সূৰ্যকুমাৰ ভূঞা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
40 নং শাৰী: 40 নং শাৰী:


==জন্ম==
==জন্ম==
সূৰ্যকুমাৰ ভূঞা দেৱৰ ১৮৯৪ চনৰ ২৭ জানুৱাৰী দিনা নগাঁৱৰ [[ফৌজদাৰীপট্টি]]ত জন্ম হয়। সূৰ্যকুমাৰ ভূঞা দেৱৰ পিতৃৰ নাম '''ৰবিলাল ভূঞা''' আৰু মাতৃৰ নাম '''ভূৱনেশ্বৰী ভূঞা''' আছিল।
সূৰ্যকুমাৰ ভূঞা দেৱৰ ১৮৯৪ চনৰ ২৭ জানুৱাৰীৰ দিনা নগাঁৱৰ [[ফৌজদাৰীপট্টি]]ত জন্ম গ্ৰহন কৰে। সূৰ্যকুমাৰ ভূঞা দেৱৰ পিতৃৰ নাম '''ৰবিলাল ভূঞা''' আৰু মাতৃৰ নাম '''ভূৱনেশ্বৰী ভূঞা''' আছিল।


==শিক্ষা==
==শিক্ষা==

19:03, 23 July 2012ৰ সংস্কৰণ

সূৰ্যকুমাৰ ভূঞা
জন্ম ২৭ জানুৱাৰী, ১৮৯৪ চন
ফৌজদাৰী পট্টি, নগাওঁঅসম
মৃত্যু ১৯৬৪ চন
ছদ্মনাম ভানুনন্দন
পেচা সহিত্যিক, বুৰঞ্জীবিদ, প্ৰবন্ধকাৰ, কবি, শিক্ষক, উপাচাৰ্য।
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতক (১৯১৩), স্নাতকোত্তৰ (১৯১৬)
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী বঁটা (১৯৫৬)
ৰায়বাহাদুৰ খিতাপ (১৯৩৩)

সূৰ্যকুমাৰ ভূঞা (ইংৰাজী: Surjya Kumar Bhuyan)(১৮৯৪-১৯৬৪) অসমৰ এজন প্ৰ্সিদ্ধ গল্পকাৰ, প্ৰবন্ধকাৰ, কবি, বুৰঞ্জীবিদ তথা শিক্ষক আছিল| তেখেতে অসমীয়া সাহিত্য জগতত গল্প, প্ৰবন্ধ, জীৱনী আদি লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে| তেখেত অসম চৰকাৰবুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক, ১৯৫৩ চনৰ অসম সাহিত্য সভাৰ সভাপতি হয় আৰু ১৯৫৬ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত হয়। ১৯৫২-৫৩ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। নগাওঁ জিলা বিভাজনৰ আগতে এই জিলাৰ পৰা অসম সাহিত্য সভালৈ নিৰ্বাচিত হোৱা সূৰ্যকুমাৰ ভূঞা আছিল সৰ্বপ্ৰথম ব্যক্তি|[1]

জন্ম

সূৰ্যকুমাৰ ভূঞা দেৱৰ ১৮৯৪ চনৰ ২৭ জানুৱাৰীৰ দিনা নগাঁৱৰ ফৌজদাৰীপট্টিত জন্ম গ্ৰহন কৰে। সূৰ্যকুমাৰ ভূঞা দেৱৰ পিতৃৰ নাম ৰবিলাল ভূঞা আৰু মাতৃৰ নাম ভূৱনেশ্বৰী ভূঞা আছিল।

শিক্ষা

সূৰ্য কুমাৰ ভূঞা দেৱৰ বাল্যকালৰ শিক্ষা নগাঁও চহৰতে আৰম্ভ হৈছিল যদিও পাছলৈ তেওঁ ১৯০৪ চনত শ্বিলঙলৈ যায়। ১৯০৯ চনত শ্বিলং চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষা দি তেওঁ নগাঁৱত কিছুদিন থাকিছিল আৰু নগাঁৱৰ ছাত্ৰ সকলৰ বাবে থকা হিতসাধিনী সভাত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ লগত সহযোগ কৰা ব্যক্তি সকল ক্ৰমে- দেৱানন্দ ভঁৰালী, কালিৰাম মেধি, শৰত্ চন্দ্ৰ গোস্বামী, পণ্ডিত তৰানাথ চক্ৰৱৰ্তী কাব্যবিনোদ, হৰিনাৰায়ণ দত্তবৰুৱা আৰু কমলাকান্ত বৰুৱা। তেখেতে ১৯১৩ চনত কলিকতাপ্ৰেছিডেন্সি মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯১৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সন্মান লাভ কৰে। ১৯২৪ চনত তেওঁ বি এল সন্মান লাভ কৰে। ইয়াৰ কেইবছৰ মানৰ পাছত ভূঞাদেৱে সেই একেই বিশ্ববিদ্যালয়ৰ পৰা ডি-লিটউপাধি লাভ কৰিবলৈ সমৰ্থ হয়|[1]

কৰ্ম জীৱন

যোৰহাট মিছন বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰা ভূঞাদেৱে বিভিন্ন স্থান আৰু সময়ত বিভিন্ন চাকৰি কৰি ১৯৪৯ চনত অসমৰ শিক্ষাধিকৰৰূপে অৱসৰ গ্ৰহন কৰে। ১৯৫২-৫৩ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়উপাচাৰ্যৰ পদত অধিষ্ঠিত আছিল। ভূঞাদেৱে ১৯৩৩ চনত ব্ৰিটিছ চৰকাৰৰ পৰা ৰায়বাহাদুৰৰ খিতাপ লাভ কৰিছিল। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাতা ভূঞাদেৱে তেওঁৰ বুহমুখী প্ৰতিভাৰ বাবে ১৯৫৩ চনত অসম সাহিত্য সভাৰ সভাপতি হয় আৰু ১৯৫৬ চনত ভাৰত চৰকাৰপদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়|[1]

মৃত্যু

সূৰ্যকুমাৰ ভূঞা দেৱৰ ১৯৬৪ চনত নিজা বাসভৱনত দেহবসান ঘটে।

সাহিত্য কৰ্ম

তেখেতে উচ্চমাধ্যমিক বিদ্যালয়ত পঢ়ি থকা কালৰে পৰা সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। তেখেতৰ সাহিত্যকৰ্ম কিছুমান তলত উল্লেখ কৰা হ’ল:

কবিতা সংকলন

  1. সু আৰু কু
  2. নিৰ্মালি
  3. ভানু্নন্দন নামেৰে জয়মতী উপাখ্যান (১৯২৩

প্ৰবন্ধ সংকলন

  1. বৰফুকনৰ গীত
  2. তুংখুঙ্গীয়া ফৈদৰ কনাংক
  3. পুৰণি অসম বুৰঞ্জী
  4. অহোম ৰজাৰ মৈদাম
  5. অসমীয়া চনেট কবিতা
  6. সাহিত্যৰ মূল কথা
  7. অনিৰুদ্ধৰ প্ৰতি উষা
  8. সপ্তম এডৱাৰ্ডৰ স্বৰ্গাৰোহণ

গল্প সংকলন

  • পঞ্চমী (১৯০৯)

ভ্ৰমণ যাত্ৰা

  • ইউৰোপ যাত্ৰা

গ্ৰন্থ সংকলন

  1. কোঁৱৰ বিদ্ৰোহ (১৯৪৮),
  2. বুৰঞ্জীৰ বাণী (১৯৫১),
  3. ৰমণী গাভৰু (১৯৫১),
  4. বুৰঞ্জীমূলক প্ৰবন্ধাৱলীৰ তালিকা (১৯৫৫),
  5. মীৰজুমলাৰ অসম আক্ৰমণ (১৯৫৬),
  6. ত্ৰিপদী,
  7. শৰাইঘাটৰ সুবচনী,
  8. ৰাজেশ্বৰ সিংহ,
  9. কছাৰী বুৰঞ্জী,
  10. জয়ন্তীয়া বুৰঞ্জী,
  11. সাতগৰী অসম বুৰঞ্জী,
  12. ত্ৰিপুৰা বুৰঞ্জী,
  13. অসমৰ পদ্য বুৰঞ্জী,
  14. দেওধাই অসম বুৰঞ্জী,
  15. তুংখুঙ্গীয়া বুৰঞ্জী,
  16. কামৰূপৰ বুৰঞ্জী,
  17. অসম বুৰঞ্জী,
  18. বঞ্চিত,
  19. অন্তিম,
  20. জননী,
  21. চানেকী
  22. বঙলা চনেট,
  23. বাংলা ভাষায় আসামেৰ ইতিহাস (বাংলা)
  24. অবসানে আহোম ৰাজত্ব,
  25. কাব্যৰসিক বৈজ্ঞানিকেৰে আত্মচৰিত।
  26. য়ুৰোপত অসমৰ জ্যোতিষ সূত্ৰ

জীৱনী সংকলন

  1. আনন্দৰাম বৰুৱা,
  2. স্বৰ্গদেউ গদাধৰ সিংহ,
  3. হাজী মহম্মদ মহসীন,
  4. আনন্দৰাম ঢেকীয়াল ফুকন,
  5. জগন্নাথ বৰুৱা,
  6. মানিকচন্দ্ৰ বৰুৱা,
  7. হৰিনাথ দে,
  8. দ্বিজেন্দ্ৰলাল ৰয়,
  9. গুৰুদাস বন্দোপাধ্যায়,
  10. হেমচন্দ্ৰ গোস্বামী,
  11. মোমাই তামুলী বৰবৰুৱা,
  12. ৰবীন্দ্ৰনাথ ঠাকুৰ,
  13. চাৰ এডৱাৰ্ড গেইট,

গ্ৰন্থ সংকল(ইংৰাজী)

  1. An Assamese Nurjahan,
  2. Tungkhungia Buranji,
  3. Assamese Historical Literature,
  4. Kartuya,
  5. An Account of Assam,
  6. Preliminary Report on the old Record at Assam Secretariat,
  7. Lachit Barphukan and his Times,
  8. Annal of Delhi Badsahai,
  9. Anglo Assamese Relations (1937),
  10. The Seven Hinderances (1937),
  11. Atan Buragohain and his Times (1937),
  12. Studies in the Literature of Assam (1937)


তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ৬৯, ৭০.