ইন্দ্ৰ বণিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ইন্দ্ৰ বনিয়াৰ পৰা পুনঃনিৰ্দেশিত)
ইন্দ্ৰ বণিয়া

জন্মস্থান ধলপুৰত ইন্দ্ৰ বণিয়াৰ আৱক্ষ মূৰ্তি
জন্ম ২৪ ডিচেম্বৰ, ১৯৪২[1]
ধলপুৰ, লখিমপুৰ জিলা
মৃত্যু ২৫ মাৰ্চ, ২০১৫ (৭২ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা
দাম্পত্যসঙ্গী মিনু বণিয়া

ইন্দ্ৰ বণিয়া (ইংৰাজী: Indra Bania) অসমৰ এজন অভিনেতা। ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাধলপুৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। ষাঠীৰ দশকৰ পৰা অসমৰ নাট্য জগতত তেওঁ এক সুকীয়া স্থান লাভ কৰে। ১৯৬৪ চনৰ পৰা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পীৰূপে তেখেতে 'গোবৰ্ধন চৰিত' আৰু 'মইনাৰ সংবাদ' নাটকেৰে জনপ্ৰিয়তা লাভ কৰে।[2][3] পাছলৈ জাহ্নু বৰুৱাৰ 'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭) চলচ্চিত্ৰত এজন দুৰ্দশাগ্ৰস্ত খেতিয়কৰ চৰিত্ৰ ৰূপায়ণ কৰি তেওঁ লোকাৰ্ণ' চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।[4] আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত এনে বঁটা লাভ কৰা তেৱেঁই প্ৰথম অসমীয়া অভিনেতা।[5] কোনো বিচাৰ নোহোৱাকৈ ৫৪ বছৰ জেলত থকা মাচাং লালুঙৰ বিষয়ে নিৰ্মিত 'Freedom at the Edge' (২০০৭) নামৰ অসমীয়া চুটি ছবিখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[6] ইন্দ্ৰ বণিয়াই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

শৈশৱ, শিক্ষা আৰু পৰিয়াল[সম্পাদনা কৰক]

ইন্দ্ৰ বণিয়াৰ জন্ম হৈছিল ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাৰ ধলপুৰত। তেওঁৰ পিতৃৰ নাম আনন্দৰাম বণিয়া আৰু মাতৃৰ নাম পদুমী বণিয়া। তেওঁ পত্নী মিনু বণিয়া আৰু পুত্ৰ গৌৰৱ বণিয়া(১৯৭৮-২০২৩)।[4]

প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই বণিয়াই ধলপুৰ এৰে আৰু বৰদেউতাক নন্দেশ্বৰ বণিয়াৰ লগত থাকিবলৈ লয়। বৰদেউতাকৰ চাকৰিসূত্ৰে বদলি হৈ থকাত, তেওঁৰ শৈশৱ অসমৰ বিভিন্ন ঠাইত অতিবাহিত হয়। কৰিমগঞ্জ হাইস্কুলৰ পৰা তেওঁ প্ৰৱেশিকাত উত্তীৰ্ণ হয়। পাছত তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰে।[7]

অভিনয় জগতত প্ৰৱেশ[সম্পাদনা কৰক]

ইন্দ্ৰ বণিয়াই সৰু অৱস্থাত ভাওনাত অভিনয় কৰিছিল। সমনীয়াৰ লগত ভাওনাৰ বচন মাতিছিল। লাহে লাহে তেওঁ দুই-এখন নাটকতো অভিনয় কৰিবলৈ আৰম্ভ কৰে। ইন্দ্ৰ বণিয়াৰ বৰদেউতাক আছিল এজন বায়ন। সেইসূত্ৰেই সৰুতেই তেখেতে এক সাংস্কৃতিক পৰিৱেশ লাভ কৰিছিল। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিক্ষাগ্ৰহণ কৰাৰ পাছত তেওঁ নগাঁৱলৈ, পুনৰ বৰদেউতাকৰ ওচৰলৈ যায়। নগাঁৱত তেখেতে অসমৰ নাট্যজগতৰ দুজন বিশেষ নমস্য ব্যক্তি চন্দ্ৰ ফুকন আৰু সাৰদাকান্ত বৰদলৈৰ অভিনয়ত আকৃষ্ট হৈছিল। কলকাতাৰ পৰা অসমলৈ অভিনয় কৰিবলৈ অহা প্ৰখ্যাত নাট্যশিল্পী শম্ভু মিত্ৰ, উৎপল দত্ত, তৃপ্তি মিত্ৰৰ অভিনয়েও তেখেতক আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিছিল। ১৯৬৪ চনত তেওঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চাকৰিত যোগদান কৰে। চাকৰিৰ মাজতেই তেখেতে নাটক আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি যায়। ১৯৭৫ চনত তেওঁ জীৱনৰ প্ৰথমখন ছবি 'খোজ'ত অভিনয় কৰে।[8]

ভ্ৰাম্যমাণত প্ৰৱেশ[সম্পাদনা কৰক]

আশীৰ দশকত ইন্দ্ৰ বণিয়াই পূবেৰুণ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণৰ প্ৰৱেশ কৰে। 'গোৱৰ্দ্ধন চৰিত' নাটকৰ নায়কৰ চৰিত্ৰত ইন্দ্ৰ বণিয়াই বলিষ্ঠ অভিনয় কৰি দৰ্শক ৰাইজৰ মন মোহে। ইয়াৰ লগতে উজনি অসমৰ দুটা থিয়েটাৰগোষ্ঠীৰ লগত জড়িত হৈ নাটক পৰিচালক হিচাপেও তেওঁ দায়িত্ব পালন কৰে।[8]

মৃত্যু[সম্পাদনা কৰক]

২০১৫ চনৰ ২৫ মাৰ্চৰ নিশা ১০-৩০ বজাত গুৱাহাটীৰ হায়াট চিকিৎসালয়ত ইন্দ্ৰ বণিয়াৰ মৃত্যু হয়।[8]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

ইন্দ্ৰ বণিয়াই অভিনয় কৰা প্ৰথম অসমীয়া ছবিখন হ’ল 'খোজ' (১৯৭৫)।[9] তেওঁৰ অভিনীত চলচ্চিত্ৰসমূহ হ'ল:

বঁটা[সম্পাদনা কৰক]

  • Silver Leopard (লোকাৰ্ণ' চলচ্চিত্ৰ মহোৎসৱ, ১৯৮৮)
  • নটসূৰ্য ফণী শৰ্মা বঁটা (২০১০)[3][9]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. Raktim Baruah (Thu, 26/03/2015). "Film thespian passes away". assam times. http://www.assamtimes.org/node/13287। আহৰণ কৰা হৈছে: 26 মাৰ্চ 2015. 
  2. "Drama awards for Indra Bania, Ratan Lahkar". The Assam Tribune. ১ আগষ্ট, ২০১০. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124453/http://www.assamtribune.com/scripts/detailsnew.asp?id=aug0110/at095। আহৰণ কৰা হৈছে: 26 মাৰ্চ 2015. 
  3. 3.0 3.1 "Veteran Assamese actor Indra Bania dies". Mid-Day Infomedia Ltd. 26-Mar-2015. http://www.mid-day.com/articles/veteran-assamese-actor-indra-bania-dies/16093193। আহৰণ কৰা হৈছে: 26 মাৰ্চ 2015. 
  4. 4.0 4.1 "অভিনেতা ইন্দ্ৰ বণিয়া আৰু নাই". জনসাধাৰণ. প্ৰকাশক গুৱাহাটী. ২৬ মাৰ্চ. পৃষ্ঠা ৮ পৃষ্ঠা. 
  5. K. Moti Gokulsing, Wimal Dissanayake (2013). "Routledge Handbook of Indian Cinemas". Routledge. পৃষ্ঠাসমূহ: 57. https://books.google.co.in/books?id=djUFmlFbzFkC&pg=PA57&lpg=PA57&dq=indra+bania&source=bl&ots=8uI5fkn--q&sig=Mc47S8kq84IXRXK--YJ1S2cxmxA&hl=en&sa=X&ei=uPYSVY_ZEczWU5_ZgsAN&ved=0CC4Q6AEwBDge#v=onepage&q=indra%20bania&f=false। আহৰণ কৰা হৈছে: 25 মাৰ্চ 2015. 
  6. Sushanta Talukdar (1 জুলাই 2007). "A lifetime in illegal detention". The Hindu. http://www.thehindu.com/todays-paper/tp-national/article1864517.ece। আহৰণ কৰা হৈছে: 26 মাৰ্চ 2015. 
  7. "অজান্তিমুলুকত ইন্দ্ৰ বণিয়া". আমাৰ অসম. মাৰ্চ ২৭, ২০১৫. পৃষ্ঠাসমূহ: ১,৮. http://amarasom.glpublications.in/Details.aspx?id=21443&boxid=114657531। আহৰণ কৰা হৈছে: মাৰ্চ ২৭, ২০১৫. [সংযোগবিহীন উৎস]
  8. 8.0 8.1 8.2 ভাগৱতী, কমল কুমাৰ (২২ মাৰ্চ ২০২০). "অসমৰ অভিনয় জগতৰ এটি জনপ্ৰিয় নাম ইন্দ্ৰ বণিয়া". দৈনিক অসম. প্ৰকাশক গুৱাহাটী. পৃষ্ঠা দেওবৰীয়া পৰিপূৰিকা, পৃষ্ঠা-৪. 
  9. 9.0 9.1 "Noted Assamese thespian Indra Bania passes away". Business Standard Ltd.. March 26, 2015. http://www.business-standard.com/article/pti-stories/noted-assamese-thespian-indra-bania-passes-away-115032600901_1.html। আহৰণ কৰা হৈছে: 26 মাৰ্চ 2015.