সমললৈ যাওক

বাঘ হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bagh Hazarikaৰ পৰা পুনঃনিৰ্দেশিত)
বাঘ হাজৰিকা
জন্ম অসমগড়গাঁৱৰ ওচৰৰ ঢেকেৰীগাঁও[উদ্ধৃতিৰ প্ৰয়োজন]
ধৰ্ম ইছলাম

বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক (ইংৰাজী: Bagh Hazarika) অসমীয়া কবি আৰু সাহিত্যিক মফিজুদ্দিন আহমেদ হাজৰিকাৰ নৱমজন পূৰ্বপুৰুষ আছিল।[1] তেখেতে শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে যুঁজিছিল বুলি মফিজুদ্দিন আহমেদ হাজৰিকা আৰু কিছু বুৰঞ্জীবিদে দাবী কৰে যদিওবা আহোম বুৰঞ্জীত উল্লেখ থকা ২০ জন হাজৰিকাৰ ভিতৰত এজনো হাজৰিকাৰ নাম বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক নহয়।[2] তেওঁৰ জন্ম অসমৰ গড়গাঁৱৰ ওচৰৰ ঢেকেৰীগাঁওত হৈছিল বুলি কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

চাওফা চ্যু-চেং-ফাৰ ৰাজত্বকালত একাধিক বাৰ মোগলে অসম আক্ৰমণ কৰিছিল। ১৬৪২ চনত তৃতীয় বাৰৰ কাৰণে হোৱা মোগলৰ আক্ৰমণত আহোম সৈন্যৰ হাতত পৰাজিত হৈ কিছু মোগল সৈনিক অসমত বন্দী হৈ ৰৈ গৈছিল। তেওঁলোকে জনা কামৰ ওপৰত ভিত্তি কৰি, সেইসময়ত তেওঁলোকক অসমত বসবাস কৰিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল।[1] তেওঁলোকে মোগলৰ বিৰুদ্ধে যুঁজিছিল, আৰু ইয়াতে সন্তুষ্ট হৈ আহোম স্বৰ্গদেউসকলে বৰা, হাজৰিকা, ইত্যাদি উপাধি প্ৰদান কৰিছিল। কালক্ৰমত তেওঁলোকক ন-অসমীয়া মুছলমান বুলি কোৱা হৈছিল।[1] ইছমাইল ছিদ্দিক ওৰফে বাঘ হাজৰিকা এই সকল ন-অসমীয়াৰে বংশধৰ আছিল।[1]

আহোম বুৰঞ্জী

[সম্পাদনা কৰক]

আহোম বুৰঞ্জীত বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক বুলি কোনো হাজৰিকাৰ কথা উল্লেখ নাই।[2] শৰাইঘাটৰ ৰণৰ ২০ জন হাজৰিকাৰ ভিতৰত এজনো হাজৰিকাৰ নাম বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক বুলি উল্লেখ নাই।[2] আহোম বুৰঞ্জীত বাঘচুৱাল বৰপাত্ৰ গোহাঁই বুলি এজন আহোম মূলীয় ব্যক্তি আছিল যি কুৰুৱা অঞ্চলৰ পালি সেনাপতি আছিল যদিও তেখত বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক নহয়।[2]

মফিজুদ্দিন আহমেদ হাজৰিকা

[সম্পাদনা কৰক]

মফিজুদ্দিন আহমেদ হাজৰিকাৰ পৰিয়ালৰ বংশাৱলিত তেওঁৰ নাম উল্লেখ আছে।

আধুনিক গ্ৰন্থ

[সম্পাদনা কৰক]

ড° সূৰ্যকুমাৰ ভূঞা

[সম্পাদনা কৰক]

মফিজুদ্দিন আহমেদ হাজৰিকাৰ দাবী অনুসৰি তেওঁৰ বিষয়ে প্ৰথম ড° সূৰ্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহত ঊল্লেখ কৰিছিল যদিও তেওঁ কোনো উৎস বুৰঞ্জীৰ তথ্য দিয়া নাছিল।[2]

কিছুসংখ্যক লোকৰ মতে বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ হে আছিল, যদিওবা সেয়া বিতৰ্কৰ বিষয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ বুলি মন্তব্য কৰিছিল[3][4][5] যদিও যথেষ্ট বুৰঞ্জীবিদে ইয়াৰ বিৰোধিতা কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 দত্ত, গোলক চন্দ্ৰ (২০২০). "বাঘ হাজৰিকা,বাঘধৰা পুখুৰী,কলঞ্চু পাৰ". as.vikashpedia.in. https://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ac9be998-9b99be99c9f09bf9959be-9ac9be9989a79f09be-9aa9c19969c19f09c0-9959b299e9cd99a9c1-9aa9be9f0. 
  2. 2.0 2.1 2.2 2.3 2.4 বৰুৱা, মাধুৰ্যমণ্ডিত (ডিচেম্বৰ, ২০২২) (অসমীয়া ভাষাত). অসম বুৰঞ্জী – প্ৰথম খণ্ড, ছহেজাৰ বছৰৰ সম্পূৰ্ণ ইতিহাস. ৰেখা প্ৰকাশন. পৃষ্ঠা. ৩০. ISBN 978-93-92029-05-9. 
  3. "শৰাইঘাটৰ ৰণত আছিল নৰ হাজৰিকা, বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰহে: মুখ্যমন্ত্ৰী". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/assam/himanta-biswa-sarma-on-bagh-hazarika. 
  4. "বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ, নৰ হাজৰিকা আছিল লাচিত বৰফুকনৰ সংগী; মুখ্যমন্ত্ৰীৰ নতুন ব্যাখ্যা". প্ৰাগ নিউজ. Archived from the original on 2023-07-16. https://web.archive.org/web/20230716183926/https://pragnews.com/regional-assamese/assam-cm-attends-abvp-meeting. 
  5. Barman, Gautam. "Bagh Hazarika Controversy: হিন্দু জাগৰণ মঞ্চৰ নেতাৰ মতে বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ, লুৰিণজ্যোতি গগৈৰ সাৱধানবাণী". News18 Assam Northeast. https://assam.news18.com/news/assam/bagh-hazarika-is-a-fictional-character-according-to-hindu-jagran-mancha-leader-gb-173135.html.