিক্ষাগ্ৰহণ আৰম্ভ কৰে। ১৮৮২ চনত তেখতে শিৱসাগৰ চৰকাৰী হাইস্কুলত নাম লগায়। ১৮৯১ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা এফ এ আৰু বি এ ডিগ্ৰী লাভ কৰে। তাৰপাছত তেঁও প্ৰেচিডেন্সী কলেজৰ পৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৮৯৮ চনত তেখেতে কলিকতাৰ ৰিপন মহাবিদ্যলয়ৰ পৰা বি. এল. ডিগ্ৰীও লাভ কৰে। সমগ্ৰ শিক্ষা জীৱনতে তেঁও তীক্ষ্ণ বুদ্ধি আৰু পাৰদৰ্শিতাৰ পৰিচয় দিছিল।

কৰ্ম জীৱন[সম্পাদনা কৰক]

বি. এল ডিগ্ৰী লাভ কৰাৰ পাছত ফুকনে পোন প্ৰথমে যোৰহাটত ওকালতি কৰে। ১৯০৩ চনত তেওঁ প্ৰশাসনীয় সেৱাৰ বাবে নিৰ্বাচিত হয় আৰু গুৱাহাটীত ই. এ. চি. হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ উপাধিও প্ৰদান কৰে। তেজপুৰ, হবিবগঞ্জ, চুমানগঞ্জ আদি বিভিন্ন ঠাইত কাৰ্যনিৰ্বাহ কৰি তেখেতে কেইবাটাও পদোন্নতি লাভ কৰে, প্ৰথমে জিলা ন্যয়াধীশ আৰু শেষত ছেছন জাজ হিচাপে তেখেতে চাকৰিৰ পৰা অৱসৰ লয়। অৱসৰ লোৱাৰ পাছতো তেখেতে পুনৰ ওকালতি আৰম্ভ কৰে। তদুপৰি তেখেতে বাহনি নামৰ এখন চাহবাগিছা ক্ৰয় কৰি ব্যৱসায়তো মনোনিবেশ কৰে। এই কালছোৱাত তেখেতে সমান্তৰাল ভাৱে সাহিত্য চৰ্চা ৰাখিছিল।

ভাৰতীয় দৰ্শনৰ সৈতে পৰিচয়[সম্পাদনা কৰক]

১৯২০ চনত ফুকনৰ দাৰ্শনিক আৰু কবি দুৰ্গেশ্বৰ শৰ্মাৰ লগত পৰিচয় হয়, আৰু তেখেতৰ সান্নিধ্যতে গীতাকে ধৰি আন আন ভাৰতীয় দৰ্শনৰ পুথি পঢ়া আৰম্ভ কৰে। ভাৰতীয় দৰ্শনে ফুকনৰ জীৱনত আমূল পৰিবৰ্তনৰ সূচনা কৰে আৰু পিছলৈ তেখেতে এই বিষয়টিৰ ওপৰত চৰ্চা আৰু কেইবাখনো পুথি ৰচনাৰে,দৰ্শনৰ এজন পণ্ডিত ৰূপে পৰিগণিত হয়। ভাৰতীয় দৰ্শনৰ বাদেও তেখেতে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিও গভীৰ ভাৱে অধ্যয়ন কৰে। অনুবাদ আৰু মৌলিক ৰচনাৰে তেখেতে ভাৰতীয় দৰ্শনৰ তত্ত্ববিলাক সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল। [2]

সাহিত্যকৃতি[সম্পাদনা কৰক]

ফুকন ডাঙৰীয়াৰ সংস্কৃত ভাষাৰ ওপৰত বিশেষ ব্যুৎপত্তি আছিল, তেঁও নিজে সংস্কৃতত সাহিত্য চৰ্চা কৰা নাছিল যদিও, সংস্কৃতত থকা দৰ্শন শাস্ত্ৰসমূহ তেওঁ ইংৰাজী আৰু অসমীয়ালৈ অনুবাদ তথা বাখ্যা কৰিছিল। তেখেতৰ ৰচনাত কেইটামান বিশেষত্ব দেখা পোৱা যায়-

  1. আধুনিক বিজ্ঞানৰ সূত্ৰসমূহৰ সৈতে ভাৰতীয় দৰ্শনৰ তুলনা
  2. বিভিন্ন ভাৰতীয় দৰ্শন সমূহৰ মাজত সমন্বয় সৃষ্টি কৰাৰ প্ৰয়াস
  3. শংকৰদেৱৰ দৰ্শনৰ প্ৰতি গভীৰ শ্ৰদ্ধা [2]

ৰচিত গ্ৰন্থ[সম্পাদনা কৰক]

  1. সাংখ্য দৰ্শন
  2. বেদান্ত দৰ্শন
  3. কথাৰে উপনিষৎ (হিন্দী আৰু অসমীয়া)
  4. বিজ্ঞানৰ সিপাৰে (হিন্দী আৰু অসমীয়া)
  5. জন্মান্তৰৰ ৰহস্য
  6. The Theory of Rebirth
  7. The Sankhyakarika of Ishwar Krishna
  8. অসমীয়াৰ ভৱিষ্যত
  9. বি. এ. জগন্নাথ ইত্যাদি

সন্মান[সম্পাদনা কৰক]

  1. ১৯১৪ চনত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ৰায়বাহাদুৰ খিতাপ
  2. ১৯৫৭ চনত নলবাৰীৰ সংস্কৃত সঞ্জীৱনী সভাৰ দ্বাৰা বেদান্ত বাচস্পতি উপাধি
  3. ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডি লিট সন্মান

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড° দিলীপ শৰ্মা (ছেপ্তেম্বৰ ২০১৪). "জ্ঞানৰ সাধক প্ৰফেছৰ জ্যোতিপ্ৰসাদ মেধি". বাৰ ওঠৰ. পৃষ্ঠাসমূহ: ৪৫-৪৬. 
  2. 2.0 2.1 2.2 বৰেণ্য, নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ, ২০১২

বাহ্যিক সূত্ৰ[সম্পাদনা কৰক]