ললিত ওজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ললিত ওজা
জন্ম ললিত চন্দ্ৰ নাথ
১১ ফেব্ৰুৱাৰী, ১৯২৩ চন
সাতঘৰীয়া গাঁও, ছিপাঝাৰ, মঙ্গলদৈ জিলা
মৃত্যু ২১ অক্টোবৰ, ২০১৩ চন
জনা যায় ওজাপালি আৰু দেওধনী নৃত্য
দাম্পত্যসঙ্গী দৈবকী দেৱী
পিতৃ-মাতৃ ভূৱন চন্দ্ৰ নাথ ওজা (পিতৃ)
ফাগুনী দেৱী (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (১৯৮৩)
ৰবীন্দ্ৰনাথ ঠাকুৰ বঁটা (২০১২)


ললিত ওজাই (জন্ম: ১৯২৩ – মৃত্যু: ২০১৩) ওজাপালি আৰু দেওধনী নৃত্য সমগ্ৰ অসমতে প্ৰচাৰ কৰি জীয়াই ৰখাৰ চেষ্টা কৰিছিল। তেওঁ মনসা কাব্যৰো বিশাৰদ আছিল। দেশৰ বিভিন্ন ঠাইত এই লোকশিল্পৰ তেওঁ প্ৰচাৰ কৰিছিল। ললিত ওজাৰ প্ৰকৃত নাম আছিল ললিত চন্দ্ৰ নাথ[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৯২৩ চনৰ ১১ ফেব্ৰুৱাৰীত বৰ্তমানৰ মঙ্গলদৈ জিলাছিপাঝাৰৰ সাতঘৰীয়া গাঁৱত ললিত ওজাৰ জন্ম হৈছিল। দেউতাক আছিল প্ৰয়াত ভূৱন চন্দ্ৰ নাথ ওজা আৰু মাকৰ নাম আছিল ফাগুনী দেৱী। 'দেউতাক ভুৱন চন্দ্ৰ নাথ আছিল এজন পৰম্পৰাগত দেওধনী আৰু সুকনানিৰ ওজা আছিল। তেওঁৰ জন্মৰ দিনাও ঘৰত দেউতাকে মনসা পুজা কৰি আছিল আৰু জন্মৰ মুহুৰ্ততো আনকি ঘৰত ওজাপালি চলি আছিল । তাকে দেখি গাঁৱৰ ৰাইজে ভৱিশ্যতবাণী কৰিছিল যে এসময়ত তেওঁ এজন প্ৰখ্যাত ওজায়েই হ’ব। তেওঁৰ বংশই আজিৰ পৰা প্ৰায় ৪০০ বছৰ আগতেই অৰ্থাত কোঁচ ৰজা ধৰ্ম নাৰায়ণৰ পৃষ্ঠপোষকতাত ওজাপালি নৃত্য-গীতৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। প্ৰতিষ্ঠাপক আছিল ললিত চন্দ্ৰ ওজাৰ প্ৰ-পিতামহ মেঘো ওজা। মেঘো ওজাৰ পাছত তেওঁৰ পুত্ৰ জীউৰাম ওজা, জীউৰামৰ পুত্ৰ শিশু ওজা, শিশু ওজাৰ পাছত পুত্ৰ ভুবন ওজাই এই বিদ্যা সমাজত চলাই আহিছিল। এই ভুবন ওজাৰে পুত্ৰ ললিত চন্দ্ৰ ওজা। পুত্ৰ পৰম্পৰাত তেওঁ ষষ্ঠজন আৰু সংখ্যাগত হিচাপে তেওঁ অষ্টমজন ওজা আছিল।[1]

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ললিত চন্দ্ৰ নাথক দেউতাকে ৬ বছৰ বয়সত ঘোৰাবন্ধা প্ৰাইমেৰী স্কুলত নামভৰ্তি কৰি দিছিল। ললিত চন্দ্ৰ ওজাই প্ৰথম বিভাগত এম ভি পাছ কৰি হাইস্কুলৰ পঞ্চম শ্ৰেণীত নাম লগাইছিল। এম ভি পঢ়ি থাকোতেই তেওঁৰ পিতৃৰ সান্নিজ্বৰ হৈ বিয়োগ ঘটিছিল। কোনো মতে ধাৰ-ঋণ কৰি হাইস্কুলত নাম লগাইছিল যদিও টকাৰ অভাৱত চাৰি পুত্ৰ আৰু এটি কন্যা লৈ সংসাৰ চলোৱাত মাকে কঠোৰ বাস্তৱৰ সন্মুখীন হৈছিল। সেয়ে, খুজি-মাগি পৰিয়ালক ভৰণ-পোষন দিয়া মাকক কিছু সহযোগ কৰাৰ মানসেৰে তেওঁ পঢ়াশুনা সিমানতে শেষ কৰি আনৰ ঘৰৰ গৰু চৰাবলৈ লৈছিল। আনকি ঘৰৰ শেষ সম্পত্তি হিচাবে থকা দেউতাকৰ সৰু দোকানখনো বিক্ৰী কৰিবলগাত পৰিছিল। নিজৰ কামত থকা একাগ্ৰতাৰ সুবাদতে নতুন মালিকৰ সেইখন দোকানতে কাম কৰি যি টকা পাইছিল তাৰে তেওঁ নিজৰ পঢ়াশুনা পুনৰ আৰম্ভ কৰিছিল। সেই কষ্টৰ মাজতে তেওঁ এম ই পাচ কৰিছিল আৰু ঘৰুৱা অৱস্থাটোৰ কিছু ভাল কৰাৰ মানসেৰে শিক্ষক পদ লাভৰ বাবে বিভিন্ন পক্ষৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু এইক্ষেত্ৰত বিফল হোৱাত তেওঁক গাঁৱৰ মানুহে চাকৰিৰ চিন্তা বাদ দি পিতাকৰ বিদ্যাটোকে ভালদৰে শিকিবলৈ কৈছিল। উপায়ন্তৰ হৈ ললিত চন্দ্ৰ নাথে ওজাপালি শিকাৰ ইচ্ছা প্ৰকাশ কৰে। সেয়ে মাকে এশৰাই তামোল-পাণ গামোচাৰে সৈতে ললিত নাথক ১৬ বছৰ বয়সতে বৰদেউতাকৰ ল’ৰা বোলোৰাম ওজাৰ ওচৰত হাজিৰ কৰাইছিল। কাৰণ সেই সময়ত ওজাপালিৰ কোনো বানচ বা দৰমহা নাছিল। বোনো ওজাৰ সন্মতি সাপেক্ষে ললিত নাথে গুৰু বৰণ কৰি ওজা শিকিছিল।[1]

ওজা ঘোষণা[সম্পাদনা কৰক]

দলীয় প্ৰশিক্ষণৰ আগতে ললিত ওজাই তিনি বছৰ কাল গুৰুৰ ওচৰত একক প্ৰশিক্ষণ লৈছিল। তাৰ পিছত এবছৰীয়া দলীয় প্ৰশিক্ষণৰ অন্তত ঘৰতে মাৰৈ পূজাৰ আয়োজন কৰিছিল। ওজা হৈ বাহিবলৈ ওলোৱাৰ আগতে মাৰৈ পূজা পাতি দেৱীক পূজি ল’ব লাগে। ১৯৩৯-৪০ চনৰ মানত সেই মাৰৈ পূজাতে গুৰু বোনো ওজাৰ ৰাইজৰ সাক্ষাতত ললিত চন্দ্ৰ নাথ ওজা ঘোষণা কৰি বাহিৰত পূজা গোৱাৰ অনুমতি দিছিল। তেতিয়াৰ পৰা ললিত চন্দ্ৰ নাথ গুচি ললিত ওজা হ’ল। সেই নিশা গুৰুৰ নিৰ্দেশত ললিত ওজাই মাৰৈ পূজাখন গাইছিল।[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

তিনি বছৰমান ওজাপালিৰ গীত-পদ-মুদ্ৰাৰ লগত অভ্যস্ত হোৱাৰ পাচত ললিত ওজাক গুৰুৱে নিজাকৈ এটা ওজাপালিৰ দল গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সেইমৰ্মে ১৮ কি ১৯ বছৰ বয়সতে তেওঁ লগত ৬ জন পালি ক্ৰমে কিনাৰাম নাথ, কাশীৰাম নাথ, চন্ডীৰাম ভূঞা, মনিৰাম নাথ, সন্তুষ বৰা আৰু পিলিঙা নাথক লৈ নিজাববীয়াকৈ ওজাপালিৰ দল গঠন কৰে। তেখেতৰ দলটো সমগ্ৰ দৰং জিলাতে বিখ্যাত হৈ পৰে আৰু প্ৰায় সকলোবোৰ প্ৰতিষ্ঠিত লোকৰ ঘৰত অনুষ্ঠিত মনসা পুজা আৰু মাৰৈ পুজাত তেওঁৰ দলটো আমন্ত্ৰিত হয় ।

১৯৪৬ চনত বুঢ়ীনগৰত অনুষ্ঠিত হোৱা সমূহীয়া দুৰ্গাপুজাত তেওলোকৰ ওজাপালি, দেওধনী নৃত্য দেখি সন্তুষ্ট হৈ মুক্তি যুঁজাৰু প্ৰয়াত পানীৰাম দাসে তেওঁলোকক পাণ্ডুত অনুষ্ঠিত হ’বলগীয়া অখিল ভাৰতীয় কংগ্ৰেছ মহাসভালৈ নৃত্য পৰিদৰ্শনৰ বাবে আমন্ত্ৰন জনাইছিল। সেই মহাসভাত তেওঁৰ দলটোৱে ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শন কৰি অখিল ভাৰতীয় কংগ্ৰেছ নেতাসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৫৩ চনত সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙত বহা পৰ্বত-ভৈয়াম সম্প্ৰীতি সন্মিলনলৈ আমন্ত্ৰিত হয় আৰু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত দেওধনী নৃত্য আৰু ওজাপালি পৰিৱেশন কৰিছিল। ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ মহেশ্বৰ নেওগৰ তত্ত্বাৱধানত দিল্লীৰ সংগীত একাডেমীয়ে আয়োজন কৰা অনুষ্ঠানত ভাগ লৈ ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শন কৰিছিল। দেওধনী হিচাপে গৈছিল দেওধনী নৃত্য পটিয়সী ৰাধিকা দেৱী। ৰাষ্ট্ৰীয় পৰ্যায়ত এয়া আছিল নাথৰ প্ৰথম খোজ।

১৯৭৫ চনত লুপ্ত হ’ব ধৰা দৰঙ্গী কলাকৃষ্টিখিনিক ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত অতুল চন্দ্ৰ বৰুৱা, জনসংযোগ বিষয়া শিল্পী প্ৰয়াত ৰুদ্ৰ বৰুৱা, সেই সময়ৰ সাংস্কৃতিক সঞ্চালক প্ৰয়াত আনন্দ মোহন ভাগৱতী, নৃত্য বিশাৰদ শিৱসাগৰ কলেজৰ অধ্যক্ষ প্ৰদীপ চলিহা, শিল্পী পুৰুষোত্তম দাস, ছিপাঝাৰৰ ব্যাসৰ ওজা আৰু দৰঙ্গী ৰাইজৰ সহযোগত গঢ়ি তুলিছিল দৰঙ্গী কলা কৃষ্টি উন্নয়ন সংঘ নামৰ প্ৰতিষ্ঠানটো। ইয়াৰ আলমতে দেওধনী নৃত্যৰ এখন বিদ্যালয় প্ৰতিস্থা কৰি তেওঁ প্ৰায় ৬০ জনী ছোৱালীক দেওধনী নৃত্যৰ প্ৰশিক্ষণ দিছিল। ইয়াৰ উপৰি অসমৰ প্ৰতিখন জিলাৰ প্ৰধান ঠাইবোৰত ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শন কৰি এই কলাবিধৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষণ বঢ়াই তুলিছিল।[1]

গ্ৰন্থ[সম্পাদনা কৰক]

ললিত ওজাই ওজাপালি আৰু দেওধনীৰ প্ৰসাৰৰ বাবে ২০০৭ চনত “সুকনানি সংগীতৰ ৰেঙণি” নামেৰে এখন পুথি লিখি উলিয়াইছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৫০ চনত ২৭ বছৰ বয়সত ললিত চন্দ্ৰ নাথে দৈবকী দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৮৩ চনত ওজাই সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
  • ২০১২ চনত সংগীত নাটক একাডেমীয়ে পুনৰবাৰ তেওঁক ৰবীন্দ্ৰনাথ ঠাকুৰ বঁটা প্ৰদান কৰে।
  • দৰঙী কলাকৃষ্টি সংঘই ১৯৮৫ চনত চেঙাপাৰা অধিৱেশনত তেওঁক সুকনানি সংগীতাচাৰ্য্য উপাধি প্ৰদান কৰে।

মৃত্যু[সম্পাদনা কৰক]

২০১৩ চনৰ ২১ অক্টোবৰত ললিত চন্দ্ৰ ওজাই মৃত্যুবৰণ কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 নীলকান্ত নাথ (৩১ অক্টোবৰ ২০১৩). "ললিত ওজা". দৈনিক জনমভূমি: ৪ পৃষ্ঠা.