বসন্ত দাস
বসন্ত দাস | |
---|---|
জন্ম | ১৯৪০ চনৰ ১৯ অক্টোবৰ কাৰ্বি আংলং জিলাৰ ডিফু |
মৃত্যু | ২০১২ চনৰ ৭ মাৰ্চ ডিফু |
পেচা | ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ, ৰহস্য সাহিত্যিক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
বসন্ত দাস (১৯ অক্টোবৰ ১৯৪০ – ৭ মাৰ্চ ২০১২) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ-ধাৰাবাহিকৰ কাহিনী লেখক আছিল। তেওঁৰ জন্ম হয় ১৯৪০ চনৰ ১৯ অক্টোবৰ তাৰিখে কাৰ্বি আংলং জিলাৰ ডিফুৰ শিৱবাৰী ৰোডত।[1][2] তেখেতৰ পিতৃৰ নাম আছিল বংকবিহাৰী দাস আৰু মাতৃৰ নাম আছিল ব্ৰজবালা দাস।
কেইবাখনো উপন্যাস আৰু বিভিন্ন কাকত আলোচনীত একাধিক গল্প ৰচনা কৰা বসন্ত দাসে প্ৰায় ১১খন অসমীয়া-কাৰ্বি-ডিমাচা চিনেমাৰ কাহিনী-চিত্ৰনাট্য-সংলাপ আদি ৰচনা কৰিছিল। বসন্ত দাসৰ সংলাপসমৃদ্ধ ‘ৱশ্ব'বিপো’ নামৰ ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণকমল বঁটা লাভ কৰাৰ বিপৰীতে ‘ছেৰ আলাং’ নামৰ ছবিখনে ৰজত কমল বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কমিশ্যন্ড প্ৰ'গ্ৰাম আৰু ইণ্ডিয়ান ছিৰিজৰ বাবে প্ৰায় ২০খন ধাৰাবাহিক (অসমীয়া, হিন্দী আৰু কাৰ্বি ভাষাত) প্ৰায় ৫০টা খণ্ডৰ কাহিনী-চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত ক্ৰুলি, নিৰ্মল আনন্দ, জাক হেৰুওৱা পক্ষী, প্ৰতিপদ, ৰামধেনু, ৰুমাল, হাৰমাল, অমানিশা, ৰাছিনাৰ সুৰ, হুনমিলি, ডাক বঙলা, বন ফৰিঙৰ গীত আদি অন্যতম। তেওঁ নাট্যকাৰ ৰূপেও জনপ্ৰিয় আছিল। তেওঁৰ প্ৰায় আঠখন নাটকৰ ভিতৰত অৱতাৰ, হৰি-দৰ্শন, জোনাক তুমি অনন্যা, বিষকন্যা আদি। ঋতুৰাজ ছদ্মনামেৰে বসন্ত দাসে কেইবাখনি উপন্যাস ৰচনা কৰাৰ উপৰিও 'দস্যুৰাণী বিজুলী'কে ধৰি প্ৰায় ৪০খন ৰহস্য উপন্যাস ৰচনা কৰিছিল।[1]
বসন্ত দাসে ১৯৬৬ চনত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰতীক চিহ্ন নিৰ্মাণ কৰিছিল।[1] দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বসন্ত দাসে ২০১২ চনৰ ৭ মাৰ্চ তাৰিখে দিনৰ ১১.৫৫ বজাত ডিফু অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।[1]
সাহিত্যিক অৱদান[1][2]
[সম্পাদনা কৰক]প্ৰকাশিত গ্ৰন্থসমূহ
[সম্পাদনা কৰক]- জংচন (১৯৭৩) সাহিত্য প্ৰকাশ, গুৱাহাটী-৩
- যোৰাবাট (১৯৭৯) কিৰণ প্ৰকাশ, ডিফু[3]
- পিৰামিড (১৯৮১) দেৱকাঞ্চন প্ৰকাশ, ডিফু
- প্লেটফৰ্ম (১৯৮৫) জ্ঞানপীঠ প্ৰকাশ, ডিফু
- ৰুমাল (১৯৯২) জ্ঞানপীঠ প্ৰকাশ, ডিফু
- তমন (২০০১) আংগিক প্ৰকাশন, গুৱাহাটী-৩
- মেলেং (২০০৫) আংগিক প্ৰকাশন, গুৱাহাটী-৩
- কাৰবি সংস্কৃতিৰ ধাৰা (প্ৰথম খণ্ড) (২০০০) কাৰবি লাম্মেত আছং, ডিফু
- কাৰবি সংস্কৃতিৰ ইতিহাস। (২০১০) আঁক-বাক, গুৱাহাটী
বিভিন্ন আলোচনীত প্ৰকাশিত উপন্যাস[2]
[সম্পাদনা কৰক]- এজনী নতুন মানুহ। ১৯৬৮চন। ‘সমকালীন’
- বিদেহী। ১৯৯৭চন। শাৰদীয় সংখ্যা ‘দৈনিক অসম’
- মই আৰু ঘাইসুঁতি। ২০০০চন। বসন্ত সংখ্যা ‘সাদিন’
- বিকাৰ। ২০০০চন। শাৰদীয় সংখ্যা ‘দৈনিক অসম’
- মায়া প্ৰান্তৰ। ২০০০চন। বিহু সংখ্যা ‘জনমভূমি’
- মৰ্ত্যৰ পৰা স্বৰ্গলৈ। ২০০১চন। বিহু সংখ্যা ‘সাদিন’
- ৰাণাইমা বিলৰ উপকথা। ২০০৩চন। শাৰদীয় সংখ্যা ‘আমাৰ অসম’
- বীৰাংগনা। ২০০৪চন। বিহু সংখ্যা ‘জনমভূমি’
- কাৰবি বীৰ। ২০০৫চন। বিহু সংখ্যা ‘জনমভূমি’
- কথা অৰণ্য। ২০০৮চন। পূজা সংখ্যা ‘সাতসৰী’
- ৱ’লেং। ২০০৯চন। বসন্ত সংখ্যা ‘সাদিন’
- বিৱৰ। ২০০৯চন। ‘আমাৰ সময়’ (টাইম্চ অৱ ইণ্ডিয়া)
- হুনমিলি। ২০১০চন। পূজা সংখ্যা ‘জনমভূমি’
- নিৰ্বাণ। ২০১১চন। ‘দৈনিক কাৰবি’ (অসম্পূৰ্ণ)
- উমাল অনুভূতি (অপ্ৰকাশিত)
বিভিন্ন আলোচনীত প্ৰকাশিত গল্প[2]
[সম্পাদনা কৰক]- লাইছেনেষ (৭০ দশক)
- কাৰেচোক (৭০ দশক)
- ঝুম (১৯৭০), ’অ’ৱেকিমি’
- কাফি (১৯৯১), ৰূপালী জয়ন্তী সংখ্যা ’কুন্তিৰী’
- টঙি (২০০৭), পূজা সংখ্যা ’এদিন’
- মদিনা (২০০৭), ’আজিৰ বাতৰি’
- কি কহব দুখ (২০০৭), পূজা সংখ্যা ’অসমীয়া প্ৰতিদিন’
- আঁচোৰ (২০০৮), শাৰদীয় সংখ্যা ’জনমভূমি’
- আহুদি (২০১০), পূজা সংখ্যা ’অসমীয়া প্ৰতিদিন’
- চৌত্ৰিশ (২০১০), ’সাদিন’
চলচ্চিত্ৰৰ কাহিনী, চিত্ৰনাট্য, তথ্যচিত্ৰ[2]
[সম্পাদনা কৰক]- ফাগুনী (কাহিনী, চিত্ৰনাট্য, সংলাপ, ১৯৭৮)
- বোৱাৰী (কাহিনী, ৮০ দশক)
- পাহাৰী কন্যা (অতিৰিক্ত কাহিনী ৮০ দশক)
- ৱ'ছ'বিপ' (সংলাপ ১৯৯৩)
- ছেৰ আলাং (কাহিনী, চিত্ৰনাট্য, সংলাপ ১৯৯৩)
- ৰংবিন (কাহিনী, চিত্ৰনাট্য, সংলাপ ২০০৩)
- ৰিত্ আংতং (কাৰ্বি)( কাহিনী, চিত্ৰনাট্য, সংলাপ ২০০৩)
- আনট'ল্ড ষ্ট'ৰী অৱ ব্লু হিলচ (ডিমাচা) (অতিৰিক্ত কাহিনী, ২০০৪)
- লাজ (সংলাপ ২০০৪)
- জিৰছং (কাৰ্বি) (কাহিনী, চিত্ৰনাট্য)
- সেউজী ধৰণী ধুনীয়া (কাহিনী, চিত্ৰনাট্য)
দূৰদৰ্শনৰ চিত্ৰনাট্য, টেলিফিল্ম, তথ্যচিত্ৰ[2]
[সম্পাদনা কৰক]- ৱ'লেং (৯০ দশক)
- কাৰবি জনজাতিৰ উৎসৱ
- কাৰবি জীৱন ধাৰা
- এজনী জাপানী ছোৱালী, মূল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (চিত্ৰনাট্য ২০০৪)
- অনন্যা (২০০৫)
- ছুটী, মূল ৰবীন্দ্ৰনাথ ঠাকুৰ (চিত্ৰনাট্য ২০০৫)
- ত্যাগ (চিত্ৰনাট্য ২০০৫)
- ৰামকানাইৰ নিৰ্বুদ্ধিতা (চিত্ৰনাট্য ২০০৫)
- শাস্তি (চিত্ৰনাট্য ২০০৫)
- ৰংমিলিৰ দিগন্ত তৃতীয় খণ্ড (চিত্ৰনাট্য ২০০৫)
- বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা তৃতীয় খণ্ড (চিত্ৰনাট্য ২০০৫)
- কাৰবি লোকবাদ্য (২০০৫)
কমিছনড্ প্ৰগ্ৰেম আৰু ইণ্ডিয়ান ক্লাছিক চিৰিজৰ কাহিনী, চিত্ৰনাট্য, সংলাপ[2]
[সম্পাদনা কৰক]- কুৰুলি। ১৯৯৬চন
- থং নক্বে। ২০০৪চন
- যশস্বী কাৰবি নাৰী (হাঈমু, ৰংফাৰপী ৰংবে, ছেৰদিহুন)। ২০০৫চন
- জংছন। ২০০৫চন
- নিৰ্মল আনন্দ
- ৰংমিলিৰ হাঁহি
- জাক হেৰোৱা পক্ষী। ২০০৮চন
- প্ৰতিপদ। ২০০৮চন
- ৰামধেনু। ২০০৮চন
- ৰুমাল। ২০০৮চন
- হাৰমাল। ২০০৮চন
- অমানিশা। ২০০৮চন
- ৱ’জাৰু পখীৰ গান। ২০০৮চন
- ডালিমেত্ কুংৰী। ২০০৮চন
- দিশায়েঁ
দূৰদৰ্শনৰ কমিছনড্ প্ৰগ্ৰেমৰ বাবে লিখা চিত্ৰনাট্য[2]
[সম্পাদনা কৰক]- ৰাংছিনাৰ সুৰ। ২০১১চন
- হুনমিলি। ২০১১চন
- ডাকবঙলা। ২০১১চন
- বন ফৰিঙৰ গীত। ২০১১চন
- ৰছেং। ২০১১চন
নাটক[2]
[সম্পাদনা কৰক]- অৱতাৰ। গুৱাহাটীৰ শান্তিপুৰত মঞ্চস্থ
- হৰিদৰ্শন। গুৱাহাটীৰ জু ৰোডত মঞ্চস্থ
- আংগুলীমাল। ডিফুৰ ডিফু ক্লাবত মঞ্চস্থ
- ৰংফাৰপী ৰংবে। দিল্লীত অনুষ্ঠিত নেশ্যনেল থিয়েটাৰ ফেষ্টিভেলত মঞ্চস্থ
- থং নক্বে। ২০০২চনত সোণাপুৰত অনুষ্ঠিত কাৰবি যুৱ মহোৎসৱত মঞ্চস্থ
- জোনাক তুমি অনন্যা। ডিফুৰ ডিফু ক্লাবত মঞ্চস্থ
- হাঈমু অপেৰা। ডিফুৰ তাৰালাংছ’ত মঞ্চস্থ
- বিষকন্যা। ১৯৮০চনত কহিনুৰ থিয়েটাৰৰ জৰিয়তে মঞ্চস্থ
‘ঋতুৰাজ’ ছদ্মনামেৰে লিখা উপন্যাস[2]
[সম্পাদনা কৰক]- প্ৰবাসী বিহংগ। প্ৰকাশক : ৰহস্য প্ৰকাশ, গুৱাহাটী
- কামসেন্দূৰ। প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
- প্ৰেয়সী। প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
- সহবাস। প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
- মন্থন। প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
- দস্যুৰাণী বিজুলী ছিৰিজ[2]
‘নেল্ফা’ চিৰিজ (প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী)[2]
[সম্পাদনা কৰক]- নেল্ফা
- এজন সাংবাদিকৰ হত্যা
- উগ্ৰপন্থীৰ গোপন ঘাটি
- বাৰ্মা সীমান্তত
- মৃত্যু উপত্যকাৰ পম খেদি
- তিনিজনী গাভৰুৰ নিৰুদ্দেশ
- ছিন্নশিৰ
- ঘাতক
- গ্ৰীণভিলা
- চক্ৰবেহু
- ৰুম নং ৩১২
‘ঋতুৰাজ’ ছদ্মনামত ‘বিস্ময়’, ‘ৰহস্য’ আলোচনীত লিখা উপন্যাস[2]
[সম্পাদনা কৰক]- অপদেৱতা (বিস্ময়)
- আগন্তুক (ৰহস্য)
- মহেঞ্জোদাৰো (ৰহস্য)
‘ৰহস্য’ আলোচনীত লিখা গল্প[2]
[সম্পাদনা কৰক]- সেই ঘৰখন
- লুইতপৰীয়া গাভৰু
- উদং বুকু
- সেয়া সঁচা নাছিল
- চেনিৰামৰ উপাখ্যান
- লাজে লাজে ভয়ে ভয়ে
- পৰস্ত্ৰী
- এম.এল.এ. খুড়া
- মনত পৰিছে
- গুৰিৰ কথাটো
- ৰক্ষিতা
- তুঁহজুই
- ভিতৰি নেৰিবা বেথা
- গাতা বাচাইয়া
- নেজানিলোঁ আগে ঐ
- ডকাইত বাবু
- শিহৰণ
- ছিগা তাঁৰৰ ৰাগিনী
- ওঁ নমো শিৱায়
- উলংগ বেদনা
- স্খলন
- এৰাএৰিৰ দুখ
- আচমানী
- ঘূণ
কাৰ্বি ভিডিঅ’ ফিল্মৰ চিত্ৰনাট্য[2]
[সম্পাদনা কৰক]- বচে কাংথিম
- আতুৰকিমি
- জিম্তিম্
- কিলিং চংক্ৰেত্
- হেম আকাৰজং
- থেংৰিছ আছ’প’
- কাৰবি আকাই আলং ৱতি কেনাংছত
- মিষ্টাৰ ডিংএহ
- কাৰবি লোক-নৃত্য, সংগীত
- আদাম-আছাৰ
অন্যান্য[2]
[সম্পাদনা কৰক]- ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰতীক প্ৰস্তুতকৰণ। ১৯৬৬চন
- কেইবাখনো কিতাপ-আলোচনীৰ বেটুপাত অংকন
- ডিফু প্ৰেছ ক্লাবৰ উপদেষ্টা। ২০০৩চন
- ‘দৈনিক প্ৰতিবেদন’ কাকতৰ সম্পাদক। ২০০৭-২০০৮চন
- কাৰবি সাংস্কৃতিক সমাজৰ দ্বাৰা সম্বৰ্ধনা। ১৯৯৪ আৰু ২০০১চন
- কল্লোল গোষ্ঠীৰ দ্বাৰা সম্বৰ্ধনা। ১৯৯৯চন
- কাৰবি লাম্মেত আমেইৰ দ্বাৰা সম্বৰ্ধনা। ২০০৪চন
- কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা সম্বৰ্ধনা। ২০০৮চন
- ডিফু গ্ৰন্থমেলা সমিতিৰ দ্বাৰা সম্বৰ্ধনা। ২০০৮চন
- অসম চৰকাৰৰ সাহিত্যিক পেন্সন। ২০০৯চন
বঁটা সন্মান[1][2]
[সম্পাদনা কৰক]- আমৰা ক’জন গোষ্ঠীৰ বৈশাখী বঁটা। ২০০২চন
- অসম চৰকাৰৰ 'কমিউনেল হাৰমনী ফ'ৰ্টনাইট' এৱাৰ্ড (২০০৩)
- কমিউনেল হাৰমনি ফ’ৰ্টনাইট বঁটা। ২০০৩চন
- অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটা (২০০৪)
- কমিউনেল হাৰমনি বঁটা। ২০১০চন
- অসম সাহিত্য সভাৰ লুম্মেৰ দাই বঁটা ২০১১চন
- কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেমছনছিং ইংতি বঁটা। ২০১১চন
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 আমাৰ অসম আৰু আজিৰ দৈনিক বাতৰি সংবাদ-পত্ৰ, গুৱাহাটী, ৮ মাৰ্চ ২০১২
- ↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 সম্পাদক- পৱিত্ৰ বৰা (২০১২). বসন্ত বৈভৱ. প্ৰকাশক ডিফু: ডিহুন, গুৱাহাটী-৩.
- ↑ বসন্ত বৈভৱ - সম্পাদনা পৱিত্ৰ বৰা